মোৰ প্ৰেমাস্পদ

Share :

    ✍ পাৰভেজ মাৰুফ ছুফী।

হে মোৰ বন্ধু সকল
মোৰ শান্তি, মোৰ নিসংগতা
আৰু মোৰ ভালপোৱা
সদায় মোৰ সতে আছে।
কাৰণ তেওঁৰ প্ৰেমৰ বিকল্প নাই,
তেওঁৰ প্ৰেমৰ সোৱাদ
মৰণশীল জীৱনত মই উপভোগ কৰোঁ।
যেতিয়া মই তেওঁৰ সৌন্দৰ্যৰ কথা ভাবো
তেতিয়া তেওঁ মোৰ ‘মিহৰাব’ হৈ পৰে
আৰু তেওঁৰ ফালে মই ‘কিবলা’ বিচাৰি পাওঁ।
সম্পূৰ্ণ সন্তুষ্টি অবিহনে
যদি মই প্ৰেমৰ সন্ধানত মৃত্যু হওঁ
পৃথিৱীৰ যন্ত্ৰণা আৰু মোৰ দুৰ্দশাৰ
কাৰণে বিলাপ কৰোঁ।
হে আত্মাৰ প্ৰতিষেধক
কামনাৰ মাজত অন্তৰে ক্ৰিয়া কৰে,
তোমাৰ লগত মিলনৰ প্ৰচেষ্টাই
মোৰ হৃদয় খনক আৰোগ্য কৰাইছে।
হে মোৰ আনন্দ, মোৰ জীৱন
তোমালোক মোৰ জীৱনৰ অনুপ্ৰেৰণা
আৰু তোমালোকৰ পৰাই আহিছিল
মোৰ উন্মাদনা।
সকলো পাৰ্থিৱ জীৱনৰ পৰা
মই বিচ্ছিন্ন হৈছোঁ,
মোৰ প্ৰত্যাশা খালিকৰ লগত
হোৱা মিলনৰ সেই মুহুৰ্ত
আৰু সেয়ে মোৰ কামনাৰ গন্তব্যস্থল..!