নামাজত মনটো কত উৰি থাকে? পৰ্ব-১

Share :

প্ৰায় প্ৰতিজন নামাজীৰ একেই সমস্যা – নামাজ আৰম্ভ হলে মনটো বিশ্ব ভ্ৰমণত নামি পৰে, দৰকাৰী, অদৰকাৰী সকলো চিন্তাই জুমুৰি ধৰে। যেনে কোনো চিন্তা-মেচিনতহে থিয় হৈছে। সেয়ে নামাজীসকলৰ মুখত এটা প্ৰশ্ন বৰ শুনিবলৈ পোৱা যায় –
“নামাজত মনত কেনেকৈ একাগ্ৰতা সৃষ্টি কৰিব পাৰি? নামাজত কেনেকৈ মনটো স্থিৰ হৈ থাকিব? “
আজিৰ লিখনিত ইয়াৰ উত্তৰ সন্ধান কৰি দুটা দিশ আলোচনা কৰিম-

১. ক্বুৰআন আৰু হাদীছৰ দৃষ্টিত ।
২. আধুনিক যুগ আৰু টেকনলজিৰ দৃষ্টিত।
তাৰে প্ৰথমটো দিশ চমুকৈ (যিহেতু এই দিশটো বহুতৰে জনা) আৰু দ্বিতীয়টো অলপ বিশ্লেষণাত্মক। আজি প্ৰথম পৰ্বত দ্বিতীয় দিশটো আলোচনা কৰা হ’ল-

দৃশ্য-১


আপুনি যদি জানিব পাৰে যে ইজৰাইলৰ আন্তৰাষ্ট্ৰীয় শক্তিশালী সংস্থা ‘মোচাদ’ ৰ ব্যৱস্থাপনাত আপুনি ঘৰত সদায় বহি থকা স্থানটো বা শুই বিশ্ৰাম কৰা বিচনাটো, নতুবা আপোনাৰ একমাত্ৰ উপাৰ্জনকাৰী দোকানটোত বহা আসনটো সম্পূৰ্ণৰূপে বিশেষ টেকনলজিৰ মাইক্ৰকেমেৰাযুক্ত চেটেলাইটৰ কন্ট্ৰলত আছে।
বা ডুবাইৰ বুৰুজ খলিফাৰ গগনচুম্বী টাৱাৰত ছেট কৰা বিশেষ টেকনলজিৰ এটি বিশেষ শক্তিশালী বিজুলী ট্ৰাঞ্চমিটাৰে আপোনাৰ ঘৰৰ লাইটবোৰক কন্ট্ৰল কৰে আৰু সেই লাইটৰ সম্পূৰ্ণ কন্ট্ৰোলত আপুনি।
এতিয়া এনে ব্যৱস্থাৰে আপোনাৰ উঠা বহা, চলন ফুৰণ, খোৱা বোৱা, লেনা দেনা ইত্যাদি, মুঠতে সম্পূৰ্ণ জীৱনটো মোচাদৰ এজেন্টৰ হাতত। আৰু যিকোনো মূহুৰ্তত আপোনাক সিহঁতৰ উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰে। আৰু কেতিয়াবা অলপো অমান্য কৰিলে বা পলম কৰিলে লগে লগেই মূহুৰ্ততে আপোনাক নিঃশেষ কৰিব পাৰিব। কিন্তু সিহঁতৰ মতে কাম কৰি থাকিলে কোনো অসুবিধা নহব বৰঞ্চ আপোনাৰ উপকাৰহে হৈ থাকিব….
তেতিয়াহলে আপুনি সিহঁতে বিচৰামতে কামটো নকৰিব নে? নে মৰিবলৈ প্ৰস্তুত হব? নিশ্চয় নিজৰ উপকাৰটো বিচাৰিব।
আৰু এনে ঘটনা একেলগে এজনৰ লগত নহয়, বৰঞ্চ হাজাৰজনৰ লগত ঘটিব পাৰে।

