
প্ৰথম পৰ্ব পঢ়িবলৈ এই লিংকত ক্লিক কৰক : কাফিৰ কোন? পৱিত্ৰ ক্বুৰআনত ‘কাফিৰ’ক হত্যা কৰিবলৈ নিৰ্দেশ দিয়া হৈছেনে ?
🔴 আজিৰ দিনত কাফিৰ কোন হব?
ওপৰত প্ৰথম পৰ্বত কাফিৰৰ শাব্দিক অৰ্থ, বিশ্লেষণ আৰু তাৰ সংজ্ঞা আলোচনা কৰা হৈছে। এতিয়া আজিৰ দিনত কাফিৰ কোন? আৰু সমগ্ৰ বিশ্বত বিশেষকৈ ভাৰতত কাফিৰ কোন? আমাৰ সমাজত কাফিৰ আছে নে? দেশত বাস কৰা সকলো অমুছলিম হিন্দু ভাইসকল কাফিৰ কব পাৰিম নেকি ? বহুতে কৈ আছে যদি, সেয়া শুদ্ধনে খোৱাটো?
ভিতৰুৱাভাৱে, গোপনে আয়োজন কৰি কট্টৰ আৰু উগ্ৰ হিন্দুত্ববাদী তথা ব্ৰাক্ষ্মণ্যবাদী শক্তিয়ে কোন কাফিৰৰ আলোচনা কৰে? আৰু সাধাৰণ জনতাক উচটাই সাম্প্ৰদায়িক সংঘৰ্ষ আদি সংঘটিত কৰায়? এই সকলো কথা জানিবলৈ বিচাৰিলে, শব্দটোৰ সম্পূৰ্ণ আৰু সঠিক অৰ্থ জানিবলৈ প্ৰথমে জানিব লাগিব যে, পৱিত্ৰ ক্বুৰআনে কাফিৰ শব্দটো কোন অৰ্থত ব্যৱহাৰ কৰিছে? তাত কেনে ধৰণৰ লোকক ষ্পষ্টকৈ বুজাইছে?
◼️ পৱিত্ৰ ক্বুৰআনত ‘কাফিৰ’ শব্দ :
পৱিত ক্বুৰআনৰ পৰিভাষাত ‘কাফিৰ’ শব্দ বিভক্তি অৰ্থত ব্যৱহাৰ কৰা হৈছে। কিন্তু মূলতে তিনিটা অৰ্থত ব্যৱহৃত হৈছে। তলত সেই তিনিটা অৰ্থ লৈয়ে আলোচনা কৰা হ’ল :
১. গোপন কৰা — গোপনকৰ্তা। (Concealer, Hiding) <ছূৰা হাদীদ- ২০>
২. কৃতজ্ঞ নোহোৱা – অকৃতজ্ঞ লোক (Thanklessness) < ছূৰা লুকমান ১২>
৩. অস্বীকাৰ কৰা — অস্বীকাৰকাৰী (Denier)
<ছূৰা বাকাৰাহ – ২৫৬>
ইয়াৰ ওপৰি ‘কাফিৰ’ শব্দটি আন কিছু অৰ্থো ব্যৱহাৰ হৈছে। যেনে-
• মোচন কৰা, দূৰ কৰা –
> ছূৰা নিচা – ৩১।
• বেইমান হৈ যোৱা, ইছলামৰ পৰা ওলাই যোৱা, ইছলাম ত্যাগ কৰা –
> ছূৰা বাকাৰাহ – ২৫৮।
> ছূৰা বাকাৰাহ – ২৫৪।
> ছূৰা মাঈদাহ – ১৭।
> ছূৰা তৌবাহ – ৬৬।
> ছূৰা বাকাৰাহ – ২৫৮৩।
> ছূৰা নহল- ১০৬।
> ছূৰা ইমৰান- ৮৬।
🔴 তিনিটা অৰ্থৰ তথ্যযুক্ত বিশ্লেষণ :
এতিয়া আপুনি ভালকৈ বুজিব লাগিব যে আমাৰ দেশত, একেখন সমাজত বসবাস কৰি থকা অমুছলিম হিন্দু বা সনাতনি ভাইসকলক, ওপৰোক্ত তিনিটা অৰ্থৰ পৰা কোনটো অৰ্থত কাফিৰ কব?
