ইছলামত মদপান কিয় নিষিদ্ধ (হাৰাম)?

Share :

৪০ দিনলৈকে ইবাদত কিয় ক্ববুল নহয় ?

যুগ আধুনিক। কিবা খাব মনগলে নিজৰ ৰুমৰ পৰা মবাইলত কেইটামান শব্দ টাইপ কৰিলেই খাদ্য হাজিৰ। চাৰিওপিনে গ্লাছ লগোৱা, দামী চকী মেজ, দামী ইউনিফর্ম ধাৰণ কৰি কাষলৈ আহি নতশিৰ কৰি সেৱা কৰা দামী দামী হোটেলত কোনাবাই দৈনিক বৰ গৌৰৱ, স্ফূৰ্তিৰে আহাৰ গ্ৰহণ কৰি আছে, আন কোনোবাই এসাজ খাবলৈ সপোন দেখি আছে। মুঠতে ঘৰত হওক বা বাহিৰত এসাজ খাব পালেই একো নেভাবি নিচিন্ত হাত ভৰি ধুই আৰম্ভ হৈ যায়।
কিন্তু সেই আহাৰ, সেই খাদ্যৰ বিষয়ে কোনোবাই ভাবি চায় নে? সামগ্ৰী বা খাদ্য কৰ পৰা আহিছে? কোনে বনাইছে? কেনেকৈ বনাইছে?
হয়, বৰ্তমান সময়ত হালাল হাৰামৰ বাচ-বিচাৰ নকৰাকৈ খাদ্য গ্ৰহণ কৰা ব্যক্তিৰ সংখ্যা বেছি দেখা যায়।

হাৰাম_খাদ্য বুলিলে এনে ধৰণৰ খাদ্যক বুজোৱা হয় যিবোৰ সাধাৰণতে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু এয়া বৈজ্ঞানিক গৱেষণাৰ দ্বাৰাও প্ৰমাণিত। যাৰ বাবে খাদ্য-শস্য সৃষ্টিকর্তায়ো ক্বুৰআনত নিষেধ কৰিছে। তাৰ পৰা গুৰুত্বপূৰ্ণ হাৰাম খাদ্যটো হল, পানীয় খাদ্য ‘মদ’। নিচাযুক্ত পানীয় দ্ৰব্য মদক আধুনিক যুগত ৱাইন, কেফেইন আদি যি নামেই নিদিয়ক কিয় হাৰামেই হৈ থাকিব।

পবিত্ৰ ক্বুৰআন আল্লাহ ৰব্বুল আলামীনে কৈছে ….(ছুৰা আল-মায়িদাহ ৫:৯১)

১) মদপান শত্ৰুতা, বিদ্বেষৰ কাৰণ :

إِنَّمَا يُرِيدُ الشَّيْطَانُ أَنْ يُوقِعَ بَيْنَكُمُ الْعَدَاوَةَ وَالْبَغْضَاءَ فِي الْخَمْرِ وَالْمَيْسِرِ وَيَصُدَّكُمْ عَنْ ذِكْرِ اللَّهِ وَعَنِ الصَّلَاةِ ۖ فَهَلْ أَنْتُمْ مُنْتَهُونَ

অৰ্থ – চয়তানে তোমালোকৰ মাজত মদ আৰু জুৱাৰ দ্বাৰা শত্ৰুতা ও বিদ্বেষ সঞ্চাৰ কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৰণত লগতে ছালাতত বাধা প্ৰদান কৰিব বিচাৰে। তথাপিও তোমালোকে বিৰত নেথাকিবানে?

২) পাপেই পাপ(ক্ষতিয়েই ক্ষতি) :

۞ يَسْأَلُونَكَ عَنِ الْخَمْرِ وَالْمَيْسِرِ ۖ قُلْ فِيهِمَا إِثْمٌ كَبِيرٌ وَمَنَافِعُ لِلنَّاسِ وَإِثْمُهُمَا أَكْبَرُ مِنْ نَفْعِهِمَا ۗ وَيَسْأَلُونَكَ مَاذَا يُنْفِقُونَ قُلِ الْعَفْوَ ۗ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمُ الْآيَاتِ لَعَلَّكُمْ تَتَفَكَّرُونَ.

