সমাজ আৰু সভ্যতা বচাবলৈ মনুষ্যত্বৰ বিকাশ অপৰিহাৰ্য

Share :

মানুহ আনৰ দৰে কেৱল প্রাণীয়েই নহয়। কিছুমান মানৱীয় বৈশিষ্ট্যই তেখেতক অন্য প্ৰাণীৰ পৰা ভিন্ন কৰি ৰাখিছে। মানুহৰ যেনেদৰে আছে জৈৱিক অথবা বস্তুগত দিশ, ঠিক তেনেদৰে আছে নৈতিক দিশো। মানুহৰ মাজত ক্ষুধা, বিশ্রাম, কাম-ক্রোধ, লোভ-লালসা, পোৱা-নোপোৱা, কামনা-বাসনা প্রবৃত্তি আদি সক্রিয় হৈ আছে।

আনহাতে ধৈর্য্য, উদাৰতা, ক্ষমা, মহত্ব, প্রেম-ভালপোৱা, মহমর্মিতা, সংবেদনশীলতা ইত্যাদি মহৎ নৈতিক গুনাৱলীও মানুহৰ মাজত বিদ্যমান। মানুহ অধিকমাত্রাত আত্মাসর্বস্ব। মানুহে ভাল বেয়াৰ মাজত পার্থক্য আনিব পাৰে। প্রাণীৰ নৈতিক সত্ত্বা অনুপস্থিত। মানুহৰ স্বাধীন চিন্তা-ভাৱনাৰ ইখতিয়াৰ আছে। অন্যান্য প্রাণীৰ পৰা অনন্য মর্যাদাত অধিষ্ঠিত।

এনে মর্যাদা থকাৰ পাছতো মানুহে যেতিয়া কেৱল কু-প্রবৃত্তিৰ দাস হৈ পৰে তেতিয়া তাৰ অৱস্থা বন্যপ্রাণীতকৈ নিম্ন স্তৰত পর্যবসিত হয় আৰু তেতিয়া মনুষত্ব বুলি একো নাথাকে।

মহান আল্লাহ তা’আলাই কৈছে, ‘মই মানুহক সর্বোত্তম অৱয়বেৰে সৃষ্টি কৰি সর্ব নিন্মত পতিত কৰিছো।’ ( ছুৰা ত্বীন, আয়াতঃ ৪-৫।

মহান আল্লাহ তাআলাই আৰু ফৰমাইছে, ‘সিহঁতৰ আছে এক অন্তৰ, কিন্তু তাৰ দ্বাৰা সিহঁতে কেতিয়াওঁ অনুভৱ নকৰে, সিহঁতৰ আছে দৃষ্টি, কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে, সিহঁতৰ আছে কান, কিন্তু তাৰ দ্ধাৰা সিহতে শুনা নাপায়, তেওঁলোক হ’ল পশুৰ দৰে বৰঞ্চ তাতকৈয়ো অধিক অধম।’ (ছুৰা আৰাফ, আয়াতঃ ১৭৯।)

তদুপৰি মহান আল্লাহ তা’আলাই মানুহক দান কৰিছে অতিমূল্যৱান নিয়ামত ‘জ্ঞান’। যাৰ দ্বাৰা মানুহ বুজে, চিন্তা কৰে, উপলব্ধি কৰে আৰু কথা কয়। এই জ্ঞানৰ দ্বাৰাই মানুহে আল্লাহক চিনিব পাৰে। এতিয়া জ্ঞান অৰ্জনৰ মাধ্যম হল ৪ টা :

১। পঞ্চ ইন্দ্ৰিয়- মানুহৰ চকু, কান, নাক, জিহ্বা তথা পঞ্চ ইন্দ্রিয় হল জ্ঞান অর্জনৰ প্রথম মাধ্যম।

২। আক্বল – আক্বল তথা বিবেক হল, জ্ঞান অর্জনৰ দ্বিতীয় মাধ্যম।

৩। ৱহী – তৃতীয় মাধ্যম হল অহীয়ে ইলাহী (ঐশ্বৰিক বাণী)। ই জ্ঞান অর্জন ক্ষেত্ৰত স্বচ্ছ আৰু আটাইতকৈ নির্ভৰযোগ্য মাধ্যম।

৪। বিদ্যা আৰু শিক্ষা – বিদ্যা, যি মানুহক বৈজ্ঞানিক, দার্শনিক, কবি আৰু সাহিত্যিক হিচাপে তৈয়াৰ কৰে। বিদ্যাই মানুহক শিক্ষক, ডাক্তাৰ, ইঞ্জিনিয়াৰ ইত্যাদি বনায়। যিসকলৰ পৰা উপকৃত হয় সমগ্ৰ বিশ্ব।

