🟥⬛🟥 বাগদাদ নগৰীত এজন অত্যন্ত দয়ালু, ন্যায়পৰায়ণ ৰজা আছিল। তেওঁৰ ৰাজ্যত ন্যায়-নীতি আৰু জনকল্যাণেই আছিল শাসনৰ মূল ভিত্তি। প্ৰতিদিন আচৰৰ নামাজ আদায় কৰাৰ পিছত তেওঁ ৰাজপ্ৰাসাদৰ বেলকনিত বহি তাচবীহ হাতত লৈ মাগৰিবৰ আজানলৈ অপেক্ষা কৰাটো আছিল তেওঁৰ দৈনন্দিন জীৱনৰ অভ্যাস। সেই সময়খিনিত তেওঁ জিকিৰ, তাফাক্কুৰ আৰু আত্মসমালোচনাত অতিবাহিত কৰিছিল।
এদিন বেলকনিত বহি থাকোঁতে তেওঁ দূৰৈত এক অদ্ভুত দৃশ্য লক্ষ্য কৰিলে। এজন ভিক্ষাৰীয়ে এহাতে এটা শুকান ৰুটি আৰু আনটো হাতত জলকীয়া চাটনি লৈ দৌৰি দৌৰি খাই আছে। ৰুটিৰ এচপৰা কামোৰ মাৰি অলপ চাটনি লগাই মুখত ভৰাই পুনৰ দৌৰি যায়।
ৰজাই আচৰিত হৈ ভাবিলে, “মোৰ ৰাজ্যত কোনো মানুহ ভোকৰ তাড়নাত দৌৰি দৌৰি আহাৰ কৰিবলগীয়া হ’ব, সেয়া কেনেকৈ সম্ভৱ?”
তেওঁ লগে লগে সৈন্যসকলক আদেশ দিলে, “সেই মানুহজনক সন্মানসহ ৰাজদৰবাৰলৈ মাতি আনা।”
কিছু সময়ৰ পিছত ভিক্ষাৰীজন ৰাজদৰবাৰত উপস্থিত হ’ল।
ৰজাই স্নেহেৰে সুধিলে, “তই দৌৰি দৌৰি খাই আছিলি কিয়?”
ভিক্ষাৰীজন নীৰৱে মূৰ তল কৰি থাকিল। কোনো উত্তৰ নিদিলে।
ৰজাই ভাবিলে, হয়তো বহুদিন ধৰি ভালকৈ আহাৰ পোৱা নাই। তেওঁ ৰাজভঁৰালৰ উত্তম খাদ্য, সুস্বাদু ভাত, মাংস, ফল-মূল, মিঠাই আৰু বিভিন্ন ব্যঞ্জনৰ ব্যৱস্থা কৰিবলৈ আদেশ দিলে।
সকলো খাদ্য ভিক্ষাৰীজনৰ সন্মুখত সজাই দিয়া হ’ল।
কিন্তু আচৰিত কথা, তেওঁ সেইবোৰৰ এটাও মুখত নিদিলে।
ৰজাই পুনৰ সুধিলে,
“তেন্তে ক, তই কি বিচাৰ?”
ভিক্ষাৰীজনে ক’লে,
“জাহাপনা, মই যি বিচাৰিম, আপুনি সঁচাকৈ দিবনে?”
