ইছলামত ‘নামাজ’ৰ গুৰুত্ব।

Share :

সঙ্কলকঃ নুৰ আলম শ‌ইকীয়া।

-মুছলমান হিচাপে কলিমা পঢ়াৰ পিছতেই আছে নামাজৰ স্থান। নামাজ হ’ল ইবাদত সমূহৰ ভিতৰত উত্তম ইবাদত, দৈনিক পাঁচবাৰ নামাজ আদায় কৰাটো ফৰজ । নামাজৰ গুৰুত্ব এনে ধৰণৰ –

১)নামাজ ইছলামৰ প্ৰধান স্তম্ভ (আহমাদ্, তিৰমিজী, ইবনু মাজাহ্, মিছকাত হা/২৯)
যাৰ অবিহনে ইছলাম বৰ্তি নাথাকে ।

২) নামাজৰ গুৰুত্ব ইমানেই বেছি যে ৭ বছৰ বয়সৰ পৰা নামাজ আদায়ৰ অভ্যাস কৰিব কৈছে (আবু দাউদ হা/২৪৭, মিছকাত হা/৫৭২ ‘’ছালাত’ অধ্যায় – ৪, পৰিচ্ছদ – ২) ।

৩) মিৰাজৰ ৰাতি ফৰজ হোৱা নামাজেই হ’ল শ্ৰেষ্ঠতম ইবাদত (মুত্তাফাক্ব আলাইহ, মিছকাত হা/৫৮৬২-৬৫ ‘ফাযায়েল ও চামায়েল্’ অধ্যায় -২৯, মিৰাজ অনুচ্ছেদ)

৪) পৱিত্ৰ কোৰআনত বৰ্ণিত মতে নামাজৰ বিধ্বস্তি হ’ল জাতিৰ বিধ্বস্তি (ছুৰা মৰিয়ম আয়াত ৫৯) ।

৫) মুমিনৰ বাবে সকলো অৱস্থাতে পালনীয় ফৰজ হ’ল নামাজ, যিটো অন্য ইবাদতৰ ক্ষেত্ৰত কৰা হোৱা নাই (ছুৰা বাকাৰা ২/২৩৮-৩৯; ছুৰা নিচা ৪/১০১-০৩) ।

৬) কোৰআন মজিদত সৰ্বাধিকবাৰ আলোচিত বিষয় হ’ল নামাজ (৮২ স্থানত আলোচিত হৈছে) ।

৭) ইছলামিক ব্যবস্থাৰ পৰা প্ৰথম ছিন্ন হব “শাসন ব্যবস্থা” আৰু শেষত ছিন্ন হব “নামাজ” । দুনিয়াৰ পৰা ছালাত বিদায় লোৱাৰ পিছতে কিয়ামত হব (আহমাদ, ছহীহ ইবনু হিব্বান্; আলবানী, ছহীহ আত তাৰগীব ৱাত তাৰহীব্, হা/৫৬৯; আলবানী, ছহীহ জামে ছাগীৰ হা/৫০৭৫, ৫৪৭৮) ।

৮) কিয়ামতৰ দিনা বান্দাৰ প্ৰথম হিচাপ হব নামাজৰ, ইয়াৰ হিচাপ সঠিক হলেই তেওঁৰ সমস্ত আমল সঠিক হব আৰু সঠিক নহলে সকলো আ’মল বৰবাদ হব (ত্বাবাৰাণী আওচাত্ব্, ছহীহ আত তাৰগীব ৱাত তাৰহীব্, হা/৩৬৯, আবু দাউদ হা/৮৬৪ – ৬৬) ।

৯) দৈনিক পাঁচবাৰ নামাজ আদায় কৰাটো ফৰজ, যিটো আন কোনো ফৰজ ইবাদতৰ বেলিকা কৰা হোৱা নাই (মুছলিম্, মিছকাত হা/৫৮৬২ – ৬৫, ছুৰা নিচা ৪/১০৩) ।

১০) মুমিন ও কাফিৰ্-মুশ্বৰিকৰ মাজৰ পাৰ্থক্য হ’ল নামাজ (মুছলিম হা/১৩৪, ঈমান অধ্যায়, মিছকাত হা/৫৬৯,ছালাত অধ্যায় – ৪) ।

১১) জাহান্নামী ব্যক্তিৰ লক্ষণ হ’ল নামাজ বিনষ্ট কৰা ও প্ৰবৃত্তিৰ দাস হোৱা, (ছুৰা মৰিয়ম ১৯/৫৯) ।

১২) মৃত্যুৰ সময়ত ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সৰ্বশেষ অচিয়ত আছিল – নামাজ আৰু নাৰী জাতি সম্পৰ্কে, (ইবনু মাজাহ হা/২৬৯৮, ‘অচিয়ত সমূহ্’ অধ্যায়; আবু দাউদ হা/৫১৫৬ ‘শিষ্টাচাৰ্’ অধ্যায়, অনুচ্ছেদ – ১৩৩) ।

১৩) ইব্ৰাহিম (আঃ) য়ে আল্লাহৰ ওচৰত নিজৰ ও সন্তানৰ বাবে নামাজ কায়েমকাৰী হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছিল (ছুৰা ইব্ৰাহিম ১৪/৪০) ।

১৪) নামাজ হেফাজত নকৰা ব্যক্তি কিয়ামতৰ দিনা ক্বাৰূণ্, ফেৰাউন্, হামান আৰু উবাই বিন খালাফৰ লগত থাকিব (আহমাদ হা/৬৫৭৬, ‘হাচান্’; মিছকাত হা/৫৭৮ ছালাত অধ্যায় – ৪, ) ।

নামাজৰ হেফাজত কৰা অৰ্থাৎ ৰুকু, চিজদা ইত্যাদি ফৰজ ও চূন্নত সমূহ সঠিক ভাবে আৰু মনোযোগ সহকাৰে আদায় কৰা । এই হাদীছৰ ব্যাখ্যাত হাফিজ ইবনুল ক্বাইয়ুম (ৰঃ) য়ে কৈছে –
(১) যি ব্যক্তিয়ে অৰ্থ সম্পদৰ মোহত নামাজৰ পৰা দূৰত থাকে তেওঁৰ হাচৰ হব – মুছা (আঃ) ৰ দদায়েকৰ পুতেক ভায়েক ক্বাৰূণৰ লগত
(২) ৰাষ্ট্ৰীয় বা ৰাজনৈতিক ব্যস্ততাৰ অজুহাতত নামাজত অবহেলা কৰা ব্যক্তিৰ হাচৰ হ’ব মিছৰৰ অত্যাচাৰী শাসক ফেৰাউনৰ লগত,
(৩) মন্ত্ৰীত্ব বা চাকৰিৰ বাবে ছালাত অবহেলা কৰা ব্যক্তিৰ হাছৰ হব ফেৰাউনৰ প্ৰধানমন্ত্ৰী হামানৰ লগত,
(৪) ব্যবসায়িক ব্যস্ততাৰ বাবে নামাজ অবহেলা কৰা ব্যক্তিৰ হাছৰ হব মক্কাৰ কাফিৰ ব্যবসায়ী নেতা উবাই বিন খালাফৰ লগত
(ইবনুল ক্বাইয়িম্, আচ্-ছালাত ৱা হুকমু তাৰিকিহা পৃঃ ৬৩) ।

আহক আমি সকলোৱে শুদ্ধ ত্বৰীকাত নামাজ আদায় কৰাৰ বাবে যত্নবান হওঁ । আল্লাহে আমাক সকলোকে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ দৰে নামাজ আদায় কৰাৰ তৌফিক দিয়ক্, আমিন ।