Skip to content
  • About Us
  • Privacy Policy
  • Contact
  • ইছৰা
    • ইছৰা : পৰিচয় আৰু কৰ্মৰাজী
    • দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন
  • ভাষা
    • অসমীয়া
    • اردو
NE Peace
  • অসম
    • অসমৰ ইতিহাস
  • ইছলামিয়াত
    • আকাঈদ
    • ইবাদত
      • পাক পৱিত্ৰতা
      • নামাজ
      • ৰমজান আৰু ৰোজা (ছিয়াম)
      • জাকাত / ফিতৰা
      • হজ আৰু ওমৰা
    • মোআশ্বাৰাত
    • হালাল আৰু হাৰাম
    • মহিলা মেফিল
  • ইতিহাস
    • ইছলামৰ ইতিহাস
    • ভাৰতৰ ইতিহাস
  • নৰ্থ ইষ্ট
  • শিক্ষা আৰু কেৰিয়াৰ
    • DFC কোৰ্চৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
  • সাহিত্য চৰ্চা
    • কবিতা
  • আমাৰ ঘৰ, আমাৰ সমাজ
NE Peace
  • অসম
    • অসমৰ ইতিহাস
  • ইছলামিয়াত
    • আকাঈদ
    • ইবাদত
      • পাক পৱিত্ৰতা
      • নামাজ
      • ৰমজান আৰু ৰোজা (ছিয়াম)
      • জাকাত / ফিতৰা
      • হজ আৰু ওমৰা
    • মোআশ্বাৰাত
    • হালাল আৰু হাৰাম
    • মহিলা মেফিল
  • ইতিহাস
    • ইছলামৰ ইতিহাস
    • ভাৰতৰ ইতিহাস
  • নৰ্থ ইষ্ট
  • শিক্ষা আৰু কেৰিয়াৰ
    • DFC কোৰ্চৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
  • সাহিত্য চৰ্চা
    • কবিতা
  • আমাৰ ঘৰ, আমাৰ সমাজ

স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক কাঁচৰ সদৃশ্য

December 8, 2021June 29, 2021 by NEPeace

ওপৰোক্ত কথাষাৰ “স্বামী আৰু স্ত্ৰীৰ সম্পৰ্কক কাঁচৰ লগত তুলনা” কৰাৰ কাৰণ হ’ল আজি কালি প্ৰায়ে দাম্পত্য জীৱনত দেখা যায় অশান্তি। যাৰ ফলত বিবাহ বিচ্ছেদ। আচলতে স্বামী আৰু স্ত্ৰী হ’ল এখন কাঁচৰ সদৃশ ইয়াক আমি যিমান যত্নেৰে ৰাখিম সিমানেই টিকি থাকিব। কাঁচ এখনক দাঙিবলৈ হ’লে অতি যত্নৰে দাঙিব লাগে বা থ’বলৈ হ’লেও যত্নৰে থ’ব লাগে ঠিক তেনদৰে স্বামী আৰু স্ত্ৰীৰ মাজতো যত্ন থাকিব লাগে। কাঁচ এখন যেনেদৰে এবাৰ ভাঙিলে যোৰা লগাব নোৱাৰি ঠিক তেনেদৰে স্বামী আৰু স্ত্ৰীৰ মাজৰ সম্পৰ্কও এবাৰ ভাঙিলে আৰু যোৰা লগাব নোৱাৰি। সেয়ে স্বামী আৰু স্ত্ৰীৰ সম্পৰ্কক কাঁচৰ লগত তুলনা কৰা হৈছে।
স্বামী আৰু স্ত্ৰীৰ মাজৰ সম্পৰ্কক অতি সুন্দৰ ভাৱে ধৰি ৰাখিবলৈ কিছু গুৰুত্বপুৰ্ণ কথা তলত উল্লেখ কৰা হ’ল_

প্ৰথমে স্ত্ৰীয়ে তাইৰ স্বামীৰ কাৰণে কৰিব লগা কিছু কাম :

