কাফিৰ কোন? পৱিত্ৰ ক্বুৰআনত ‘কাফিৰ’ক হত্যা কৰিবলৈ নিৰ্দেশ দিয়া হৈছেনে ?

Share :

পৰ্ব_১ম

            🔴  কাফিৰ কোন? 🔴 

✅ বিভিন্ন ধৰ্মত ‘কাফিৰ’ :

◼️ খৃষ্টান ধৰ্ম –
খৃষ্টান ধর্ম মতে কাফিৰ শব্দক ইংৰাজীত ইনফিডেল (Infidel) বুলি কোৱা হৈছে। ইয়াৰ শাব্দিক অৰ্থ “অবিশ্বস্ত”। ই এনে এটি শব্দ যাক নির্দিষ্ট ধর্মসমূহে সিহঁতৰ নিজস্ব ধর্মৰ কেন্দ্রীয় তত্ত্ববোৰত অবিশ্বাসৰ অভিযোগত, অইন ধৰ্মৰ সদস্যৰ বাবে বা অপ্ৰয়োজনীয়সকলৰ বাবে ব্যবহৃত হয়। কিন্তু খৃষ্টান ধৰ্মত কাফিৰ শব্দৰ সমাৰ্থক হিচাপে ইনফিডেল শব্দ ব্যৱহাৰ কৰা হয়। (ৱিকিপিডিয়া)

◼️ ইহুদী ধৰ্ম –
ইহুদী ধৰ্মত ধর্মবিৰোধী কামত লিপ্ত বা ইহুদী ধৰ্মক অনুসৰণ নকৰা লোকক ‘হেৰেচে’ বা ‘হেকেটিকচ’ (Heresy/ heretics) কোৱা হয়।
আৰু ইহুদী ধর্ম মতে ধৰ্ম বিৰোধী কৰ্ম সেই বিশ্বাসসমূহক বুজায় যিবোৰে হালকা (ইহুদী ধর্মীয় আইন) সম্পর্কে আধ্যাত্মিক বিশ্বাস— ‘ৰাব্বিনি ইহুদী” (ইহুদী ধর্মৰ মৌলিক মতবাদ)ৰ বিৰোধিতা কৰে। (Wikipedia)

◼️ তদুপৰি সনাতন, জৈন শিখ আদি ধৰ্মতো এই অৰ্থত বহু শব্দ ব্যৱহাৰ কৰা হয়। যেনে, বিধৰ্মী, ধৰ্মহীন, ধৰ্মদ্ৰোহী আদি।

মুঠতে প্ৰতিটো ধৰ্মত ‘কাফিৰ’ আৰবী শব্দটো ব্যৱহাৰ নহ’লেও , সেই ধৰ্মৰ নিজস্ব নীতি নিয়ম, পৰম্পৰা আদি পালন নকৰিলে তাক ‘কাফিৰ’ৰ সমার্থক কিবা এটা নিৰ্দিষ্ট নাম দিয়া হৈছে। তদ্রূপ, ইছলাম ধৰ্মতো এটি শব্দ ব্যৱহাৰ কৰা হৈছে, সেয়া হল ‘কাফিৰ’। এতিয়া আহক, আমি জানি লওঁ মূল বিষয়টো।

✅ আৰবী শব্দ ‘কাফিৰ’

আৰবী অভিধানগত আৰু ব্যাকৰণগত বিশ্লেষণ :

◼️#ব্যাকৰণৰ_ভাষাত ( etymology) :-

  'কুফৰ'(كُفْرٌ) -- মূল ধাতু : 'অস্বীকাৰ কৰ'
  'ক ফ ৰ' (كَفَرَ) -- ক্ৰিয়া : 'অস্বীকাৰ কৰিছে'

এতেকে,
‘কাফিৰ’ (كافر)– কৰ্তা : অস্বীকাৰকাৰী।

  অৰ্থাৎ অস্বীকাৰ বা অকৃতজ্ঞতা বা গোপন কৰা কাৰ্যত লিপ্ত লোকক কাফিৰ বুলি কোৱা হয়। 

◼️ অাভিধানিক বিশ্লেষণ :-

'কাফিৰ' (كافر) শব্দটো--  একবচন, পুং লিংগ ৷

‘কাফিৰূন/ কাফিৰীন’ (كافرين/كافرون) — বহুবচন।
‘কাফাৰাহ’ (كفرة)– বহুবচন, পুং লিংগ ৷
কাফিৰাহ (كافرة) একবচন (স্ত্ৰী-কৰ্তাবাচক শব্দ)
‘কাফিৰা’ত’ (كافرات) বহুবচন, স্ত্ৰী লিংগ ৷
কাৱাফিৰ (كوافر) বহুবচন, স্ত্ৰী লিংগ।