অৰ্থ : সিহঁতে তোমাক মদ আৰু জুৱা সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘দুয়োৰে মাজত মহাপাপ আৰু উপকাৰ দুয়োটাই আছে। কিন্তু উপকাৰতকৈ পাপ বহু গুণে ডাঙৰ’। আৰু সিহঁতে তোমাক সোধে, সিহঁতে কি ব্যয় কৰিব? কোৱা, ‘যিটো প্ৰয়োজনৰ অতিৰিক্ত’। এনেকৈয়ে আল্লাহ তাআলাই তোমালোকৰ বাবে আয়াত সমূহ, চিহ্নসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে চিন্তা-গৱেষণা কৰা।( ছূৰা বাক্বাৰাহ-২১৯)

পিছে আজিৰ দিনত জানে সকলোৱেই কিন্তু ভয়, লাজ, সংকোচৰ কোনো খাতিৰ নকৰি মদক বিভিন্ন আধুনিক নাম দি হলেও পান কৰে অধিকাংশই।

✴ মদপান কৰাৰ শাস্তি : আহক, মহানবী (ছ:)ৰ বাণীৰ পৰা জানোঁ মদপান কৰাৰ শাস্তি।

بَاب مَنْ شَرِبَ الْخَمْرَ لَمْ تُقْبَلْ لَهُ صَلَاةٌ حَدَّثَنَا عَبْدُ الرَّحْمَنِ بْنُ إِبْرَاهِيمَ الدِّمَشْقِيُّ، حَدَّثَنَا الْوَلِيدُ بْنُ مُسْلِمٍ، حَدَّثَنَا الأَوْزَاعِيُّ، عَنْ رَبِيعَةَ بْنِ يَزِيدَ، عَنِ ابْنِ الدَّيْلَمِيِّ، عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو، قَالَ قَالَ رَسُولُ اللَّهِ ـ صلى الله عليه وسلم ـ ‏
“‏ مَنْ شَرِبَ الْخَمْرَ وَسَكِرَ لَمْ تُقْبَلْ لَهُ صَلاَةٌ أَرْبَعِينَ صَبَاحًا وَإِنْ مَاتَ دَخَلَ النَّارَ فَإِنْ تَابَ تَابَ اللَّهُ عَلَيْهِ وَإِنْ عَادَ فَشَرِبَ فَسَكِرَ لَمْ تُقْبَلْ لَهُ صَلاَةٌ أَرْبَعِينَ صَبَاحًا فَإِنْ مَاتَ دَخَلَ النَّارَ فَإِنْ تَابَ تَابَ اللَّهُ عَلَيْهِ وَإِنْ عَادَ فَشَرِبَ فَسَكِرَ لَمْ تُقْبَلْ لَهُ صَلاَةٌ أَرْبَعِينَ صَبَاحًا فَإِنْ مَاتَ دَخَلَ النَّارَ فَإِنْ تَابَ تَابَ اللَّهُ عَلَيْهِ وَإِنْ عَادَ كَانَ حَقًّا عَلَى اللَّهِ أَنْ يَسْقِيَهُ مِنْ رَدْغَةِ الْخَبَالِ يَوْمَ الْقِيَامَةِ ‏”‏ ‏
.‏ قَالُوا يَا رَسُولَ اللَّهِ وَمَا رَدْغَةُ الْخَبَالِ قَالَ ‏”‏ عُصَارَةُ أَهْلِ النَّارِ ‏”‏ ‏

কোনোবাই যদি মদ পাণ কৰি নিচাগ্ৰস্থ(মাতাল)হৈ মস্তিষ্কৰ বিকৃতি হৈ যায় তেন্তে তাৰ চল্লিশ দিনলৈকে চালাত (নামাজ) ক্কবুল কৰা নহয় আৰু এনে অৱস্থাত মৃত্যু হ’লে তেওঁ জাহান্নামত যাব কিন্তু যদি সি তাওবাহ কৰে তেন্তে আল্লাহ তেওঁৰ তাওবাহ ক্কবুল কৰিব।