আহক এটা এটাকৈ অৰ্থৰ বিশ্লেষণ কৰো।
✅ ১. গোপন কৰা -- গোপনকৰ্তা।
(Concealer, Hiding)
<ছূৰা হাদীদ- ২০>
◼️ সাধাৰণ অৰ্থত –
সাধাৰণ অৰ্থত সকলো গোপনকাৰী হব পাৰে।
সত্যক গোপন কৰিলেই কাফিৰ।
শিক্ষা গোপন ৰাখিলেই কাফিৰ।
প্ৰতিভা, যোগ্যতা গোপন কৰিলে কাফিৰ।
এনে যিকোনো কথা, ঘটনা ইত্যাদি গোপন কৰা মানে কুফৰি কৰা। আৰু তেনে ব্যক্তিক কাফিৰ কব পাৰি। ইয়াত মুছলিম, অমুচলিম যিকোনো সম্প্ৰদায়ৰ লোক হব পাৰে। ইয়াত বেয়া পাবলৈ, খং কৰিবলৈ আৰু হিংসুক হৈ সমাজত হিংসা দ্বেষ বিয়পোৱাৰ কোনো যুক্তি থাকিব পাৰে নেকি?
◼️ ইছলামী পৰিভাষাত –
আদি পুৰুষ, মানৱ জাতিৰ পিতা হজৰত আদম আঃ ৰ যুগৰ পৰা শেষ নবী মুহাম্মদ ছাঃ ৰ যুগ লৈকে প্ৰতিটো যুগত এটা শ্ৰেণীয়ে সদায় সত্যক গোপন ৰাখিছে। নিজৰ ৰাজত্ব, শক্তি, আৰু নিজৰ স্বাৰ্থৰ বাবে সাধাৰণ জনতাৰ পৰা ঐশ্বৰিক বাৰ্তা, সত্য পথক লুকাই ৰাখিছে। সেইসকলেই ‘গোপনকাৰী’, সেইসকলেই ‘কাফিৰ’।
আজিৰ দিনতো যদি অমুচলিম, হিন্দু সনাতনিসকলৰ কোনোবাই নিজৰ আকাশী গ্ৰন্থত উল্লেখ কৰা সত্য কথাবোৰ গোপনে ৰাখি আছে, ইছলাম, পৱিত্ৰ ক্বুৰআন আৰু মুহাম্মদ ছাঃ আদি বিষয়ে নিজৰ ধৰ্মই উনুকিয়াই দিয়া কথাবোৰ যদি সাধাৰণ জনতাৰ পৰা লুকাই ৰাখিছে তেন্তে সি বা সিহত কাফিৰ। আৰু যদি তেনেকৈ গোপন কৰাত লিপ্ত নহয় তেন্তে এই অৰ্থত নিশ্চয় কাফিৰ কব নোৱাৰিব। বিশেষকৈ সাধাৰণ জনতা এই অৰ্থত মুঠেই কাফিৰ হব নোৱাৰে।
ঠিক তদৰূপ মুছলিমসকলে যদি অমুছলিমসকলৰ পৰা ইছলাম আৰু ইছলামৰ শিক্ষা গোপনে ৰাখে, সিহঁতৰ আগত প্ৰকাশ নকৰে, আলোচনা নকৰে.... তেন্তে মুছলিমকো এই অৰ্থত গোপনকাৰী অৰ্থাৎ কাফিৰ কব লাগিব।
✅ ২. কৃতজ্ঞ নোহোৱা - অকৃতজ্ঞ লোক
(Thanklessness)
< ছূৰা লুকমান- ১২>
< ছূৰা ইব্রাহীম- ০৭>
< ছূৰা বাক্বাৰাহ- ১৫২>
< ছূৰা শ্বুআৰা- ১৯>
< ছূৰা জুমুৰ- ০৭>
< ছূৰা নমল- ৪০>
◼️ সাধাৰণ অৰ্থত –
