শাসক নহয়, সেৱক হজৰত আবু বক্কৰ (ৰাঃ)-ৰ অদ্ভুদ কাহিনী

🟥⬛🟥 হজৰত আবু বক্কৰ চিদ্দিক (ৰাঃ) ইছলামৰ প্ৰথম খলিফা। মানুহৰ অভিযোগ শুনা, দুখ-দুৰ্দশাৰ খবৰ লোৱা, ন্যায়িক সিদ্ধান্ত লোৱা এয়া আছিল তেওঁৰ নিত্যদিনৰ কাম।

প্ৰতিদিন পুৱা ফজৰৰ নামাজ আদায় কৰি ভাৱিছিল……

“আজিৰ দিনটোত মই কাৰোবাৰ জীৱনত অলপ সহায় কৰিব পাৰিমনে?”

এই সৰল চিন্তাই তেওঁৰ জীৱনটোক সম্পূৰ্ণ সলনি কৰি দিছিল। সিংহাসনত বহি থকা এজন শাসক হোৱাৰ পিছতো তেওঁ নিজকে সাধাৰণ মানুহৰ পৰা পৃথক বুলি কেতিয়াও ভবা নাছিল।ৰাতি হ’লেই মদিনাৰ নিস্তব্ধ গলিবোৰত তেওঁ নীৰৱে ওলাই যায়—কেতিয়াবা দৰিদ্ৰৰ ঘৰত পানী থ’বলৈ, কেতিয়াবা অনাহাৰী শিশুৰ খবৰ ল’বলৈ, কেতিয়াবা কোনো বৃদ্ধৰ ঘৰৰ দুৱাৰত থিয় হৈ সহায় কৰিবলৈ।চহৰৰ এটা নিস্তব্ধ চোঁকত থাকে এগৰাকী বৃদ্ধা অন্ধ মহিলা। চকুৰ জ্যোতি নাই, যদিও জীৱনটো চলি আছিল কোনো অদৃশ্য সহায়ৰ ওপৰত।প্ৰতিদিনে কোনো অচিনাকী মানুহ তেওঁৰ বাসগৃহত উপস্থিত হয়। চুপচাপ দূৰৈৰ পৰা পানী আনে, ঘৰ ঝাড়ু দিয়ে, সৰু-সৰা কামবোৰ কৰি দিয়ে… আৰু শব্দ নকৰাকৈ আঁতৰি যায়—যেন কোনো নীৰৱ ছাঁ আহিল, কাম কৰিল, আৰু মিলি গ’ল।বৃদ্ধাগৰাকী মাজে-মাজে ভাৱে—“ই মানুহ নে কোনো আল্লাহৰ পঠোৱা দয়া?”কিন্তু………………সেই ছাঁটো প্ৰতিদিনৰ দৰে আজি নাহিল।ঘৰখন হঠাৎ খালী-খালী লাগিল।পানীৰ হাঁহাকাৰ, নীৰৱতা আৰু চিন্তাই ঘৰটো ভৰি পেলালে।বৃদ্ধাই অস্থিৰ হৈ ক’লে— “আজিকালি মোৰ সেই দয়ালু মানুহজন ক’ত হেৰাল?”ঠিক সেই সময়তে আন এজন মানুহ আহিল। তেওঁ আগৰ দৰে নীৰৱ…একেবাৰে শান্ত।একো নকয়।পানী আনে, ঘৰ ঝাড়ু দিয়ে, কাম শেষ কৰে।বৃদ্ধাই অলপ অভিমান মিহি সুৰত ক’লে— “আগতে যিজনে আহিছিল, তেওঁ যেন বেছি কোমল আছিল……………তেওঁৰ উপস্থিতিটো বেলেগ আছিল।”নতুন মানুহজনে মৃদু হাঁহি মাৰি মাথোঁ কাম কৰি থাকিল……………………একো উত্তৰ নিদিলে।দিন বাগৰিল………………সময় অতিবাহিত হ’লএদিন সত্য কথাটি বৃদ্ধাৰ কাণত পৰিল—“তোমাৰ ঘৰত যিজন মানুহে সেৱা কৰিছিল… সেইজন আছিল ইছলামৰ দ্ধিতীয় খলিফা হজৰত আবু বক্কৰ ছিদ্দীক (ৰাঃ) নিজেই।”এই কথা শুনি বৃদ্ধা যেন এক মুহূর্তত স্তব্ধ!“কি…?! গোটেই উম্মাহৰ নেতা, খলিফা… মোৰ ঘৰত পানী আনিছিল? মোৰ ঘৰৰ ঝাড়ু দিছিল?!”চকুৰ পৰা অশ্ৰু ওলাই পৰিল—এইবাৰ দুখত নহয়… বিস্ময় আৰু কৃতজ্ঞতাত।কাৰণ তেওঁ বুজি পালে—যিজনক তেওঁ কেৱল “অচিনাকী দয়ালু মানুহ” বুলি জানিছিল… সেইজনেই আছিল সিংহাসনত বহিও নীৰৱে সেৱা কৰা এক মহান হৃদয়।

✅ আচলতে…………………………………মহানতা শব্দত নহয়, পদবীত নহয়… মহানতা লুকাই থাকে নীৰৱ সেৱাত।তাৰেই এক জলন্ত উদাহৰণ খলিফা হজৰত আবু বক্কৰ চিদ্দিক (ৰাঃ)।

সংগ্ৰাহকঃ বায়েজীদ বোস্তামী

Leave a Comment