পথভ্ৰষ্ট নৱপ্ৰজন্মৰ প্ৰতি সমাজৰ কৰণীয়

Share :

এখন সমাজ বা দেশৰ আটাইতকৈ শক্তিশালী আৰু মূল্যবান সম্পদটোৱেই হৈছে যুৱপ্ৰজন্ম।
সাম্প্ৰতিক সময়ত যি বিষয়টো আটাইতকৈ বেছি চৰ্চিত সেয়া হৈছে নতুন প্ৰজন্মৰ মাজত ক্ৰমান্বয়ে নৈতিকতা, মূল্যবোধৰ অৱক্ষয়ৰ প্ৰভাৱ বিস্তাৰ। আৰু লাহে লাহে ই মহামাৰীৰ দৰে বিয়পি গৈ আছে। কিন্তু যুৱপ্ৰজন্মৰ এই অৱক্ষয় এদিনতে সৃষ্টি হোৱা নাই! এই মূল্যবোধৰ অৱক্ষয়ৰ মূলতে হৈছে- নৈতিক শিক্ষাৰ অভাৱ, ইংৰাজে প্ৰৱৰ্তন কৰি থৈ যোৱা সেই পুৰণি গতানুগতিক শিক্ষাব্যৱস্থা, ৰাগিয়াল দ্ৰব্যৰ বিস্তাৰ, পশ্চিমীয়া অপসংস্কৃতিৰ বিষাক্ত আগ্ৰাসন, সঠিক যৌন শিক্ষাৰ অভাৱ, নিবনুৱা সমস্যা আৰু ইয়াৰ যথোপযুক্ত মূল্যায়ন নকৰা।

এই যুৱপ্ৰজন্ময়ে হৈছে এখন দেশ বা জাতিৰ মেৰুদণ্ড স্বৰুপ, সমাজৰ গৌৰৱ। দেশৰ লগতে সমাজৰ শীল্প-সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মূখ্য ভুমিকাৰ দায়িত্ব লবলগীয়া হয় এই যুৱ চামেই। আৰু যেতিয়া এই যুৱপ্ৰজন্মই অন্ধকাৰৰ দিশে অগ্ৰসৰ হয় তেতিয়াই সেই জাতি টোৰ ভৱিষ্যত অস্তিত্বৰ ওপৰত এক ভয়ংকৰ অনিশ্চয়তাই বিৰাজ কৰে। তেওলোক পথভ্ৰষ্ট হোৱাৰ ফলত সমাজত নামি আহে এক চৰম বিপৰ্য্যয়। আমাৰ এই যুৱপ্ৰজন্ময়েই পৃথিৱীত শান্তি আৰু কল্যাণৰ মহামন্ত্ৰ প্ৰচাৰ কৰে, আৰু সেই যুবপ্ৰজন্ময়ে যেতিয়া পৃথিৱীত অশান্তি সৃষ্টিৰ কাৰণ হৈ উঠে তেতিয়াই সমাজৰ প্ৰতি নামি আহে এক চৰম অনিশ্চয়তা।

বৰ্তমান আমি এটি ধ্বংসপ্ৰায় সমাজৰ বাসিন্দা।
মূল্যবোধ, নৈতিকতাৰ অৱক্ষয়, ধৰ্ম বিমুখতা,
অন্ধ ধাৰ্মিকতা, ধৰ্মবিদ্বেষী, বৰ্ণবাদ আৰু ভোগবাদী সমাজৰ পৰিণতিয়েই হৈছে অৱক্ষয় অন্যতম কাৰণ। পৰ্ণগ্ৰাফি, ধৰ্ষণ, কৰ্মহীনতা, মাদকদ্রব্যৰ বিষাক্ত দংশনে নৱপ্ৰজন্মৰ মাজত বিপৰ্য্যয় নমাই আনিছে। শেষতীয়া কৈ সমাজত বৃদ্ধি পোৱা নিকৃষ্ট ধৰ্ষণ হৈছে মানৱ সভ্যতাৰ ইতিহাসত আটাইতকৈ জঘন্য অপৰাধ। এই নিকৃষ্ট ধৰ্ষণৰ মাজেদি মাথোঁ এগৰাকী নাৰীকে নহয়, সমগ্ৰ এটা জাতিক নিঃশেষ কৰি দিয়া হয়। ফলত সেই ভুক্তভোগী পৰিয়ালটোও নিমিষতে নিঃশেষ হৈ যায়। বহু ক্ষেত্ৰত দেখা যায় সেই ভুক্তভোগী ধৰ্ষিতা নাৰীগৰাকীয়ে আত্মহত্যাৰো পথ বাচি লয়। ইয়াৰ অন্তৰালত মূলত দায়ী হৈছে চৰকাৰৰ উপযুক্ত বিচাৰ ব্যৱস্থাৰ অভাৱ। বহু ক্ষেত্ৰত দেখা যায় নিকৃষ্ট ধৰ্ষণকাৰীৰ দৰে অপৰাধীও দুৰ্বল আইনৰ সুৰুঙা লৈ বাচি যায়।