১.স্বামী যেতিয়া কোনো ঠাইৰ পৰা ঘৰলৈ আহে তেতিয়া স্বামীক স্বাগতম কৰাৰ কাৰণে দৰ্জাৰ সন্মুখত থিয় দিয়া আৰু স্বামীৰ হাতত যদি কোনো বস্তু থাকে তেনেহ’লে নিজ হাতলৈ নিব চেষ্টা কৰা আৰু স্বামীক কোমলভাৱে ছালাম দি আলিঙ্গন কৰা। (হাকিম আশৰাফ আলী ৰচিত পুশিদা ৰাজ)
২.সময় আৰু মেজাজ বুজি স্বামীৰ লগত প্ৰেম ভালপোৱাৰ কথা কোৱা। আৰু স্বামীৰ প্ৰশংসা কৰা আৰু তেখেতৰ লগত শ্ৰদ্ধা আৰু সন্মানসহ ব্যৱহাৰ কৰা। (মাওলানা আশৰাফ আলী থানভিৰ দ্বাৰা ৰচিত বেহেশতী জেওৰ)
৩. স্বামীৰ কাপোৰ সদায় পৰিস্কাৰ কৰি ৰাখা (স্বামীৰ কাপোৰ পৰিস্কাৰ মানেই স্ত্ৰী পৰিস্কাৰ) আৰু হাদিছত আছে পৰিস্কাৰ পৰিচ্ছিন্ন ঈমানৰ এক অঙ্গ। ৰন্ধনৰ ক্ষেত্ৰত স্বামীৰ পচন্দ অনুযায়ী নিজ হাতে বনোৱা।(আদাবুল মোয়াশৰাতৰ স্বামী স্ত্ৰীৰ মিলনবিধান)
৪. সদায় হাঁহি মুখে থকা কিয়নো স্ত্ৰীক হাঁহি থকা দেখিলে স্বামীৰ মনত আনন্দ আহে আৰু বহুত চিন্তামুক্ত হয়। ( আদাবুল মোয়াশৰাতৰ স্বামী স্ত্ৰীৰ মিলনবিধান)
৫. স্বামীৰ কাৰণে নিজকে সুসজ্জিত কৰি তুলা কিবা কাৰণত শৰীৰৰ পৰা দু্ৰ্গন্ধ ওলালে অতি সোনকালে কাপোৰ সলনি কৰি অন্য কাপোৰ পিন্ধা আৰু মাহিকীয়া হ’লেও নিজকে সুসজ্জিত কৰা। (মৌলানা আশৰাফ আলী থানভীৰ ৰহমানৰ ৰচিত বেহেশতী জেওৰ)
৬. সন্তানৰ আগত স্বামীৰ প্ৰশংসা কৰা। (আদাবুল মোআশ্বৰাত- স্বামী স্ত্ৰীৰ মিলনবিধান)
৭. নিজৰ আৰু স্বামীৰ পিতৃ মাতৃ, ভাই-ভনী আৰু আত্মীয়স্বজনৰ আগত স্বামীৰ প্ৰশংসা কৰা আৰু স্বামীৰ শ্ৰেষ্ঠত্ব সম্পৰ্কে আলোচনা কৰা। সিহঁতৰ আগত স্বামীৰ অভিযোগ কৰাৰ পৰা বিৰত থকা।(মৌলানা আশৰাফ আলী থানভি ৰহমানৰ ৰচিত বেহেশত জেওৰ)
৮. স্বামীৰ আভ্যন্তৰিন গোপন বিষয়সমূহ অনুসন্ধান কৰাৰ পৰা বিৰত থকা। কিয়নো ক্বুৰ‌আন‌ত আল্লাহে কৈছে “তুমি বেলেগৰ গোপন বিষয়ৰ পৰা বিৰত থকা’।
৯. শাহুয়েকৰ লগত ঠিক তেনকৈ ব্যৱহাৰ যেনেকুৱা স্বামীয়ে তুমি তোমাৰ মাকৰ লগত কৰাটো বিচৰা, অৰ্থাৎ সন্মানসহ ভাল ব্যৱহাৰ।
১০. স্বামীয়ে কোৱা প্ৰত্যকটো কথা গুৰুত্বসহকাৰে শুনা আৰু কথাৰ ফাঁকত প্ৰশ্ন শুধা যাতে স্বামীয়ে বুজি পায় যে তুমি তেখেতে কোৱা কথাবোৰ আগ্ৰহেৰে শুনি আছা।
১১. সদায় মনত ৰাখিবা পুৰুষৰো আবেগ অনুভূতি আছে সেইটো বিষয়ত লক্ষ্য ৰখা।
১২. স্বামীয়ে খঙেৰে কিবা ক’লে চুপকৈ শুনি থাকা আৰু পিছত যেতিয়া খং নাথাকে তেখেতক তুমিয়ো তোমাৰ খঙৰ কথা কোৱা আৰু কোনটো বিষয়ত কাৰ কেনেকৈ ভুল হ’ল আলোচনা কৰা।
১৩. নিজৰ মনৰ কথাবোৰ খোলা-খুলিকৈ কোৱা।তোমাৰ মনৰ সকলো কথা এনেয়ে বুজি পাব বা অনুমান কৰি নিব এইটো ভ্ৰম নানিবা। নিজৰ ইচ্ছা আবেগ অনুভূতিবোৰ প্ৰকাশ কৰা।
১৪. পাঁচ ওৱাক্ত নামাজ পঢ়ি দোৱা কৰা যাতে দুয়োজনৰ মাজত প্ৰেম ভালপোৱা আৰু হয়, দুয়োজনৰ মাজত যাতে চয়তানে বিৰাজ্ কৰিব নোৱাৰে। কিয়নো দুয়োজনৰ মাজত তেতিয়াই প্ৰেম ভালপোৱা হ’ব যেতিয়া আল্লাহে দিব।
১৫. কেতিয়াও বেলেগৰ স্বামীৰ লগত নিজৰ স্বামীৰ তুলনা নকৰিবা।