ওপৰত ব্যক্ত কৰা ধৰণে আপুনি যদি কোনো ভাল সম্পদৰ গৰাকী হয়, মূল্যবান বস্তু অৰ্জন কৰে , বা ভাল চাকৰি আৰু উচিত মুনাফা হাতলৈ আহে তেন্তে নিশ্চয় প্ৰথমে আপোনাক সুবিধা কৰি দিয়া ব্যক্তিৰ তাৰ পিছত সেই ব্যক্তিৰ সৃষ্টিকৰ্তা তথা সকলোবোৰৰ সুব্যৱস্থাপকজনৰ কৃতজ্ঞতা স্বীকাৰ কৰিব, ধন্যবাদ জনাব। আৰু যদি নকৰে তেন্তে আপোনাক সকলোৱে অকৃতজ্ঞ বুলি কব। ইয়াতো বেয়া পাবলগীয়া বা খং কৰিবলগীয়া একো নাথাকিব।
◼️ ইছলামী পৰিভাষাত –
ইছলামী পৰিভাষাত আৰু ইছলামী আধ্যাত্মিক দিশত, পৱিত্ৰ ক্বুৰআন আৰু হাদীছৰ দৃষ্টিত ‘অকৃতজ্ঞ’ ৰ আলোকপাত কৰিলে কব লাগিব যে,
ইছলাম ধৰ্মীয় লোকৰ হাতত যিমান মহামূল্যৱান সম্পদ নাথাকক কিয়, যিমান দামী তথা উচ্চ পৰ্যায়ৰ সামগ্ৰী, সম্পত্তি আৰু শক্তি নাথাকক কিয়….. আটাইতকৈ মূল্যবান সম্পদ আৰু নিয়ামতটো হ’ল, “ইছলাম” । আপুনি জন্মগতভাৱে ‘ইছলাম-জীৱন ব্যৱস্থা’ ৰ গৰাকী হৈছে বা জন্মৰ পিছতে নিজৰ সুস্থ চিন্তা, সুস্থ মগজু আৰু নিজৰ মেহনতৰ ফলত ইছলাম গ্ৰহণ কৰিছে আপোনাৰ বাবে, প্ৰতিজন মুছলমানৰ বাবে সৰ্বশ্ৰেষ্ঠ উত্তম মূল্যবান সম্পদটো হ’ল ‘ইছলাম’।
এতিয়া এজন ভাগ্যশালী মুছলিম হৈ যদি এই মূল্যবান সম্পদ, মূল্যবান দ্বীন, সৰ্বশ্ৰেষ্ঠ এই জীৱন ব্যৱস্থা ‘ইছলাম’ ক কোনাবাই ইছলামত নথকা ব্যক্তিৰ আগত প্ৰকাশ কৰা নাই, আনকো এই দৌলত, এই সম্পদৰ অংশীদাৰী কৰা নাই, আৰু ইছলামী শিক্ষাৰ দ্বাৰা দেশবাসীক এই মূল্যবান সম্পদৰ বিষয়ে অৱগত কৰা নাই,
তেন্তে এয়া ইছলামৰ বাবে অকৃতজ্ঞতা নহব নে? তেনে মুছলিমক অকৃতজ্ঞ বুলি নকব নে? নিশ্চয় কব লাগিব। এই অৰ্থত দেখোন মুছলিমেই অকৃতজ্ঞ আৰু মুছলিমেই ‘কাফিৰ’ ।
ইয়াত যিকোনো ধৰ্মৰ লোক নিজৰ ধৰ্মৰ মূল্যবান সম্পদসমূহৰ বিষয়ে আনক অৱগত নকৰিলে, লোকক জানিবলৈ নিদিলে, নিজৰ ধৰ্মৰ শিক্ষাৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা নজনাই আন ধৰ্মসমূহৰ বিৰুদ্ধে সদায় কটুক্তি, হিংসা, শত্ৰুতাত লিপ্ত থাকিলে , সেই মানুহজনেই প্ৰকৃততে কাফিৰ বুলি সম্বোধন কৰাৰ উপযুক্ত হব।
