সমাজত সামাজিক নিৰাপত্তাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা

Share :

পৃথিৱীৰ অসংখ্য মখলুক (সৃষ্টি) ৰ মাজত মানুহ হ’ল সর্বশ্রেষ্ঠ একমাত্র সামাজিক প্রাণী। সামাজিক জীৱ হিচাপে মানুহ সমাজত এজনে আনজনৰ প্রতি নির্ভৰশীল আৰু পাৰস্পৰিক সহযোগী। সমাজত নিৰাপদে বসবাস কৰাৰ বাবে প্রয়োজন আছে একমাত্ৰ নিৰাপত্তাৰ। এই নিৰাপত্তা কেৱল বহিঃশত্রুৰ বাবে নহয়, আভ্যন্তৰীণ নিৰাপত্তাৰো প্রয়োজন আছে। সমাজ যদি বসবাসৰ বাবে উপযুক্ত আৰু নিৰাপদ নহয় তেনেহ’লে মানৱ সমাজ আৰু হিংস্র জীৱ জন্তুৰ মাজত তেনে কোনো পার্থক্য নাথাকে।

হাবি-বননিত পশু পখি সকলৰ যেনেদৰে নিৰাপত্তা নাথাকে ঠিক তেনেদৰে নিৰাপদ নাথাকে অন্য হিংস্র জন্তুৰ আক্রমনৰ পৰাও। আনকি নিৰাপদ নাথাকে চিকাৰীৰ চিকাৰৰ পৰাও। যিকোনো সময়ত অন্য কোনো জন্তু অথবা পশু পখিৰ দ্বাৰা আক্রমনৰ সম্ভৱনা নাথাকে। ঠিক তেনেদৰে মানৱ সমাজত সামাজিক নিৰাপত্তা বিঘ্নিত হ’লে সেই সমাজৰ কিছুমান ব্যক্তিৰ অৱস্থা অৰণ্যৰ পহুৰ দৰে হ’বলৈ বাধ্য। সেইবাবে মানৱ সমাজৰ বাবে সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্ব বহন কৰে।

সামাজিক নিৰাপত্তা বুলিলে সাধাৰণতে আমি বসবাসৰ নিৰাপত্তাক বুজিলেও ইছলামত সামাজিক নিৰাপত্তা এটি ব্যাপক অর্থ বহন কৰে। সামাজিক নিৰাপত্তা বুলিলে, 
  স্ব-ধৰ্ম পালন,
  মৌলিক অধিকাৰ নিশ্চিতকৰণ,
  জীৱনৰ নিৰাপত্তা,
  বসবাসৰ নিৰাপত্তা,
  ন্যায়বিচাৰ নিশ্চিত থকা,
  ব্যক্তিৰ মান সম্মানৰ নিৰাপত্তা,
  মত প্ৰকাশৰ স্বাধীনতা,
  ধর্মৰ স্বাধীনতা,
  অধিকাৰ প্রদানত সাম্য আচৰণ কৰা,
  অপৰাধ কর্ম দমন,
  নৈতিক শিক্ষা প্রদান, 
  আৰু আর্থিক অনাচাৰৰ প্রতিবাদ,      

ইত্যাদি বিষয়ে যেতিয়া প্রতিষ্ঠিত থাকিব তেতিয়া কেৱল সামাজিক নিৰাপত্তা আছে বুলিহে ভৱা হ’ব। অনুৰূপভাৱে পৰিবেশৰ ভাৰসাম্য থকাটোও এটি সামাজিক নিৰাপত্তা।

 সমাজত সামাজিক নিৰাপত্তা নাথাকিলে কেনে পৰিবেশৰ সৃষ্টি হ'ব সেয়া বর্তমান সমাজ আৰু বিশ্ব ব্যৱস্থাত অত্যন্ত স্পষ্ট তথা দৃশ্যমান। 