সঠিক জ্ঞানৰ লগতে মানুহৰ নৈতিক সত্ত্বা অথবা গুণাৱলীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে মানৱ সমাজ। মানুহৰ জৈৱিক আকৃতি ইচ্ছামতে গঠন নহয় বৰঞ্চ নৈতিক সত্ত্বাই মানুহক মনুষ্যত্বৰ চেতনালৈ ৰূপান্তৰিত কৰে, মানুহক প্রকৃত মানুহ বনায়।

পৱিত্ৰ ক্বুৰআনত কোৱা হৈছে, ‘শপথ মানুহৰ আৰু যিজনে তাঁক সুঠাম কৰিছে। অথচ তাক তাৰ অসৎকর্ম আৰু সৎকর্মৰ জ্ঞান দান কৰিছে। সি সফল তেতিয়া হ’ব যেতিয়া সি নিজকে পৰিশুদ্ধ কৰিব আৰু সেই ব্যর্থ মনোৰথ হৈ নিজকে কুলষিত কৰিব।’ ছুৰাঃ আছ-শামছ আয়াতঃ ৭-১০।

নৈতিক সত্ত্বাৰ পৰিপূর্ণতাৰ মাজেদিয়েই মানুহৰ দুনিয়া আৰু আখেৰাতৰ সাফল্য নির্ভৰশীল।

  • পৃথিৱীত মানুহ বাঢ়িছে যদিও সৎ মানুহৰ সংখ্যা কমি গৈছে।
  • শিক্ষিতৰ হাৰ বৃদ্ধি পাইছে, অথচ সু-শিক্ষিতৰ সংখ্যা হ্ৰাস পাইছে।
  • আইন প্ৰণয়ন হৈছে অপৰাধ কিন্তু কমা নাই।
  • দেহৰ সৌন্দর্য্য বৃদ্ধি পাইছে চৰিত্রৰ সৌকর্য কিন্তু বৃদ্ধি পোৱা নাই।
  • শিক্ষক বৃদ্ধি পাইছে যদিও শিক্ষকসকলৰ নীতিবোধ বৃদ্ধি পোৱা নাই।
  • নেতাৰ সংখ্যা বাঢ়িছে যদিওঁ নীতিবানৰ সংখ্যা উৰ্দ্ধগামী।
  • সমাজত অসংখ্য মানুহ থাকিলেওঁ মনুষ্যত্ব আজি নিম্নগামী।

আজি আমি নৈতিকতাৰ উন্নতিতকৈ বস্তু সত্ত্বা আৰু প্রবৃত্তিৰ উৎকর্ষতাৰ বাবে বেছি ব্যস্ত। আজিৰ মানৱীয় সমাজৰ গতি তলৰ দৃশ্যবোৰ ভাবিলেই উপলব্ধি কৰিব পাৰিব-

  • চৌদিশে হত্যা, সন্ত্রাস, লুটপাট চলিছে অৱলীলভাৱে।
  • দশ টকাৰ বাবে মানুহ আজি পথে-ঘাটে হত্যা হৈছে।
  • পিতৃ-মাতৃক সন্তানে অহৰহ ভাৱে হত্যা কৰিছে।
  • সদ্য প্রসূত শিশুক ডাষ্টবিনত পেলাইছে।
  • শিশু পাশৱিক নির্যাতনৰ চিকাৰ হৈছে।
  • প্রেমিক সাজি বান্ধবীক পাশৱিক নির্যাতন কৰি হত্যা তথা লাশ টুকুৰা টুকুৰ কৰাতো কুন্ঠাবোধ নকৰে।
  • জুৱাৰ ব্যৱসা বহুৱাই, হৈছে ক্যাছিনো কিং।
  • মাদকৰ নিশাত ঘটিছে ৰুচি বিৱর্জিত জঘন্য অপৰাধ।
  • শেয়াৰ বজাৰ, বেংক, কয়লা, বালি ইত্যাদি লৈ ঘটিছে কলঙ্কজনক কাণ্ড।

