ইছলামত আত্মহত্যা আৰু ইয়াৰ পৰিণতি-১

Share :

কলম – হিফজুৰ ৰহমান
সম্পাদনা – এম ইউছুফ কাছিমী

আত্মহত্যা এক জঘন্য মানসিকতা। বৰ্তমান সময়ত আত্মহত্যাৰ পৰিমাণ ইমানেই বাঢ়িছে যে বিভিন্ন ঠাইৰ পৰা এই আত্মহত্যাৰ বিষয়ে টেলিভিছন আৰু বাতৰি কাকতত দুই চাৰিটাকৈ খবৰ দৈনিক আহিয়েই থাকে।

(এন চি আৰ বি)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশত ২০১৯ চনত ১.৩৯ লাখ আত্মহত্যাৰ মৃত্যুৰ বিপৰীতে ২০২০ চনত ১.৫ লাখ লোকে আত্মহত্যা কৰিছিল। ২০২১ চনত প্ৰতিদিনে প্ৰায় ৪৫০ জন ব্যক্তিয়ে আত্মহত্যা কৰা দেখা গৈছিল। ফলত ২০২১ চনত মুঠ ১,৬৪,০৩৩ জন লোকে নিজৰ প্ৰাণ নিজে কাঢ়ি লৈছিল। যিটো ২০২০ চনৰ তুলনাত ৭.২% বৃদ্ধি পাইছে।

পিছে আত্মহত্যা সকলো সমস্যাৰ সমাধান নে ? কোনোপধ্যেই নহয়। আত্মহত্যা কেতিয়াও সমস্যাৰ সমাধান হ’ব নোৱাৰে। গতিকে জীৱনৰ সমস্যাৰ সমাধানৰ প্ৰকৃত পথ আমি জানিব লাগিব, বুজিব লাগিব, আৰু তাৰ পিছত জনসাধাৰণক অৱগত কৰি সচেতন কৰিব লাগিব।

আত্মহত্যা এক মানসিক ৰোগ। আজিকালি বহুতো সৰু সৰু ঘটনাৰ বাবে আৱেগিক হৈ মানুহে জীৱনৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায় যাৰ ফলত আত্মহত্যা কৰে। আজিৰ লেখাটিত – ইছলামে আত্মহত্যা আৰু ইয়াৰ পৰিণতিৰ বিষয়ে কি কয়? লগতে কোৰআন আৰু হাদীছে এই সন্দৰ্ভত কি নিৰ্দেশ দিয়ে চাওঁ আহক।

আজিৰ এই আলোচনাৰ পিছত আত্মহত্যাৰ দৰে জঘন্য পাপ কৰাত বাধা দিব আৰু জনসমাজত সজাগতা গঢ়ি তুলিব বুলি আশা কৰিছোঁ।

◼️ ইছলামৰ সমাধান –

আত্মহত্যা ইছলামত সম্পূৰ্ণৰূপে নিষিদ্ধ অৰ্থাৎ হাৰাম। ইয়াৰ দোষী সৰ্বশক্তিমান আল্লাহৰ অবাধ্য আৰু নৰকীয় (জাহান্নামী)। কোৰআন আৰু হাদীছৰ পৰা যুক্তি দাঙি ধৰাৰ পূৰ্বে ইছলামে ইয়াক কিয় ইমান ডাঙৰ অপৰাধ বুলি গণ্য কৰিছে চাওঁ আহক।

◾ আত্মহত্যা মহাপাপ –

অকল ইছলাম ধৰ্মই নহয় প্ৰায়বোৰ ধৰ্মই আত্মহত্যাক সমৰ্থন নকৰে। আচলতে এজন ব্যক্তিৰ শৰীৰখন আৰু জীৱনটো তাৰ নিজৰ ব্যক্তিগত সম্পত্তি নহয়, বৰঞ্চ আল্লাহৰ দ্বাৰা দিয়া এটি আমানত তথা মূল্যবান সম্পদ হয়। জীৱনটো আল্লাহ তাআ’লাৰ ইমান ডাঙৰ এক নিয়ামত, যিটো আন সকলো নিয়ামতৰ আধাৰ স্বৰূপ । সেইবাবেই ইছলামে নিজৰ দেহ আৰু আত্মাৰ সুৰক্ষাৰ নিৰ্দেশ প্ৰদান কৰি সমাজৰ সকলো মানুহক যিকোনো মূল্যৰ বিনিময়ত জীৱন ৰক্ষা কৰিবলৈ বাধ্যতামূলক কৰিছে।