 ◾সর্বত্র হত্যা, ধর্ষণ, যৌতুক, যৌতুকৰ বাবে হত্যা, নাৰী নির্যাতন আজি প্রতিদিনৰ চিত্র।
 ◾ প্রতিনিয়তত বায়ু দূষণ , পানী দূষণ তথা শব্দ প্ৰদূৰ্ষণৰ মাধ্যমত সমাজত বসবাসৰ অনুপযোগী কৰি তোলা হৈছে।
  ◾ শ্রমৰ অৱমুল্যায়ন, শিক্ষা প্রতিষ্ঠান আৰু কর্মস্থলত যৌন হয়ৰানী, পিতা-মাতাৰ অ-সম্মান ইত্যাদি ।
  ◾ ইয়াৰ বাদেও অসৎ উপায়েৰে অর্থ উপার্জনৰ প্রতিযোগীতাৰ বাবে আমাৰ সমাজ পৰিণত হৈছে এক অ-নিৰাপদ আশ্রয়হীন সমাজত।
  ◾ শিশু, ভ্রুন হত্যাৰ মাধ্যমত বর্তমান সমাজে হাৰ মানিছে জাহেলী যুগৰ বর্বৰতাকো। 
  ◾ মানুহৰ অনৈতিক পশু সুলভ আচৰণে আমাক স্মৰণ কৰাই দিয়ে ইছলাম আবিৰ্ভাৱৰ পূর্বে জাহেলী সমাজ কেনে আছিল। 

এটি অ-নিৰাপদ সমাজত জন্মলৈ নিজকে নিৰাপদ ৰখাৰ আপ্রাণ চেষ্টাই হয়তো আমাক কঠিন কৰি তুলিছে। যাৰ বাবে নিজৰ পিতৃ-মাতৃৰ সৈতে জাহেলী আচৰণ কৰাটোও আমি দ্বিধাবোধ কৰা নাই। নিজ মনেৰে পাপীৰ বৰ্বৰতাত নিজকে হেৰুৱাই যোৱাৰ বেদনা অনুভৱ কৰিও আমি এক মুহুৰ্তৰ বাবে চিন্তা নকৰোঁ । মানুহে মানুহৰ ৰক্তপাত, ধর্ম আৰি সাম্প্রদায়িক দাঙ্গাত নিজকে সম্পৃক্ত কৰি ৰাখে অনায়াসে। সমাজ সুন্দৰ কৰাৰ পৰিৱৰ্তে এটি নিৰ্মিত সমাজখন ভঙাৰ ক্ষেত্ৰত নিজকে অগ্রগামী কৰি তুলে সৰ্বদায়।
এইবোৰেই আজিৰ সমাজৰ চিত্ৰাঙ্কন।

অথচ মহান আল্লাহ তা’য়ালাই পৃথিৱী বিপর্যয় সৃষ্টিকাৰীক পছন্দ নকৰে। ছুৰাঃ আৰাফৰ ৬৪ নং আয়াতত মহান আল্লাহ তা’য়ালাই ফৰমাইছে,
“শান্তি-শৃঙ্খলা স্থাপিত হোৱাৰ পিছত পৃথিৱীত বিপর্যয় সৃষ্টি নকৰিবা, আৰু তাক ভয়-ভীতি, আশা-ভৰসালৈ নিজৰ মতত তিষ্টি থাকা, মহান আল্লাহৰ কৃপা সদায় তেওঁলোকৰ ওপৰত আছে যিসকলে সৎ কাম কৰে”।

 সামাজিক এইবোৰ সমস্যা দূৰীকৰণ আৰু সর্বত্র নিৰাপত্তা নিশ্চিতকল্পে ইছলামে দিছে সর্ব যুগৰ শ্রেষ্ঠ সমাধান আৰু অনুকৰণীয় আদর্শ। ইছলামী আদর্শ দূৰৈত ঠেলি দি আমি কেতিয়াওঁ এটি শান্তিপূর্ণ সমাজৰ কল্পনা কৰিব নোৱাৰি। আজিৰ পৰা প্রায় দেড় হাজাৰ বছৰ পূৰ্বে মানৱতাৰ বন্ধু হজৰত মোহাম্মদ (চঃ)-যে সামাজিক নিৰাপত্তা নিশ্চিত কৰি আর্দশ সমাজ গঠন আৰু পৰিচালনা কৰি গৈছে বর্তমান বিশ্বত চলমান বিপর্যয় আৰু বি-শৃংখলা দূৰ কৰিবলৈ আমাক পুনৰ ইছলামৰ আশ্ৰয় তলত উভতিব লাগিব।