দৃশ্য-২


আপুনি কৰবাত নিৰ্জন ঠাইত ৰখি আছে, হঠাতে আপোনাৰ গাত ৰঙা লাইটৰ ৰশ্মি আহি পৰে। লগে লগে আপোনাৰ মবাইলৰ মেছেজ-টিউন বাজি উঠিল, তাত অজ্ঞাত মেছেজ এটা দেখিলে যে, এতিয়াৰ পৰাই ৩ ঘণ্টাজোৰা এটি বিশেষ মিছন বা কোনো কাম এটা কৰিব লাগে, কিন্তু কামটো বৰ ভয়ানক । আৰু কাম শেষ হোৱালৈ এনেকৈয়ে লাইটৰ ৰশ্মি আপোনাৰ লগত থাকিব, আপোনাৰ নিৰিক্ষণ কৰি থাকিব। পলম হলেই বা পলাবলৈ চেষ্টা কৰিলেই পুৰস্কাৰ হিচাপে এটি গুলি বুকু ভেদ কৰি যাব।
তেতিয়া আপুনি কি কৰিব? নিশ্চয় হাতত হাত ধৰি বহি নাথাকে। জ্ঞানী ব্যক্তিৰ পৰিচয় দি লগে লগেই কামটো আৰম্ভ কৰিব।
আৰু এনে ঘটনাও একেলগে এজনৰ লগত নহয়, বৰঞ্চ হাজাৰজনৰ লগত ঘটিব পাৰে।
এই দুয়োটা দৃশ্যত বাস্তৱত আপুনি নিজেই এই পৰিস্থিতিৰ সন্মুখীন হওক বা এয়া কোনো বলিউড, হলিউডৰ দৃশ্য হওক…… দুয়োটা অৱস্থাতেই নিশ্চয় উল্লেখ কৰা মতেই কামবোৰ কোৱামতে কৰি থকা হব….
অৰ্থাৎ আপুনি দুয়োটা দৃশ্যত এনে ঘটনা হব পাৰে বুলি কোনো দ্বিধাবোধ নকৰাকৈ বিশ্বাসো কৰিব আৰু বিশ্বাস মতে কাম কৰাটো বিচাৰিব। হয় নে?
ঐক্যবদ্ধ স্বীকাৰ্য :
মুঠতে এই কম্পিউটাৰ আৰু নিত্য নতুন যুগত, এই বাস্তৱ জগতত আপোনাক কন্ট্ৰোল কৰিব পৰা বা সদায় নিৰিক্ষণ কৰিব পৰা এনে যিকোনো শক্তি, যিকোনো ক্ষমতাৰ অস্তিত্ব যে আছে বা হব পাৰে, লগতে এনে শক্তি, ওচৰৰ পৰাই হওক বা দূৰৰ পৰা… এজনক বা হাজাৰজনক একেলগে যে নিজৰ অধীনস্থ কৰি ৰাখিব পাৰিব…..
সেই কথা শিক্ষিত আৰু মডাৰ্ণ সমাজৰ সকলো দুঠেঙীয়া শ্ৰেষ্ঠ জন্তুৱে মনে প্ৰাণে বিশ্বাস কৰে, আৰু স্বীকাৰ কৰে। আৰু এনে কিবা ঘটাৰ সম্ভাৱনা দেখা পালে তাৰ পৰা ৰক্ষা পাবলৈ আগতিয়াকৈ প্ৰস্তুতিও যে লব, সেয়াই বাস্তৱ সত্য।
এতিয়া তৃতীয় দৃশ্যলৈ মন কৰক…… নামাজৰ কথাও আহিব…

