অসমীয়াত্বত অসমৰ মুছলমান, এক চমু অৱলোকণ।

Share :

📝 নুৰ আলম শ‌ইকীয়া।

অসমৰ এজন আগশাৰীৰ বিদ্ৰোহী শিল্পী, ইতিহাসবিদ, গৱেষক তথা অসমীয়া জাতিৰ সংকট মোচনৰ বাবে পাহাৰ ভৈয়াম একাকাৰ কৰি জীৱন ত্যাগ কৰা জাতীয় ছহিদ ভীমকান্ত বুঢ়াগোহাইয়ে প্ৰায়ে কৈছিল যে আত্মৰক্ষাৰ সংস্কৃতিয়েই হৈছে এটা জাতিৰ মহান-সংস্কৃতি।

কিন্তু আজি আমাৰ হাতত এই সংস্কৃতি লালিত হৈছেনে? যদি হোৱা নাই, কিয় হোৱা নাই?
যদি হৈছে কিধৰণে হৈছে ?

সাম্প্ৰতিক সময়ত সেয়াও এক বিচাৰ্য‍্যৰ বিষয় হৈ পৰা নাইনে ? কিয়নো যিটো সময়ত সেই সংস্কৃতি আৰু জাতি ৰক্ষাৰ স্বাৰ্থত সকলো অসমীয়াই ঐক্যবদ্ধ হৈ সমূহ অশুভ শক্তিৰ বিৰুদ্ধে ময়দানত নামি পৰিব লাগিছিল, তেনে সময়তে
এচাম ধুৰন্ধৰ তথাকথিত জাতীয়তাবাদীয়ে অসমৰে অসমীয়া মুছলমানসকলক ধৰ্মৰ ভিত্তিত অসমৰ জাতীয় জীৱনৰ পৰা একাষৰীয়া কৰি থোৱাৰ অভিসন্ধিৰে নাপাক ষড়যন্ত্ৰত লিপ্ত হৈ পৰা পৰিলক্ষিত হোৱা নাইনে?

কিন্তু কিয়?
প্ৰশ্ন হয়- অসমীয়া জাতিসত্বাৰ পৰা অসমৰ মুছলমানসকল ভিন্নতৰ নেকি?

এয়া আজিৰ প্ৰেক্ষাপটত এক বহুল বিতৰ্কৰ বিষয়।
তথাপি আমি আমাৰ এই আলোচনাৰ মূল বিষয়বস্তু একে ৰাখিও এটা কথা কৈ থও যে-ধৰ্ম কোনোদিনেই জাতীয়তাবাদৰ মূল ভেটি হ’ব নোৱাৰে।

শেহতীয়াকৈ অসমৰ ৰাজনৈতিক আকাশখনত খিলঞ্জীয়া, জনজাতীয় সুৰক্ষা, অধিকাৰ, আদি কথাই বৰকৈ ভুমুকি মৰা দেখিবলৈ পোৱা গৈছে৷ বহিৰাগত শৰণার্থী, বিদেশী আদি স্পর্শকাতৰ বিষয়ৰ লগত খিলঞ্জীয়াৰ কথাও সাঙোৰ খাই আছে৷ অসম, অসমীয়া আৰু খিলঞ্জীয়াৰ ধাৰণা সম্পর্কে আমাৰ শিক্ষিত সমাজ যে অজ্ঞ সেয়া নহয়, বৰং বহু ক্ষেত্রত ৰাজনৈতিক সুবিধাৰ প্রশ্নইহে একাংশ লোকক এই ক্ষেত্রত নীৰৱ হৈ থকাৰ বাবে বাধ্য কৰে৷ খিলঞ্জীয়া অসমীয়াত্বৰ লগত ঐতিহাসিক চেতনা, প্রাচীনত্ব আৰু জাতীয় সত্বা জড়িত হৈ আছে৷