  তোমালোক তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিবা যেতিয়ালৈকে মুমিন নোহোৱা আৰু মুমিন তেতিয়ালৈকে হ'ব নোৱাৰিবা যেতিয়াকৈ উভয়ে উভয়ক ভাল নোপোৱা।"

স্বামীয়ে তাৰ স্ত্ৰীৰ কাৰণে কৰিবলগীয়া কিছু কাম….

১. স্বামীয়ে স্ত্ৰীৰ লগত সদায় ভাল ব্যৱহাৰ কৰা আৰু কথা কোৱাৰ সময়ত মায়া আৰু আকৰ্ষক শব্দ ব্যৱহাৰ কৰা।
২. স্ত্ৰীৰ অধিকাৰবোৰ কেতিয়াও অবহেলা কৰাৰ চেষ্টা নকৰা আৰু সম্পূৰ্ণভাৱে পূৰ্ণ কৰিবলৈ যথেষ্ট চেষ্টা কৰা।
৩. পুৰুষৰ কাম বাহিৰে বাহিৰে যদিও অন্য নাৰীৰ পৰা দূৰত্ব বজাই ৰখা আৰু নিজৰ দৃষ্টিক সংযত কৰি ৰাখি হৃদয়ক সচেতন কৰি ৰখা।
৪. নিজে নিয়মিত ইছলামৰ বিষয়ে শিকা আৰু নিজৰ স্ত্ৰীকো শিকোৱা আৰু উৎসাহ দিয়া। দুয়োজনে মিলি নামাজ আদায় কৰা আৰু ক্বুৰ‌আন তিলাওৱাত কৰা।
৫. স্ত্ৰীৰ বেয়া সময়ত সঙ্গ দিয়া।
৬. স্ত্ৰীয়ে যদি কেতিয়াবা মনত আঘাত দিয়ে তেন্তে নিজকে শান্ত ৰাখিবলৈ চেষ্টা কৰা আৰু ভাবা যে সি অনিচ্ছাকৃতভাৱে, অজানিতে আঘাত দিছে ।
৭. স্ত্ৰীৰ সৰু সৰু ভুলবোৰ আওকান কৰিবলৈ চেষ্টা কৰি ভাল কামৰ বাবে উৎসাহ দিয়া আৰু তাইৰ কামৰ কাৰণে প্ৰশংসা কৰা।
৮. ঘৰৰ কামত স্ত্ৰীক সহায় কৰা।
৯. কোনো কাৰণবশতঃ দুজনৰ মাজত কাজিয়া লাগিল, কিন্তু কথাটো যাতে ঘৰৰ বাহিৰত নাযায় তাৰ প্ৰতি যত্ন লোৱা।
১০. স্ত্ৰীক লৈ মাজে মাজে ফুৰিবলৈ যোৱা কিয়নো স্বামীৰ পৰা পোৱা অলপ সময়ে স্ত্ৰীক আনন্দ দিয়ে আৰু সম্পৰ্কও গভীৰ হয়।
১১. অন্যৰ স্ত্ৰীৰ লগত নিজৰ স্ত্ৰীক তুলনা নকৰা।