সাধাৰণতে কাফিৰ শব্দটো সচৰাচৰ ‘মুমিন’ (বিশ্বাসকাৰী)’ শব্দৰ বিপৰীত অৰ্থত ব্যৱহাৰ হয়। অৰ্থাৎ ‘কুফৰ’ অৰ্থ অস্বীকাৰ কৰা আৰু ‘ঈমান’ ৰ অৰ্থ বিশ্বাস কৰি স্বীকাৰ কৰা।
এতিয়া কাফিৰৰ সাধাৰণ অৰ্থ হল অস্বীকাৰকাৰী (বা অবিশ্বাসী) আৰু ‘মূমিন’ ৰ অৰ্থ হব স্বীকাৰকাৰী (বা বিশ্বাসী)।

ইংৰাজীত প্ৰতিশব্দবোৰ :
‘Infidel’,
‘Rejector’,
‘Denier’
‘Disbeliever’,
‘Unbeliever’,
‘Nonbeliever’

◼️ ‘কুফৰ’ আৰু ‘কাফিৰ’ শব্দৰ ব্যাখ্যা :

ওপৰোক্ত শাব্দিক অৰ্থ হিচাপে সচৰাচৰ ব্যৱহাৰ হোৱা অৰ্থ আমি এনে ধৰণে বুজিব পাৰোঁ যে,
যদি কিবা এটা বিষয়, কিবা বস্তু, কিবা কাম কৰিবলৈ অস্বীকাৰ কৰা হয় তেন্তে আপোনাক, মোক যিকোনো ব্যক্তিক কাফিৰ কোৱা হ’ব।

ঠিক তেনেদৰে, এটা ধৰ্ম, এটা জীৱন ব্যৱস্থা বা তাৰ কোনো বিষয়ত আপুনি যদি বিশ্বাস স্থাপন কৰি আন এটি ধৰ্ম, আন এটি জীৱন ব্যৱস্থাক বা তাৰ বিষয়বোৰক বিশ্বাস নকৰি অমান্য কৰিছে তথা অস্বীকাৰ কৰিছে তেন্তে আপুনি হ’ব অস্বীকাৰকাৰী আৰু অস্বীকাৰ কৰাৰ বাবে আপোনাক কাফিৰ কোৱা হ’ব ৷ ইয়াত আপুনি, মই যিকোনো ধৰ্মৰে হ’ব পাৰোঁ।
ইয়াত আবেগিক হোৱাৰ, খং কৰাৰ, আপত্তি কৰাৰ বা কাফিৰ শব্দৰ অপপ্ৰচাৰ কৰাৰ যুক্তি থাকিবই নোৱাৰে।

যেনেকৈ কৰ্ণাটকত বাস কৰাসকলক কৰ্ণাটকী, গুজৰাটত বাস কৰাসকলক গুজৰাটী, কাশ্মীৰত বসবাস কৰাসকলক কাশ্মীৰী আৰু বিহাৰত বাস কৰাসকলক বিহাৰী বুলি সম্বোধন কৰা হয়। ইয়াত কোনেও আপত্তি নকৰে। কিন্তু বিহাৰী বুলি ক’লে বহুতে আকৌ খং কৰে, বেয়া পায় ৷ আনকি, কেতিয়াবা হাই-কাজিয়াও সৃষ্টি হোৱা দেখা যায়। ইয়াত নিশ্চয় সাধাৰণভাৱে যিসকলক সম্বোধন হয় সিহঁতৰ কোনো দোষ নাই। তাৰ মাজত যিসকলে তাচ্ছিল্য কৰি, পৃথক এটা ইচ্ছ্যু লৈ ‘বিহাৰী’ শব্দটো ব্যৱহাৰ কৰে আৰু অপপ্ৰচাৰো কৰে তাৰ বাবে সিহঁত আৰু সিহঁতৰ সংকীৰ্ণ মনোভাৱেই দায়ী।

◼️ ‘কাফিৰ’ ৰ সংজ্ঞা :