সেয়ে সামাজিক নিৰাপত্তা নিশ্চিত কৰণত ইছলামে যিবোৰ আদর্শ আমাক উপস্থাপন কৰিছে সেয়া সংক্ষেপে আলাচনাৰ দাবী ৰাখে। তলত কেইটামান গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা হ’ল :

১) পৰিবেশ বান্ধৱ :
ইছলাম সদায় পৰিবেশ বান্ধৱ কৰ্মৰ নমুনা পেচ কৰে। আমি যদি ৰচুল (চঃ)-ৰ মক্কা বিজয়ৰ প্ৰতি দৃষ্টিপাত কৰো অৱশ্যই দেখিবলৈ পাম ৰচুল (চঃ)-য়ে তেখেতৰ অনুগামী সকলক কৈছিল কোনো ফলৱান বৃক্ষ নাকাটিবলৈ।
গছৰ পাত ছিঙিবলৈয়ো নিষেধ কৰিছে। সুস্থ জীৱন যাপনৰ বাবে পৰিবেশ বান্ধৱত এনে ভুমিকা আমি সকলোৰ বাবে অনুকৰণীয়।

২) ৰক্তপাতহীন মক্কা বিজয় :
কোনো কাফিৰ মুশৰিকক হত্যা নকৰা আৰু অত্যন্ত শান্ত পৰিবেশত মক্কা বিজয়ৰ ঘটনা সামাজিক নিৰাপত্তাৰ উজ্জ্বল দৃষ্টান্ত। ক্ষমতা আৰু পৰ্যাপ্ত সুযোগ থকাৰ পাছতো কাৰোবাক হত্যা নকৰি সকলোক ক্ষমা কৰাৰ মাধ্যমত যি নজিৰ স্থাপন কৰা হৈছে সেয়া পৃথিৱীৰ এক বিৰল ঘটনা।
সমগ্ৰ কাফিৰ, শত্রু-মিত্র সকলোৱে ইছলামৰ ওচৰত নিৰাপত্তা লাভ কৰে।

৩) বিদেশী শক্তিৰ পৰা:
সামাজিক নিৰাপত্তাৰ আন এক দৃষ্টান্ত হ’ল খন্দকৰ যুদ্ধত পৰিখা খনন। শত্রু বাহিনীৰ হাতৰ পৰা সমাজ আৰু সমাজৰ সকলোবোৰ মানুহক নিৰাপদ ৰখাৰ লক্ষ্যত পৰিখা খনন কৰা হয়। যি বহিঃশত্রুৰ হাতৰ পৰা সমাজ ৰক্ষাৰ অন্যতম কৌশল হিচাপে সমস্থ পৃথিৱীত অনুকৰণীয় হৈ আছে।

৪) শান্তি চুক্তি :
ৰক্তপাত অথবা যুদ্ধ বিগ্রহ কেতিয়াও বন্ধু অথবা শত্রু কাৰো বাবেই সুফল বৈ নানে। সেই বাবে ৰচুল (চঃ)-য়ে শত্রু-মিত্র আৰু অন্যান্য দল মত সকলৰ সৈতে সদায় সৰ্ব সময় শান্তি চুক্তি কৰিছে যেন ৰক্তপাত নঘটি আৰু সামাজিক নিৰাপত্তা বজায় ৰাখে।
ৰচুল (চঃ)-য়ে ঐতিহাসিক মদিনা চনদ আৰু হুদায়বীয়াৰ সন্ধিৰ মাধ্যমত যি শান্তি চুক্তি কৰে তাৰ মাধ্যমত আৰবীয় সমাজত দীৰ্ঘ দিনৰ দ্বন্দ্ব আৰু ৰক্তপাত বন্ধ হৈ এটি নিৰাপদ আবাস ভূমিত পৰিণত হয়।

