দলীলসহ অজু ভংগ হোৱাৰ কাৰণ সমূহ

Share :

🔴 দলীলসহ অজু ভংগ হোৱাৰ কাৰণ সমূহ 🔴

মৌলিকভাৱে অজু ভংগ হোৱাৰ কাৰণ ৭ টা :

◼️ ১. পেচাব পাইখানাৰ ৰাস্তাৰে কোনো বস্তু ওলোৱা। যেনে- প্ৰস্ৰাৱ, মলত্যাগ , বায়ু ওলোৱা, ইত্যাদি। [হিদায়া -১/৭]

✅ ক্বুৰআনী দলীল –
أَوْ جَاءَ أَحَدٌ مِنْكُمْ مِنَ الْغَائِطِ –
অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে (তেন্তে নামাজ পঢ়িবলৈ পৱিত্ৰতা অৰ্জন কৰি লোৱা। {ছুৰা মায়িদা-৬}

✔️ হাদীছৰ দলীল -১

عَنِ ابْنِ عَبَّاسٍ، أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
” الْوُضُوءُ مِمَّا خَرَجَ، وَلَيْسَ مِمَّا دَخَلَ “

হজৰত আব্বাছ (ৰাঃ)ৰ পৰা বৰ্ণিত। নিশ্চয় ৰাছুলুল্লাহ (ছঃ)এ ইৰশ্বাদ কৰিছে, শৰীৰৰ পৰা যিবোৰ বস্তু ওলাই যায় তাৰ দ্বাৰা ওৱজু ভাঙি যায়, প্ৰৱেশৰ দ্বাৰা ওৱজু ভংগ নহয়।
[ছুনানে কুবৰা লিলবায়হাকী, হাদীছ নং-৫৬৮]

✔️ হাদীছৰ দলীল -২
عَنْ عَطَاءِ بْنِ أَبِي رَبَاحٍ، أَنَّهُ قَالَ فِي الَّذِي يَتَوَضَّأُ فَيَخْرُجُ الدُّودُ مِنْ دُبُرِهِ، قَالَ: ” عَلَيْهِ الْوُضُوءُ ” وَكَذَلِكَ قَالَ الْحَسَنُ وَجَمَاعَةٌ-

হজৰত আত্বা বিন আবী ৰবাহ (ৰঃ)ৰ পৰা বৰ্ণিত। তেখেতে কৈছে, যেতিয়া কোনো ব‍্যক্তি অজু কৰে , তাৰ পিছত তাৰ পিছফালৰ ৰাস্তাৰে বায়ু আদি ওলায়, তেন্তে তাৰ বাবে পুনৰ অজু কৰা আৱশ‍্যক।

একেটি বাক্য হজৰত হাছান বছৰী ৰঃ আৰু মুহাদ্দিছ সকলৰ এটি জামাতেও উল্লেখ কৰিছে।

     [ছুনানে কুবৰা বায়হাকী, হাদীস নং-৫৬৮, 
       মুছান্নাফ ইবনে আবী শ্বাইবা-১/৩৯,
       মুছান্নাফ আব্দুৰ ৰাজ্জাক-১/১৬৪]

✔️ হাদীছৰ দলীল -৩
قَالَ عَطَاءٌ: «تَوَضَّأْ مِنْ كُلِّ حَدَثٍ مِنَ الْبَوْلِ، وَالْخَلَاءِ، وَالْفُسَاءِ، وَالضُّرَاطِ، وَمِنْ كُلِّ حَدَثٍ يَخْرُجُ مِنَ الْإِنْسَانِ-

হজৰত আত্বা ৰহঃ এ কৈছে , অজু কৰক প্ৰতিটো হদছ(নতুনকৈ প্ৰকাশিত কোনো নাপাকী) ৰ কাৰণে। যেনে- প্ৰস্ৰাৱ, মলত্যাগ আৰু বায়ু ওলোৱা, শব্দ হ‌ওঁক বা নহওঁক। আৰি সেই প্ৰতিটো বস্তুৰ কাৰণে যিটো মানুহৰ শৰীৰৰ পৰা প্ৰবাহিত হয়।
[মুচান্নাফ আঃ ৰাজ্জাক-১/১৩৯, হাদীছ নং-৫২৭]

◼️ ২. তেজ, পূঁজ বা পানী ওলাই বৈ যোৱা।
{হিদায়া-১/১০}

✔️ হাদীছৰ দলীল -১
أَنَّ عَبْدَ اللهِ بْنَ عُمَرَ كَانَ إِذَا رَعَفَ، انْصَرَفَ فَتَوَضَّأَ-

যেতিয়া হজৰত আব্দুল্লাহ বিন উমৰ (ৰাঃ) ৰ নাকেৰে তেজ বৈছিল তেতিয়া তেওঁ উভতি গৈ অজু কৰি লৈছিল। [মুৱাত্তা মালিক-১১০]

