মহৰম আৰু আশুৰাৰ বিষয়ে জানিবলগীয়া কিছুমান কথা।

মহৰম মাহৰ মহত্ব

নিশ্চয় আল্লাহৰ ওচৰত মাহৰ সংখ্যা বাৰটা মাহ — যিদিনা তেওঁ আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছিল সেই দিনা আল্লাহৰ কিতাপত লিখা আছে। তাৰ ভিতৰত চাৰিটা সন্মানিত মাহ। (ছুৰা তৌবাহ, আয়াতঃ ৩৬)

বৰ্তমান মহৰম মাহ চলি আছে। যদিওবা বছৰৰ বাৰ মাহ আৰু প্ৰত্যেক মাহৰ ৩০ দিন আল্লাহৰ সৃষ্ট। কিন্তু মহান আল্লাহে কিছুসংখ্যক দিনক নিজৰ বিশেষ অনুগ্ৰহ আৰু মৰ্যাদাৰে গোটেই বছৰৰ অন্য দিনবোৰতকৈ বিশেষ ফজিলত দান কৰিছে। আৰু উক্ত দিনবোৰত কিছুমান বিশেষ বিধান নিৰ্ধাৰণ কৰি দিছে। মহৰম মাহো তেনেকুৱা এটা মাহ যাক কুৰআনে সন্মানিত মাহ বুলি ঘোষণা কৰিছে।

আশুৰাৰ ৰোজা

বিশেষকৈ মহৰমৰ দহ তাৰিখক যাক সাধাৰণতে ‘আশুৰা’ বুলি কোৱা হয়, যাৰ অৰ্থ হ’ল ‘দশম দিন’। এই দিনটো আল্লাহ তাআলাৰ বিশেষ ৰহমত আৰু বৰকতৰ অধিকাৰী। যেতিয়ালৈকে ৰমজানৰ ৰোজা ফৰজ হোৱা নাছিল, তেতিয়ালৈকে আশুৰাৰ ৰোজা ৰখাটো মুছলমানসকলৰ ওপৰত ফৰজ কৰি দিয়া হৈছিল। পিছত যেতিয়া ৰমজানৰ ৰোজা ফৰজ হ’ল, তেতিয়া আশুৰাৰ ৰোজাৰ বাধ্যবাধকতা ৰহিত হৈ গ’ল।কিন্তু হুজুৰ আকদাছ ﷺ এ আশুৰাৰ দিনা ৰোজা ৰখাটোক ছুন্নত আৰু মুস্তাহাব বুলি ঘোষণা কৰি দিলে। এটা হাদীছত হুজুৰ আকদাছ ﷺ এ ইৰশ্বাদ ফৰমাইছেঃ মই আল্লাহৰ ৰহমতৰ পৰা আশা কৰোঁ যে যি ব্যক্তিয়ে আশুৰাৰ দিনা ৰোজা ৰাখিব, তাৰ আগৰ এবছৰৰ গুনাহৰ কাফ্ফাৰা হৈ যাব। হুজুৰ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে আশুৰাৰ ৰোজাৰ ইমান ডাঙৰ ফজিলত বৰ্ণনা কৰিলে।

আশুৰাৰ দিন এটা পৱিত্ৰ দিন

কিছুমান মানুহে ভাবে যে আশুৰাৰ দিনৰ ফজিলতৰ কাৰণ হ’ল — এই দিনটোত নবী কৰীম ﷺ ৰ নাতি হজৰত হুছাইন (ৰাঃ) শ্বাহাদতৰ ঘটনা সংঘটিত হৈছিল কাৰণে আশুৰাৰ দিন পৱিত্ৰ আৰু সন্মানিত হৈছে। এই কথা শুদ্ধ নহয়। কাৰণ স্বয়ং হুজুৰ আকদাছ ﷺ ৰ নিজৰ মুবাৰক যুগতেই আশুৰাৰ দিনক সন্মানিত বুলি গণ্য কৰা হৈছিল। আৰু বিশ্বনবী ﷺ এ ইয়াৰ বিষয়ে বিধান বৰ্ণনা কৰিছিল। পৱিত্ৰ কুৰআনেও এই মাহৰ সন্মানৰ ঘোষণা কৰিছিল। আনহাতে হজৰত হুছাইন (ৰাঃ) ৰ শ্বাহাদতৰ ঘটনা হুজুৰ আকদাছ ﷺ ৰ ওফাতৰ প্ৰায় ৫০ বছৰ পিছত সংঘটিত হৈছিল। গতিকে এইটো শুদ্ধ নহয় যে আশুৰাৰ সন্মান এই ঘটনাৰ কাৰণে হৈছে। বৰং হজৰত হুছাইন (ৰাঃ) ৰ শ্বাহাদতৰ ঘটনা এই দিনটোত সংঘটিত হোৱাটোৱে তেওঁৰ মৰ্যাদা আৰু ফজিলতৰ দলীল। কাৰণ আল্লাহ তাআলাই তেওঁক শ্বাহাদতৰ মৰ্যাদা সেই দিনটোত প্ৰদান কৰিলে যিটো দিন আগৰে পৰা পৱিত্ৰ আৰু সন্মানিত হৈ আহিছিল। যি কি নহওক! আশুৰাৰ দিন এটা পৱিত্ৰ দিন।

