ইছলামৰ দৃষ্টিত সুস্বাস্থ্যৰ গুৰুত্ব আৰু নিচাজাতীয়ৰ ভয়ংকৰ পৰিণাম

Share :

⚠️ ইছলামৰ দৃষ্টিত মদ, ড্ৰাগছ আৰু অন্যান্য নিচাযুক্ত দ্ৰব্য সম্পর্কে ষ্পষ্ট ধাৰণা আৰু দাৰুল উলুম দেওঁবন্দৰ ফতোৱা – 🚫

এজন প্ৰকৃত মানৱ তেওঁৰ স্ৰষ্টাৰ পৰা প্ৰাপ্তি নিয়ামত সমূহৰ প্ৰতি সদায় চিৰকৃতজ্ঞ। আল্লাহ পাকৰ পৰা বিনামূল্যে আহৰণ কৰা অমূল্য নিয়ামত সমূহৰ সদ্ ব্যৱহাৰ কেনেকৈ হ’ব, সেয়া লৈ তেওঁ সদায় চিন্তামগ্ন তথা তৎপৰ। কিয়নো এই অৰ্জিত নিয়ামত সমূহ প্ৰকৃততে আল্লাহ পাকৰ একো একোটা আমানত, যাৰ ব্যৱহাৰ সম্পর্কে প্ৰত্যেকেই আল্লাহৰ দৰবাৰত এদিন জবাবদিহি হ’ব লাগিব। সেই আমানত সমূহৰ ভিতৰত মানুহৰ নিজস্ব দেহ, দেহৰ অঙ্গ-প্রত্যঙ্গবোৰৰ মান মৰ্যাদা নিশ্চয় অনন্য। এটা সুস্থ তথা শান্তিৰ জীৱন অতিবাহিত কৰিবলৈ মানৱ দেহৰ অঙ্গ-প্রত্যঙ্গবোৰ সুস্থ তথা সক্রিয় হোৱাটো কিমান দৰকাৰী, সেয়া বহলাই কোৱাৰ প্ৰয়োজন নাই নিশ্চয়।

আল্লাহ পাকে মানুহক নিজস্ব জীৱনখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ এটা সুস্থ মস্তিষ্ক দিয়াৰ লগতে জীৱনৰ পথপ্রদর্শক স্বৰূপে নিয়োজিত পৱিত্ৰ কোৰআন ও হাদিছত এই সম্পর্কে বহু নীতিমালা বৰ্ণনা কৰিছে।

পৱিত্ৰ কোৰআনত উল্লেখ আছে :
ولا تلقوا بايديكم الى التهلكة (سورة البقرة)

অৰ্থ :- তোমালোকে নিজেই নিজকে ধ্বংসৰ গৰাহলৈ ঠেলি নিদিবা। (ছুৰায়ে বাক্বাৰাহ: ১৯৫)

মদ, ড্ৰাগছ সদৃশ নিচাসক্ত দ্ৰব্যই আমাৰ নৱ প্ৰজন্মক কেনেকৈ ধ্বংসৰ পিনে ঠেলি নিছে, সেয়া সৰ্বজন বিদিত। তথাপিও চলে আমাৰ দোকান পোহাৰত এনে অবৈধ দ্ৰব্য সমূহৰ মুকলি বেহা-বেপাৰ। বৰ আক্ষেপজনক, আমাৰ কিছুমানে সেয়া স্বেচ্ছায় সেৱন কৰি আছে আৰু কিছুমানে দিনে নিশাই নিৰ্বিকাৰ ভাৱে তাৰ যোগান দি আছে। এই সকলে নিজেই নিজকে ধ্বংসৰ পিনে ঠেলি নিয়া নাইনে?

পৱিত্ৰ হাদিছত বৰ্ণিত আছে যে :
عن عبد الله بن عمرو قال دخل عليّ رسول الله ﷺ فقال : ألم أخبر أنك تقوم الليل و تصوم النهار فقلتُ : بلى قال : لا تفعل قم ونم صم و أفطر فإن لجسدك عليك حقّاً الخ
(رواه البخاري)

অনুবাদ : হজৰত আব্দুল্লাহ বিন আমৰ (ৰাঃ)এ কয় যে এদিনাখন আল্লাহৰ নবী (দঃ) মোৰ ওচৰলৈ আহিল আৰু মোক সুধিলে যে মই শুনা মতে তুমি ওৰেটো ৰাতি নামাজ পড়ি কটোৱা আৰু ওৰেটো দিন ৰোজা পালন কৰা?? উত্তৰত মই কলো : হয়, নিশ্চিত ভাৱে। তেতিয়া আল্লাহৰ নবীয়ে মোক কলে যে : এনেকুৱা নকৰিবা! বৰং ৰাতি নামাজো অদায় কৰিবা, লগতে বিশ্ৰামো কৰিবা। দিনৰ ভাগত ৰোজাও ৰাখিবা আকৌ আহাৰো গ্ৰহণ কৰিবা। কাৰণ তোমাৰ শৰীৰ খনৰো তোমাৰ ওপৰত এটা হক্ব আছে …..। (বুখাৰী শ্বৰীফ : ৬২০৩)

