জুমআহ (শুকুৰবাৰ)দিৱস : গুৰুত্ব আৰু তাৎপৰ্য – এপ-১| পৰ্ব-২

Share :

পৰ্ব-২ : জুমআৰ গুৰুত্ব আৰু তাৎপৰ্য

• জুমআ দিৱসৰ সন্দৰ্ভত হাদীছ।
• দুআ গৃহীত হোৱাৰ সময়
• ছূৰা কাহাফৰ তিলাৱত
• বিশেষ দুৰুদ শ্বৰীফ
• শুকুৰবাৰে মৃত্যুবৰণ কৰাৰ ফজীলত।

◼️ শুকুৰবাৰৰ গুৰুত্ব তাৎপৰ্য:

প্ৰাৰ্থনাৰ বাবে ইহুদীসকলে শনিবাৰক দিনটো নিৰ্ধাৰণ কৰিছিল, যিদিনা মখলুক (সৃষ্টি)ৰ জন্মও আৰম্ভ হোৱা নাছিল, আনহাতে খ্ৰীষ্টানসকলে দেওবাৰৰ দিনটো নিৰ্ধাৰণ কৰি লৈছিল, যিদিনা সকলো মখলুক (সৃষ্টি) ৰ জন্ম আৰম্ভ হৈছিল। আৰু এই উম্মতৰ বাবে আল্লাহ তাআলাই জুমআৰ দিনটো অনুকূল কৰিলে, যি দিনা আল্লাহ তাআলা সকলো মখলুক (সৃষ্টি) সম্পূৰ্ণ কৰিছে । ছহীহ বুখাৰীৰ হাদীছত ৰাছুলুল্লাহ ছাঃ এ কৈছে: আমি পৃথিৱীলৈ সকলোৰে শেষত আহিছো ; কিন্তু কিয়ামতৰ দিনা সকলোতকৈ আগত থাকিম। ছহী হাদীছৰ কিতাপ মুছলিমত আৰু উল্লেখ আছে যে কিয়ামতৰ দিনা সকলো জীৱৰ ভিতৰত প্ৰথম হিচাপ কিতাপ আমাৰ (ইবনে কাছীৰ)।

শুকুৰবাৰৰ গুৰুত্ব সম্পৰ্কে কেইটামান হাদীছ:

◾ আল্লাহৰ ৰাছুলু চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, জুমআৰ দিনটো দিনবোৰৰ প্ৰধান, আৰু জুমআহ আল্লাহৰ দৃষ্টিত আটাইতকৈ মহিমামণ্ডিত দিন। এই দিনটো ঈদুল আজহা আৰু ঈদুল ফিতৰতকৈও অধিক গুৰুত্বপূৰ্ণ। এই দিনটোৰ পাঁচটা বৈশিষ্ট উল্লেখ কৰা হৈছে :

(১) এই দিনটোতে সৰ্বশক্তিমান আল্লাহে হজৰত আদম (আঃ) ক সৃষ্টি কৰিছিল।
(২) একেদিনাই তেওঁক পৃথিৱীলৈ নমাই পঠিয়াইছিল ।
(৩) একেদিনাই তেওঁ মৃত্যুবৰণ কৰিছিল।
(৪) এই দিনত এনে এটা নিৰ্দিষ্ট সময় আছে, যত কোনো ব্যক্তিয়ে যি কামনা কৰিব, আল্লাহে নিশ্চিতভাৱে তাক প্ৰদান কৰিব; যদিহে সি কোনো নিষিদ্ধ বিষয় কামনা নকৰে ।
(৫) আৰু সেইদিনা কিয়ামত (মহাহিচাপ) দিন প্ৰতিষ্ঠা হ’ব। সকলো ঘনিষ্ঠ ফেৰেস্তা, আকাশ, পৃথিৱী, বতাহ, পৰ্বত, সাগৰ সকলোৱে শুকুৰবাৰৰ দিনটোক ভয় কৰে, কাৰণ কিয়ামতৰ দিন শুকুৰবাৰেই প্ৰতিষ্ঠা হব। (ইবনে মাজাহ)
(৬) এই দিনটোত হজৰত ইছৰাফিৰল (আঃ) এ শিং বজাব, আৰু (তেতিয়া) এই দিনটোতেই হ’ব মহাপ্ৰলয় (কিয়ামত), আৰু (তেতিয়া) এই দিনটোত সকলোৱে অজ্ঞান হৈ পৰিব। (চুনান আবু দাউদ, হাদীছ: ১০৪৭)