৫) নাৰী আৰু শিশুৰ নিৰাপত্তা :
নাৰী আৰু শিশুৰ নিৰাপত্তাৰ ক্ষেত্ৰত ইছলামৰ যুগান্তকাৰী পদক্ষেপ সকলো যুগৰ বাবে এটি অনুস্বৰণীয় আর্দশ। যি সমাজৰ লোকে কন্যা শিশুক জীৱন্ত কবৰ দিছিল, পিছত সেই সমাজৰ লোকেই কন্যা সন্তানক আটাইতকৈ বেছি মৰ্যাদা দিছে কেৱলমাত্র ইছলামৰ আদর্শৰ কাৰণে। নাৰী আছিল সমাজৰ আটাইতকৈ বেছি অ-নিৰাপদ আশ্রয়হীন আৰু ভোগৰ বস্তু।
ইছলামৰ আগমনৰ পিছত সেই সমাজত নাৰীয়ে পাইছে স্বাধীনতা, নিৰাপদ হৈছে তেওঁলোকৰ বসবাস আৰু কর্মসংস্থাপন। ওয়াৰিছ বন্টন নীতিত নাৰী পাইছে স্বত্তাধিকাৰ। হজৰত ওমৰ (ৰাঃ)-য়ে তেখেতৰ বায়তুলমাল (ৰাষ্ট্রীয় ধনভাণ্ডাৰ)-ৰ পৰা মাতৃ দুগ্ধ বঞ্চিত শিশু, বৃদ্ধ আৰু ৰুগ্ন ব্যক্তিৰ বাবে মাসিক বৃত্তি নির্ধাৰণ কৰে। প্রকৃতি বৈশিষ্টৰ দিশৰ পৰা এই খাদক সামাজিক নিৰাপত্তা ব্যৱস্থা বুলি অভিহিত কৰা হয়।

৬) অৰ্থনৈতিক ব্যৱস্থা :
ইছলাম একমাত্র জীৱন ব্যৱস্থা য’ত আছে অর্থনীতিৰ সুষম বন্টন অথবা স্থায়ী সমাধান। চক্রবৃদ্ধি সুদ বাতিল কৰি জাকাত ভিত্তিক সমাজ ব্যৱস্থাৰ মাধ্যমত ধনী গৰীবৰ বৈষম্য দুৰ কৰিছে। যাৰ বাবে সর্বপৰি ইছলামে সকলো শ্রেণীৰ মানুহৰ অথনৈতিক নিৰাপত্তাৰ মাধ্যমত এটি শক্তিশালী সমাজ বি-নির্মান কৰিবলৈ সক্ষম হৈছে।

৭) নৈতিক চৰিত্ৰ গঠন:
ধৰ্ষণ, ইভটিজিং, মাদক, যৌন হয়ৰানী, নাৰী আৰু শিশু নিৰ্যাতন ৰোধত ইছলামে মানুহৰ নৈতিক চৰিত্র গঠনৰ মাজেদি মানৱ সমাজক নিৰাপত্তাৰ চাদৰেৰে আবৃত ৰখাৰ পদক্ষেপ যুগে-যুগে গ্রহণ কৰি চলিছে। সমাজে যেতিয়া জাহেলীয়াতৰ জয় জয়কাৰ অৱস্থা বিৰাজ কৰিছিল তেতিয়া ৰচুল (চঃ) এ ঘোষনা কৰিছিল “ এনে এটি সময় আহিব যেতিয়া চানাৰ পৰা আৰম্ভ কৰি হাজৰামাউত পৰ্যন্ত এজন সুন্দৰী ৰমনী ধন সম্পদসহ অন্ধকাৰত যাতায়াত কৰিব অথচ তেখেতৰ মনৰ মাজত কোনো চোৰ ডকাইত অথবা ধৰ্ষণৰ ভয় নাথাকিব।”
কেৱল কথাতেই নহয় ৰচুল (চঃ) এ ইয়াক বাস্তৱায়ন কৰি গৈছে। হজৰত ওমৰ (ৰাঃ)-ৰ শাসনামোলত দূর্ভিক্ষৰ সময়ত চুৰীৰ শাস্তি ৰহিত কৰাৰ নমুনাও পোৱা যায়। আৰবীত এটি প্রবাদ আছে “ দাৰিদ্রতাই মানুহক কুফৰী পৰ্যায়লৈ ঠেলি পঠিয়াই।” সেইবাবে ইছলামী বিধি মতে সন্দেহৰ ভিত্তিত দণ্ডবিধি স্থগিত ৰখা হয়।
ন্যায় বিচাৰ নিশ্চিত আৰু স্বচ্ছ কৰাৰ ক্ষেত্রত ৰচুল (চঃ)-য়ে কৈছে এজনৰ অপৰাধৰ শাস্তি আনজনক বিহিব নোৱাৰি। অর্থাৎ পিতৃৰ অপৰাধত সন্তানক শাস্তি দিয়া নাযাব। ইছলামৰ এনে বিধানৰ ফলত সমাজত যুগ-যুগ ধৰি লাগি থকা সামাজিক সংঘর্ষৰ অৱসান ঘটে অথবা শান্তি উভতি আহে।

