
আমাৰ সমাজত সদায় দাড়ি লৈ কিছু প্ৰশ্ন আৰু কিছু মন্তব্য কৰা দেখা যায়। যেনে,
‘সেয়া চা দাড়ি থকা মুল্লা গৈছে’ ,
‘ধেই, দাড়ি মানুহে ৰাখে নেকি? ‘
‘আপুনি পূৰণি মানুহ, ফেচন কি বুজি পাব’
‘এতিয়াই কিয় দাড়ি ৰাখিব লাগেনো’
‘দাড়ি ৰাখিলে বয়সস্থ দেখা যায় ‘
‘দাড়ি ৰাখিলে ছোৱালীবোৰে নাচায়’
‘এই আৰব্য ষ্টাইল কিয় কৰিব লাগে’
‘ ইমান গোড়ামী, ইমান মৌলবাদী ভাল নহয়’
ইত্যাদি ইত্যাদি কিমান কি মন্তব্য, কিমান যে প্ৰশ্নৰ সন্মুখীন হবলগীয়া হয় দাড়ি ৰখাৰ পিছত বা নতুনকৈ যদি কোনোবাই দাড়ি ৰাখিবলৈ আগ্ৰহী হয়।
কিন্তু যেতিয়া পশ্চিমীয়া সংস্কৃতিক প্ৰমোট কৰিবলৈ সৃষ্টি কৰা হলিউড, আৰু তাক অনুসৰণ কৰি প্ৰচলিত বলিউড, টেলিভিচন জগত আদিৰ লগত জড়িত ব্যক্তিসকলে দাড়ি ৰাখে,
অভিনেতাসকলে দাড়ি ৰাখে, আৰু ক্ৰিকেটাৰ বা ৰেম্পত সেই অদ্ভুত অঙ্গী ভঙ্গীৰে খোজ কঢ়া ফেছন-যুৱক সকলে ডাঢ়িক প্ৰমোট কৰে বা দেশৰ আন বাহুবল ধনবল লোকে দাড়ি ৰাখে, বা দেশৰ ৰাজনৈতিক ডাঙৰ নেতাসকলে দাড়ি ৰাখে….
ঠিক যেনেদৰে বিশ্বৰ অসংখ্য সমাজত, ভিন্ন ধৰ্মৰ, ভিন্ন সংস্কৃতিৰ লোকে দাড়ি ৰাখিছে আৰু তাৰ বহুতে দাড়ি দীঘলো কৰিছে। আনকি আজিৰ দিনত দাড়ি দীঘল কৰা লৈ , দাড়ি গজা লৈ, দাড়ি বিভিন্ন ষ্টাইলত চাইজ কৰাক লৈ নানা ফেচন শ্ব, চেলুন, ক্ৰীম ইত্যাদিৰ প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে। প্ৰমাণৰ প্ৰয়োজন হলে গুগলত হাজাৰ হাজাৰ উদাহৰণ চাব পাৰে।
তেতিয়া সেইবোৰ গোড়ামী আৰু মৌলবাদী হৈ নাথাকে, তেতিয়া সেই বিভিন্ন প্ৰশ্নবোৰ কৰা নহয়, তেতিয়া ‘মুল্লা’ , ‘অল্ড মাইন্ড’ বুলি তুচ্ছ তাচ্ছিল্য কৰা নহয়। তেতিয়া সেয়া হৈ পৰে আধুনিক জগত, আধুনিক ষ্টাইল আৰু পুৰুষৰ বাবে অনুকৰণীয়। কিয়নো তেতিয়া মুছলিম বা ইছলাম নামটো জড়িত নাথাকে। ফলত ইছলামোফবিয়াও স্থান নাপায়। কি যে অদ্ভুত চিন্তা, কি যে সংকীৰ্ণ মনোভাৱ।