ইছলামে এই কাৰণ আৰু বাধাসমূহৰ প্ৰতিকাৰৰ ভিত্তিত শিক্ষাও প্ৰদান কৰিছে যাতে মানুহৰ জীৱন সম্পূৰ্ণ নিৰাপত্তা আৰু শক্তিৰে আল্লাহৰ বাবে উপযোগী হ’ব পাৰে। এই কাৰণেই ইছলামে আত্মহত্যাক হাৰাম বুলি ঘোষণা কৰিছে।

ইছলাম এনে এক জীৱন ব্যৱস্থা যি, নিজেও নিৰাপত্তা তথা শান্তিৰে পৰিপূৰ্ণ আৰু আনকো শান্তি আৰু নিৰাপত্তাৰ শিক্ষা প্ৰদান কৰি আহিছে । ইছলামত মানৱ জীৱনৰ মূল্য আৰু পৱিত্ৰতা, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ইছলামে কোনো কাৰণ নোহোৱাকৈ এজন ব্যক্তিক মৃত্যুদণ্ড দিয়াটো সমগ্ৰ মানৱজাতিক হত্যা কৰাৰ সমতুল্য বুলি গণ্য কৰিছে।

গতিকে যেতিয়া ইছলামে নিজৰ জীৱন ধ্বংস কৰিবলৈও অনুমতি নিদিয়ে তেতিয়া আত্মঘাতী আক্ৰমণ আৰু বোমা বিস্ফোৰণৰ জৰিয়তে হাজাৰ হাজাৰ নাগৰিকৰ জীৱন আৰু সম্পত্তি ধ্বংস কৰিবলৈ কেনেকৈ অনুমতি দিব!

◾ইছলামত আত্মহত্যাৰ পৰিণতি:

ইছলামিক আইন-কানুনসমূহে আত্মহত্যা নিষিদ্ধ ( হাৰাম ) বুলি ঘোষণা কৰিছে।
আৰু ফলস্বৰূপে আত্মহত্যা কৰা ব্যক্তিজনে আত্মহত্যা কৰাৰ ধৰণ অনুসৰি নৰক (জাহান্নাম)ত তেওঁৰ দুখ-কষ্ট অব্যাহত ৰখা হ’ব বুলি উল্লেখ কৰা হৈছে।

আনহাতে বহু হাদীছত আত্মহত্যা আৰু ইয়াৰ শাস্তিৰ বিষয়ে আমাক অৱগত কৰা হৈছে। আল্লাহৰ নবী ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক এই বিষয়ে বিশেষভাৱে সকীয়াই দিছে আৰু আত্মহত্যাৰ দৰে ভয়ানক আৰু নিষিদ্ধ কাম কৰাজন জাহান্নামত যাব আৰু চিৰকাল জাহান্নামৰ জুইত জলিব।
লগতে তেওঁ বেদনাদায়ক শাস্তি পোৱাৰ যোগ্য বুলি ঘোষণাও কৰিছে।

▪️ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ বাণী :

১। “যিয়ে লোহাৰ অস্ত্ৰৰে নিজকে হত্যা কৰিব, তেওঁ একে অস্ত্ৰৰে জাহান্নামৰ জুইত নিজৰ পেটত আঘাত কৰি থাকিব আৰু চিৰকাল জুইত জলি থাকিব।”(বোখাৰী)

২। “যিয়ে ৰছীৰে ফাঁচী লৈ আত্মহত্যা কৰিব, তেওঁ জাহান্নামৰ জুইত নিজকে ডিঙি চেপি হত্যা কৰি থাকিব আৰু তাতেই চিৰকাল থাকিব।” (বোখাৰী)