ইয়াৰ পিছত(তৌবাহৰ পিছত) আকৌ যদি মদপান কৰি নিচাগ্ৰস্থ (মাতাল) হয় তেনেহলে আকৌ চল্লিশ দিনৰ চালাত (নামাজ) ক্কবুল কৰা নহয় আৰু এনে অৱস্থাত মৃত্যু হ’লে জাহান্নামত যাব। কিন্তু যদি তেওঁ তাওবাহ কৰে তেন্তে আল্লাহ তেওঁৰ তাওবাহ ক্কবুল কৰিব।

ইয়াৰ পিছত আকৌ যদি মদ পাণ কৰি নিচাগ্ৰস্থ মাতাল হয় তেন্তে তাক কিয়ামতৰ দিনা ৰাদগাতুল খাবাল” (ردغة الخبال) পান কৰোৱা হ’ব। ছাহাবা সকল সুধিলে, হে আল্লাহক ৰছুল (ছ:) ৰাদগাতুল খাবাল কি? তেওঁ ক’লে :
সেইটো হ’ল জাহান্নামী সকলৰ পুঁজ। (চুনানে নাচাঈ: হাদিছ নং 5664/ চুনানো তিৰমিজী: হাদিছ- 1862/ ইবনে মাজাহ হাদিছ-3377)

✔ হাদীছ-পাঠ :


উক্ত হাদিছত বুজা গৈছে যে নামাজ কবুল নহবলৈ, মাদক দ্ৰব্যৰ সেৱনৰ ফলত নিচাগ্ৰস্ত হৈ মস্তিষ্কৰ বিকৃতি হোৱাটো নিশ্চিত হ’ব লাগিব। উক্ত হাদিছত স্পষ্টভাৱে একমাত্ৰ চালাত/নামাজ কথা কোৱা হৈছে । (আন কোনো ইবাদতৰ কথা কোৱা নাই) সেয়ে আন কোনো ইবাদত ক্কবুল নহ’ব বুলি কোৱাৰ কোনো সুযোগ নাই।উক্ত হাদিছত স্পষ্টভাৱে কোৱা হৈছে যে প্ৰথম আৰু দ্বিতীয় বাৰত শাস্তি হল – চল্লিছ দিনলৈকে নামাজ কবুল নোহোৱা আৰু ঠিকনা জাহান্নাম। কিন্তু তৃতীয় বাৰ মদপান কৰি নিচাগ্ৰস্থ/মাতাল হয় তেন্তে তাক তিনিটা শাস্তি বিহা হ’ব :


ক) চল্লিছ দিনলৈকে নামাজ কবুল নহয়।
খ) ঠিকনা জাহান্নাম।
গ) জাহান্নামত অধিক কঠিন শাস্তি হিচাপে জাহান্নামীসকলৰ পুঁজ।

✴ প্ৰশ্ন নহয়নে, ইছলামত মদপান ইমান কঠোৰভাৱে নিষিদ্ধ কিয় কৰা হৈছে আৰু শাস্তি ইমান কঠিন কিয়? ইয়াৰ অৱশ্যে প্ৰায়েই অৱগত। তথাপি এবাৰ মনত পেলাই দিয়া উত্তম হব। তলত কিছু দিশ উল্লেখ কৰা হ’ল :

মদপানৰ কিছু বাস্তৱ তথা ধ্বংসমুখী ক্ষতি :