দৃশ্য-৩


এতিয়া আপুনি কৰবাত যাবলৈ সাজি কাচি প্ৰস্তুত হৈছে, তেতিয়াই নীলা ৰঙৰ এক ৰশ্মি তীব্ৰ গতিত আপোনাৰ গাত পৰিল, আপুনি চক খাই উঠিল। তেতিয়া ভয়ত মূৰ্চ্ছনা যোৱাৰ পূৰ্বে কোনোমতে কাৰোবাক মাত দিব লোৱাত হঠাৎ আপোনাৰ মবাইলত ৰিংটোনৰ দৰে বিকটকৈ কিবা শব্দ হ’ল।
ফলত আপুনি নিজৰ মবাইলটো বাজি উঠিছে বুলি চাবলৈ লোৱাত, হঠাৎ গলগলীয়া মাত এষাৰ ভাহি আহিল,
” তুমি নিজৰ কামটো আদায় কৰাবলৈ, নিজৰ কল্যাণপ্রাপ্ত বাবে মানুহজনৰ ওচৰত ১ কোটি টকা লৈ যাব নালাগে। তোমাৰ কাম হৈ যাব…. তুমি কেৱল ১০ মিনিট সময় ইয়াত থিয় হৈ এই বিশেষ প্ৰক্ৰিয়াটো সম্পন্ন কৰা। মোৰ কথা নুশুনিলে বা অমান্য কৰিলে সেই বিষয়াজনো শাস্তি পাব তুমিও শাস্তি পাবা…. ঘোচ-প্ৰথাক জীৱিত কৰি ৰখাৰ বাবে।
আৰু শুনা! এই ১০ মিনিট সময়ত বিশেষ প্ৰক্ৰিয়াটো সম্পাদন কৰিবলৈ তলৰ চৰ্তটো মনত ৰাখিবা :
“১০ মিনিট সময় সম্পূৰ্ণৰূপে তোমাৰ শৰীৰ, মন মগজু এই ৰশ্মিৰ ভিতৰত থাকিব লাগিব। নহলে স্কেন-টেকনিক যোগে, অলপ সময়ৰ বাবেও যদি তোমাৰ অলসভাব, মন-মগজুৰ অনুপস্থিতি ধৰা পৰে তেন্তে তোমাৰ উদ্দেশ্য পূৰণ নহব। তুমি বিফল হবা আৰু সেই শাস্তিৰ সন্মুখীন হবা। “


এতিয়া কওকচোন! নিশ্চয় আপুনি আনন্দৰ সৈতে দহ মিনিট সময় ব্যয় কৰি বিশেষ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নকৰিব নে? নে আজিৰ এই টেকনলজিৰ যুগতো নিজৰ জীৱনটো মৃত্যুৰ গৰাহলৈ ঠেলি আপুনি এনে মেছেজ বা এনে দৃশ্যৰ অস্বীকাৰ কৰিব? নিশ্চয় নোৱাৰে এনে কৰিবলৈ…
এতিয়া ভাবিছে নেকি যে ইয়াত নামাজৰ কি সম্পৰ্ক আকৌ? ৰব অলপ….
এতিয়া তৃতীয় দৃশ্যটো অলপ ষ্পষ্টকৈ বহলাই ভাবকচোন!


• সেই নীলা ৰঙৰ পোহৰ আৰু তাৰ ৰশ্মিৰ উতসস্থল যদি বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰস্থল পৱিত্ৰ মক্কাৰ পৱিত্ৰ কা’বা ঘৰ হয়,
• আপুনি সেই ৰশ্মিত দহ মিনিটৰ বিশেষ প্ৰক্ৰিয়া অৰ্থাৎ এক ৱাক্তৰ নামাজ পঢ়িবলৈ থিয় হৈছে,
• উদ্দেশ্য আপোনাৰ- প্ৰয়োজন পূৰণ কৰা, সেয়া টকা, ক্ষমতা আদি…. যিকোনো হব পাৰে,
• চৰ্তমতে আপুনি দহ মিনিট সময় স্কেন-টেকনিকত ধৰা পৰাৰ ভয়ত সম্পূৰ্ণভাৱে মনোযোগেৰে নামাজটো আদায় কৰিলে…..
এতিয়া কওকচোন ! বুজি পাবলৈ টান হৈছে নে দৃশ্যটো? সম্ভৱ নহব নেকি এনে দৃশ্য? নামাজত কেৱল ৫ মিনিটৰ বাবে, ১০ মিনিটৰ বাবে মনটো এনেকৈ স্থিৰ ৰাখিব নোৱাৰিব নে?