 পৱিত্ৰ ক্বুৰআন আৰু হাদীছৰ পৰিভাষাত 'কাফিৰ' ৰ সংজ্ঞা এইদৰে প্ৰকাশ কৰিব পাৰি যে, 
  “যিদন ব্যক্তি কুফৰী কামত লিপ্ত হয় তাকেই কাফিৰ বোলে। অৰ্থাৎ বিশ্বৰ সমগ্র সৃষ্টিয়ে এই জগতৰ আৰু জগতৰ লাখ লাখ সৃষ্টিৰ অপৰূপ শিল্প, যথাযথ অপূৰ্ব গঠনৰ ভিত্তিত এজন সৃষ্টিকৰ্তা আল্লাহৰ অস্তিত্ব আৰু একত্বৰ প্রমাণ ঘোষণা কৰিছে। এতিয়া যিয়ে এই মহাসত্য ষ্পষ্টকৈ প্ৰকাশ পোৱাৰ পিছত, সকলো জানি বুজিও গোপন কৰে, অস্বীকাৰ কৰে আৰু অবিশ্বাস কৰে, তাক কাফিৰ বুলি কোৱা হ'ব। 

মানুহ সর্বক্ষণ আল্লাহ পাকৰ অসংখ্য নিয়ামত আৰু মহামূল্যৱান বিভিন্ন সম্পদৰ মাজত অৱস্থান কৰি আছে।
জুই ,
পানী,
পোহৰ,
বতাহ ,
প্ৰতিটো বস্তু আল্লাহৰ দান।
মানুহৰ হাত-ভৰি,
চকু-মুখ,
নাক-কান,
মন-মস্তিষ্ক,
জ্ঞান-বুদ্ধি,
শক্তি-সামর্থ,
সকলো আল্লাহৰ দান।

তথাপি যিয়ে সেই মহান সৃষ্টিকর্তা, এক আল্লাহক অস্বীকাৰ কৰি চৰম অকৃতজ্ঞতা আৰু অবাধ্যতা প্ৰকাশ কৰে সিয়েই কাফিৰ।‍”

পৱিত্ৰ ক্বুৰআনে কাফিৰৰ কথা উল্লেখ কৰি বৰ্ণনা কৰিছে –
নিশ্চিতভাৱে যিসকল কাফিৰ হৈছে (সিহঁতক সত্যৰ প্ৰতি বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো অস্বীকাৰ কৰিছে) সিহঁতক আপুনি ভয় প্ৰদৰ্শন কৰক বা নকৰক তাত একো আহে আৰু নাযায়, তেনে কৰা বা নকৰা সমান। সিহঁতে ঈমান গ্ৰহণ নকৰে । [ছূৰা বাকাৰাহ – ২:৬]

পৰৱৰ্তী আয়াতত ঘোষণা কৰা হৈছে –

আল্লাহে সিহঁতৰ অন্তৰ আৰু কানসমূহ বন্ধ কৰি দিছে, আৰু সিহঁতৰ চকুবোৰ পর্দাৰে ঢাকি দিছে। আৰু সিহঁতৰ বাবেই প্ৰস্তুত কৰা হৈছে কঠোৰ শাস্তি। [সূৰা বাকাৰাহ – ২:৭]

◼️ আজিৰ দিনত কাফিৰ কোন?
তেন্তে আজিৰ দিনত কাফিৰ কোন? আৰু পৱিত্ৰ ক্বুৰআনৰ “সিহঁতক (কাফিৰ সকলক) য’তেই পোৱা হত্যা কৰা….(ছূৰা তৌবা-৫ ৰ পৰা ১৯৩ লৈকে। ) ” আদি কিছু আয়াতত কাক হত্যা কৰাৰ নিৰ্দেশ দিয়া হৈছে?
যিটো বিষয়ৰ অজুহাত লৈ এক শ্ৰেণীৰ অপপ্ৰচাৰকাৰীয়ে দিনে নিশাই গাই ফুৰিছে আৰু সহজ সৰল লোকক ইছলাম বিৰোধী কৰিবলৈ প্ৰয়াস কৰি আছে আৰু বিভিন্ন ধৰণে ইছলামক বদনামী কৰাৰ বাবে উঠি পৰি লাগিছে। য’ত উগ্ৰ ৰাজনৈতিক দল তথা তাৰ নেতাসকলে ব্যাপকভাৱে সাৰ পানী যোগাই আছে।

এতিয়া প্ৰশ্নৰ দুটা অংশ হ’ল –
১) আজিৰ দিনত কাফিৰ কোন?
২) ‘সিহঁতক য’তেই পোৱা হত্যা কৰা’ৰ সত্যতা কি?

✅ পৰৱৰ্তী পৰ্বত পঢ়ক –
👇👇👇👇
আজিৰ দিনত কাফিৰ কোন ?
পৱিত্ৰ ক্বুৰআনত উল্লিখিত ‘কাফিৰ’ শব্দৰ
তিনিটা অৰ্থৰ তথ্যপূর্ণ বিশ্লেষণ।