১। মদপানৰ পিছত ছয় ঘণ্টা লৈকে এজন মানুহৰ তেজত এলকোহলৰ উপস্থিতি থাকি যায় শ্বাস-প্রশ্বাস আৰু মুত্রত উপস্থিতি থাকে ১২ ৰ পৰা ২৪ ঘণ্টা পর্যন্ত। আৰু চুলিত ইয়াৰ উপস্থিতি থাকি যায় সর্বোচ্চ ৯০ দিনলৈকে ।
২। ছয় লক্ষ মানুহৰ ওপৰত কৰা এক গবেষণাই প্ৰমাণ কৰিছে যে প্রতি সপ্তাহত ১০ ৰ পৰা ১৫ বাৰ ‘এলকোহলিক’ পানীয় পান কৰিলে এজন মানুহৰ জীৱনৰ পৰা দুই বছৰৰ আয়ু কমি যাব পাৰে।
৩। মদ বা এলকোহল পান কৰিলে মানুহৰ ৰক্তচাপ আৰু ৰক্তৰ কলেষ্ট্ৰেৰল বাঢ়ি যাব পাৰে । যাৰ ফলত মস্তিষ্কত, ৰক্ত সৰবৰাহ কৰা যিবোৰ ৰক্তনালী আছে – সেইবোৰ ক্ষতিগ্রস্ত হব পাৰে, যাৰ ফলত স্মৃতিশক্তি লোপ পাব পাৰে।
৪। অভিজ্ঞ চিকিৎসকৰ মতে, মদ কেতিয়াও শৰীৰৰ অংশ হব নোৱাৰি। ইয়াত শৰীৰৰ ৰক্ত সৃষ্টি নহয় বৰঞ্চ তেজত কেৱল এটি সাময়িক উত্তেজনা সৃষ্টি হয়। ফলত সাময়িকভাবে শক্তিৰ অনুভূত হয়। কিন্তু হঠাৎ তেজৰ উত্তেজনা, পাগলামি অনেক সময়ত মৃত্যুৰ কাৰণ হৈ পৰে।

✴ পদ/এলকহলত জৰ্জৰিত আজিৰ সমাজ :

১। আমেৰিকাৰ চৰকাৰী প্রতিষ্ঠান ‘জাষ্টিন ডিপার্টমেন্ট’ ১৯৯৬ খ্রিষ্টাব্দত এটি সমীক্ষা প্রকাশ কৰে । যাৰ পৰা জনা যায় যে , এই বছৰ আমেৰিকাত প্রতিদিন ২৭১৩ টি ধর্ষণৰ ঘটনা ঘটে আৰু ধর্ষকৰ বেছিভাগেই আছিল নিচাগ্রস্ত।
২। মদপান আৰু মাদক দ্ৰব্যৰ কাৰণত বহু পৰিয়াল বিপর্যস্ত আৰু সর্বস্বান্ত। সমাজৰ নিম্নবিত্তৰ পৰা উচ্চবিত্ত সকলো ধৰণৰ পৰিয়ালত মাদক এক ভয়াবহ ৰূপলৈ ৰূপান্তৰিত হৈছে ।
৩। মাদকৰ কাৰণে নিঃশেষ হৈ আছে হাজাৰ হাজাৰ পৰিয়াল। ৩১ জানুৱাৰি ২০১৯ চনত দেশত একটি জাতীয় পত্ৰিকাত ‘কর্ণাটকত মদ নিষিদ্ধ কৰাৰ লক্ষ্যৰে চাৰি হাজাৰ নাৰীৰ পদযাত্রা’ শীৰ্ষক শিৰোনামাত একটি খবৰ প্রকাশিত হয়।
তাত লিখা হৈছিল যে, মদ নিষিদ্ধৰ দাবিত ভাৰতৰ কর্ণাটক ৰাজ্যত ১২ দিন ধৰি চলা ২০০ কিলোমিটাৰ পদযাত্রাৰ শেষত বেঙ্গলুৰত সমাবেশ কৰিছিল মহিলাসকল । ৰাজ্যৰ প্রায় চাৰি হাজাৰ মহিলা এই পদযাত্রা আৰু সমাবেশত অংশগ্ৰহণ কৰিছিল। সকলোৰেই এটাই দাবী আছিল যে , ৰাজ্যত কোনো ধৰণৰ মদ উৎপাদন আৰু বিক্রি কৰা কৰা নহব।
৪। মদপান কৰা অশান্ত পৰিয়াল:


পত্নীক সদায় মাৰধৰ,
সদায় কাজিয়া, পেচাল
কেতিয়াবা মৃত্যুৰ মুখলৈ ঠেলি দিয়া।
অৰ্থনৈতিকভাৱে আধামৰা হৈ থকা ।
সন্তানৰ স্বাভাবিক জীবনযাত্রা বিপর্যস্ত হৈ থকা।

৫। মদপানৰ পিছত :

মদপানৰ পিছত সেই ব্যক্তিজন অজ্ঞাত হৈ পৰাত কৃত্ৰিম সাহস বৃদ্ধি পায়। আৰু ফলত,
যিকোনো গুনাহ কৰাৰ সাহস কৰিব পাৰে।
যিকোনো অন্যায় কৰি লব পাৰে।
ধৰ্ষণ, চুৰি, ডকাইতি অতি সহজ হৈ পৰে।
হত্যা, ডাঙৰ ডাঙৰ অপৰাধ সৰু হৈ পৰে।
সদায় অস্থিৰ হৈ থাকিব নোৱাৰে।
সদায় অস্বাভাৱিক কিবা ঘটোৱাৰ ভয় লাগি থাকে।

সেই বাবেই পৃথিৱীৰ কোনো ভদ্ৰ সমাজে মদপান কাৰ্যক পছন্দ নকৰে, সমৰ্থন নকৰে। আনকি মদাহীয়ে নিজেই নিবিচাৰে যে তাৰ লৰাটো বা তাৰ পৰিয়ালত কোনোবা মদ পান কৰক।

✴ সকলো মদ হাৰাম :
মদ মদেই হয়, সকলো অৱস্থাতেই হাৰাম । মদ মানেই হাৰাম আৰু ঘৃননীয়। মাদক দ্ৰব্য কম পৰিমাণে থাকক বা বেছি পৰিমাণে, আৰু নাম যিয়েই নিদিয়ে কিয় সকলো হাৰাম। ড্রিংক বহু ধৰণৰ হয়। সুবিধাৰ্থে তাৰ পৰা ইয়াত অতি প্রচলিত কেইটামান অতি চমুকৈ দাঙি ধৰা হল। :

১/ হুইস্কি: হুইস্কি ওঠত অলপ অলপকৈ অনেকক্ষণ ধৰি পান কৰিব লাগে। দামী দামী হোটেল, ৰেষ্টুৰেন্টত পোৱা যায়।

২/ ভদকা : ভদকা হল ৰাচিয়ান মদ। সাধাৰণতে কব পাৰি যে ই ৰীচিয়ান আভিজাত শ্ৰেণীৰ প্রতীক। ভদকাৰ নিচা আহে অলক পলমকৈ।

৩/ ৰাম : ৰঙৰ তাৰতম্য অনুসৰি ৰাম অনেক ধৰণৰ হয়। তাৰ মাজত ভাৰতত বেছি প্রচলিত হোৱাইট(বগা) আৰু ডার্ক(কলা) ৰাম। বগা ৰাম হল মৃদু আৰু কলা ৰাম আটাইতকৈ কাঢ়া ।

৪/ জিন : এই ড্রিংকটো ভাৰতীয়সকলৰ মাজত বেছি জনপ্রিয় নহয়। জিন ইয়াত সচৰাচৰ ককটেলত ব্যবহৃত হয়।

৫/ ৱাইন : ৰঙা আৰু বগা, দুই ধৰণৰ ৱাইন আছে। ই অলপ অলপকৈ খোৱা হয়।

৬/ বিয়েৰ : বিয়েৰ মদো ভাৰতীয়ৰ মাজত জনপ্ৰিয়। বিভিন্ন খাদ্যৰ লগত শেৱন কৰা হয়।

✍ কলম- জিয়াউৰ ৰহমান শ্বেখ।
✒ সম্পাদনা- এম ইউছুফ কাছিমী।