এই দিনটোৰ ফজিলতৰ কাৰণসমূহ

এই দিনটো পৱিত্ৰ হোৱাৰ কাৰণ আল্লাহ তাআলাইহে ভালকৈ জানে। আল্লাহ তাআলাই এই দিনটোক আন দিনবোৰৰ তুলনাত কি ফজিলত দিছে আৰু এই দিনটোৰ কি মৰ্যাদা ৰাখিছে তাকো আল্লাহ তাআলাইহে ভালকৈ জানে। এই বিষয়ে গৱেষণা কৰাৰ আমাৰ প্ৰয়োজন নাই। কিছুমান মানুহৰ মাজত এই কথা প্ৰসিদ্ধ যে – হজৰত আদম (আঃ)ক দুনিয়াত অৱতৰণ কৰোৱাৰ দিনাখন আশুৰাৰ দিন আছিল। যিদিনাখন হজৰত নুহ (আঃ)ৰ নাওখন মহাপ্লাৱনৰ পিছত স্থলভাগত থিতাপি লৈছিল, সিদিনা আশুৰাৰ দিন আছিল। যেতিয়া হজৰত ইব্ৰাহীম (আঃ)ক জুইত পেলোৱা হৈছিল আৰু আল্লাহে সেই জুইক তেওঁৰ বাবে শীতল আৰু শান্তিময় কৰি দিছিল, সেইদিনা আশুৰাৰ দিন আছিল। আৰু কিয়ামতো আশুৰাৰ দিনাই সংঘটিত হ’ব। এই কথাবোৰ মানুহৰ মাজত প্ৰসিদ্ধ। কিন্তু এইবোৰৰ কোনো ভিত্তি আৰু মূল নাই। এনেকুৱা কোনো ছহীহ ৰিৱায়ত (বিশুদ্ধ বৰ্ণনা ) নাই যিয়ে বৰ্ণনা কৰিব যে এই ঘটনাবোৰ আশুৰাৰ দিনটোতে সংঘটিত হৈছিল।

মুছা আলাইহিছ ছালাম ফিৰাউনৰ পৰা মুক্তি পালে

মাত্ৰ এটা বৰ্ণনাত আছে যে, হজৰত মুছা (আঃ) আৰু ফিৰাউনৰ প্ৰতিদ্বন্দিতা হ’ল আৰু মুছা (আঃ) সাগৰৰ পাৰত উপস্থিত হ’ল আৰু পিছফালৰ পৰা ফিৰাউনৰ বাহিনী আহি ওলালহি। তেতিয়া আল্লাহ তাআ’লাই মুছা (আঃ) ক তেওঁৰ লাঠিৰে সমুদ্ৰৰ পানীত আঘাত কৰিবলৈ আদেশ কৰিলে। ফলত সমুদ্ৰৰ বুকুত বাৰটাকৈ ৰাস্তাৰ সৃষ্টি হ’ল। আৰু সেই ৰাস্তাৰে মুছা (আঃ) ৰ অনুসাৰীসকল সমুদ্ৰ পাৰ হৈ আনটো কাষত গৈ উপস্থিত হ’ল আৰু যেতিয়া ফিৰাউন সমুদ্ৰৰ পাৰত উপস্থিত হৈ সমুদ্ৰত শুকান ৰাস্তা দেখিবলৈ পালে তেতিয়া তেঁৱো সমুদ্ৰৰ বুকুত ভৰি দিলে। কিন্তু যেতিয়া ফিৰাউন বাহিনী সমুদ্ৰৰ মাজভাগ পালে তেতিয়া সমুদ্ৰৰ পানী দুই ফালৰ পৰা মিলি গ’ল ফলত ফিৰাউন আৰু তেওঁৰ সমস্ত বাহিনী ডুবি গ’ল। এই ঘটনা আশুৰা অৰ্থাৎ মহৰমৰ ১০ তাৰিখে সংঘটিত হৈছিল। এই সম্বন্ধে এটি বৰ্ণনা পোৱা যায় যিটো তুলনামূলকভাৱে শক্তিশালী বৰ্ণনা। কিন্তু ইয়াৰ বাহিৰে আন যিবোৰ ঘটনা আশুৰাৰ দিনাখন সংঘটিত হোৱা বুলি প্ৰসিদ্ধ আছে সেইবোৰৰ কোনো ভিত্তি নাই।