নামাজত পূৰ্ণমন –


এতিয়া আপুনি নামাজত থিয় হোৱাৰ সময়ত যদি তৃতীয় দৃশ্যৰ দৰে পৰিবেশটো গঢ়ি লয়- যে,
আপুনি সৃষ্টিকৰ্তাৰ মডাৰ্ণ স্কেন শক্তিৰ সমুখত থিয় হল- আৰু তেতিয়া অলপৰ বাবেও মন-মগজু ইফাল সিফাল হোৱাত স্কেনত ধৰা পৰি যোৱাৰ ভয়টো মনত থাকে, অৰ্থাৎ মহান সৃষ্টিকৰ্তা আল্লাহক ফাকি দিয়াৰ ভয়টো মনত থাকে…
তেন্তে সাইলাখ সেই ৰশ্মিত থিয় দিয়া দৰে অযথা লৰচৰ নকৰাকৈ শান্ত শিষ্টভাৱে মন মগজুৰ উপস্থিতিত আপুনি সম্পূৰ্ণ নামাজ আদায় কৰি লব।
এতিয়া এনে নামাজে আপোনাক সৃষ্টিকৰ্তাক নৈকট্য প্ৰদান নকৰিব নে? আপোনাৰ প্ৰয়োজন পূৰণ নহব নে? আপোনাৰ কল্যাণ সাধন নহব নে?
মুঠতে আজিৰ নিত্যনতুন আৱিষ্কাৰ, টেকনলজি আদিয়ে সৃষ্টিকৰ্তাক বুজিবলৈ, জীৱিতধৰণে সৃষ্টিকর্তাৰ উপাসনা কৰিবলৈ বিৰাট সহজ কৰি তুলিছে।
উল্লেখযোগ্য যে নামাজত সদায় মন ৰাখিবলৈ এয়া এক আধুনিক পদ্ধতি হব পাৰে। এই পদ্ধতিৰে হয়তো কম সময়ৰ ভিতৰতেই আপোনাৰ মনত সেই আচল ভাবটো আহি পৰিব, জাগ্ৰত হব মনৰ একাগ্ৰতা, আন্তৰিকতা…. ।

যে নামাজত থিয় হোৱাৰ লগে এনে লাগিব আপুনি মহান সৃষ্টিকৰ্তা, এক মহান অদৃশ্য শক্তিৰ আগত থিয় হৈছে। আপুনি যেন দেখি আছে তেওঁক, আপোনাকো যেন দেখি আছে তেওঁ। আৰু আপুনি মনত কল্পনা কৰি লওক যে আপুনি আৰবী ভাষাৰ আয়াত, দুআ, তচবীহ আদিৰে তেওঁৰ সন্মুখতেই তেওঁৰ প্ৰশংসা কৰি আছে, তেওঁৰ পৰা আপুনি নিজৰ কল্যাণ, নিজৰ সফলতাৰ চাবি কাঠি বিচাৰিছে….. ইত্যাদি ইত্যাদি।
তেতিয়া কেতিয়াবা হয়তো ভয়ত চকুলো বৈ আহিছে , কেতিয়াবা আকৌ আনন্দত মনটো উল্লাসিত হৈছে। (ইয়াত অৱশ্যে আৰবী ভাষাৰ আয়াত আদি বুজি পোৱাটো জৰুৰী হব। )

উপৰোক্ত বিশ্লেষণৰ ভিত্তি কি? বা ক্বুৰআন-হাদীছৰ দৃষ্টিত নামাজত একাগ্ৰতা সৃষ্টি কৰাৰ পদ্ধতি কি? তাৰ উত্তৰ দ্বিতীয় পৰ্বত আলোচনা কৰা হ’ব।

কলম: _ এম ইউছুফ কাছিমী ।