✅ ৩. অস্বীকাৰ কৰা -- অস্বীকাৰকাৰী (Denier)
<ছূৰা বাকাৰাহ - ২৫৬>
< ছূৰা আনকাবূত- ২৫>
< ছূৰা আহক্বাফ- ০৬>
< ছূৰা কাফিৰূন- ১,২>
◼️ সাধাৰণ অৰ্থত –
সাধাৰণতে এটা ধৰ্মৰ লোক, আনটো ধৰ্মক অস্বীকাৰ কৰাজনেই কাফিৰ। প্ৰতিটো আকাশী কিতাপৰ নিৰ্দিষ্ট এটি পৰিভাষা থাকে, টাৰ্মচ থাকে, কিছু নাম থাকে। পৱিত্ৰ ক্বুৰআনৰ এই ক্ষেত্ৰত ‘কাফিৰ’ পৰিভাষাটো ব্যৱহাৰ কৰিছে।
এই অৰ্থত ইয়াত এজন মুছলিমে যদি আন কোনো ধৰ্মৰ নিৰ্দেশনা অমান্য কৰে, অস্বীকাৰ কৰে, অথবা কুসংস্কাৰ তথা কুকৰ্মবোৰত লিপ্ত হবলৈ অস্বীকাৰ কৰে, আৰু এজন মুছলিম হিচাপে এইখিনি কৰিবতো লাগিবই…. তেন্তে সেইজন মুছলিমকো আমি এই অৰ্থত কাফিৰ বুলি কব পাৰোঁ আৰু কম।
◼️ ইছলামী পৰিভাষাত –
এতিয়া জানোঁ আহক, পৱিত্ৰ ক্বুৰআনে বিশেষকৈ কোন শ্ৰেণীৰ মানুহৰ বাবে এই পৰিভাষা, এই নাম ব্যৱহাৰ কৰিছে? বিভিন্ন তফছীৰ, আৰু হাদীছৰ কিতাপবোৰ অধ্যয়ন কৰিলে বুজাব পৰা যায় যে,
এজন ব্যক্তিক ব্যক্তিগতভাৱে বাবে দলবদ্ধভাৱে,
ইছলামৰ সত্যতা বুজাই দিয়াৰ পিছতো,
সৃষ্টিকৰ্তা আল্লাহৰ অস্তিত্ব বুজাই দিয়াৰ পিছতো,
পৱিত্ৰ ক্বুৰআনৰ চিৰ সত্যতা কোৱাৰ পিছতো,
ইছলামৰ স্বাধীনতা, উদাৰতা সম্পৰ্ক আলোচনাৰ পিছতো, ইছলাম বুজি পোৱা নাই।
ইছলামী সম্পূৰ্ণ জীৱন ব্যৱস্থাৰ,
আদৰ্শ সমাজ ব্যৱস্থা,
ৰাজনৈতিক ব্যৱস্থা,
বানিজ্য ব্যৱস্থা,
কৃষি ব্যৱস্থা,
নাৰীৰ অধিকাৰ,
মজদুৰৰ অধিকাৰ,
লাঞ্ছিত নিৰ্যাতিত লোকৰ অধিকাৰ,
ইত্যাদি ইত্যাদি জানি বুজিও যদি স্বীকাৰ কৰা নাই, বিশ্বাস কৰা নাই…. তেন্তে সেই ব্যক্তিজন নিশ্চয় কাফিৰ, অৱশ্যেই কাফিৰ।
এতিয়া প্ৰশ্ন হ’ল, আপুনি-
কাক কাক ইছলামৰ দাৱাত দিছে?
কাৰ কাৰ ওচৰত গৈছে ইছলাম লৈ?
কত কত ইছলামৰ নিৰ্দেশনাবোৰ প্ৰচাৰ কৰিছে?