এনেকৈ নিজৰ জ্ঞান, বিবেক, বুদ্ধিৰে স্বামী আৰু স্ত্ৰীয়ে নিজৰ নিজৰ কৰিবলগীয়া কামবোৰ কৰি যায় বা মানি যায় তেনেহ’লে হয়তো স্বামী আৰু স্ত্ৰীৰ মাজত বিবাদৰ সৃষ্টি নহ’ব। তাৰ উপৰিও দুয়োজনৰ কৰিবলগীয়া আৰু বহুত কাম আছে।

ইছলামী আদৰ্শ ….

হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওৱাচ্ছাল্লামে তেখেতৰ স্ত্ৰীক বহুত ভাল পাইছিল। তেখেতৰ ভালপোৱাত নাছিল কোনো মিচাঁ কথা, নাছিল কোনো অশ্লীলতা তেখেতৰ ভালপোৱা যিমান পৱিত্ৰ আছিল সেয়া আছিল আমাৰ বাবে আদৰ্শ।
তেখেতে কৈছে “তোমালোক তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিবা যেতিয়ালৈকে মুমিন নোহোৱা আৰু মুমিন তেতিয়ালৈকে হ’ব নোৱাৰিবা যেতিয়াকৈ উভয়ে উভয়ক ভাল নোপোৱা।”
ইয়াৰ পৰা জানিব পাৰি যে ভালপোৱা ঈমানৰ এক অঙ্গ ।
হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে তেখেতৰ স্ত্ৰীক কিমান যে ভাল পাইছিল তাৰ এটা চমু উদাহৰণ হ’ল ভালপোৱা লুকাই ৰখাৰ বস্তু নহ’য় যদি সেইটো হালাল হয়।
নিজৰ স্ত্ৰীৰ প্ৰতি থকা ভালপোৱাও অন্যৰ আগত প্ৰকাশ কৰা যায়। নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে “খাদীজাৰ ভালপোৱা মোক দান কৰা হৈছে”। (মুছলিম)

কলম : আলমিনা খাতুন
গোসাইগাঁও, কোকৰাঝাৰ

Categories মহিলা মেফিল, মোআশ্বাৰাত
নামাজত মনটো কত উৰি থাকে? পৰ্ব-১
ইছলামত মদপান কিয় নিষিদ্ধ (হাৰাম)?

আপুনাৰ প্ৰশ্ন আমাৰ উত্তৰ

শেষতীয়া পস্ট

তালাক সম্পর্কিত কিছুমান ভুল-ত্রুটি

No Comments July 17, 2026
Read More »

যিসকলক আল্লাহ তাআ’লাই ভাল নাপায়

No Comments July 17, 2026
Read More »

প্ৰকৃত মুছলিম বা মু’মিন কোনসকল?

No Comments July 17, 2026
Read More »

উম্মাহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা— নিজৰ মাজৰ বিভাজন।

No Comments July 17, 2026
Read More »

মক্তবলৈ ন’গলেও হ’ব।

No Comments July 17, 2026
Read More »

Recent Comments

  1. Osman Goni on স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ
  2. Ziaur Rahman on স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ
  3. Jintu Rahman on ঐতিহাসিক ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী : কুৰআন আৰু হাদীছৰ দৃষ্টিত- এপিচড-১ | পৰ্ব-১, ২
  4. Er Maznoo Hussain on ৰাষ্ট্ৰীয় শিক্ষা দিৱস আৰু মৌলানা আবুল কালাম আজাদ – পৰ্ব-১, পৰ্ব-২
  5. Ziaur Rahman on বিজ্ঞানৰ দৃষ্টিত ৰোজা

  • About Us
  • Privacy Policy
  • Contact
  • ইছৰা
    • ইছৰা : পৰিচয় আৰু কৰ্মৰাজী
    • দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন
  • ভাষা
    • অসমীয়া
    • اردو
© 2026 NEPEACE || Developed & Maintained by Rakibul Islam