সময়ৰ আহ্বান-২: ইছলামত সাম্প্ৰদায়িক সম্প্ৰীতিৰ গুৰুত্ব

Share :

ইছলাম হৈছে এক সুন্দৰ জীৱন-ব্যৱস্থাৰ নাম। মুছলিম-অমুছলিম সকলোকে লগত লৈ সুন্দৰ এই বিশ্বত এখন সুন্দৰ সমাজ গঢ়ি তোলাৰ বাবে এই ইছলামৰ আছে প্ৰচুৰ পৰিমাণৰ গুণময় শক্তি। সেয়েহে ইছলামে অমুছলিমকলক কেৱলমাত্ৰ (মুছলিম দেশত) ধর্মীয় অধিকাৰ দিয়াই নহয়, বৰং তেওলোকৰ সৈতে সামাজিক অংশীদাৰী, সৌজন্যতাবোধ তথা মিলা-মিছাৰো অধিকাৰ প্ৰদান কৰিছে।

তলত তাৰে কিছু বিৱৰণ দাঙি ধৰা হ’ল—

  • অমুছলিমসকলৰ লগত উঠা-বহা


অমুছলিমসকলৰ লগত মুছলমানসকলৰ উঠাবহা কৰা বাৰ্তালাপ কৰা সম্পূৰ্ণ বৈধ। আনকি প্রয়োজনত তেওলোকক মছজিদৰ ভিতৰতো বহিবলৈ দিয়াৰ অনুমতি আছে।
প্ৰমাণ স্বৰূপে কব পাৰি যে- ‘চাক্বীফ গোত্রৰ জনৈক প্রতিনিধিৰ এটা দল ৰাছুলুল্লাহ (ছঃ)ৰ দৰবাৰত আহি হ’ল। আৰু তেওলোক আহি মছজিদৰ অন্তিম গম্বুজৰ ওচৰত অৱস্থান কৰিলে। তেতিয়া নামাজৰ সময় হৈছিল, সেয়ে দলৰ এজন লোকে কলে- হে আল্লাহৰ ৰাছুল (ছঃ) এতিয়া নামাজৰ সময় হৈছে।
কিন্তু এওলোক অমুছলিম মছজিদৰ ভিতৰত আহি বহিছেহি। তেতিয়া ৰাছুলুল্লাহ (ছঃ)য়ে কলে- অমুছলিমসকল (মছজিদত) বহাৰ বাবে জমীন নাপাক হৈ নাযায়। (মুচান্নাফ ইবনে আবি শ্বায়বা হাদিছ: ৮৫৭৬)অমুছলিম ৰোগীক সাক্ষাৎ কৰিবলৈ যোৱা।

  • অমুছলিম ৰোগীৰ খবৰ লোৱা-

অমুছলিম ৰোগীক (খবৰ লোৱাৰ উদ্দেশ্যে, শান্তনা অথবা সহায়ৰ বাবে) সাক্ষাৎ কৰিবলৈ যোৱাটো ছুন্নত। নবী কৰীম (ছঃ)য়ে নিজে অমুছলিম ৰোগীসকলক (সাক্ষাৎ) চাবলৈ গৈছিল আৰু ঈমানৰ দাৱাতো দিছিল। সময়ে সময়ে তেখেত (ছঃ)য়ে তেওঁলোকৰ (ৰোগীৰ) শুস্ৰুষাও কৰিছিল।

হজৰত আনাচ (ৰাঃ)য়ে কৈছে যে- এক ইহুদী গোলামে নবী কৰীম (ছঃ)ৰ খেদমত কৰিছিল। এদিন তেওঁ (গোলাম) অসুস্থ হোৱাত বিশ্বনবী (ছঃ)য়ে তেওক চাবলৈ গৈছিল। শুস্ৰুষা কৰাৰ পিছত তেওঁৰ মূৰৰ ফালে বহি তেওক কৈছিল, তুমি ইছলাম গ্ৰহন কৰা! তেতিয়া (গোলাম) লৰাজনে তেওঁৰ পিতাকৰ পিনে চালে। তেতিয়া পিতাকে তেওক কলে, তুমি আবুল কাছিমৰ অনুসৰণ কৰা অৰ্থাৎ তুমি ইছলাম কবুল কৰি লোৱা। ফলত লৰাজনে ইছলাম গ্রহণ কৰিলে। তেতিয়া নবী (ছঃ)য়ে এই বুলি কৈ বিদায় ললে যে- আল্লাহপাকৰ শ্বুকৰীয়া, যিয়ে (এই লৰাজনক) জাহান্নামৰ জুইৰ পৰা মুক্তি প্ৰদান কৰিলে। (বুখাৰী হাদিছ : ১২৫৬)