সচাকৈয়ে মনুষ্যত্ব আৰু নৈকিতকতা আজি দুর্বৃত্তায়নত বন্দি। মানুহৰ অধঃপতন হৈছে, হিতাহিত জ্ঞানশূন্য হৈ অমানুহৰ দৰে কাম কৰিছে, যি পশুবৃত্তিতকৈ ভয়ংকৰ। মানুহৰ অন্তৰ যেন মৰহি গৈছে, লোহাৰ দৰে মনুষ্যত্বৰ ওপৰত মৰিচা ধৰিছে।

অথচ কুকুৰ প্রশিক্ষিত হৈ হোমগাৰ্ডৰ কাম সম্পাদন কৰিছে, ভাটৌ চৰায়ে মানুহৰ দৰে কথা কৈছে, ডলফিন বিভিন্ন কছৰৎ দেখুৱাই নৃত্য কৰিছে, হাবিৰ গছ হৈছে সু-সজ্জিত আচবাবপত্র।

এই সকলোবোৰৰ পৰা মুক্তিৰ বাবে প্ৰয়োজন মনুষত্বৰ বিকাশ। মনুষত্ব বিকাশ সাধন ৫ ধৰণে কৰিব লাগিব –

১. নৈতিকতা আৰু মানৱিক মূল্যবোধৰ বিশুদ্ধতাৰ দ্বাৰা।
২. মানুহৰ বিশ্বাসৰ বিশুদ্ধতাৰ দ্বাৰা।
৩. মনুষত্বৰ পৰিপুষ্টিৰ দ্বাৰা।
৪. সু-শিক্ষাৰ দ্বাৰা।
৫. আল্লাহভিতীৰ দ্বাৰা।
৬. মৃত্যুৰ স্মৰণ।
৭. প্ৰবৃত্তি (বদখাহিশ্ব) ত্যাগ কৰা।
৮. আত্মপর্যালোচনা।
৯. সু- সংস্কৃতিৰ ভেটি স্থাপন /সুদৃঢ় কৰা
১০. বিবেক আদালতক শক্তিশালী কৰা –

ইয়াত মূল ভূমিকা সু-শিক্ষাৰ। কাৰণ কোনো জাতিক ধ্বংস কৰাৰ বাবে পাৰমানৱিক হামলা অথচ ক্ষেপনাস্ত্র নিক্ষেপৰ প্ৰয়োজন নহয়। তাৰ বাবে সেই জাতিৰ শিক্ষা ব্যৱস্থা ধ্বংস কৰিলেই যথেষ্ট। যাৰ কু-শিক্ষাৰে শিক্ষিত হৈ-
• চিকিৎসকৰ হাতত ৰোগীৰ বিনষ্ট হ’ব,
• ইঞ্জিনিয়াৰৰ দ্বাৰা বিল্ডিং আদি বৰবাদ হ’ব,
• অর্থনীতিবিদৰ দ্বাৰা দেশৰ অর্থনীতি দেউলিয়া হ’ব,
• বিচাৰক সকলৰ হাতত ন্যায়, বিচাৰ ভুলুণ্ঠিত হ’ব।

শিক্ষা ব্যৱস্থা ভাঙি পৰা মানে হ’ল এটি জাতিৰ অৱলুপ্তি আৰু দুর্নীতিৰ বজাৰ তথা দায়িত্বহীনতাৰ সংস্কৃতি সূচনাৰ সূত্ৰপাত। মনুষত্ব বিকাশৰ বাবে শিক্ষা প্রতিষ্ঠানত সু-শিক্ষা তথা আদর্শ নির্ভৰ নৈকিত শিক্ষা অতিকৈ দৰকাৰ।

আল্লাহৰ ভয় –
আল্লাহৰ ভয়ে মানুহক অৱক্ষয়ৰ পৰা মুক্ত কৰি মনুষত্বৰ উৎকর্ষতা বৃদ্ধি কৰে। মহান আল্লাহ তা’আলাই ফৰমাইছে,

‘যদি সিহতে মহান আল্লাহক ভয় কৰে, তেনেহ’লে সিহতে লোকৰ অন্তৰত সচাঁ-মিছাৰ পার্থক্য কৰাৰ মাপকাঠি দান নকৰিব। তেখেতে তোমালোকক ক্ষমা কৰি দিব।’ (ছুৰা আনফাল, আয়াতঃ ২৯)

আল্লাহক ভয় কৰা ফৰজ। আল্লাহৰ ভয়ে মানুহক সদায় বেয়া কামৰ পৰা বিৰত ৰাখে আনকি মাৰাত্মক গুনাহৰ পৰাওঁ বিৰত ৰাখে।
মনুষত্ব বিকাশত আখিৰাতৰ ভয় থকাটো জৰুৰী। পৰকালৰ চিন্তা যদি মানুহৰ অন্তৰত পৰিপূর্ণ ৰূপে স্থিৰ হৈ যায়, তেনেহলে সি কেতিয়াও অন্যায় কাম কৰিবলৈ অগ্ৰসৰ ন’হব।