হাদিছৰ সাৰমৰ্ম হ’ল যে এজন মুছলমান ইহকাল বা পৰকাল সম্বলিত যিকোনো কৰ্মত যিমানেই ব্যস্ত নাথাকক, তেওঁৰ শৰীৰ খন যাতে সদায় সুস্থ তথা সক্রিয় হৈ থাকে, তাৰ প্ৰতি যত্নবান হোৱাটো তেওঁৰ প্ৰথম দায়িত্ব।

হাদিছ শ্বৰীফত নিজৰ শৰীৰৰ প্ৰতি দয়াবান, যত্নবান হবলৈ এনে নিৰ্দেশনা থকা সত্বেও আমাৰ কিছু মুছলমানে তাৰ প্ৰতি যত্নবান হোৱাটো বহু দূৰৰ কথা, কেৱল ক্ষন্তেকীয়া তৃপ্তি ও বিনোদ লভাৰ উদ্দেশ্যে ইছলামী শ্বৰীয়ত অনুযায়ী সম্পূর্ণ হাৰাম জাতীয় বিভিন্ন মাদক দ্রব্য সেৱন কৰি জীৱনখনক ধ্বংসৰ কৰাল গ্ৰাসলৈ ঠেলি নিছে। তেওঁলোকে নিজৰ ভৰিত যেন নিজেই কুঠাৰ মাৰি আছে আৰু নিজৰ ইহকাল পৰকাল দুয়োটাই নিজেই বিনষ্ট কৰি আছে।

মহান আল্লাহ এ সকলোকে সঠিক জ্ঞান বুদ্ধি দান কৰক। আমীন।।

নিচাযুক্ত দ্ৰব্য সন্দৰ্ভত #দাৰুলউলুমদেওঁবন্দৰ ফতোৱা :-

১/ ফতোৱা নং- ১১৭৬

প্ৰচলিত “মদ”ৰ এটোপাল পান কৰাও হাৰাম, উক্ত টোপালৰ দ্বাৰা কাৰোবাৰ নিচা উপলব্ধি হওঁক বা নহওঁক। পৱিত্ৰ কোৰআনৰ উল্লেখিত :
انما الخمر والميسر والانصاب والازلام رجس من عمل الشيطان الاية-

১/ ফতোৱা নং- 1365

মদ ও তাৰ সমসাময়িক এনে নিচাযুক্ত দ্ৰব্য যি সেৱন কৰাৰ পিছত মানুহজন তাৰ স্বাভাৱিক অৱস্থাত নাথাকে, আভ্যন্তৰীণ ভাৱে বহুখিনি পৰিবৰ্তন উপলব্ধি কৰে তেনে দ্ৰব্য সেৱন কৰা হাৰাম। যেনে : গাঞ্জা, আফয়ুন, ভাং আদি।

৩/ ফতোৱা নং- ১০২০

এনে দ্ৰব্য যাৰ ব্যৱহাৰে মানুহৰ হৃৎপিণ্ড, মস্তিষ্ক তথা অন্যান্য অঙ্গ প্রত্যঙ্গবোৰৰ ক্ষতিসাধন কৰে, তেনে দ্ৰব্য সেৱন কৰা ইছলামী শ্বৰীয়ত অনুযায়ী নাযায়েজ অৰ্থাৎ সম্পূর্ণ নিষিদ্ধ।

৪/ ফতোৱা নং- ৮৪০

Fruit Beer 🍺অৰ্থাৎ ফলেৰে তৈয়াৰী এনে ধৰণৰ চৰবৎ যি গ্ৰহণ কৰিলে কিছু নিচা উপলব্ধি হয়, তেনে প্ৰকাৰৰ চৰবৎ পান কৰাও হাৰাম।

আল্লাহ পাকেই সৰ্বোচ্চ জ্ঞানী।

দাৰুল_ইফতা।

দাৰুল উলুম দেওঁবন্দ, ইউ, পি।

সংকলন আৰু সংগ্ৰহ _
আক্বিব শ্বামিম চৌধুৰী।
ছাত্র, দাৰুল উলুম দেওঁবন্দ।