ফজিলতৰ কাৰণ বিচৰাৰ দৰকাৰ নাই

পূৰ্বেও মই উল্লেখ কৰিছো যে এই দিনটোক আল্লাহ তাআ’লাই কিয় ফজিলতপূৰ্ণ বুলি ঘোষণা কৰিছ তাৰ কাৰণ উদ্ঘাটন কৰাৰ দৰকাৰ নাই। বৰং এইবোৰ আল্লাহ তাআ’লাৰ সৃষ্ট দিন। তেওঁ যিবোৰ দিনক বিচাৰে নিজ ৰহমত আৰু বৰকতৰ অৱতৰণৰ বাবে বাছনি কৰে। তেঁৱেই ইয়াৰ হিকমত আৰু প্ৰকৃত ৰহস্যৰ বিষয়ে অধিক জানে। আমি/আপোনালোকৰ বোধৰ ওপৰৰ কথা। এই কাৰণে ইয়াৰ পিছত লাগি থকাৰ অৰ্থ নাই।

এই দিনটোত ছুন্নতৰ কাম কৰা

অৱশ্যে এয়া ক’বই লাগিব যে যেতিয়া আল্লাহ তাআ’লাই উক্ত দিনক নিজ ৰহমত আৰু বৰকতৰ অৱতৰণৰ বাবে বাছনি কৰি লৈছে গতিকে তাৰ মৰ্যাদা হ’ল উক্ত দিনক সেই কামৰ বাবে নিৰ্বাচন কৰি ল’ব লাগে যি কাম নবী কৰীম ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামৰ ছুন্নতৰ দ্বাৰা প্ৰমাণিত। ছুন্নত হিচাপে উক্ত দিনা কেৱল এটা বস্তুৰ হুকুম কৰা হৈছে আৰু সেইটো হৈছে ৰোজা ৰখা। এটা হাদীছত ৰাছুল ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে কৈছেঃ উক্ত দিনা ৰোজা ৰাখিলে বিগত এবছৰৰ (ছগীৰা) গুনাহ মাফ হৈ যাব। মাত্ৰ এই এটাই ছুন্নত। আল্লাহ তাআ’লাই আমাক ৰোজা ৰখাৰ তৌফিক দান কৰক।

