অসমৰ মুছলমান- পৰ্ব-২ (পূৰ্ববংগীয় মূলৰ মুছলমান)

Share :

(যোৱা সংখ্যাৰ পিছৰ পৰা…)

অসমীয়াত্বত অসমৰ মুছলমান, এক চমু অৱলোকণ।

✒️ নুৰ আলম শ‌ইকীয়া

পৰ্ব- ২

পূৰ্ববংগীয় মূলৰ মুছলমান/পমুৱা বা চৰ-চাপৰিবাসী মুছলমান

-অসমৰ সাংস্কৃতিক বুৰঞ্জীত চৰ-চাপৰিৰ লোক সংস্কৃতিৰ কথা উল্লেখ নাথাকিলেও অসমৰ জাতীয় জীৱনত চৰ-চাপৰিৰ মুছলমানৰ লোক সংস্কৃতিয়ে ঠাহ খাই আছে৷ অৰ্থনৈতিক দিশত সবল হোৱাৰ মানসেৰে পৰাধীন ভাৰতৰ অঙ্গৰাজ্য পূৰ্ববংগৰ পৰা সস্তীয়া ফেমিলি কাৰ্ডৰ জৰিয়তে অসমৰ অনাবাদী মাটিত থিতাপি লোৱা লোক সকলৰো আছিল এক নিজস্ব ভাষা-সংস্কৃতি। অসমৰ নদী কাষৰীয়া অঞ্চলত থাকি, স্থানীয় লোকৰ সৈতে ভাব বিনিময়, বেহা-বেপাৰ সূদৃঢ়কৰণ আৰু কেতবোৰ ৰাজনৈতিক কাৰকৰ বাবে তেওঁলোকৰ অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমীয়া ভাষা সংস্কৃতিক আকোৱালি লোৱাৰ প্ৰয়াস কৰিছিল৷

তেওঁলোকে নিজস্ব ভাষা সংস্কৃতি বিসৰ্জন দি অসমীয়া সংস্কৃতিৰ লগত বিলীন হোৱাৰ প্ৰয়াস অব্যাহত ৰাখি আহিলেও আজিলৈ কিজানি বহুতৰ দৃষ্টিত পূৰ্ণাংগ অসমীয়া হ’ব নোৱাৰিলে৷ মিঞা, চৰুৱা, পমুৱা, ভাটিয়া ,লৌহিত্য, ন-অসমীয়া আদি বিশেষণ পোৱা এই লোক সকলে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক আকোৱালি ল’লেও জনগোষ্ঠীটোৰ এক পৰম্পৰাগত লোক সংস্কৃতিও আছে। আধুনিক শিক্ষাৰে দীক্ষিত সমাজক বাদ দিলে চৰ-চাপৰিৰ অনাক্ষৰী, অৰ্ধশিক্ষিত লোক সকলে নিতৌ পুৱা পোৰা মাটিৰে দাঁত চাফা কৰি, নিশা ঢাৰি বা খেজুৰৰ পাতেৰে তৈয়াৰ কৰা ঢাৰিত শোৱালৈকে, শ্ৰমজীৱি লোকসকলৰ প্ৰতিচ্ছবি ভাঁহি উঠে৷ প্ৰকৃততে তেওঁলোকেই ধৰি ৰাখিছে চৰ-চাপৰিৰ লোক সংস্কৃতি৷

অৱশ্যে লোক সংস্কৃতি আৰু পৰম্পৰাৰ লগতে কেতবোৰ অন্ধবিশ্বাস, কুসংস্কাৰ নথকা নহয়। আমি আমাৰ নিবন্ধত সকলো ধৰণৰ বিশ্বাসকে আশ্ৰয় দিছোঁ যদিও কুসংস্কাৰ আৰু অন্ধবিশ্বাস বৰ্জন কৰিব লগীয়া। ধৰ্মান্ধতা আৰু বিজ্ঞানমনস্কতাৰ অভাৱত একাংশ চৰবাসীৰ জীৱন এতিয়াও এক কলা দিনৰ মাজতেই বুলি কব পাৰি। এক বিজ্ঞান সন্মত বাতাবৰণ সৃষ্টিৰ বাবে সামাজিক আন্দোলন একান্তই প্ৰয়োজন।