◾আল্লাহৰ ৰাছুলু চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, সূৰ্য্য উদয় হোৱা আৰু সূৰ্যাস্ত হোৱা দিনবোৰৰ কোনো দিনেই শুকুৰবাৰতকৈ ভাল নহয়, অৰ্থাৎ জুমআৰ দিন সকলো দিনতকৈ উত্তম। (ছহীহ ইবনে হিব্বান)।

◾ আল্লাহৰ ৰাছুলু চাল্লাল্লাহু আলাইহি ৱাছাল্লামে এবাৰ শুকুৰবাৰে কৈছে: হে মুছলমান! সৰ্বশক্তিমান আল্লাহে তোমালোকৰ বাবে এই দিনটোক ঈদৰ দিন হিচাপে প্ৰদান কৰিছে। গতিকে এই দিনটোত গুছল আৰু মিছৱাক কৰিবা। (তাবাৰানী, মাজমা’ আল-জাৱাইদ) এই হাদীছৰ পৰা জনা যায় যে শুকুৰবাৰ সপ্তাহটোৰ ঈদ হয়।

◾আল্লাহ পাকে ছূৰা বুৰুজত তেওঁৰ বাক্য ‘শ্বাহিদ’, ‘মাশ্বহূদ’ {وشاھد ومشہود} ৰ শপত খাইছে (সৃষ্টিকৰ্তাৰ কোনো বস্তু, বাক্যৰ শপতকাৰ্য সেই বস্তু বা বিষয়টোৰ গুৰুত্ব তথা মৰ্যদা বৃদ্ধি কৰে) । ইয়াত শ্বাহিদ শব্দই জুমআৰ দিনক বুজাইছে। অৰ্থাৎ জুমআৰ দিনাখন যিয়ে যি আমল কৰিব, কিয়ামতৰ দিনা জুমআৰ দিনে তাৰ সাক্ষী দিব।

◾ আল্লাহৰ ৰাছুলু চাল্লাল্লাহু আলাইহি ৱা ছাল্লামে কৈছে : আল্লাহৰ দৃষ্টিত সৰ্বোত্তম নামাজ হ’ল জমাতৰ সৈতে শুকুৰবাৰে ফজৰৰ নামাজ আদায় কৰা। (তাবাৰনী, বজাজ)

◾ জাহান্নামৰ (নৰক) ৰ জুই নিতৌ জ্বলি থাকে; কিন্তু শুকুৰবাৰে তাৰ মহত্ত্ব আৰু বিশেষ গুৰুত্বৰ বাবে নৰকৰ জুই জ্বলোৱা নহয়। (জাদুল মাআদ ১/৩৮৭)।

◼️ শুকুৰবাৰে (জুমআৰ দিন) দুআ কবুল হোৱাৰ সময় :

আল্লাহৰ ৰাছুলু চাল্লাল্লাহু আলাইহি ৱা ছাল্লামে জুমআৰ দিনটোৰ কথা উল্লেখ কৰি কৈছে: ইয়াত এনে এটি মূহূৰ্ত আছে আছে, য’ত এজন মুছলমানে (যদি) নামাজ পঢ়ে আৰু আল্লাহৰ পৰা কিবা কামনা কৰে , আল্লাহে তাক সেইটো প্ৰদান কৰেই। আৰু নবী ছাঃ এ হাতৰ ইংগিতেৰে স্পষ্টকৈ বুজাই দিছিল যে সময়খিনি বহুত চুটি (বুখাৰী)।

আন এটি হাদীছত আল্লাহৰ ৰাছুলু চাল্লাল্লাহু আলাইহি ৱা ছাল্লামে কৈছে, সেই সময়ছোৱা জুমআৰ খুত্ববাহৰ আৰম্ভণিৰ পৰা জুমআৰ নামাজ শেষ হোৱা লৈকে, মাজৰ সময়খিন (মুছলমান)।

আল্লাহৰ ৰাছুলু চাল্লাল্লাহু আলাইহি ৱা ছাল্লামে কৈছে, জুম্মাৰ দিনা এটা ঘন্টা থাকে, যেতিয়া কোনো মুছলমানে কিবা কামনা কৰে , আল্লাহে তাক সেয়া নিশ্চয়কৈ প্ৰদান কৰে। আৰু সেই সময়ছোৱা হল, আছৰৰ পিছত। (মুছনাদ আহমদ)