‘নৃ গোষ্ঠীয়’ জনজাতীয় আৰু আদিম ধাৰণাৰ সৈতে খিলঞ্জীয়াৰ প্রশ্ন‌ জড়িত হৈ আছে৷ ইয়াক গাৰ বলেৰে নাকচ কৰা টান৷ ৰাজনৈতিক, সামৰিক, সাংস্কৃতিক, ভাষিক আৰু অর্থনৈতিক আগ্রাসনৰ বাবে বহু খিলঞ্জীয়া জনগোষ্ঠীয়ে ভূচিত্রৰ পৰা নিশ্চিহু যে হৈ পৰিছে, সেয়া সত্য৷

অসমৰ ক্ষেত্রতো অসমীয়াত্বৰ ভাষা আৰু জাতীয় অস্তিত্বৰ প্রতি যে বিভিন্ন সময়ত নানান প্রত্যাহবান আহি আছে সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ সাম্প্ৰতিক সময়ত অসমৰ জাতীয় সমস্যাসমূহক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা নাচায় ব্যাৱহাৰিক, ঐতিহাসিক আৰু বিজ্ঞানসন্মতভাৱেহে চোৱাটো উচিত৷

আজিৰ এই পৰ্বত অসমীয়া সমাজৰ এটি গুৰুত্বপূর্ণ অংশ গৰীয়া, মৰীয়া, জোলা, মনিপুৰী, পূৰ্ববঙ্গীয় মুছলিম আদি কিছু সম্প্ৰদায়ৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল –

🔵 গৰীয়াৰ ইতিহাস –

আমি ভাৰতীয়, অসমীয়া অথবা অসমীয়া মুছলমান আদি অভিধাৰে চিনাকি দিয়াৰ লগতে আমি নিজকে গৰীয়া বুলিও চিনাকি দিব খোজোঁ৷ অসমৰ বহু পুৰণি জনগোষ্ঠীৰ ভিতৰত গৰীয়াও অন্যতম৷ কিয়নো ‘অসমীয়া মুছলমান’ অভিধাতকৈ ‘গৰীয়া’ শব্দত বেছি প্রাচীনত্ব, অসমীয়া জাতিবোধ, মাটি-পানীৰ গোন্ধ থকা বুলি আমাৰ অনুমান হয়৷ সেয়ে কোনোবাই নিজ নষ্ট স্বাৰ্থ সিদ্ধিৰ বাবে গৰীয়া আৰু অভিবাসী মুছলমানসকলক একাকাৰ কৰিলে আমি মানসিকভাৱে ক্ষুণ্ণ হৈ পৰোঁ৷

অসমৰ এগৰাকী স্বনামধন্য লেখক আব্দুৰ ৰউফৰ মতে-
অসমত মুছলমানৰ প্ৰৱেশৰ আগৰে পৰাই গৰীয়া গাওঁ আছিল বুলি অনুমান কৰিব পাৰি। মংগোলীয় মূলৰ প্ৰত‍্যেক জনগোষ্ঠীৰ পৰা বিভিন্ন সামাজিক কাৰণ, অসমাজিক বিবাহ, বিধৱা বিবাহ আদিৰ বাবে কিছু সংখ্যক লোক মূল সমাজৰ পৰা বাদ পৰিছিল অৰ্থাৎ ‘গৰীয়া’ পৰিছিল। সময়ৰ সোঁতত এই বাদ পৰা গৰীয়াৰ দ্বাৰাই গঠিত হৈছিল গৰীয়া গাওঁ। পৰৱৰ্তী সময়ত ইছলাম ধৰ্মত দীক্ষিত একাংশ লোকেও এই নৱ-গঠিত সমাজখনত সোমাই পৰিছিল। গৰীয়াৰ লগত মোগল, পাঠান, তাৰ্ক আদিৰ কিন্তু কোনো সম্পৰ্ক নাছিল।
কোঁচৰজাৰ শাসন কালত মঙ্গলদৈ জিলাত একাংশ গৰীয়াক সংস্থাপিতও কৰা হৈছিল। সেয়েহে কওঁ- একাংশই ভৱা আৰু কোৱাৰ দৰে, গৌড়, গোৰ, গৰু, গড় আদি শব্দৰ লগত গৰীয়া শব্দৰ সম্পর্ক নাই৷ বিভিন্ন সামাজিক কাৰণত সমাজৰ পৰা বাদ পৰা বা ‘গৰীয়া পৰা’ ধাৰণাৰ সৈতেহে গৰীয়া শব্দৰ সম্পর্ক বেছি৷

