ইছলামত জন্মদিন উদযাপন কৰাৰ হুকুম কি?

Share :

🟠 জন্মদিন উদযাপন প্ৰসংগ :

“জীৱন” আল্লাহ পাকৰ পৰা প্ৰাপ্তি এক সোণসেৰীয়া নিয়ামত তথা এক বৃহৎ উপহাৰ স্বৰূপ। ইয়াৰ সৎ ব্যৱহাৰে এজন মানৱক উন্নতিৰ অন্তিম শিখৰ লৈকে পৌচাব পাৰে আনহাতে ইয়াৰ অপব্যৱহাৰে সেই জনকে ধ্বংস গৰাহলৈ ঠেলি নিব পাৰে। ক্বিয়ামতৰ দিনাখন প্ৰত্যেকে মানৱেই আল্লাহ পাকৰ দৰবাৰত হাজিৰ হৈ নিজ নিজ কৰ্মৰ সম্পূর্ণ হিচাপ দাখিল কৰিব লাগিব। সেয়েহে যিকোনো কৰ্ম কৰাৰ পূর্বে প্ৰত্যেকেই এবাৰ হলেও মনস্থিৰ কৰা উচিত যে মোৰ এই কৰ্মৰ পৰিণাম পৰকালত কি হ’ব?

সাম্প্রতিক সময়ত মুছলমান সকলেও ক্ষন্তেকীয়া আনন্দ উল্লাহৰ উদ্দেশ্যে বহু বিধৰ্মীয় বিশেষকৈ পশ্চিমীয়া সংস্কৃতিৰ ৰীতি নীতিৰ অনুকৰণ কৰিব ধৰিছে আৰু তেওঁলোকৰ কথা-কৰ্ম, নিজস্ব পৰম্পৰা আৰু জীৱন প্ৰণালীৰ দ্বাৰা প্ৰভাৱিত হৈ নিজেও লাহে লাহে সেয়া আকোঁৱালি লবলৈ সাজু হৈছে।

তেনে বিধৰ্মীয় আৰু পশ্চিমীয়া পৰম্পৰা সমূহৰ ভিতৰত “বাৰ্ষিক জন্মদিনৰ উদযাপন” অন্যতম। উল্লেখ্য যে উক্ত দিনটোত শ্বৰীয়তৰ পৰিপন্থী মূলক কোনো কাম নকৰাকৈ এনেয়ে কেৱল হালাল জাতীয় খাদ্য সামগ্রী যুগুত কৰি গ্রহণ কৰাত আপত্তি নাই যদিও জীৱনৰ নিৰ্ধাৰিত সময় খিনিৰ পৰা এটা বছৰ মানে ৩৬৫ টা দিন হ্রাস পোৱাৰ প্ৰাকমূহৰ্তত আনন্দ উল্লাহত মতলীয়া হোৱা অথবা উক্ত দিনটোকে এক স্ফূর্তিৰ দিৱস স্বৰূপে উদযাপিত কৰা এটা সুস্থ মগজুৰ দ্বাৰা সম্পাদিত কৰ্ম হব নোৱাৰে। তেনে কৰাৰ পূৰ্বে অলপ ভাবকচোন!

প্রথমতঃ জীৱনৰ নিৰ্ধাৰিত সময়ৰ পৰা এক নিদিষ্ট অংশ খহি পৰিছে বুলি উমান পোৱা সময় খিনিই হ’ল প্ৰকৃততে এক আত্মসমালোচনাৰ সময়, জীৱনৰ হিচাপ-নিকাচ লোৱাৰ সময়। এই সময় খিনিতেই হিচাপ লোৱাৰ প্ৰয়োজন যে আল্লাহ পাকে আমাক আখেৰাতত সফলতা অৰ্জনৰ প্ৰস্তুতি লবলৈ যি সময় খিনি দি এই পৃথিৱীলৈ প্ৰেৰণ কৰিছিল আমি সেই সময় খিনিৰ কিমান সঠিক ব্যৱহাৰ কৰিব পাৰিছো বা সেই উদ্দেশ্যত আমি কিমান সফল হ’ব পাৰিছো ?

দ্বিতীয়তে আল্লাহ পাকৰ সন্তুষ্টি অর্জন কৰা, তেওঁৰ শ্বৰীয়ত অনুযায়ী জীৱন যাপন কৰাই হ’ল এজন প্ৰকৃত মুছলমানৰ সকলো স্ফূর্তিৰ মূল। তেন্তে যেতিয়া আল্লাহ ও তেওঁৰ নবী (দঃ)য়ে জন্মদিন উপলক্ষে কোনো স্ফূর্তি আমোদ কৰাৰ কথা কোৱা নাই লগতে সদায় বিধৰ্মী সকলৰ সাদৃশ্য অৱলম্বন কৰাৰ পৰা বিৰত ৰাখিছে। তেনে ক্ষেত্রত এজন মুছলমানে এনে অনৰ্থক তথা বিধৰ্মী সমৰ্থিত কৰ্মত আত্মনিয়োগ কৰাটো কিমান সমীচীন হ’ব পাৰে? সেয়ে উলামায়ে কেৰাম সকলে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকক জন্মদিন, বাৰ্থ ডে পালনৰ পৰা বিৰত থাকিবলৈ সদায় আহ্বান জনাই আহিছে।

মহান আল্লাহ পাকে আমি প্ৰত্যেককে তেওঁৰ নিৰ্দেশনা অনুযায়ী জীৱন অতিবাহিত কৰিবলৈ শক্তি দান কৰক। আমীন।।

জন্মদিন সন্দৰ্ভত #দাৰুলউলুমদেওঁবন্দৰ দুখন ফতোঁৱা ইয়াতেই গাঁথি দিলো।

১/ ফতোঁৱা নং- ৮৫৯

ইছলামী শ্বৰীয়তত জন্মদিন উপলক্ষে কোনো নির্দিষ্ট কৰ্মৰাজিৰ কথা বৰ্ণিত নাই। এজন মানুহে জীৱনৰ প্ৰতিটো দিন এনে অৱস্থাত পাৰ কৰা উচিত যে তেওঁ আল্লাহ পাকৰ প্ৰত্যেকটো আদেশ নতশিৰে পালন কৰি আছে আৰু প্ৰত্যেকটো নিষিদ্ধ কৰ্মৰ পৰা আত্মৰক্ষা কৰি আছে। সেয়া লাগিলে জীৱনৰ যিকোনো দিন হওক। জন্মদিন উপলক্ষে বিশেষ দিন পালন কৰা ইছলামী শ্বৰীয়তত অনুমোদিত নহয়।

২/ ফতোৱা নং- ৫৮০

জন্মদিন উপলক্ষে কাৰোবাক শুভেচ্ছা জ্ঞাপন কৰা, Wish কৰা এক অপ্রয়োজনীয় তথা শ্বৰীয়ত বহিৰ্ভূত কৰ্ম হোৱাৰ লগে লগে ই খ্ৰীষ্টান সকলক অনুকৰণ কৰি থকা সূচোৱা কৰ্ম। সেয়ে এনে ধৰণৰ শুভেচ্ছা আদিৰ পৰা বিৰত থকাই শ্ৰেয়।

আল্লাহ পাকেই সৰ্বোচ্চ জ্ঞানী।

দাৰুল_ইফতা।

দাৰুল উলুম দেওঁবন্দ।

কলম __ আক্বিব শ্বামিম চৌধুৰী।