✔️ হাদীছৰ দলীল -২
عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ أَنَّهُ كَانَ يُفْتِي الرَّجُلَ إِذَا رَعَفَ فِي الصَّلَاةِ، أَوْ ذَرَعَهُ قَيْءٌ، أَوْ وَجَدَ مَذِيًّا أَنْ يَنْصَرِفَ فَيَتَوَضَّأُ-

হজৰত আব্দুল্লাহ বিন উমৰ (ৰাঃ)ৰ পৰা বৰ্ণিত যে, যেতিয়া কাৰোবাৰ নামাজৰ অৱস্থাত নাকেৰে তেজ ওলাইছিল, বা বমি হৈছিল, বা মজী(যৌৱন-বাসনাত মত্ত হোৱাত মনিৰ পূৰ্বে ওলোৱা এক প্ৰকাৰৰ আঠাজাতীয় পানী) ওলাইছিল, তেতিয়া তেওঁ সেই লোকক উভতি গৈ অজু কৰাৰ ফতুৱা প্ৰদান কৰিছিল।
[মুছান্নাফ আব্দুৰ ৰাজ্জাক, হাদীছ নং-৩৬১০]

✔️ হাদীছৰ দলীল -৪
عَنِ الْحَسَنِ، أَنَّهُ كَانَ لَا يَرَى الْوُضُوءَ مِنَ الدَّمِ إِلَّا مَا كَانَ
سَائِلًا-

হজৰত হাছান বছৰী ( ৰহঃ)ৰ পৰা বৰ্ণিত , তেখেতে প্ৰবাহমান পৰিমাণ তেজ ওলালে অজু কৰা জৰুৰী বুলি গণ্য কৰিছিল।
[মুছান্নাফ ইঃ আঃ শ্বাইবা-১/১৩৭, হাদীছ নং-১৪৫৯]

◼️ ৩. মুখ ভৰ্তি কৰি বমি কৰা।

✔️ হাদীছৰ দলীল -১
عَنْ عَائِشَةَ، قَالَتْ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «مَنْ أَصَابَهُ قَيْءٌ أَوْ رُعَافٌ أَوْ قَلَسٌ أَوْ مَذْيٌ، فَلْيَنْصَرِفْ، فَلْيَتَوَضَّأْ
হজৰত আয়েশ্বা ( ৰাঃ)ৰ পৰা বৰ্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ইৰশ্বাদ কৰিছে, যেতিয়া কোনো লোকৰ বমি হয়, অথবা নাকেৰে তেজ ওলাই আহে বা যৌনাংগৰ পৰা মজী ওলায় , তেন্তে উভতি গৈ অজু কৰি ল’ব লাগে ।
[ছুনানে ইবনে মাজাহ, হাদীছ নং-১২২১]

✔️ হাদীছৰ দলীল -২
مُغِيرَةُ، عَنْ إِبْرَاهِيمَ، قَالَ: سَأَلْتُهُ عَنِ الْقَلْسِ، فَقَالَ: «ذَلِكَ الرَّسْعُ، إِذَا ظَهَرَ فَفِيهِ الْوُضُوءُ-

ইব্ৰাহীম নাখয়ী (ৰহঃ)ক বমি সম্পৰ্কে মুগীৰাহ (ৰহঃ) এ প্ৰশ্ন কৰিলে, তেতিয়া তেখেতে উত্তৰত ক’লে , যদি সেয়া মুখ ভৰি আহে তেন্তে অজু কৰিব লাগিব।
[মুছান্নাফ ইবনে আবী শাইবা, হাদীছ নং-৪৩৩]

◼️ ৪. থু’ ৰ লগত তেজৰ পৰিমাণ বেছি হলে –

✔️ হাদীছৰ দলীল -১
عَنِ الْحَسَنِ فِي رَجُلٍ بَزَقَ فَرَأَى فِي بُزَاقِهِ دَمًا، أَنَّهُ لَمْ يَرَ ذَلِكَ شَيْئًا حَتَّى يَكُونَ دَمًا غَلِيظًا، يَعْنِي فِي الْبُزَاقِ-

হজৰত হাছান বছৰী (ৰহঃ)এ কৈছে, যেতিয়া কোনো লোকে তাৰ থুৰ লগত তেজ দেখা পায়, তেতিয়া থুতকৈ তেজৰ পৰিমাণ বেছি নহ’লে তাৰ ওপৰত অজু কৰা আৱশ্যক নহয়। (সমান হলেও নালাগে)
[মুছান্নাফ ইবনে আবী শ্বাইবা, হাদীছ নং-১৩৩০]

✔️ হাদীছৰ দলীল -২
عَنْ إِبْرَاهِيمَ فِي الرَّجُلِ يَبْزُقُ فَيَكُونُ فِي بُزَاقِهِ الدَّمُ، قَالَ: «إِذَا غَلَبَتِ الْحُمْرَةُ الْبَيَاضَ تَوَضَّأَ، وَإِذَا غَلَبَ الْبَيَاضُ الْحُمْرَةَ لَمْ يَتَوَضَّأْ»-

