মূলঃ এছ্ জামান।
সঃসঃ নুৰ আলম শইকীয়া।

বিজ্ঞান যদি সত্যৰ পৰিচায়ক হয়, ধৰ্মও যদি সত্যৰ পৰিচায়ক হয় তেনেহলে নিশ্চয় বিজ্ঞানেই ধৰ্ম, ধৰ্মই বিজ্ঞান। কাৰণ সত্যৰ কোনো বিকল্প ৰূপ থাকিব নোৱাৰে। স্থুল দৃষ্টিত যদিও বাস্তৱৰ বিভিন্ন পদাৰ্থই বিভিন্ন ৰূপত প্ৰকাশিত হয়। সূক্ষ্ম দৃষ্টিত সকলোবোৰ পদাৰ্থই তাৰ সূক্ষ্মতম কণাত থকা কিছুমান ইলেক্ট্ৰন, নিউট্ৰন, প্ৰটন আদি সংখ্যাৰ এক নিৰ্দিষ্ট ক্ৰমৰ একাকাৰ বিকাশ মাত্ৰ। এক পৰম অৱস্থাৰ অবিহনে বেলেগ বেলেগ মাধ্যমত বা আপেক্ষিকতাত একে বস্তুৱে বেলেগ ৰূপ বা অৱস্থাত প্ৰকাশিত হয়। একে মাধ্যম বা একে আপেক্ষিকতা অবিহনে বেলেগ বেলেগ বস্তুৰ প্ৰকৃত অস্তিত্বৰ অনুভূতি পোৱাটো তেনেই অসাধ্য সাধন।
যদি আমি সূক্ষ্ম দৃষ্টিৰ এক পৰম অৱস্থাত ধৰ্ম আৰু বিজ্ঞানৰ অস্তিত্ব বিচাৰি আগবাঢ়ো তেনেহলে দেখা যাব যে অজ্ঞানতাৰ আউসীৰ অন্ধকাৰ ভেদ কৰি সেই অন্ধকাৰত আচ্ছাদিত হৈ থকা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য তত্ব বিচাৰি অসীম পথত তীব্ৰ গতিত গৈ থকা দুটা অনুৰুপ প্ৰজ্জলিত বন্তি মাথোন।
◼️ #বিজ্ঞানৰ_উদ্দেশ্যে :
কাৰ্য্য মাত্ৰেই কাৰণ আছে, কাৰণ মাত্ৰেই উৎস আছে, উৎস হৈছে একোটা শক্তি। শক্তিক কোনোৱেই সৃষ্টি কৰিব নোৱাৰে আৰু ধ্বংস কৰিবও নোৱাৰে। এয়েই হৈছে অগ্ৰগামী বিজ্ঞানৰ এটি স্বকীয় দিশ। বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কাৰ্য্য, কাৰণ আৰু উৎসৰ মূল হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডিক শক্তি। কাৰ্য্য, কাৰণ আৰু উৎসৰ দিশেৰে আগবাঢ়ি গৈ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ স্বৰূপ আৰু শক্তিক মানুহৰ আয়ত্বৰ ভিতৰ কৰাটোৱেই হৈছে বিজ্ঞানৰ মূল উদ্দেশ্য।
◼️ #ধৰ্মৰ_উদ্দেশ্য:
এই স্বতঃপ্ৰণোদিত বিশ্ব ব্ৰহ্মাণ্ডিক শক্তিটোৰ আধাৰৰ নামেই হৈছে “আল্লাহ”। তেৱেঁই এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা। তেৱেঁই হৈছে আকাশ আৰু পৃথিৱীৰ পোহৰ শক্তিৰ আধাৰ। বিনা শক্তিক্ষয়ত এই পোহৰ শক্তিক আন সকলো শক্তিলৈ পৰিবৰ্তিত কৰাই তেও বিশ্বব্ৰহ্মাণ্ডখন সুচাৰুৰূপে পৰিচালিত কৰি আছে। মানৱ জীৱনৰ এটি নিৰ্দিষ্ট মূল্য আছে। এই পৃথিৱীত জন্ম গ্ৰহণ কৰি কিছুমান ধন-সম্পদ বা পাৰ্থীৱ শিক্ষা আহৰণ কৰি খাই-বৈ কিছু বছৰ কটাই দি নিশ্চিত মৃত্যুৰ কৰাল গ্ৰাসত সোমাই পৰি নিজৰ অস্তিত্ব বিশ্বব্ৰহ্মাণ্ডৰ পৰা একেবাৰে নিঃশেষ হৈ যোৱা বুলি ভবাটো তেনেই অমূলক। কাৰণ আত্মা যদি শক্তি হয় তেনেহলে ই অমৰণ, অভগণ আৰু নিত্য হবই লাগিব। শক্তিৰ কোনো ধ্বংস নাই। মাত্ৰ ই এটা অৱস্থাৰ পৰা আন অৱস্থালৈ পৰিৱৰ্তন হে হ’ব পাৰে।
এই অবিনশ্বৰ মানৱ আত্মানো কি?