৩। “আৰু যি ব্যক্তিয়ে বিষ খাই নিজকে হত্যা কৰিব, সেই বিষ নৰকত তেওঁৰ হাতত থাকিব, যিটো সি নৰকত খাই থাকিব, আৰু তেওঁ তাতেই চিৰকাল থাকিব।” (মুছলিম)

৪। আন এটা হাদিছত “হজৰত জাবিৰ বিন ছামৰাহ (ৰাঃ)-এ বৰ্ণনা কৰিছে যে এজন মৃত ব্যক্তিক নবী (ছঃ) ৰ সন্মুখত অনা হৈছিল যিজনে বৰশীৰে নিজকে হত্যা কৰিছিল, গতিকে নবী ছাঃ এ তেওঁৰ জানাজাৰ নামাজ আদায় কৰা নাছিল।” (মুছলিম)

উপৰোক্ত হাদীছসমূহৰ বাক্যই – য’ত পৱিত্ৰ নবী কৰিম ছাঃ এ আত্মহত্যা কৰা লোকৰ জানাজাৰ নামাজো আদায় নকৰে আৰু জাহান্নামতো আত্মহত্যাৰ শাস্তি অব্যাহত ৰাখিবলৈ ইংগিত দি আচলতে এই নিষিদ্ধ কার্যৰ চৰম গুৰুত্ব প্রদর্শন কৰিছে।

▪️পৱিত্ৰ ক্বুৰআনৰ নিৰ্দেশ :

১। পবিত্ৰ কোৰআনে এই সন্দৰ্ভত নিৰ্দেশ দিছে, “নিজকে হত্যা নকৰিবা।” নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি দয়ালু। আৰু যিয়ে তেনে কৰে, তেওঁক জাহান্নামৰ জুইত ঠেলি দিয়া হ’ব। আৰু আল্লাহৰ বাবে ই সহজ।”(চুৰা আন-নিছা, ৪ : ২৯-৩০)

২। আল্লাহ পাকে কৈছে “আমি আল্লাহৰ সম্পত্তি আৰু আমি এদিন আল্লাহৰ ওচৰলৈ উভতি যাম।” (চুৰা বাক্বাৰাহ ২:১৫৬)

এতিয়া যিসকলে ইছলামৰ এই উপদেশসমূহত বিশ্বাস কৰে আৰু সেই পোহৰত নিজৰ জীৱন যাপন কৰে, তেওঁলোকে কেতিয়াও নিজকে হত্যা কৰি নিশ্চিত নৰক (জাহান্নাম)ত যোৱাটো নিবিচাৰিব।

◼️ এই মাৰাত্মক পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি?

◾ ধৰ্মীয় শিক্ষাৰ প্ৰচাৰ-
সামাজিক আৰু ধৰ্মীয় নেতাসকলে এই ক্ষেত্ৰত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু প্ৰত্যেক মছজিদৰ ইমাম চাহাব সকলে শুকুৰবৰীয়া বয়ানত, বা ওৱাজ মাহফিলত এই সামাজিক সমস্যা আৰু তাৰ পৰা পৰিত্ৰাণৰ বিষয়ে ইছলামৰ শিক্ষা স্পষ্ট আৰু বুজিব পৰাকৈ উপস্থাপন কৰাটো গুৰুত্বপূৰ্ণ।

◾বাস্তৱ জীৱনত মানৱীয় মূল্যবোধ আৰু নৈতিকতাৰ মিলন ঘটাব পৰা যায়, তেন্তে এই পৰিস্থিতিৰ পৰা মুক্তি পোৱাটো সম্ভৱ। তদুপৰি চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহেও যদি নিজৰ সামৰ্থ অনুযায়ী পদক্ষেপ লয়, তেন্তে সেয়া সহজ হ’ব বুলি বিশ্বাস কৰোঁ।

এই সামাজিক মহামাৰীৰ পৰা মানৱতাক মুক্ত কৰাটো আমাৰ সকলোৰে দায়িত্ব।

কলম – হিফজুৰ ৰহমান
কাজিৰঙা, নগাওঁ (অসম)