অথচ পুৰুষৰ মুখমণ্ডল সদায় আকৰ্ষিত তথা সুৰক্ষিত কৰি ৰাখিবলৈ দাড়িৰ এই ষ্টাইল, এই ফেশ্বন আজিৰ পৰা চৈধ্যশ বছৰ পূৰ্বেই মহাপুৰুষ, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্ব প্ৰিয় নবী মুহাম্মদ ছাঃ এ মানৱ সমাজক অৱগত কৰি গৈছে, ভালকৈ বুজাই ইয়াৰ নিৰ্দেশনাসমূহ দি গৈছে।
এই ষ্টাইল আৰু নিৰ্দেশনা কেৱল মুছলমানৰ বাবে নহয়। পৃথিৱীৰ সকলোৱে এই চুপাৰ ষ্টাইলৰ অধিকাৰী হব পাৰিব।
এতিয়া জানোঁ আহক, ইছলামে এই দাড়ি ষ্টাইল সন্দৰ্ভত কি কি নিৰ্দেশনা প্ৰদান কৰিছে।
ইছলামৰ দৃষ্টিত পুৰুষৰ বাবে দাড়ি ৰখা আদর্শিক দৃষ্টিত ৰাছুল ছল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ ছুন্নাহ। কিন্তু বিধানগত ভাবে সেয়া ৱাজিব আৰু দাড়ি কটা, সৰুকৈ ৰখা বা মুণ্ডন (ক্লীনছেভ ) কৰা হৰাম।
এনে কাৰ্য্যত মহান আল্লাহৰ নাফৰমানিৰ লগতে ৰাছুলুল্লাহ ছল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ আদেশ অমান্য কৰা হয় আৰু তেখেত( ছঃ) ৰ নিষেধ উলঙ্ঘন কৰা হয়। ইয়াৰ উপৰিও আল্লাহৰ ৰাছুল (ছঃ)ৰ আদেশ-নিষেধক অবমূল্যায়ন কৰা নি:সন্দেহে তাৰ প্রতি ভালপোৱাৰ পৰিপন্থী আৰু ৰাছুল( ছঃ)ৰ প্রেমৰ নামত কপটতা।
🔵 দাড়ি সম্পৰ্কে ক্বুৰআনৰ বাণী :
قَالَ يَا ابْنَ أُمَّ لَا تَأْخُذْ بِلِحْيَتِي وَلَا بِرَأْسِي ۖ إِنِّي خَشِيتُ أَنْ تَقُولَ فَرَّقْتَ بَيْنَ بَنِي إِسْرَائِيلَ وَلَمْ تَرْقُبْ قَوْلِي
হাৰূনে ক’লে, ‘হে মোৰ সহোদৰ! তুমি মোৰ দাঁড়ি আৰু চুলিত নধৰিবা। নিশ্চয় মই আশংকা কৰিছিলোঁ যে, তুমি কবা, ‘আপুনিয়ে বনী ইছৰাঈলৰ মাজত বিভেদ সৃষ্টি কৰিছে আৰু মোৰ কথাত যত্নৱান হোৱা নাই’। (ছুৰা ত্বা-হা ,আয়াত ৯৪)
এই আয়াতটোৰ দ্বাৰা স্পষ্ট ভাবে প্ৰমাণিত হয় যে মানৱজাতিৰ শ্ৰেষ্ঠ পুৰুষসকল অৰ্থাৎ নবীসকলৰ (আঃ) সকলোৰে দাড়ি আছিল।
🔵 দাড়ি সংক্ৰান্তত কেইটামান হাদিছ:
● আবদুল্লাহ ইবনে ওমৰ (ৰাজি:) কৈছ,
أَنَّهُ أَمَرَ بِإِحْفَاءِ الشَّوَارِبِ وَإِعْفَاءِ اللِّحْيَةِ.