ই ক’ৰ পৰা আহিল?
পৃথিৱীত ইয়াৰ আগমনৰ উদ্দেশ্য কি?
পৃথিৱীৰ পৰা ই ক’লৈ প্ৰত্যাগমন কৰিব?
এই প্ৰত্যাগমনৰ বাবে কি কি পাথেয়ৰ দৰকাৰ?
প্ৰত্যাগমনৰ পিছত ই কি অৱস্থাপ্ৰাপ্ত হ’ব?
আমাৰ স্ৰষ্টানো কোন?
স্ৰষ্টাই কিয় সৃষ্টিৰ বিকাশ ঘটালে?
সৃষ্টিৰ উদ্দেশ্যনো কি?
সৃষ্টিৰ বিষয়ে গভীৰ অধ্যয়ন কৰি আমি কেনেকৈ স্ৰষ্টাৰ মহানতাৰ পৰিচয় তথা অনুভূতি পাব পাৰোঁ?
স্ৰষ্টাই সৃষ্টিত কি কৰিছে?
স্ৰষ্টাৰ প্ৰতি সৃষ্টিৰ কৰ্তব্য কি?
আৰু আমাৰ দেহৰ ভিতৰত থকা কিছুমান সূক্ষ্ম আত্মা বা অনুভূতিক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে অধ্যায়নৰ দ্বাৰা উত্থাপন কৰি সেইবোৰৰ মাধ্যমত কেনেকৈ স্ৰষ্টাৰ জ্যোতি প্ৰতিফলন কৰি অপাৰ আনন্দ আৰু ৰহস্যময় অনুভূতি লাভ কৰিব পাৰি…
ইত্যাদি ইত্যাদি স্ৰষ্টা আৰু সৃষ্টি সম্বন্ধীয় অসীম জ্ঞান আৰু অনুভূতিৰে মানৱ জীৱনক পৰিতৃপ্ত কৰাটোৱে হৈছে প্ৰকৃত ধৰ্মৰ উদ্দেশ্য।
গতিকে দেখা গ’ল যে বিজ্ঞানে আগবাঢ়িছে বিশ্বব্ৰহ্মাণ্ডৰ দেহ আৰু শক্তি বিচাৰি আৰু ধৰ্মই আগবাঢ়িছে সেই দেহৰ মাজত সুপ্ত হৈ থকা বিশ্বব্ৰহ্মাণ্ডৰ আত্মা বা অনুভূতি বিচাৰি। বিজ্ঞানে বিচাৰি ফুৰিছে সৃষ্টিক আৰু ধৰ্মই বিচাৰি ফুৰিছে স্ৰষ্টাক। স্ৰষ্টা অবিহনে সৃষ্টিৰ যেনেকৈ অস্তিত্ব নাই ঠিক তেনেদৰে সৃষ্টি অবিহনে স্ৰষ্টাৰো কোনো প্ৰকাশ নাই। আত্মাহীন দেহৰ যিদৰে মূল্য নাই তদ্ৰুপ দেহহীন আত্মাও পাৰ্থীৱ পৰিপ্ৰেক্ষিতত মূল্যহীন। দেহ- আত্মাৰ পৰিপূৰক আৰু আত্মাই দেহৰ পৰিপূৰক। ঠিক সেইদৰে বিজ্ঞানহীন ধৰ্ম আৰু ধৰ্মহীন বিজ্ঞান দুয়োটাই দেহহীন স্পন্দন, স্পন্দনহীন দেহৰ নিচিনা ক্ষণস্হায়ী আৰু ধ্বংসৰ পথৰ পথিক।
⬛ বিশ্বমানৱ আজি কোন পথত :
১৮ শ শতিকাৰ শেষভাগত বিজ্ঞান যেতিয়া ক্ষীপ্ৰগতিত উন্নতিৰ পথত আগবাঢ়িব ধৰিলে তেতিয়া কিছুমান বিজ্ঞানীয়ে কৈ উঠিছিল যে-
“ধৰ্মৰ গাজাখূৰি বেপাৰৰ পৰা আমি এতিয়া ৰক্ষা পালোঁ” ‘Now we shall discover all mysteries of the universe’
অৰ্থাৎ ‘আমি এতিয়া বিশ্বব্ৰহ্মাণ্ডৰ সকলো ৰহস্য উদঘাটন কৰিম’। কিন্তু কুৰি শতিকা পাৰ হও নহওতেই বিজ্ঞানে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ অলপ গভিৰতালৈ সোমাই ইয়াৰ জ্ঞানৰ অসীমতা দেখি ক’বলৈ বিচাৰিছে,
“we know nothing we gathering pebbles in the sea shore.”
