🟥⬛🟥 মছজিদে নবৱীৰ চৌপাশে মানুহৰ অহা-যোৱাত ব্যস্ত। কোনোবাই খেজুৰ, কোনোবাই কাপোৰ, কোনোবাই খাদ্যসামগ্ৰী বিক্ৰী কৰাত নিয়োজিত। বজাৰৰ ব্যস্ততাই যেন নগৰখনক সজীৱ কৰি তুলিছে। দূৰ-দূৰণিৰ গাঁওৰ পৰাও বহু মুছলিম জুমাৰ নামাজ আদায় কৰিবলৈ মদীনালৈ আহি আছে।
ইছলামৰ দিগ্বিজয়ৰ ফলত মুছলিমৰ সংখ্যা আগতকৈ বহুগুণে বৃদ্ধি পাইছে। যি মদীনা, এসময়ত সৰু নগৰ আছিল, সেয়া এতিয়া এক ব্যস্ত ৰাজধানীত পৰিণত হ’ল।
সেই সময়ত মুছলিম জাহানৰ খলিফা আছিল হজৰত উচমান ইবন আফ্ফান (ৰাঃ)।তেওঁ জুমাৰ দিনবোৰত এটা কথা বাৰে বাৰে লক্ষ্য কৰিছিল। ইমাম মিম্বাৰত বহাৰ লগে লগে আজান দিয়া হয়, কিন্তু বহু মানুহ তেতিয়াও বজাৰত ব্যস্ত। আজান শুনাৰ পিছতহে তেওঁলোকে দোকান বন্ধ কৰি মছজিদলৈ দৌৰি আহে। ফলত কিছুমানে খুতবাৰ আৰম্ভণি হেৰুৱাই পেলায়, আনকি কিছুমানে আজান শেষ হোৱাৰ বহু পিছতহে উপস্থিত হয়।
এদিন জুমাৰ পিছত হজৰত উচমান (ৰাঃ)-য়ে বিষয়টো লৈ ছাহাবাসকলৰ সৈতে আলোচনা কৰিলে।
তেওঁ ক’লে,“মুছলিমৰ সংখ্যা এতিয়া বহুগুণে বাঢ়ি গৈছে। বহু লোকে দূৰৈৰ পৰা মছজিদে নবৱীলৈ আহে। বজাৰৰ ব্যস্ততাৰ বাবেও বহুতে সময়মতে উপস্থিত হ’ব নোৱাৰে। যদি জুমাৰ সময়ৰ কিছু আগতেই এটা অতিৰিক্ত আজান দিয়া হয়, তেন্তে মানুহে আগতীয়াকৈ সজাগ হ’ব, ব্যৱসায়-বাণিজ্য বন্ধ কৰিব আৰু সময়মতে মছজিদলৈ আহিব পাৰিব।”এই পৰামৰ্শৰ উদ্দেশ্য নতুন ইবাদত সৃষ্টি কৰা নাছিল; উদ্দেশ্য আছিল মানুহক জুমাৰ বাবে আগতীয়াকৈ প্ৰস্তুত হোৱাৰ সুযোগ দিয়া।
ছাহাবাসকলেও ইয়াক জনকল্যাণমূলক আৰু সময়োপযোগী ব্যৱস্থা বুলি সমৰ্থন কৰিলে।তাৰ পিছৰে পৰা মদীনাৰ বজাৰৰ ওচৰৰ যাওৰা নামৰ ঠাইত জুমাৰ সময়ৰ অলপ আগতেই এটা অতিৰিক্ত আজান দিয়া প্ৰথাৰ সুচনা হ’ল।
এই আজান শুনি ব্যৱসায়ীসকলে দোকান পোহাৰ বন্ধ কৰিছিল, মানুহে ওজু কৰিছিল আৰু লাহে লাহে মছজিদে নবৱীৰ ফালে আগবাঢ়িছিল।কিন্তু নবী মোহাম্মদ (চঃ)-ৰ যুগৰ মূল নিয়ম সলনি কৰা নহ’ল।ইমামে যেতিয়া মছজিদত মিম্বাৰত বহিছিল, তেতিয়াও আগৰ দৰেই আজান দিয়া হৈছিল। সেই আজানৰ পিছতেই খুতবা আৰম্ভ হৈছিল।
এইদৰে জুমাৰ দিনা দুটা আজানৰ প্ৰচলন আৰম্ভ হয়—প্ৰথমটো মানুহক আগতীয়াকৈ সজাগ কৰাৰ বাবে, আৰু দ্বিতীয়টো ইমাম মিম্বাৰত বহাৰ পিছত, যিটো নবী (চঃ)-ৰ যুগৰ পৰাই চলি অহা আজান।আজিও বিশ্বৰ অধিকাংশ মছজিদত এই পৰম্পৰা অব্যাহত আছে। প্ৰথম আজান মানুহক জুমাৰ বাবে প্ৰস্তুত হ’বলৈ সোঁৱৰাই দিয়ে, আৰু দ্বিতীয় আজান ঘোষণা কৰে যে খুতবা আৰম্ভ হ’বলৈ গৈ আছে।
🟥 শিক্ষণীয় বিষয়
✅ ইছলামে মানুহৰ সুবিধা আৰু জনকল্যাণৰ প্ৰতি গুৰুত্ব দিয়ে।
✅ সময়মতে জুমাৰ নামাজ আৰু খুতবাত উপস্থিত হোৱাটো প্ৰতিজন মুছলমানৰ দায়িত্ব।
✅ ইছলামৰ মূল ইবাদত অপৰিৱৰ্তিত ৰাখি, জনস্বাৰ্থত প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।
✅জুমাৰ আজান শুনাৰ লগে লগে দুনিয়াবী ব্যস্ততা এৰি আল্লাহৰ স্মৰণলৈ আগবাঢ়ি যোৱা উচিত।
সংগ্ৰাহকঃ বায়েজীদ বোস্তামী (গুৱাহাটী)