মহান আল্লাহ তা’য়ালাই কৈছে,
‘তোমালোকে দুনিয়াৰ জীৱনক অগ্রাধিকাৰ দিয়া অথচ আখিৰাতৰ জীৱনটোৱেই হ’ল উত্তম তথা চিৰস্থায়ী।’ (ছুৰাঃ আল-আলা, আয়াতঃ ১৬-১৭)

মৃত্যুৰ স্মৰণ-
মৃত্যুৰ স্মৰন পাপৰ পৰা দূৰৈত ৰাখিবলৈ সাহায্য কৰে। ৰচুল (চঃ)-য়ে কৈছে,

‘বুদ্ধিমান সেইজন ব্যক্তি, যিজনে নিজৰ পৰিচয় লাভ কৰিছে আনকি মৃত্যুৰ পিছৰ জীৱনৰ বাবে কাম কৰি গৈছে।’ ( মুছনাদ আহমদ, হাদীছঃ ১৬৫০১।)

প্ৰবৃত্তি ত্যাগ –
প্রবৃত্তিৰ তাড়নাত মানুহ পাপ কামত লিপ্ত হৈছে। কু-প্রবৃত্তিয়ে মানুহক অন্যায় কামত ধাবিত কৰিছে, মনুষত্বক পৰাজিত কৰিছে আৰু তাক কু-প্রবৃত্তিৰ দাস বনাইছে।

সুকুমাৰ বৃত্তিৰ (নেক খাহিশ্ব) বাবে কু-প্রবৃত্তি (বেয়া খাহিশ্ব) দমন কৰা দৰকাৰ। মহান আল্লাহ তা’য়ালাই ফৰমাইছে,

‘যিজন ব্যক্তিয়ে তাৰ প্রভুৰ সন্মুখত জবাবদিহিৰ ভয় কৰিব আনকি নিজৰ প্রবৃত্তিৰ তাড়নাৰ পৰা বিৰত থাকিব। অবশ্যই জান্নাত হ’ব তেখেতৰ আচল ঠিকনা।’ (ছূৰা নাযিআত, আয়াত- ৪০-৪১)

ৰচুল (চঃ)-য়ে কৈছে, ‘সেইজন লোক প্রকৃত মুজাহিদ যিয়ে নিজৰ প্রবৃত্তিৰ (নফচ/খাহিশ্ব) বিৰুদ্ধে যুদ্ধ কৰে।’ (আত-তীৰমিজিঃ হাদীছঃ ১৫৪৬)

এনেদৰে কু-প্রবৃত্তিক আল্লাহৰ ইচ্ছাৰ অনুগত বনোৱাটো আমাৰ উচিত।

আত্মপর্যালোচনা-

মনুষ্যত্ব বিকাশৰ বাবে প্ৰয়োজন আত্মপর্যালোচনাৰ। ক্ষণস্থায়ী জীৱনৰ বাবে আমি দৌৰিছো অথচ অনন্ত জীৱনৰ বাবে প্রস্তুতি গ্রহন কিমানখিনি কৰিছো এনে চিন্তা কৰিব লাগিব। ৰচুল (চঃ)-য়ে কৈছে,

‘তোমাক হিচাপৰ জবাদিহি কৰাৰ আগতেই তুমি তোমাৰ নিজৰ হিচাপটি কৰি লোৱা।’

মহান আল্লাহ তা’য়ালাই ফৰমাইছে-
‘যিজন ব্যক্তিয়ে অণুপৰিমান ভাল কাম কৰিব সি তাৰ পৰিণাম দেখিবলৈ পাব। আৰু যিজনে অণুপৰিমানৰ বেয়া কাম কৰিব, সেয়াও দেখিবলৈ পাব।’ (ছুৰা যিলযাল, আয়াতঃ ৭-৮।)