অৰ্থাৎ “আমি একোৱেই নাজানোঁ-
(বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞানৰ সাগৰ ইমান বিশাল যে আমি সেই সাগৰৰ কাষ চাপিবই পৰা নাই) বৰং তাৰ পাৰৰ কিছুমান শিলগুটিহে বুটলি আছোঁ।”
সেয়েহে অবিশ্বাসী কিছুসংখ্যক লোকৰ বাহিৰে আজিৰ বিশ্ব-মানৱৰ দিশ পূৰ্ণ বিশ্বাস বা পূৰ্ণ অবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত নহয়- বিশ্বাস অবিশ্বাসৰ এক দোদুল্যমান অৱস্থাত ই অৱস্থিত।
⬛ দিশ নিৰ্ণয় :
”মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ, আমিও কৰিব পাৰোঁ জীৱন গঢ়িত” আদৰ্শক সৰোগত কৰি মানৱ জীৱনৰ সত্য পথ বিচাৰি কেইগৰাকীমান মহা পুৰুষৰ বাণী উল্লেখ কৰা হ’ল-
◾”ধৰ্ম এটা শোষণৰ কৌশল, আল্লাহ এটা ভূৱা” (বিজ্ঞানী মাৰ্ক্স)
◾”ধৰ্ম এক আলৌকিক জগতৰ মিছা কল্পনা মাথোন” (ফ্ৰয়েড)
◾”ধৰ্ম মানুহৰ সৃষ্টি-মানুহ ধৰ্মৰ সৃষ্টি নহয়” (ব্ৰাটণ্ড ৰাচেল)
◾”সামান্য দৰ্শন জ্ঞানে মানুহক নাস্তিকতাৰ পিনে আগবঢ়াই নিয়ে আৰু গভীৰ দৰ্শন জ্ঞানে ধৰ্মক বিশ্বাস কৰিবলৈ বাধ্য কৰায়” (ফ্ৰান্সিচ বেকান)
◾”সত্যক যদি মানুহে গভীৰভাৱে উপলব্ধি কৰিব পাৰে, তেনেহলে আল্লাহত বিশ্বাস হ’ব সুগভীৰ আৰু সুদৃঢ়” (এ,এম, উইনচেষ্টাৰ)
◾” এই যে সুন্দৰ পৰিদৃশ্যমান জগত-ইয়াৰ কোনো মূল্য নাই সপোনৰ দৰে ই এদিন নিঃশেষ হৈ যাব- ৰৈ যাব কেৱল সেই পৰম জ্ঞান আৰু পৰম সত্বা” (প্লেটো)
এতিয়া দেখা গ’ল যে মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ প্ৰকৃত দিশ বিচাৰি পোৱাটো তেনেই অসম্ভৱ। কাৰণ যাক আমি মহান পুৰুষৰ শাৰীত স্থান দিছোঁ, তেওলোকৰ কিছুসংখ্যকৰ মতে ধৰ্ম, আল্লাহ এটা ভূৱা, চলনা মাত্ৰ। আৰু কিছুসংখ্যকৰ মতে ধৰ্ম, আল্লাহ চিৰসত্য। যদি আমি মাৰ্ক্স, ফ্ৰয়েড, ব্ৰাটণ্ড ৰাচেল আদিৰ মতবাদক সত্য বুলি ধৰো, তেনেহলে ফ্ৰান্সিচ বেকান, এ, এম উইনচেষ্টাৰ, প্লেটো আদি হৈ পৰে অসত্য। আৰু যদি এওলোকৰ মতবাদক সত্য বুলি ধৰো তেনেহলে মাৰ্ক্স, ফ্ৰয়েড, ৰাচেল আদি হৈ পৰে অসত্য, মিছলীয়া আৰু পথভ্ৰষ্টকাৰী। এতিয়া আমি কাক লম, কাক থম? সেয়েহে আমাৰ দিশ নিৰ্ণয়ত আমি কোনো এজনকোপূৰ্ণভাৱে গ্ৰহণ নকৰিম। কাৰণ তেওলোকৰ কোনোৱেই ধৰ্মৰ আধ্যাত্মিকতাৰ ওপৰত গভীৰ অধ্যয়ন কৰা নাছিল।