আপুনি সদায় চলা ফুৰা কৰা লগৰজনক, সমাজত সদায় লগ পোৱা, দেখা হোৱা ভাইসকলক কেতিয়াবা মহামূল্যৱান সম্পদ ‘ইছলাম’ ৰ বিষয়ে কৈছে নে? তাৰ উদাৰতা, তাৰ উচ্চমানৰ নিৰ্দেশনাবোৰ জনাইছে নে? নিশ্চয় এই ক্ষেত্ৰত আপুনি একো কৰা নাই।
যদি কৰা নাই, তেন্তে সেই ব্যক্তিজন অমান্যকাৰী কেনেকৈ হ’ল? অস্বীকাৰকাৰী কেনেকৈ হ’ল? কাফিৰ কেনেকৈ হ’ল?
আপুনি কাৰোবাক যদি মাতিছে, কিবা কৰিবলৈ নিৰ্দেশ দিছে আৰু সি আপোনাক জানি শুনি আপোনাৰ মাতৰ কোনো উত্তৰ দিয়া নাই, বা আপোনাৰ নিৰ্দেশ পালন কৰা নাই…. তেতিয়াহে আপুনি মানুহজনক অবাধ্য বা অমান্যকাৰী বা অস্বীকাৰকাৰী কব পাৰিব।
নিৰ্দেশ নিদিয়াকৈ, মাত নিদিয়াকৈ আপুনি এজন ব্যক্তিক অবাধ্য, অমান্যকাৰী অস্বীকাৰকাৰী কেনেকৈ কব পাৰিব? নিশ্চয় কোনো জ্ঞানী মানুহে এনে কাম নকৰে।
তেতিয়াহলে আপোনাৰ, আমাৰ সমাজত একেলগে বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী ভাইসকল কাফিৰ কেনেকৈ হব?
নিশ্চয় কাৰোবাক দাৱাত নিদিয়াকৈ, ইছলামৰ সত্যতা প্ৰদৰ্শন নকৰাকৈ কাফিৰ বুলি কোৱা উচিত নহব।
ইছলামৰ সত্যতা দাঙি ধৰাৰ পিছত,
ইছলামৰ মানৱীয় অধিকাৰ, গুণাৱলী আদি আলোচনা কৰাৰ পিছত,
দাৱাত দিয়াৰ পিছত,
যদি কোনোবাই ইনকাৰ কৰে, অস্বীকাৰ কৰে তেন্তে সেইজনক কাফিৰ কব পাৰিব। কিন্তু যিহেতু বিভিন্ন ধৰ্মাৱলম্বী লোকে বিভিন্ন শ্বিৰ্কত লিপ্ত, এক সৃষ্টিকৰ্তা, এক আল্লাহৰ বাহিৰে বিভিন্ন মূৰ্তি, গছ, শিল, জুই আদিৰ উপাসনা কৰে বা পূজা কৰে…. সেয়ে সকলোকে মুশ্বৰিক (শ্বিৰ্কত লিপ্ত ব্যক্তি) কোৱা হব।
◼️ ইহুদী, খৃষ্টানৰ ওচৰত ইছলামৰ সত্যতা কেতিয়াবাই প্ৰকাশ পাইছে, সেয়ে পৱিত্ৰ ক্বুৰআনে সিহঁতক কাফিৰ বুলি বৰ্ণনা কৰিছে। অৱশ্যে সিহঁতৰ যিসকলে প্ৰকৃত বাইবেল আৰু প্ৰকৃত তৌৰিতৰ নিৰ্দেশনা মতে জীৱন যাপন কৰে সেইসকলক নিশ্চয় কাফিৰৰ পৰৱৰ্তী ‘আহলে কিতাপ’ বুলি কোৱা হৈছে আৰু কোৱা হব।
➡️ VDO আকাৰত পাবলৈ কমেন্ট জনাব আৰু পেজটো লাইক কৰি চেনেল Subscribe কৰি থব-
https://youtube.com/channel/UCym1R6tVy827etIakl5FNoQ