প্ৰকৃত আজাদী

Share :

আজাদী দিৱসআজাদী দিৱসআজাদী দিৱসআজাদী দিৱসআজাদী দিৱসআজাদী দিৱসআজাদী দিৱস

৭৫তম স্বাধীনতা দিৱস পালন কৰিছো আমি ভাৰতবাসীয়ে। কালি আমাৰ দেশ পৰাধীনতাৰ পৰা মুক্ত হৈ ৭৪ বছৰ বয়ষ সম্পন্ন কৰিব। কিন্তু আজিও কিছুমান শব্দই আৰ্তনাদ কৰি আছে বন্দীত্ব আৰু গোলামিৰ শিকলিৰ পৰা আজাদী আৰু স্বাধীনতা বিচাৰি।
শব্দবোৰ গদ্য নে পদ্যৰ শিকলিৰে বন্দী কৰিলোঁ… বুজিব নোৱাৰিলো। অৱশ্যে মুক্ত কৰা আপোনাৰ দ্বায়িত্ব…..। পুনঃপ্ৰকাশ কৰিলোঁ।

❤ আজাদী ❤

অশিক্ষিতাৰ পৰা আজাদী
নিৰক্ষৰতাৰ পৰা আজাদী
উগ্ৰ জাতিবাদিৰ পৰা আজাদী
মনোবাদীৰ পৰা আজাদী
সাম্প্ৰদায়িকতাৰ পৰা আজাদী
সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা আজাদী ।
জাত পাতৰ পৰা আজাদী
একনায়কত্ববাদ পৰা আজাদী ।
মুৰ্খ নেতাৰ পৰা আজাদী ।
ধৰ্মীয় ৰাজনীতিৰ পৰা আজাদী ।
আবেগিক ৰাজনীতিৰ পৰা আজাদী।
তৈলমৰ্দন, গোলামীৰ পৰা আজাদী।
ভুক, মূকৰ পৰা আজাদী ।
অসহিষ্ণুতা, দৰিদ্ৰতাৰ পৰা আজাদী

ব্ৰাক্ষ্মণ্যবাদীৰ পৰা আজাদী।
গডছে পূজাৰীৰ পৰা আজাদী।
গণতন্ত্ৰ নাশকাৰীৰ পৰা আজাদী।
ইংৰাজ-গোলামৰ পৰা আজাদী।
গোমুত্ৰ সেৱনকাৰীৰ পৰা আজাদী।
অন্ধভক্তৰ পৰা আজাদী ।
জুমলাবাজিৰ পৰা আজাদী ।
ধৰ্মীয় আবেগৰ পৰা আজাদী ।
হিন্দুত্ববাদীৰ পৰা আজাদী ।
পুঁজিবাদীৰ পৰা আজাদী ।
ফেকুগিৰীৰ পৰা আজাদী।
ৰাষ্ট্রদ্রোহীৰ পৰা আজাদী ।
জাতিদ্ৰোহীৰ পৰা আজাদী ।
মালিয়া-মোদী কম্পেনীৰ পৰা আজাদী।

লাগিবই লাগিব আজাদী ।
অৰ্জন কৰিবই লাগিব আজাদী।
কাঢ়ি হলেও লাগিব আজাদী ।
প্ৰকৃত স্বাধীনতা, প্ৰকৃত আজাদী,
সজাগ হবই লাগিব, লক্ষ্য আজাদী।

হিংসা, দ্বেষৰ পৰা আজাদী ।
জিদ, শত্ৰুতাৰ পৰা আজাদী ।
অহংকাৰ, অহংকাৰীৰ পৰা আজাদী।
বদ-দ্বীনী, কুসংস্কাৰৰ পৰা আজাদী।
পশ্চিমীয়া সংস্কৃতিৰ পৰা আজাদী।
বিক্ৰীত মেডিয়াৰ পৰা আজাদী ।
বিকৃত চিন্তা, ধাৰণাৰ পৰা আজাদী ।
লোভ, ব্যক্তিস্বাৰ্থৰ পৰা আজাদী ।
কুচক্ৰ , ষড়যন্ত্ৰৰ পৰা আজাদী ।
নিবনুৱাৰ পৰা আজাদী ।

বিদেশী, বাংলাদেশীৰ পৰা আজাদী ।
বাংলাদেশীৰ দালালৰ পৰা আজাদী ।
বাংলাদেশীৰ চক্রান্তৰ পৰা আজাদী।
অসমীয়া-বঙালী সংঘাতৰ পৰা আজাদী।
বিভাজন ৰাজনীতিৰ পৰা আজাদী ।
অসম বিৰোধীৰ পৰা আজাদী ।

স্বাধীনতা আৰু আজাদী।
লৈয়েই এৰিম এই আজাদী।
প্ৰাপ্য আমাৰ এই আজাদী।
অধিকাৰ আমাৰ এই আজাদী।
অস্তিত্বহীন আমি , যদি নাই আজাদী।
সকলো আহক, লক্ষ্য আজাদী।
ঐক্যবদ্ধ, ঐক্যমতৰ আজাদী,
গ্ৰহণ কৰক, উদ্দেশ্য হল আজাদী।

মুক্ত কলমৰ আজাদী,
মুক্ত কণ্ঠৰ আজাদী,
মুক্ত আকাশৰ আজাদী,
মুক্ত শিক্ষা দিক্ষাৰ আজাদী,
মু্ক্ত সংবাদিকতাৰ আজাদী,
লাগিবই লাগিব, আজাদী।
অৰ্জন কৰিমেই কৰিম, আজাদী।

এক হোৱা তুমি, লক্ষ্য আজাদী।
আগুৱাই আহা, লক্ষ্য আজাদী।
বিভাজন এৰা, লক্ষ্য আজাদী।
নিস্বাৰ্থ হোৱা, লক্ষ্য আজাদী।
হিংসা ত্যাগ কৰা, লক্ষ্য আজাদী।
জাত-পাত এৰা, লক্ষ্য আজাদী।
ধৰ্ম-বৰ্ণ এৰা, লক্ষ্য আজাদী।

আকাশত লিখা, আজাদী।
পানী-মাটিত লিখা, আজাদী।
পাহাৰ পৰ্বতত লিখা, আজাদী।
নদী, গছত আঁকা , আজাদী।
ৱাল, চালত আঁকা , আজাদী।
বুকুত আঁকি লোৱা, আজাদী।
কপালত আঁকি লোৱা, আজাদী।
ঘৰে দুৱাৰে লিখা, আজাদী।
হাটে বজাৰে লিখা, আজাদী।

সৰ্বস্তৰে কোৱা, আজাদী।
উচ্চস্বৰে কোৱা, আজাদী।
ঐক্যবদ্ধ হৈ কোৱা, আজাদী।
মুখ খুলি কোৱা, আজাদী।
আৱাজ দিয়া, আজাদী।
মনে প্ৰাণে বিচৰা, আজাদী।
প্ৰাৰ্থনা কৰা, বিচাৰি আজাদী।
গাৱে ভুঞে সজাগ কৰা , বিচাৰি আজাদী।
সকলোক সজাগ কৰা, বিচাৰি আজাদী।

✍️ এম ইউছুফ তেজপুৰীয়া ।