সেয়ে আজিৰ দিনতো সমাজত প্ৰচলিত অপৰাধ জগতৰ পৰা মানুহক উভতাই আলোৰ পথত আনিবলৈ ইছলামী অনুশাসনৰ কোনো বিকল্প নাই।

৮) শ্রমিকৰ মুক্তি :
ইছলাম আবিৰ্ভাৱৰ পূর্বে সমাজত শ্রমিক শ্রেণীৰ মানুহৰ কোনো মুল্যায়ন নাছিল। ৰচুল (চঃ)-য়ে ঘোষনা কৰে যে, “ তোমালোকে শ্রমিকৰ পাৰিশ্রমিক তেখেতৰ শৰীৰৰ ঘাম শুকোৱাৰ আগতেই পৰিশোধ কৰি দিয়া।”
কেৱল সেয়াই নহয় ইছলামে শ্রমিক আৰু মালিকক ভাই-ভাইৰ সম্পর্ক বুলি উল্লেখ কৰিছে। শ্রমিক আৰু নিম্ন আয়ৰ মানুহ আজি আমাৰ সমাজত যি বিৰাট হাৰত অৱহেলিত তাৰ পৰা মুক্তিৰ বাবে ইছলামেই একমাত্র অনুকৰণীয় পথ।

৯) সাম্প্ৰদায়িক শক্তিৰ দমন :

সাম্প্রদায়িক দাঙ্গা দূৰীভূত কৰি তেনেস্থলত ধর্ম-বর্ণ সকলৰ প্রতি সম্প্রদায়িক সম্প্রীতি স্থাপনত ইছলামেই একমাত্র সমাধান স্থল। জাহেলী সমাজত দীর্ঘদিনৰ ধর্মীয় আৰু গোত্রগত সংঘাতৰ সমাধান দিছে একমাত্ৰ ইছলামে। ইছলামৰ সু-মহান ছাঁয়াতলত সকলোৱে তেওঁলোকৰ স্ব-ধৰ্ম পালন কৰিছে অত্যন্ত নিৰাপদে। পবিত্ৰ কোৰ-আনত কোৱা হৈছে
“ দ্বীনৰ ক্ষেত্ৰত কোনো জবৰদস্তি নাই।”

ছুৰাঃ আনআমৰ ১০৮ নম্বৰ আয়াতত কোৱা হৈছে-
“আল্লাহক বাদ দি তেওঁলোকে যাকেই মাতিব তোমালোকে তাক গালি নিদিবা। কিয়নো তেওঁলোকে তেওঁলোকৰ অজ্ঞতাপ্রসূত শত্রুতাৰ বশৱর্তী হৈ আল্লাহক গালি দিবা।”