নৱপ্ৰজন্মই যৌৱন প্ৰাপ্তিৰ লগে লগেই সাধাৰণতে লৰা-ছোৱালীৰ মন চঞ্চল আৰু বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হৈ উঠে। আৰু সেই সময়তে তেওঁলোকে যদি যৌন শিক্ষা আৰু সঠিক দিকনিৰ্দেশনা নপোৱাৰ ফলতো নৱপ্ৰজন্মৰ একাংশই পথভ্ৰষ্ট হোৱা পৰিলক্ষিত হোৱা দেখা যায়। এই সময়ত চলচ্চিত্ৰ জগতত যৌনতাৰ মুক্ত প্ৰদৰ্শনৰ লগতে নেতিবাচক চৰিত্ৰসমূহৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত কৰে। সেয়ে যৌৱনৰ প্ৰথম পুৱাতে লৰা-ছোৱালী সকলক স্কুলীয়া পাঠ্যপুথিত লগতে বিভিন্ন ধৰণৰ তথ্যগধুৰ কিতাপ-পত্ৰ অধ্যয়ন কৰাৰ প্ৰতিও আগ্ৰহী কৰি তুলিব লাগে।
অৰু এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে লৰা ছোৱালী সকলে টেলিভিচন, মবাইল, কম্পিউটাৰত কেনেধৰণৰ অনুষ্ঠান, চলচ্চিত্ৰ উপভোগ কৰে আৰু কেনেধৰণৰ ভিডিঅ গেম্ খেলি সময় অতিবাহিত কৰে? সেই ক্ষেত্ৰতো অভিভাৱক সকলে অত্যন্ত সচেতন হোৱা দৰকাৰ।

জীৱন আৰু সভ্যতাৰ বাবে সকলোতকৈ ডাঙৰ শত্ৰু হৈছে মাদকদ্রব্যৰ আসক্তি। দূৰ্ভাগ্যবশত যুৱপ্ৰজন্মই উদ্বেগজনক হাৰে ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰিছে। বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত ইয়াৰ হাৰ ব্যপক ভাৱে বাঢ়ি গৈ আছে। ফলত বহুতেই হেৰাই গৈ আছে অন্ধকাৰৰ গৰাহত। বৰ্তমান সময়ত দেশ তথা ৰাজ্য মাদক দ্ৰব্যৰ আগ্ৰাসনত বাৰোকৈয়ে আক্ৰান্ত। এই মাদক দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত থকা সকলৰ ভিতৰত বেছিভাগেই নৱপ্ৰজন্মৰ যুৱক-যুৱতী।

নীতি-আদৰ্শ আজি ভৰিৰ তলত।
মানুহবোৰৰ একাংশই অবৈধ পন্থাত ধন উপাৰ্জন কৰি সম্পত্তিৰ পাহাৰ গঢ়ি গৈ আছে। ন্যায়পালিকা আজি নীৰৱে উচপি আছে। যি সমাজত মূল্যবোধ আজি ধ্বংসৰ মূখত। নিবনুৱা, সন্ত্ৰাস, ৰাজনৈতিক অস্থিৰতাৰ কুপ্ৰভাৱ, দেশৰ অৰ্থনৈতিক দৈন্যতাই যুবপ্ৰজন্মৰ ওপৰত সাংঘাতিক ভাৱে নেতিবাচক প্ৰভাৱ পেলাইছে। ফলত সিহঁতে সুস্থ-সৱল জীৱন ব্যৱস্থাৰ পৰা বিচ্ছিন্ন হৈ গতি কৰিছে অন্ধকাৰৰ দিশে।

আচলতে আমাৰ যুৱ চামে সমাজৰ ডাঙৰ সকলৰ মাজত খোব কমসংখ্যক আদৰ্শবান মানুহ বিচাৰি পায়। যিসকল পৰা যুৱপ্ৰজন্মই আদৰ্শগত ভাবে অনুপ্ৰাণিত হব!
দূৰ্ভাগ্যবশত তেওঁলোকে অহৰহ দেখা পাই আছে সমাজত ৰাজনীতিৰ নামত মিথ্যাচাৰ, সমাজ সেৱাৰ নামত শোষণ, আদৰ্শৰ নামত প্ৰতাৰণা।