ৰজাই আত্মবিশ্বাসেৰে ক’লে,
“মই কথা দিলোঁ। মোৰ সাধ্যৰ ভিতৰত যি বিচাৰিবি, দিম।”
ভিক্ষাৰীজনে শান্ত কণ্ঠেৰে ক’লে,
“মই আপোনাৰ ৰাজমুকুট আৰু সিংহাসন বিচাৰো।”
ৰজাই নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিব নোৱাৰি। তেওঁ মূৰৰ পৰা মুকুট খুলি ভিক্ষাৰীজনৰ হাতত দিলে আৰু সিংহাসনো এৰি দিলে।
এতিয়া ভিক্ষাৰীজন হ’ল ৰজা, আৰু প্ৰকৃত ৰজা হৈ পৰিল সাধাৰণ প্ৰজা।
সিংহাসনত বহিয়েই নতুন “ৰজাই” প্ৰথম আদেশ দিলে, “এইজন এতিয়া ৰজা হৈ থকা নাই। ৰজা বৰ্তমান মই। এই মানুহজনক কাৰাগাৰত নিক্ষেপ কৰা।”
প্ৰকৃত ৰজা হতবাক হৈ গ’ল। তথাপিও আদেশ অমান্য কৰাৰ উপায় নাছিল। সৈন্যসকলে তেওঁক কাৰাগাৰত ভৰাই থলে।
খন্তেক পাছত নতুন ৰজাই আন এক আদেশ দিলে, “কাইলৈ ঠিক দুপৰীয়া বাৰ বজাত এই মানুহজনক ফাঁচি দিয়া হ’ব।”
এই আদেশ শুনি প্ৰকৃত ৰজাৰ অন্তৰ কঁপি উঠিল।
ৰীতি অনুসৰি, মৃত্যুদণ্ডপ্ৰাপ্ত ব্যক্তিৰ অন্তিম ইচ্ছাৰ কথা বিবেচনা কৰি তেওঁৰ বাবে ৰাজভঁৰালৰ সৰ্বোত্তম খাদ্যৰ ব্যৱস্থা কৰা হ’ল। নানা প্ৰকাৰৰ সু-স্বাদু আহাৰ আনি তেওঁৰ সন্মুখত ৰাখি দিয়া হ’ল।
কিন্তু তেওঁ এটাও স্পৰ্শ নকৰিলে।
পিছদিনা দুপৰীয়াৰ আগমুহূৰ্তত নতুন ৰজা, সৈন্য আৰু ফাঁচিৰ সকলো সৰঞ্জাম লৈ কাৰাগাৰত উপস্থিত হ’ল।
তেওঁ দেখিলে, আগদিনা যিদৰে খাদ্য ৰখা হৈছিল, ঠিক তেনেদৰেই পৰি আছে।
তেওঁ সুধিলে,
“ইমান সু-স্বাদু খাদ্য দিয়া হৈছিল। আপুনি একোৱেই নাখালে কিয়?”
প্ৰকৃত ৰজাই শান্ত কণ্ঠেৰে উত্তৰ দিলে,
“মোৰ সন্মুখত যে মৃত্যু অপেক্ষা কৰি আছে। অলপ পিছতেই যদি মোৰ ফাঁচি হ’ব, তেন্তে এই খাদ্য মোৰ পেটত কেনেকৈ যাব? মৃত্যুৰ চিন্তাই মোৰ সকলো ক্ষুধা শেষ কৰি দিলে।”
এই কথা শুনি নতুন ৰজাই মিচিকিয়াই হাঁহিলে।
তেওঁ লগে লগে ৰাজমুকুট খুলি প্ৰকৃত ৰজাৰ হাতত দি ক’লে,
“মহাৰাজ, এয়াই আছিল মোৰ প্ৰশ্নৰ উত্তৰ।
আপুনি এদিন মোক দেখিছিল দৌৰি দৌৰি শুকান ৰুটি আৰু অলপ জলকীয়া চাটনি খাই থাকোঁতে। আপুনি ভাবিছিল মই হয়তো ভোকত এনেদৰে খায় আছো।
কিন্তু সত্যটো সেয়া নহয়।
মই প্ৰতিটো মুহূৰ্ততে মৃত্যুক স্মৰণ কৰোঁ। এই পৃথিৱীৰ সকলো সুখ-সুবিধা মোৰ বাবে ক্ষণস্থায়ী যেন লাগে। মৃত্যুৰ ভয়ে মোৰ অন্তৰ সদায় কঁপাই ৰাখে। সেই কাৰণেই মোৰ পেটত সু-স্বাদু খাদ্য নাযায়। কোনোমতে অলপ শুকান ৰুটি খাই জীৱনটো চলাই আছোঁ।”
ৰজাই এই কথা শুনি গভীৰভাৱে প্ৰভাৱিত হ’ল। তেওঁ বুজি পালে, মৃত্যুৰ স্মৰণে মানুহৰ অন্তৰ, জীৱন আৰু দৃষ্টিভংগী সম্পূৰ্ণ সলনি কৰি দিব পাৰে।
সেইদিনাৰ পৰাই ৰজাই দুনিয়াৰ ঐশ্বৰ্যৰ প্ৰতি মোহ কমাই, আল্লাহৰ ইবাদত, ন্যায় আৰু আখিৰাতৰ প্ৰস্তুতিক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে।
✅ শিক্ষাঃ যিজন ব্যক্তিয়ে সদায় মৃত্যুক স্মৰণ কৰে, তেওঁৰ বাবে দুনিয়াৰ ভোগ-বিলাসৰ মূল্য কমি যায়। আখিৰাতৰ চিন্তাই তেওঁৰ জীৱনক সংযম, তাক্বৱা আৰু আল্লাহৰ আনুগত্যৰ ফালে পৰিচালিত কৰে।
সংগ্ৰাহকঃ বায়েজীদ বোস্তামী