হজৰত ইব্ৰাহীম নাখয়ী ৰহঃ এ কৈছে, যি ব‍্যক্তি তাৰ থুৰ লগত তেজ দেখা পায়, আৰু বগা ৰঙতকৈ ৰঙা ৰংটো বেছি দেখা যায় তেন্তে অজু কৰিব লাগিব।
আৰু যদি ৰঙা ৰঙৰ ওপৰত বগা ৰঙৰ অধিপত্ব হয়, তেন্তে অজু কৰিব নালাগে।
[মুছান্নাফ ইবনে আবী শ্বাইবা, হাদীছ নং-১৩৩২]

◼️ ৫. চিতহৈ বা কাতিহৈ হালি টোপনি যোৱা-

✔️ হাদীছৰ দলীল –
عَنِ ابْنِ عَبَّاسٍ، أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: ” لَيْسَ عَلَى مَنْ نَامَ سَاجِدًا وُضُوءٌ، حَتَّى يَضْطَجِعَ، فَإِنَّهُ إِذَا اضْطَجَعَ، اسْتَرْخَتْ مَفَاصِلُهُ-

হজৰত ইবনে আব্বাছ (ৰাঃ)ৰ পৰা বৰ্ণিত।
ৰাছুলুল্লাহ (চঃ)এ ইৰশ্বাদ কৰিছে, ছিজদাহৰ অৱস্থাত টোপনি গলে অজু ভংগ নহয়, কিন্তু চিতহৈ টোপনি গ’লে অজু নষ্ট হৈ যাব, কিয়নো চিতহৈ বা কাতিহৈ টোপনি গ’লে দেহাটি কোমল (শান্ত হৈ) হৈ যায় (ফলত বায়ু ওলাই যোৱাৰ সম্ভাৱনা থাকে)।
[মুচনাদে আহমদ, হাদীছ নং-২৩১৫,
চুনানে আবু দাউদ, হাদীছনং-২০২]

◼️ ৬. পাগল বা অচেতন হ’লে-

✔️ হাদীছৰ দলীল –
عَنْ حَمَّادٍ قَالَ: «إِذَا أَفَاقَ الْمَجْنُونُ تَوَضَّأَ وُضُوءَهُ لِلصَّلَاةِ-

হজৰত হাম্মাদ ৰহঃ এ কৈছে, যেতিয়া পাগল ব‍্যক্তি সুস্থ‍ হয় তেতিয়া নামাজৰ বাবে অজু কৰিব লাগিব।
[মুছান্নাফ আব্দুৰ ৰাজ্জাক, হাদীছ নং-৪৯৩]

◼️ ৭. নামাজত উচ্চস্বৰে হাঁহিলে-

✔️ হাদীছৰ দলীল -১
عَنْ عِمْرَانَ بْنِ حُصَيْنٍ , قَالَ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: «مَنْ ضَحِكَ فِي الصَّلَاةِ قَرْقَرَةً فَلْيُعِدِ الْوُضُوءَ وَالصَّلَاةَ». وَقَالَ الْحَسَنُ بْنُ قُتَيْبَةَ: إِذَا قَهْقَهَ الرَّجُلُ أَعَادَ الْوُضُوءَ وَالصَّلَاةَ.

হজৰত ইমৰাণ বিন হুছাইন (ৰাঃ) ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ (চঃ) এ ইৰশ্বাদ কৰিছে, যদি কোনো লোকে নামাজত জোৰকৈ উচ্চস্বৰে হাঁহি দিয়ে তেন্তে তেওঁ অজু আৰু নামাজ পুনৰ আদায় কৰিব লাগিব।

✔️ হাদীছৰ দলীল -২
হজৰত হাছান বিন কুতাইবা ৰহঃ এ কৈছে, যদি কোনোবাই জোৰকৈ হাঁহি দিয়ে তেতিয়া অজু আৰু নামাজ দুয়োটাই আকৌ আদায় কৰিব লাগিব।
[ছুনানে দাৰাকুতনী, হাদীছ নং-৬১২]

✔️ হাদীছৰ দলীল -৩
مَنْ ضَحِكَ أَنْ يُعِيدَ الْوُضُوءَ وَيُعِيدَ الصَّلَاةَ-

হজৰত আবু মুছা (ৰাঃ)ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ(চঃ)এ আদেশ কৰিছে , যিজনে নামাজত হাঁহি মাৰিছে (উচ্চস্বৰে) সেইজনে আকৌ অজু কৰি নামাজ পঢ়িব লাগিব।
[ছুনানে দাৰাকুতনী, হাদীছ নং-৬০৪,
মাজমাউয যাৱাঈদ, হাদীছ নং-১২৭৮]

والله اعلم بالصواب
জিয়াউৰ ৰহমান