সমাজৰ প্ৰতিটো স্তৰতে মূল্যবোধৰ অৱক্ষয়ৰ স্বীকাৰ হবলগীয়া হৈছে আমাৰ যুৱসমাজ।
শিক্ষানুষ্ঠান বোৰত সাম্প্ৰদায়িকতা, হিংসা, বিদ্বেষৰ আন্দোলনৰ আখৰা, অসুস্থ আৰু উদ্দেশ্যহীন ছাত্ৰ ৰাজনীতি, পেছাদাৰী জাতিয়বাদী নেতাবোৰক কৱলত পৰিছে গৈ সাধাৰণ ছাত্ৰ সমাজ মূল্যবান ভৱিষ্যত। দুৰ্বল আৰু মূল্যবোধহীন শিক্ষাব্যৱস্থা যুৱপ্ৰজন্মক বিপথগামী কৰাৰ ক্ষেত্ৰত বহুখিনি অৰিহণা যোগাইছে।

সেয়ে এতিয়াই আমি লব লাগিব সময় উপযোগী আৰু কাৰ্যকৰী পদক্ষেপ।
শিক্ষানুষ্ঠান সমূহত গঢ়ি তুলিব লাগিব সুস্থিৰ শৈক্ষিক বাতাবৰণ। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহক কৰি তুলিব লাগিব সুশিক্ষাৰ প্ৰাণ কেন্দ্ৰ। সকলো প্ৰকাৰৰ মাদকদ্রব্যৰ ব্যৱহাৰ, উৎপাদন, ক্ৰয়-বিক্ৰয়, নিষিদ্ধ কৰিব লাগিব। অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাবোৰক প্ৰশাসনে কঠোৰ হাতেৰে দমন কৰিব লাগিব।
এই ক্ষেত্ৰত ৰাজনৈতিক নেতা-পালিনেতা সকলৰ হস্তক্ষেপ বন্ধ কৰিব লাগিব।
দুৰ্নীতিমুক্ত সমাজ ব্যৱস্থা আৰু সুস্থিৰ, মূল্যবোধৰ ৰাজনৈতিক ব্যৱস্থা গঢ়ি তুলিব লাগিব।
চৰকাৰে জনগণৰ সকলো প্ৰকাৰ মৌলিক অধিকাৰ সমূহ প্ৰদান কৰিব লাগিব।

যুৱপ্ৰজন্মৰ অৱক্ষয়ৰ বাবে ৰাষ্ট্ৰই নিবনুৱা, ভোগ, আৰু দাৰিদ্ৰতাৰ বিৰুদ্ধে শক্তিশালী ৰূপত থিয় দিব পৰা নাই। যুৱপ্ৰজন্মই হৈছে দেশৰ ৰাজহাড় প্ৰাণশক্তি স্বৰূপ, তেওঁলোকৰ পথভ্ৰষ্ট হোৱা মানে সমগ্ৰ জাতি ধ্বংস হোৱা। তেওঁলোকেই জাতিৰ আশা-আকাংক্ষাৰ চিহ্ন। তেঁওলোকক উদ্ধাৰ কৰিব লাগিব ধ্বংসৰ গৰাহৰ পৰা। সেয়া নহলে সমগ্ৰ জাতি ধ্বংসৰ সাগৰত ডুবি মৰিব লাগিব। পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী, আৰু সমাজৰ সচেতন মহলে তেওঁলোকৰ প্ৰতি আগুৱাই দিব লাগিব মৰমৰ হাত। তেওঁলোকৰ আস্থা উভতাই আনিব লাগিব। পৰিচালিত কৰিব লাগিব সঠিক দিশত। তেওঁলোকক বুজাব লাগিব যে তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰি আছে সমগ্ৰ দেশৰ ভৱিষ্যত।

সেয়ে মাথোঁ চৰকাৰেই নহয় আমাৰ এই সমাজেও আগুৱাই দিব লাগিব তেওঁলোকৰ প্ৰতি দিব লাগিব সহানুভূতিৰ মৰমসনা হাত। তেতিয়াই ধ্বংসৰ পৰা ৰক্ষা পৰিব যুৱসমাজ, জাতি আৰু দেশ।
আৰু আমাৰ মৰমৰ নৱপ্ৰজন্মই কঢ়িয়াই আনিব সমাজ আৰু ৰাষ্ট্ৰৰ বাবে কল্যাণৰ বাৰ্তা ।

চফুৰা বেগম
দৰং, অসম