(مسلم ـ الطهارة ـ حديث 53)
“আল্লাহৰ ৰাছুল ছল্লাল্লাহু আলাইহি ৱাছাল্লামে গোফ সৰুকৈ কাটি ৰাখিবলৈ আৰু দাড়ি দীঘল (সীমিত দীঘল ) কৰিবলৈ আদেশ কৰছে।”
(ছহিহ মুছলিম, অধ্যায়: পাক-পবিত্রতা)
● তেখেত আৰু কৈছে,
خَالِفُوا المُشْرِكِينَ: وَفِّرُوا اللِّحَى، وَأَحْفُوا الشَّوَارِبَ –
“মুশৰিক সকলৰ বিৰোধিতা কৰা, দাড়ি বঢ়াবা আৰু গোফ কাটিবা।”
[আবদুল্লাহ ইবনে ওমৰ ৰাঃ ৰ সূত্রে বুখাৰী-২/৮৭৫]
● অন্য হাদিছত আহিছে-
ﺧﺎﻟﻔﻮﺍ ﺍﻟﻤﺸﺮﻛﻴﻦ، ﻭﺍﺣﻔﻮﺍ ﺍﻟﺸﻮﺍﺭﺏ ﻭﺃﻭﻓﻮﺍ ﺍﻟﻠﺤﻰ-
“মুশৰিক সকলৰ বিৰোধিতা কৰা- দাড়ি পূর্ণ কৰা আৰু গোফ কাটা।”
[ইবনে ওমৰ ৰাঃ ৰ সূত্রে মুছলিম- ১/১২৯]
● তেখেত আৰু কৈছে -
أنهِكوا الشوارِبَ، وأعفُوا اللِّحَى-
“গোফ উত্তমৰূপে কাটা আৰু দাড়ি এৰি দিয়া।”
[ইবনে ওমৰ ৰাঃ ৰ পৰা মা’ৰূফ সূত্রে- ছহিহ বুখাৰী ও মুছলিম]
● হাদিছত আৰু আহিছে -
جُزُّوا الشَّوَارِبَ وَأَرْخُوا اللِّحَى، خَالِفُوا الْمَجُوسَ-
“তোমালোকে গোফ কাটা আৰু দাড়ি এৰিদিয়া – অগ্নি পূজাৰী সকলৰ বিৰোধিতা কৰা।”
[আবু হুৰাইৰা( ৰা:)ৰ সূত্রে মুছলিম ১/১২৯]
✅ বিশ্লেষণ
লক্ষণীয় যে ওপৰৰ হাদীছবোৰত চাৰিটা শব্দ পোৱা গৈছে –
وَفِّرُو- ﺃﻭﻓﻮﺍ – اعفُوا- أَرْخُوا
ইমাম নওবি ৰহঃ কৈছে , “এই সকলো শব্দৰ মৰ্মাৰ্থ একেই । অৰ্থাৎ এই সকোলৰ অৰ্থ হ’ল-
‘যি অবস্থাত আছে সেই অবস্থাত এৰি দিয়া।’
🔵 বিজ্ঞ ইছলামী পণ্ডিতসকলৰ অভিমত :
✪ ইবনে হাযম ৰহ. কৈছে ,
اتفق الفقهاء على أن حَلْق جميع اللحية مُثْلَة ، ٌلا تجوز”
(مراتب الإجماع لابن جزم صـ 252)
“ফকিহ সকলোৱে এই ক্ষেত্ৰত একমত যে, সম্পূৰ্ণ দাড়ি মুণ্ডন কৰা (অৰ্থাৎ) ‘মুছলা’ নাজাইজ।”
[মাৰাতিবুল ইজমা, পৃষ্ঠা ২৫২]
✪ শ্বেইখুল ইছলাম ইবনে তাইমিয়া ৰহঃ কৈছে ,
“يحرمُ حَلْق اللحية”
(الفتاوى الكبرى جـ 5 صـ 302)
“দাড়ি মুণ্ডন কৰা হাৰাম ।”
(আল ফাতাওয়া আল কুবৰা ৫/৩০২)
✪ হানাফি মাযহাবৰ প্রখ্যাত আলিম যাইনুল আবেদিন ৰহঃ কৈছে ,
“يحرم على الرجل قطع لحيته.”
(حاشية ابن عابدين على رد المحتارجـ5 صـ261)
“পুৰুষৰ বাবে দাড়ি কর্তন কৰা হাৰাম ।”
[হাশ্বিয়ায়ে আবেদিন আলা ৰাদ্দিল মুহতাৰ ৫/২৬১
✪ ইবনুল কাইয়েম ৰহঃ কৈছে ,
شعرُ اللحية فيه منافع: منها: الزينة والوقار والهيبة, ولهذا لا يُرى على الصبيان والنساء من الهيبة والوقار ما يُرى على ذوي اللحى, ومنها التميز بين الرجال والنساء.