পৰৱৰ্তী সময়ত উক্ত মুছলমানসকলে অসমীয়া সমাজ জীৱনত বাৰুকৈয়ে জীন গৈছিল। সমাজৰ সকলো ক্ষেত্ৰতে তেওলোকে পূৰ্ণান্তৰিকতাৰে আগভাগ লৈছিল আৰু সেইদৰেই অসমীয়া সমাজখনক মহীয়ান কৰি তুলিছিল। অসমৰ সাৰ্বভৌমত্ব আৰু স্বাৰ্থৰ হকে তেওঁলোকে দি যোৱা আত্মবলিদান সঁচাকৈয়ে অসম বুৰঞ্জীৰ এক সোণালী অধ‍্যায়। আহোম স্বৰ্গদেউসকলে গৰীয়াক বৰ বিশ্বাস কৰিছিল। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত ২ ঘৰ গৰীয়া আৰু ২ ঘৰ মৰীয়াক লগত লৈ গাওঁ সংগঠন কৰা হৈছিল। তেওঁৰ দিনতে তাঁতী আৰু জোলাও আছিল।

বিশিষ্ট লিখক ড° ভূপেন শইকীয়াৰ মতে-
পৰৱৰ্তী কালত বৃত্তি, উপাসনা পদ্ধতি, ভাষা-সংস্কৃতি আদিৰ পটভূমিত অসমৰ এই মুছলমানসকল নানান উপনামেৰে জনাজাত হ’বলৈ ধৰে৷ তলত উদাহৰণসহ নামসমূহ উল্লেখ কৰা হ’ল-ঃ

◾ গৌড়িয়া (গৰীয়া)– ত্ৰয়োদশ শতিকাত গৌড় দেশৰপৰা অসমলৈ আগমন হোৱা অথবা বিভিন্ন কাৰণত সমাজৰ পৰা ‘গৰীয়াপৰা’ অৰ্থাৎ বাদ পৰা মুছলমান৷

◾ চৈয়দ (দাৱন) এওলোক হৈছে হজৰত আজান পীৰৰ বংশধৰ৷ ঘাইকৈ ধৰ্মপ্ৰচাৰ কৰিবলৈ আহি অসমতে ৰৈ যোৱা লোক৷

◾ মৰীয়া’ মৰীয়া হ’ল কৰ্মপটু নিখুঁত কাৰিকৰ৷ আৰম্ভণিতে আহোম ৰজাৰ যুদ্ধবন্দী আছিল৷ কাৰাবাসৰপৰা মুক্ত হোৱাৰ পিছত পিতলত মৰিয়াই মৰিয়াই বাচন আৰু নানান আচবাব-পত্ৰ তৈয়াৰ কৰা কৰ্মত এওঁঁলোক জড়িত হৈ পৰে৷

◾ গোৱালপৰীয়া বা দেশী মুছলমান – চতুৰ্দশ শতিকাত ৰজা চক্ৰধ্বজে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷ লগতে তেওঁৰ অঙহী-বঙহীও কিছু ইছলামৰ শীতল ছাঁলৈ ঢাপলি মেলিছিল৷ আকৌ মানাহ নৈৰ পশ্চিমত অৱস্থিত গোৱালপাৰা জিলা দুশ বছৰৰো অধিক কাল মোগলৰ অধীন আছিল৷ ইয়াৰে এটা অংশ হ’ল নদীৰ ভাটি অঞ্চলত বসবাস কৰা ‘ভাটিয়া’ মুছলমান৷