  • অমুছলিম মৃতকক সম্মান কৰা-

ইছলামত অমুছলিম জীৱিতৰ যেনেকৈ হক্ব আছে, তেনেকৈ অমুছলিম মৃতকৰো হক্ব আছে। তাৰ ভিতৰত যেনে- প্রয়োজন সাপেক্ষে মুছলমানসকলে অমুছলমানসকলৰ দাফন অথবা সৎকাৰ কাৰ্য্যত সহায়-সহযোগিতা আগবঢ়াব লাগিব। কিয়নো তেওলোকো শ্রেষ্ঠ মাখলুক তথা সন্মানীয় মানৱজাতিৰে অন্তর্ভুক্ত। হজৰত আব্দুৰ ৰহমান ইবনে আবি লায়লাৰ পৰা বর্ণিত আছে, চাহল ইবনে হুনাইফ আৰু কায়েচ ইবনে ছা’দ নামক ব‍্যক্তি কাদেছিয়াত বহি আছিল। তেনেসময়তে তেওলোকৰ ওচৰেদি এটা জানাজা (মূৰ্দা বা লাচ) লৈ কিছু লোক অতিক্রম কৰিলে। তেতিয়া তেওলোক দুজন থিয় হৈ গ’ল। তেতিয়া (কোনোবাই) কলে যে- এই (মূৰ্দা)জনতো মুছলিম নহয়। তেতিয়া তেওলোকে উত্তৰ দিলে- মহানবী (ছঃ)ৰ- ওচৰেৰে এদিন এটা জানাজা লৈ যোৱা হৈছিল। তেতিয়া তেখেত (ছঃ)য়েও থিয় হৈ গৈছিল। তৎক্ষণাত তেখেত (ছঃ)ক কোনোবাই কলে যে, হে আল্লাহৰ ৰাছুল এয়া এক ইহুদিৰহে জানাজা। তেতিয়া তেখেত (,ছঃ)য়ে কৈছিল- এওঁ কি জীৱ নহয়নে অৰ্থাৎ মানৱ নহয়নে? (বুখাৰী, হাদিছ : ১২১৩)

  • অমুছলিমসকলক অন্যায়ভাবে হত্যা কৰা নিষেধ-

যিসকল অমুছলিম মুছলিম দেশত ‘জিম্মী’ অৰ্থাৎঃ মুছলিম ৰাষ্ট্রৰ আইন মানি বসবাস কৰি জীৱন যাপন কৰি আছে (ইছলামৰ দৃষ্টিত) সেইসকলক কদাপিও হত্যা কৰিব পৰা নাযাব। তদ্ৰুপ যিসকলে ভিচা লৈ কোনো মুছলিম দেশলৈ যায় তেওলোককো হত্যা কৰা নাযাব। বিপৰীতে তেওলোকৰ জান-মালৰ নিৰাপত্তা প্ৰদান কৰাটোহে মুছলমানসকলৰ দৰেই অপৰিহার্য‍্য, কৰ্তব্য।
হাদিছত আহিছে যে- যি (মুছলিম) ব্যক্তিয়ে কোনো অমুছলিম নাগৰিকক অন‍্যায়ভাৱে হত্যা কৰিব, তেওঁ জান্নাতৰ সুগন্ধিও লাভ নকৰিব। (নাউজুবিল্লাহ) অথচ জান্নাতৰ সুগন্ধি ৪০ বছৰৰ ৰাস্তাৰ দূৰত্বৰ পৰাও পোৱা যায়। (বুখাৰী, হাদিছ : ৩১৬৬)

  • অমুছলিম আত্মীয়-স্বজনৰ অধিকাৰ-

সমাজবদ্ধভাৱে জীৱন যাপন কৰিবলৈ গৈ কেতিয়াবা নানান শ্রেণীৰ নানান মতৰ মানুহৰ সৈতে মুখামুখি হ’ব লগাত পৰে। মুখামুখি হ’ব লগা হয় অমুছলিমসকলৰো। গতিকে অমুছলিম ব্যক্তিও হ’ব পাৰে কেতিয়াবা কোনো মুছলিম ব‍্যক্তিৰ প্রতিৱেশী।
যদি কাৰোবাৰ প্রতিৱেশী কিংবা কোনো আত্মীয়-স্বজন অমুছলিম হয়, তেন্তে ইছলামৰ নির্দেশনা হ’ল এইযে— সেই (অমুছলিম) প্রতিৱেশী বা অমুছলিম আত্মীয়-স্বজনৰ সৈতেও ইছলামে দিয়া অধিকাৰ ৰক্ষা কৰি চলিব লাগিব।
হজৰত আচমা বিনতে আবি বকৰ (ৰাঃ)য়ে কৈছে, ৰাছুলুল্লাহ (ছঃ)ৰ যুগত মোৰ মা’ মোৰ ওচৰলৈ আহিল (তেতিয়া তেওঁ “মুশ্বৰীক” অৰ্থাৎ অমুছলিম আছিল) তেতিয়া মই ৰাছুলুল্লাহ (ছঃ)ক সুধিলোঁ যে, মোৰ মা’ আহিছে। কিন্তু তেওঁ ইছলামবিমুখ (অমুছলিম)। ইয়া ৰাছুলুল্লাহ (ছঃ) মই তেওঁৰ সৈতে আত্মীয়তা ৰক্ষা কৰিমনে? তেখেত (ছঃ)য়ে কলে, অৱশ্যেই তুমি তোমাৰ মা’ৰ সতে আত্মীয়তা ৰক্ষা কৰা। (বুখাৰী, হাদিছ : ২৬২০)

  • ইছলামৰ প্রধান লক্ষ্য আৰু উদ্দেশ্য‌ই হৈছে মানৱতাৰ কল্যাণ সাধন কৰা-

এতেকে মুছলিম আৰু অমুছলিমৰ মাজৰ বৈৰী মনোভাৱ দূৰ কৰাৰ বাবে পাৰস্পৰিক লেনদেন, মহানুভৱতা, মৰম, ভালপোৱা আৰু সম্প্ৰীতি তথা আদান-প্ৰদানত গুৰুত্ব দিবলৈ ইছলামে তাকীদ প্ৰদান কৰিছে।
কিয়নো তেতিয়াহে মানৱতাৰ বাসযোগ্য এখন সুন্দৰ পৃথিৱী গঢ় লৈ উঠাটো সম্ভৱ।

(ধন্যবাদেৰে নুৰ আলম শ‌ইকীয়া (ইচৰা-কলম)