ছুৰাঃ মুমতাহিনাৰ ৮ নম্বৰ আয়াতত কোৱা হৈছে:
“দীনৰ ক্ষেত্ৰত যিসকলে তোমালোকৰ সৈতে যুদ্ধ কৰা নাই, তোমালোকক তোমালোকৰ ঘৰ-বাৰীৰ পৰা ওলাই দিয়া নাই, তেওঁলোকৰ সৈতে সদায় সৎ ব্যৱহাৰ কৰিবলৈ আৰু ন্যায়নিষ্ঠ আচৰণ কৰিবলৈ মহান আল্লাহে নিষেধ কৰা নাই। মহান আল্লাহ তা’আলাই ন্যায়পৰায়ণ সকলক মৰম কৰে।”
সমগ্ৰ পৃথিৱীব্যাপি চলমান ধর্মীয় আৰু সাম্প্রদায়িক সংঘর্ষ দূৰীকৰণত আজি ইছলামেই হ’ল একমাত্র অনুকৰণীয় আদর্শ।

১০) বৃদ্ধাশ্ৰম:
বর্তমান পৃথিৱী ব্যাপি অধিকাংশ সমাজৰ এটি নির্মম চিত্র হ’ল বৃদ্ধাশ্রম। বৃদ্ধ বয়সৰ পিতৃ-মাতৃক কিছুমান মানুহৰূপী নৰপশুয়ে ৰাখি আহে সহায়-অসহায় স্থানত, যিটো সমাজ, ৰাষ্ট্র আটাইবোৰৰ বাবে কলংক জনক বিষয় । কিন্তু ইছলামে এই ক্ষেত্ৰত কেৱল উদাৰতাই নহয় বৰঞ্চ তেওঁলোকৰ ক্ষেত্রত সর্বোচ্চ উত্তম ব্যৱহাৰৰ নিৰ্দেশ দিছে।
পবিত্র কোৰ-আনত কোৱা হৈছে :
“আৰু তোমাৰ প্রতিপালকে আদেশ দিছে যে, তোমালোকে আমাৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ সৈতে সদাচাৰণ কৰিবা। তেওঁলোকৰ মাজত কোনোবাই যদি বার্ধক্যত উপনীত হয় তেনেহ’লে তুমি তেওঁলোকৰ প্রতি উহ শব্দটিও উচ্চাৰণ নকৰিবা, তেওঁলোকক ভাবুকি নিদিবা আৰু তেওঁলোকৰ সৈতে নম্র ভাৱে কথা ক’বা। (ছুৰা বনী ইছৰাইলঃ ২৩-২৪)

হজৰত ওমৰ (ৰাঃ)-য়ে কৈছে “যৌৱনে তেওঁলোকৰ পৰা শ্রম ল’ব আৰু বার্ধক্যত তেওঁলোকৰ অভুক্ত কৰি ৰাখিব এয়া কেতিয়াওঁ হ’ব নোৱাৰে।”

⚫ আমাৰ দায়িত্ব :

আজিও সমাজত সকলো নাগৰিকৰ অধিকাৰ আদায় আৰু সামাজিক নিৰাপত্তা নিশ্চিত কৰা সকলো মুছলমানৰ ঈমানী দায়িত্ব। ৰচুল (চঃ)-য়ে ফৰমাইছে: “মুছলমান সেইজন ব্যক্তি যাৰ হাত আৰু মুখৰ পৰা আনজন মুছলমান নিৰাপদ” (বুখাৰী-মুছলিম)।

তেখেতে আৰু ফৰমাইছে: “সেইজনেই প্রকৃত মুমিন যাৰ ওচৰত অন্য মুমিনৰ ৰক্ত আৰু সম্পদ নিৰাপদে থাকে” ( তিৰমিজি)।

পৃথিৱীত আল্লাহৰ প্রতিনিধি হিচাপে আমাৰ সকলোৰে উচিত হ’ব প্রতিটি সমাজ ব্যৱস্থাত শান্তি শৃংখলা বজায় ৰখাৰ বাবে আপ্রাণ চেষ্টা কৰা। সামাজিক সমস্যাত আমাৰ সমাজ আজি ধ্বংসৰ অটল গহ্বৰত হেৰুৱাই গৈছে। এটি সুন্দৰ সোনালী সমাজ গঠনৰ বাবে ইছলামী আদর্শৰ অনুসৰণ কৰা বৰ্তমান সময়ৰ দাবী।

কলম- হাফিজ বায়াজিদ বুস্তামী ।
সম্পাদনা- এম ইউছুফ কাছিমী ।