পূৰ্বতে উল্লেখ কৰা হাদীছ শ্বৰীফ আৰু অন্যান্য হাদীছৰ আলোকত বিজ্ঞ উলামা তথা মুফাচ্ছিৰসকলে শুকুৰবাৰে দুআ কবুল হোৱা, সম্পৰ্কে দুটা সময় নিৰ্ধাৰণ কৰিছে :
(১) জুমআৰ দুই খুত্ববাহৰ মাজৰ সময়ছোৱা, যেতিয়া ইমামে কেইটামান মুহূৰ্তৰ বাবে মেহৰাবত বহে।
(২) জুমআৰ দিনা সূৰ্যাস্তৰ কিছু সময়ৰ আগত (মাগৰিবৰ আগৰ সময়ছোৱা) ।

◼️ শুকুৰবাৰৰ দিন বা ৰাতিৰ সময়ত ছূৰা কাহাফ পাঠ:

বিভিন্ন হাদীছত ছুৰা কাহাফ পাঠ সন্দৰ্ভত বহুতো ফজিলত আৰু উপকাৰিতা উল্লেখ কৰা হৈছে। ছূৰা কাহাফ পাঠ কৰিলে ঘৰত শান্তি, বৰকত আৰু ৰহমত কঢ়িয়াই আনে। তলত কেইটামান হাদীছ উল্লেখ কৰা হল:

◾ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: যিজনে শুকুৰবাৰে চুৰা কাহফ পাঠ কৰিব- পিছৰ শুকুৰবাৰলৈকে তাৰ বাবে ‘নূৰ’ৰ বিশেষ পোহৰৰ ব্যৱস্থা কৰা থাকিব (নাছাই, বাইহাকী, হাকিম)।

◾ হজৰত বাৰা বিন আজিব ৰাঃ এ কৈছে যে এবাৰ এজন চাহাবীয়ে ছূৰা কাহাফ পঢ়িলে, ঘৰত এটা জন্তু আছিল, সেই জন্তুটোৱে ভুকুৱাবলৈ ধৰিলে, তেওঁ ভালদৰে লক্ষ্য কৰিলে, যে কি হৈছে….. তেতিয়া তেওঁ এডোখৰ ডাৱৰে তেওক আবৰি থকা দেখিলে। চাহাবীজনে যেতিয়া নবী (ছাঃ)ৰ আগত এই ঘটনাৰ কথা উল্লেখ কৰিছিল, তেতিয়া নবী ছাঃ এ কৈছিল:
ছূৰা কাহাফ পঢ়া, পবিত্ৰ কোৰআন পাঠ কৰা সময়ত শান্তি (চকূনত) অৱতীৰ্ণ হয়। (ছহীহ বুখাৰী, ফজীলত ছুৰা আল-কাহফ, মুছলিম, কিতাব আল-ছালাত)।

◼️ শুকুৰবাৰে দুৰুদ শ্বৰীফ পঢ়াৰ বিশেষ ফজীলত :

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: তোমালোকৰ দিনবোৰৰ সৰ্বোত্তম দিন হ’ল জুমআৰ দিন। এই দিনটোত প্ৰচুৰ পৰিমাণে দুৰুদ পাঠ কৰিবা, কাৰণ তোমাৰ দুৰুদ পাঠ মোলৈ প্ৰেৰণ কৰা হয়। (মুছনাদ আহমদ, আবু দাউদ, ইবনে মাজাহ, ছহীহ ইবনে হিব্বান)

হজৰত মহম্মদ (ছাঃ) এ কৈছে: শুকুৰবাৰ আৰু শুকুৰবাৰৰ নিশা সঘনাই দুৰুদ পাঠ কৰিবা, যিজনে এই কাম কৰে, মই কিয়ামতৰ দিনা তেওঁৰ বাবে শ্বাফাঅত (চুফাৰিচ) কৰিম। (বাইহাকী)

◼️ শুকুৰবাৰৰ দিনা বা নিশা মৃত্যু হোৱা ব্যক্তিৰ বিশেষ গুণ:

হজৰত মহম্মদ ছাঃ এ কৈছে: যি ব্যক্তি শুকুৰবাৰে দিনত বা শুকুৰবাৰে নিশা মৃত্যুবৰণ কৰে, আল্লাহে তেওঁক কবৰৰ ফিতনাৰ পৰা ৰক্ষা কৰে (মুছনাদ আহমদ, তিৰমিজী)।

আগলৈ………………..

কলম – মুফতী মুৰতাজা ইউছুফ কাছিমী