চৰ চাপৰিৰ সমাজ ব্যৱস্থা :

অসমৰ চৰ-চাপৰিৰ অধিকাংশ লোকেই কৃষিজীৱি৷ ২০০৩ চনৰ চৰকাৰী তথ্য মতে অসমৰ ১৪ খন জিলাৰ মুঠ ২২৫১খন চৰ গাঁৱৰ সন্মিলিত জনসংখ্যা প্ৰায় ২৫ লাখ। চৰাঞ্চলৰ ৮০.৭ শতাংশ লোক নিৰক্ষৰ৷ বাকী ১৯.৩ শতাংশ লোকহে স্বাক্ষৰ। এই সমাজ ব্যৱস্থাত অদ্যাপী দেৱানী, মাতাব্বৰ, গাঁওবুঢ়া, মোলানা-মৌলবী আদিৰ কিছু প্ৰভাৱ আছে। এই সমাজত সংঘটিত কাজিয়া পেচালৰ সমাধান দিয়ে দেৱানী-মাতাব্বৰ সকলে। এনেবোৰ সমাধানৰ নামতো (এসময়ত) চলিছিল অবাধ ধনৰ লেন-দেন। মুঠতে এতিয়াও চৰাঞ্চলত এক উদ্বেগজনক পৰিৱেশ বিৰাজমান।

বাসস্থান:

ছ’নেৰ চাল, কাইশাৰ বেৰা

ঐডাই হৈলো চৰ পাৰা।

অসমৰ চৰ-চাপৰিৰ সমাজ খনক চিনাক্তকৰণৰ ক্ষেত্ৰত এনে প্ৰভৃতিৰ ফকৰা-যোজনা সচৰাচৰ ব্যৱহৃত হোৱা দেখা যায়। সাধাৰণতে চৰ-চাপৰিৰ জনগোষ্ঠীৰ লোকে তেওঁলোকে নিৰ্মাণ কৰা ঘৰৰ চাল আৰু বেৰা ছ’ন খেৰ আৰু কহুঁৱাৰে নিৰ্মাণ কৰা দেখা যায়৷ পূৰ্বে ছ’ন খেৰ,কহুঁৱাৰে, পাটখৰি আদিৰে নিৰ্মাণ কৰিলেও আজিকালি প্ৰায়বোৰ ঘৰ টিনপাতেৰে নিৰ্মাণ হ’ব ধৰিছে। আজিৰ পৰা ৩০-৪০ বছৰ পূৰ্বে তেওঁলোকে আবাদী মাটিত মৰাপাট, ধানৰ খেতি কৰাৰ ওপৰিও ১/২ বিঘা মাটি ছন পেলাই ৰাখি তাৰ পৰা ছ’ন খেৰ (বনজাতীয় ঘাঁহ) আৰু মৰাপাটৰ খৰি ঘৰৰ বেৰা বন্ধা কামত ব্যৱহাৰ কৰি আহিছিল৷ কিন্তু সেই মান্দাকলীয়া প্ৰথা বৰ্তমান প্ৰায় বিলুপ্ত ঘটিছে।

চৰ-চাপৰিৰ অধিবাসী সকলৰ অধিকাংশ দৰিদ্ৰ সীমাৰেখাৰ বাসিন্দা হ’লেও তেওঁলোক অতিকৈ অতিথি পৰায়ণ। তেওঁলোকৰ গৃহত কোনো দূৰণি বটীয়া লোক বা আলহী আহিলে কাছাৰী বা বাংলাঘৰত থাকিব দিয়ে। পৰিয়ালৰ লোক অন্য কোনোৱে গৃহত প্ৰৱেশ কৰাৰ পূৰ্বে জাননী সূচক হিচাপে “মৃদু কাহ” বা “অমুক” ঘৰত আছেনে বুলি মাত দি প্ৰৱেশ কৰে। চৰ-চাপৰিবাসীৰ ঘৰত প্ৰবেশ কৰিব গ’লে আউলী বেৰ বা বাইৰ বেৰ অতিক্ৰম কৰি যাব লগীয়া হয়৷

জীৱিকা:

চৰ-চাপৰি বা অন্যান্য অঞ্চলত বসবাস কৰা বঙ্গীয়মূলৰ মুছলমান সকলৰ অধিকাংশই কৃষিজীৱি৷ দক্ষিণ পূব এছিয়া মহাদেশৰ ভিতৰত অতি কৰ্মঠ জনগোষ্ঠী হিচাপে স্বীকৃত বঙ্গীয়মূলৰ মুছলমান সকলে কামক ভয় নকৰে। ৰ’দ-বৰষুণ নেওচি তেওঁলোকে কাম কৰিব পাৰে,তাত দ্বিধা নাই৷ জনগোষ্ঠীটোৰ লোকে ঘৰ-বাৰী বনোৱাৰ সময়ত “পশ্চিমে বাঁশ, পূবে’ বেত, উত্তৰে পাণ-তামোল আৰু দক্ষিণে খেত” প্ৰবাদ বাক্যক অনুসৰণ কৰে।

চৰ-চাপৰিৰ জনগোষ্ঠীয় লোকে নিজৰ পালান (বাৰী )ত ৰোপন কৰা লাউ, কোমোৰা, জিকা, আলু, ভেন্দী, জলকীয়া, আদা, নহৰু, হালধি আদি খাদ্যৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰে৷ অন্যহাতে নিজ ঘৰৰ পুখুৰী, ৰাজহুৱা বিল, নদী আদিৰ মাছ খায়। তদুপৰি ঘৰতে পালন কৰা হাঁহ-কুকুৰা, ছাগলী-ভেড়া, পাৰৰ মাংস আদিও খাদ্য হিচাপে ব্যৱহাৰ কৰে৷ নিজ ঘৰৰ খৰছৰ বাবে প্ৰয়োজনীয় খিনি ৰাখি অতিৰিক্ত ধান-চাউল, শাক-পাচলি, মাছ, হাঁহ-কুকুৰা আদি হাট-বজাৰত বিক্ৰী কৰি নিজৰ অভাৱ পূৰণ কৰে অথবা ধন ৰাহি কৰে।

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বান আৰু খহনীয়া সমস্যা চৰ-চাপৰিৰ লোক সকলৰ বাবে এক অভিশাপ সদৃশ। নদীৰ খহনীয়াই আঢ্যবন্ত গৃহস্থক কঙাল দুখীলৈ ৰূপান্তৰিতকৰণৰ ধাৰা দীৰ্ঘদিনীয়া৷ নদীৰ খহনীয়াত নিজৰ ঘৰ-বাৰী, মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা লোক সকলে ক’ত আৰু কেনেকুৱা পৰিস্থিতিত থাকি জীৱিকা নিৰ্বাহ কৰি আহিছে, সেয়া অনুধাৱন কৰা উচিত।

নদীৰ খহনীয়াত সকলো হেৰুওৱা লোক সকলে অন্ন-বস্ত্ৰ-বাসস্থানৰ তাগিদাত চহৰ-নগৰলৈ গৈ ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, দিন হাজিৰা, যোগালী, শ্ৰমিক আদি কামত নিয়োজিত হ’ব লগাত পৰিছে। চহৰ নগৰৰ হোটেল-ৰেষ্টুৰেন্টত বাচন-বৰ্তন ধোৱা, দিন হাজিৰা, মিস্ত্ৰীৰ যোগালি, গেৰেজত কাম কৰা, ড্ৰাইভাৰ, হেন্দিমেন আদিত নিয়োজিতসকলক সন্দেহযুক্ত বিদেশী বুলি বা আজিকালি বাংলাদেশী বুলি ইতিকিং কৰিবলৈ কুন্ঠাবোধ নকৰে ৷

কিন্তু এচাম ভণ্ড তথাকথিত জাতীয়তাবাদী সকলৰ অপবাদ নেওঁচিও তেওঁলোক প্ৰতিদিনে সন্মুখৰ পিনে অগ্ৰসৰ হৈ গৈ আছে, ক্ৰমশঃ।

(অসমৰ মুছলমান, ঐতিহ্য তৃতীয় খণ্ড,
(স্মৃতিৰ জিলিঙনিত কেইগৰাকীমান অসমৰ মুছলমান- তৃতীয় খণ্ড)

(ধন্যবাদেৰে নুৰ আলম শ‌ইকীয়া- ISRAA)