◾ মণিপুৰী মুছলমান– কাছাৰত বসবাস কৰা মণিপুৰী মূলৰ মুছলিম লোকসকল৷ এওঁলোকৰ আন নাম হ’ল ‘প’ঙ্গাল’৷ এওঁলোকে লিখা উপাধিসমূহ হৈছে- আলি, ৰহমান, চৌধুৰী৷ এওঁলোকে মণিপুৰী ‘মেইতে’ সকলৰ সৈতে একে কলা-সংস্কৃতি মানি চলে৷

◾চাহ শ্ৰমিক অথবা জোলা মুছলমান– ঘাইকৈ ঝাৰখণ্ডৰপৰা অসমলৈ এওঁলোকৰ আগমন হৈছিল৷

◾ ঢুলি– ঢোল আদি চামৰাৰ বাদ্যযন্ত্ৰ নিৰ্মাণত জড়িত লোক৷ এতিয়া এই ঢুলি ক্ৰমে লুপ্তপ্ৰায় হোৱাৰ দিশে৷

◾ডাটিয়া – গোৱালপাৰাৰ মাছমৰীয়া আৰু নাৱৰীয়া জীৱিকাধাৰী লোক৷ এওঁলোকো এতিয়া প্ৰায় লুপ্তপ্ৰায় হোৱাৰ দিশে৷

◾মাইমল- এওলোক হৈছে কাছাৰ জিলাৰ মাছমৰীয়া সম্প্ৰদায়ৰ মুছলমান লোক৷

◾ ভূঁঁঞা – বৰাক উপত্যকাৰ খিলঞ্জীয়া মুছলিম লোক৷ একেদৰে লস্কৰ, চৌধুৰী, মণ্ডল, মজুমদাৰ আদিও কাছাৰৰ থলুৱা মুছলমান। এই সকলৰ অধিকাংশই লেখা-মেলা, জৰীপ আদি কৰ্মত জড়িত আছিল।

◾শ্বানদাৰ- এওঁলোক অসম আৰু পশ্চিমবংগ সীমাত বসতি কৰা মনোহাৰী সামগ্ৰী বিক্ৰী কৰা লোক৷

🔵 বিভিন্ন সম্প্ৰদায়ৰ কিছু অৱদান –

সামাজিক জীৱনতো অসমীয়া মুছলমানসকলৰ দৈনন্দিন জীৱনত ইছলামীয় প্ৰভাৱতকৈ থলুৱাৰ প্ৰভাৱহে বেছিকৈ দেখা গৈছিল । সম্বন্ধসুচক বিভিন্ন শব্দ যেনে- শাহু, শহুৰ, মা, বোৱাৰী , জেঠাই, ককাই আদি ব্যৱহাৰ কৰি অসমীয়া জাতিক চহকী কৰিছিল। খাদ্য প্ৰণালীত ঔ টেঙা, খাৰ, তিল পিঠা, ঘিলা পিঠা, খৰিচা, কাহুদি, সুতুলি আপোন ভাবে গ্ৰহণ কৰি অসমীয়া জাতিক বাৰেৰহণীয়া কৰি তুলিছিল । অহোম ৰজাই বৰা, শইকীয়া , হাজৰিকা ,চৌধুৰী, কাকতি আদি উপাধি প্ৰদান কৰি আপোন ভাবে হিন্দু মুছলমানৰ মিলন ঘটাইছিল।
দৰ্জী, বুটা বছা, জাপি নিৰ্মাণ, ৰিপু কৰা, আখৰকটীয়া, জলম বটা ইত্যাদি কামতো গৰীয়াসকল আছিল একো একোগৰাকী নিপুণ শিল্পী।