কিছুমানে কৰিছিল বিজ্ঞানৰ ওপৰত আৰু কিছুমানে কৰিছিল সমাজবাদ আৰু সাধাৰণ দৰ্শনৰ ওপৰত। এজন লোকে কোনো এটা বিষয়ত বিদগ্ধ পণ্ডিত হলেও আন এটা গভীৰভাৱে চৰ্চা নকৰা বিষয়ত একো নজনাটো তেনেই স্বাভাৱিক। এটা দিশত পণ্ডিত বুলিয়েই সেইখিনি পাণ্ডিত্বৰে নজনা আন এটা দিশৰ ওপৰত মত পোষণ কৰাটো কেৱল যে ভ্ৰান্তমূলক তেনে নহয় ই এক বিৰাট মুৰ্খামীও। কোনো এটা বিষয়ত গভীৰ জ্ঞানাৰ্জন কৰি সেইখিনি জ্ঞানেৰে বুজিব নোৱাৰা অন্য এটা বিষয়ৰ সকলো কথাকে মিছা বুলি প্ৰতিবাদ কৰাটোও এক প্ৰকাৰৰ ভণ্ডামীয়ে নহয়নে?
#উদাহৰণ –
ধৰা হ’ল এখন জাহাজ য’ত আছিল বহুতো ডাঙৰ ডাঙৰ বৈজ্ঞানিক, সাহিত্যিক, দাৰ্শনিক, সমাজবাদী আৰু নানা বিষয়ৰ বিশেষজ্ঞ। প্ৰত্যেকেই নিজৰ নিজৰ জ্ঞানৰ ওপৰত পূৰ্ণ প্ৰতিষ্ঠিত। তাৰ তুলনাত সেই জাহাজৰ চালকজনৰ জ্ঞান আছিল তেনেই নগন্য। লাহে লাহে সাগৰত ধুমুহাৰ সৃষ্টি হ’বলৈ ধৰিলে। পৰ্বতসম সাগৰৰ ঢৌবোৰে জাহাজখনক কোবাব ধৰিলে। বিপদৰ সংকেত বাজি উঠিল। লগে লগে সকলোবোৰ পণ্ডিতে নিজৰ জ্ঞানৰ বিষয়ে বিস্মৃত হৈ জাহাজ চালকৰ মুখাপেক্ষী হৈ পৰিল জীৱন ৰক্ষাৰ বাবে। বিপদৰ পৰা বাচিবৰ উপায় চিন্তি সকলোৱে দৌৰ দিলে চালকৰ ওচৰলৈ। প্ৰশ্ন হয়ঃ তেওলোকতো বৰ জ্ঞানী ব্যক্তি আছিল তেন্তে বিপদৰ সময়ত তেওলোকতকৈ কম জ্ঞানী চালকজনৰ ওচৰলৈকে কিয় দৌৰ দিলে?
বুজা গ’ল যে সেইসময়ত তেওলোকৰ সেই জ্ঞান হৈ পৰিছিল অকৰ্মণীয়, অনাৱশ্যকীয়। সেয়েহে আমি মনত ৰখা উচিত যে যিয়ে যিদিশৰ পণ্ডিত তেওঁ সেইদিশৰহে পথপ্ৰদৰ্শক হোৱা উচিত।
অমুক এজন ইমান ডাঙৰ বৈজ্ঞানিক, তেওঁতো ধৰ্ম নামানে আমি কিয় মানিব লাগে? অমুকে ধৰ্ম বিশ্বাস নকৰে, অমুক এজন সমাজবাদী দাৰ্শনিক তেওঁ আল্লাহক ভূৱা বুলি কৈছে আমি কিয় সত্য বুলি মানিব লাগে। এনে উক্তিবোৰ মূল্যহীন, মুৰ্খামী আৰু চৰম ভণ্ডামী তুল্য।
সৌজন্যতঃ ইছলামিক ষ্টাডিজ এণ্ড ৰিচাৰ্ছ একাডেমী অসম। (ISRAA)