(التبيان في أقسام القرآن لابن القيم صـ 315)
“দাড়ি ৰখাৰ ভালে কিছুমান উপকাৰিতা আছে। যেনে: শোভন, ভাবগাম্ভীর্য আৰু প্রতিপত্তি। কাৰণ এজন দাড়ি বিশিষ্ট মানুহৰ মাজত যি ভাবগাম্ভীর্য ও প্রতিপত্তি পৰিলক্ষিত হয় নাৰী ও শিশু সকলৰ মাজত সেয়া পৰিলক্ষিত নহয়। আৰু এটা উপকাৰিতা হল, পুৰুষ ও নাৰীৰ মাজত পার্থক্য নিৰূপণ ।”
[আল-তিবয়ান ফী-আকচামিল কুৰআন, পৃষ্ঠা ৩১৫]
🔵 সামৰণি :
মুক্তি আৰু সাফল্যৰ পথ হল, ৰাছুল ছল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নিঃচৰ্ত অনুসৰণ কৰা আৰু তাৰ বিৰুদ্ধাচৰণৰ পৰা বিৰত থকা।
পৃথিবীৰ শ্রেষ্ঠ, সম্মানিত তথা সুন্দৰতম মানুহ আছিল ৰাছুল ছল্লাল্লাহু আলাইহি ওয়াছাল্লাম। তেখেত নিজেও দাড়ি ৰাখিছিল । মানৱ সভ্যতাৰ ইতিহাসত নবী সকলৰ পিছতেই সর্বোৎকৃষ্ট মানুহ আছিল ছাহাবা কেৰাম। তেখেত সকলেও দাড়ি ৰাখিছিল আৰু পৰম্পৰাগতভাৱে ডাঙৰ ডাঙৰ ফকিহ, ইমাম, আলিম, মুজতাহিদ, মুহাদ্দিছ, মুফাচ্ছিৰ, আল্লাহৰ ৱলী সকলোৱেই দাড়ি ৰাখিছে। তেওঁলোকৰ এজনও দাড়ি মুণ্ডন কৰিছে বুলি প্রমাণিত হোৱা নাই ।
আনকি মুছলিম জগতৰ বিখ্যাত বৈজ্ঞানিকসকলেও দাড়ি ৰাখিছিল। অমুচলিম বিজ্ঞ লোকলকো দাড়ি ৰখা হৈছে। এই বিষয়ে বিতংকৈ পৰৱৰ্ত্তী লিখা হব নিশ্চয়।
গতিকে আমি সকলোৱে যদি আল্লাহৰ সন্তুষ্টি লাভৰ আশা কৰো তেন্তে আৱশ্যক হল, নিঃস্বার্থভাবে প্রিয় নবী ছল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ অনুসৰণ কৰা আৰু তাৰ বিৰুদ্ধাচৰণৰ পৰা দূৰত থকা।
◈ আল্লাহ তাআলাই কৈছে ,
لَّقَدْ كَانَ لَكُمْ فِي رَسُولِ اللَّـهِ أُسْوَةٌ حَسَنَةٌ لِّمَن كَانَ يَرْجُو اللَّـهَ وَالْيَوْمَ الْآخِرَ وَذَكَرَ اللَّـهَ كَثِيرًا –
“যিসকলে আল্লাহ ও শেষ দিৱসৰ আশা ৰাখে আৰু আল্লাহক অধিক স্মৰণ কৰে, তেওঁলোকৰ বাবে আছে ৰাছুলুল্লাহৰ মাজত উত্তম নমুনা।”
(ছুৰা :আহযাব ২১)
◈ আৰু আন এঠাইত আল্লাহে কৈছে ,
قُلْ إِن كُنتُمْ تُحِبُّونَ اللَّـهَ فَاتَّبِعُونِي يُحْبِبْكُمُ اللَّـهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَاللَّـهُ غَفُورٌ رَّحِيمٌ
“কোৱা , যদি তোমালোকে আল্লাহক ভালপোৱা , তেন্তে মোক অনুসৰণ কৰা, তেতিয়া আল্লাহেও তোমালোকক ভালপাব আৰু তোমালোকৰ গুনাহ মোচন কৰিব। আৰু আল্লাহ অত্যন্ত ক্ষমাশীল পৰম দয়ালু।” (ছুৰা আল ইমৰান: ৩১)
◈ আল্লাহে আকৌ কৈছে ,
وَمَا آتَاكُمُ الرَّسُولُ فَخُذُوهُ وَمَا نَهَاكُمْ عَنْهُ فَانتَهُوا ۚ وَاتَّقُوا اللَّـهَ
“ৰছুলে তোমালোকক যি দিয়ে , সেয়া গ্রহণ কৰা আৰু যাৰ পৰা নিষেধ কৰে, তাৰ পৰা বিৰত থাকা আৰু আল্লাহক ভয় কৰা ।” (ছুৰা আল হাশ্বৰ: ৭)
✒সংকলন – আলী আছগৰ আকন্দ ।
✔️ সম্পাদনা – মুৰতাজা ইউছুফ কাছিমী ।
পৰৱৰ্তী পৰ্বত –
১। দাড়ি ৰখাৰ মেডিকেল উপকাৰ আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গী।
২। দাড়ি ৰখাৰ চুন্নতী নিয়ম ।
৩। কিছু প্ৰশ্ন আৰু উত্তৰ।