ভাল বেয়া সকলোবোৰেই সন্মুখত আহিব। আত্মপর্যালোচনাই পাপ বর্জনত সহায়তা কৰে।

সংস্কৃতিৰ ভিত্তি স্থাপন / মজবুত কৰা-

সু-সংস্কৃতি মনুষ্যত্ব ত ভিত্তি স্বৰূপ। নৈতিক চৰিত্র গঠনত সাহিত্য, নাটক, চলচ্চিত্র, গানৰ সুস্থ্য সংস্কৃতিত ভূমিকা ৰাখে। মানুহৰ চিন্তা, কল্পনা, আচাৰ-ব্যৱহাৰ, পাৰিবাৰিক, সামাজিক আৰু ৰাজনৈতিক কাজকর্ম, সভ্যতা সংস্কৃতি। সংস্কৃতি হ’ব লাগিব সমাজৰ অধিকাংশ মানুহৰ বিশ্বাসবোধত উজ্জীৱিত, মানৱ কল্যাণধর্মী তথা অশ্লীলতা মুক্ত। আমাৰ সংস্কৃতিবোৰ আশা কৰো এইবোৰ দিশত প্রতিনিধিত্ব নকৰে।

অপসংস্কৃতি আমাৰ বিবেক বোধক ধ্বংস কৰি দিছে। মনুষ্যত্ব বিকাশৰ লক্ষ্যৰে সমাজত সু-স্থ্যসংস্কৃতিৰ চর্চা গুৰুত্বপূর্ণ।

◾’বিবেক আদালত’ ক শক্তিশালী কৰা –

মানুহৰ বিবেক বিশ্বৰ শ্রেষ্ঠ আদালত। কথাটি অত্যন্ত তাৎপর্যপূর্ণ। মনুষত্ব অথবা বিবেকবোধ আনকি নৈতিক চৰিত্র প্রতিটি মানুহৰ অভ্যন্তৰৰ এটি আদালত অথবা বিচাৰ ব্যৱস্থা হিচাপে কাম কৰে। বিবেকে স্বতঃস্ফুর্তভাৱে ভিতৰৰ পৰা মানুহক মনুষ্যত্বৰ পথেৰে পৰিচালিত কৰে। অন্যায় আৰু অপৰাধ সংঘটিত হোৱাৰ পূর্বেই ব্যক্তিক সাৱধান কৰে, যি নেকি বাহ্যিক আদালত অথবা প্রশাসনে কৰিব নোৱাৰে। অন্যায় হোৱাৰ পাছতহে বাহ্যিক আদালতত বিচাৰ হয়। যিটো বৰ্তমান কার্যকৰী বুলি ধাৰণা নহয়।

বাহ্যিক আদালতত অনেক সময় দুষ্টৰ পালন আৰু শিষ্টৰ দমন, মিছা সাক্ষী অথবা দলীল প্রমাণৰ অভাৱত বাঘা-বাঘা মানুহবোৰ বাঁচি যায়। অবিচাৰ তথা বিচাৰহীনতাৰ সংস্কৃতিৰ সূচনা হয়। কিন্তু মনৰ আদালত অথবা বিবেকক কোনেও অৰ্থৰ বিনিময়ত ক্ৰয় কৰিব নোৱাৰে। যিমান মানুহ সিমান আদালত হোৱাত দ্রুত সিদ্ধান্ত ল’বলৈ সাহায্য কৰে। পশুবৃত্তি, পাশৱিকতা, কু-প্রবৃত্তি নিয়ন্ত্রিত হয়। মানুহ হয় পৰিশুদ্ধ আৰু সমাজ হয় নির্মূল।

মানুহৰ এই সুকুমাৰ বৃত্তি বিকাশৰ বাবে দেশ বিদেশত আন্দোলন কৰা দৰকাৰ। ৰাজনৈতিক দল, আমোলাতন্ত্র, প্রশাসন ব্যৱস্থা , বিচাৰ ব্যৱস্থা, আইনসভা, বিভিন্ন প্রতিষ্ঠান, সর্বত্রে দৰকাৰ এইবোৰৰ লালন আৰু প্রতিপালন কৰাৰ।

এতিয়াওঁ প্ৰয়োজন আছে আমাৰ সমাজত সৎ মানুহৰ উদ্যোগৰ, আজিও বিৰাট প্ৰয়োজন হৈ আছে সৎ ব্যক্তিত্ব গঠনৰ বাবে পদক্ষেপ লোৱাৰ। অন্যথা মানৱ সভ্যতাৰ ধ্বংস অনিবার্য। কাৰণ –

অসৎ লোকৰ কর্মকাণ্ডত সমাজ ধ্বংস নহয়, সমাজ ধ্বংস হয় সৎ লোকৰ নিৰৱতাত।

কলম – হাফিজ বি. বুস্তামী।
সম্পাদনা – এম ইউছুফ কাছিমী (সম্পাদক NE PEACE ) ।