গদাধৰ সিংহৰ সময়ত ১৬৯৫ চনত গেন্ধেলা গৰীয়াই প্ৰথমটো বৃহৎ বৰটোপ তৈয়াৰ কৰিছিল। অভয়াপুৰীৰ হানিফ আলি নামৰ এগৰাকী সৈনিকে অসমত সৰ্বপ্ৰথম বোমা-বাৰুদৰ দোকান দিয়া বুলি জনা যায়। মৰীয়া সকল‌ শিল্প কৰ্মত বৰ পাৰ্গত আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গা ধোৱা কলহটিও এগৰাকী মুছলমান শিল্পীয়ে বনাই দিয়া বুলি পোৱা যায় । সেইদৰে অসমত প্ৰথম চিকিৎসাৰ ব্যৱসায় ড° ইলাহী বস্ক আৰু ড° ৰহিম বস্ক নামৰ ব‍্যক্তি দুজনে আৰম্ভ কৰিছিল। সেইদৰে ১৮৮৫ চনত গুৱাহাটীত বিস্কুট ফেক্টৰী খুলিছিল ‘শ্বেইখ ব্ৰাদাৰ্চ’ ভাতৃদ্বয়ে।

মুঠতে অসমীয়া মুছলমান সকলৰ অসমীয়া সমাজ গঠনত অৱদান আছিল অনন্য।

🔵 লেখকৰ একলম –

এজন সাধাৰণ অসমীয়া মুছলমান হিচাপে আমি অনুভৱ কৰিছোঁ যে দীৰ্ঘদিন ধৰি অসমত আমি আমাৰ ধৰ্মীয় সকলো ৰীতি-নীতি সুন্দৰভাৱে পালন কৰি আহিছোঁ। একাংশ অজ্ঞ মুছলমানৰ কিছুমান কাৰ্য্য-কলাপে নানাক্ষেত্ৰত আমাকো শংকিত কৰি তুলিছে। তাৰেই সুযোগ লৈ এচাম তথাকথিত জাতীয় সমালোচকে আমাকো ‘দেশদ্ৰোহী’ ‘বাংলাদেশী’ আদি অভিধাৰে সংবাদ মাধ্যম গৰম কৰি ৰাখিছে। এয়া বৃহত্তৰ অসমীয়া সমাজখনৰ বাবে শুভ লক্ষণ নহয়। আমি কৰযোৰে অনুৰোধ কৰিছোঁঃ আমাৰ মাজত যদি সঁচাকৈয়ে তেনে কোনো দেশদ্ৰোহী আছে তেন্তে শীঘ্ৰে চিনাক্ত কৰক। সেইসকলক বৰ্জন কৰিবলৈ আমি আৰু আমাৰ সমাজ সাজু।
কিয়নো আমাৰ সমাজত সাম্প্ৰদায়িকতা আৰু দেশদ্ৰোহীতাক আজিলৈকে কোনোধৰণৰ প্ৰশ্ৰয় দিয়া হোৱা নাই আৰু ভৱিষ্যতেও দিয়া নহ’ব।

পৰিশেষত “আত্মৰক্ষাৰ সংস্কৃতিয়েই এটা জাতিৰ মহান সংস্কৃতি” ছহীদ ভীমকান্ত বুঢ়াগোহাঁই দেৱৰ এইষাৰী উক্তিক সৰোগত কৰি অসমীয়া মুছলমানৰ আত্মৰক্ষাৰ কথা ভাবিলে যদি কাৰোবাৰ মনত আমি গোড়া আৰু অগণতান্ত্ৰিক বুলি বিবেচিত হওঁ তেন্তে তাত আমাৰ কবলগীয়া একো নাই।

জয়তু অসমীয়া, জয়তু অসমীয়া মুছলমান, জয় আই অসম।।

 পৰৱৰ্তী সংখ্যাত - 

◼️ পূৰ্ববংগীয় মূলৰ মুছলমান/ পমুৱা বা চৰ-চাপৰিবাসী মুছলমান –

✅ তথ‍্যসূত্ৰঃ
১. “অসমৰ মুছলমান ঐতিহ্য” তৃতীয় খণ্ড।
২. “স্মৃতিৰ জিলিঙনিত কেইগৰাকীমান অসমৰ মুছলমান” দ্বিতীয় খণ্ড।
৩. “ভূমিপুত্ৰ” সম্পাদনা মোজাম্মীল আলী।
৪. “অসমীয়া কোন?” প্ৰৱন্ধ আব্দুৰ ৰৌফ।