ইহুদীসকলৰ লগত সাদৃশ্য অৱলম্বনৰ পৰা বিৰত থকা
ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল, ৰাছুলুল্লাহ ﷺ ৰ জীৱনত যেতিয়াই আশুৰাৰ দিন আহিছিল তেতিয়াই তেখেতে ৰোজা ৰাখিছিল। কিন্তু মৃত্যুৰ পূৰ্বে আশুৰাৰ ৰোজা ৰাখিলে আৰু ঘোষণা কৰিলে যে, দহ মহৰমত আমিও ৰোজা ৰাখো আৰু ইহুদীসকলেও ৰোজা ৰাখে। আৰু ইহুদীসকলৰ ৰোজা ৰখাৰ কাৰণ হ’ল উক্ত দিনা যিহেতু আল্লাহ তাআ’লাই হজৰত মুছা আলাইহিছ ছালামৰ মাধ্যমত বনী ইছৰাইলক ফিৰাউনৰ পৰা উদ্ধাৰ কৰিছিল, তাৰ শুকৰিয়া হিচাপে ইহুদীসকলে উক্ত দিনৰ ৰোজা ৰাখিছিল। যিয়েই নহওঁক হুজুৰ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে ক’লেঃ আমিও সেই দিনাৰ ৰোজা ৰাখো আৰু ইহুদীসকলেও ৰোজা ৰাখে। যাৰ ফলত তেওঁলোকৰ লগত সামান্য পৰিমাণে সাদৃশ্য হৈ যায়। সেয়ে যদি মই অহা বছৰলৈকে জীৱিত থাকো তেনেহ’লে কেৱল আশুৰাৰ ৰোজা নাৰাখো, বৰং তাৰ লগত আৰু এটা ৰোজা ৰাখিম অৰ্থাৎ ৯ মহৰমৰ ৰোজা ৰাখিম, যাতে ইহুদীসকলৰ লগত সাদৃশ্য বাকী নাথাকে।

এটাৰ ঠাইত দুটা ৰোজা ৰাখিব লাগে

কিন্তু অহা বছৰ আশুৰাৰ দিন অহাৰ আগতেই ৰাছুলুল্লাহ ﷺ ৰ ইহকালৰ ভ্ৰমণৰ অন্ত পৰি গ’ল আৰু তেওঁ ﷺ ইয়াৰ ওপৰত আমল কৰাৰ সুযোগ নাপালে। কিন্তু যিহেতু ৰাছুলুল্লাহ ﷺ এ এই কথাটো ইৰশাদ ফৰমাই দিছিল, সেইবাবে ছাহাবীসকলে কথাটোক আশুৰাৰ ৰোজাৰ ক্ষেত্ৰত গুৰুত্ব দিলে আৰু ৯ অথবা ১১ মহৰমতো ৰোজা ৰাখিলে আৰু ইয়াক মুস্তাহাব বুলি গণ্য কৰিলে। আৰু কেৱল আশুৰাৰ ৰোজা ৰখাটোক হুজুৰ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামৰ উক্ত ইৰশাদৰ ভিত্তিত মাকৰূহ তানজীহী অৰ্থাৎ অনুত্তম বুলি সাব্যস্ত কৰিলে। অৰ্থাৎ যদি কোনোবাই কেৱল আশুৰাৰ ৰোজা ৰাখে তেন্তে গুনাহ নহ’ব, বৰং তেওঁ আশুৰাৰ দিনৰ ৰোজাৰ ছোৱাব পাব। কিন্তু যিহেতু হুজুৰ ﷺ ৰ ইচ্ছা আছিল দুটা ৰোজা ৰখাৰ, সেয়ে হুজুৰ ﷺ ৰ ইচ্ছা পূৰণৰ বাবে উত্তম পন্থা হ’ল, এটা ৰোজা মিলাই দুটা ৰোজা ৰখা হওক।

ঈবাদততো সাদৃশ্য নকৰিব

ৰাছুলুল্লাহ ﷺ ৰ এই ইৰশাদত আমাৰ বাবে এটা শিক্ষা আছে। সেয়া হ’ল যে, অমুছলিমসকলৰ লগত সামান্যতম সাদৃশ্যও ৰাছুলুল্লাহ ﷺ এ পছন্দ কৰা নাছিল। অথচ সেই সাদৃশ্য কোনো বেয়া বা নাজায়েজ কামত নাছিল, বৰং এটা ঈবাদতত আছিল — যিটো ঈবাদত সিহঁতে কৰে, সেই একে দিনা আমিও সেই একে ঈবাদতেই কৰোঁ। তথাপিও হুজুৰ ﷺ এ ইয়াকো পছন্দ কৰা নাছিল। কিয়? কাৰণ আল্লাহ তাআলাই মুছলমানসকলক যিটো দ্বীন অৰ্থাৎ ধৰ্ম প্ৰদান কৰিছে, সেইটো সমস্ত ধৰ্মতকৈ পৃথক, স্বতন্ত্ৰ আৰু সকলো ধৰ্মৰ ওপৰত শ্ৰেষ্ঠত্ব ৰাখে। সেয়ে এজন মুছলমানৰ বাহ্যিক ৰূপ আৰু আভ্যন্তৰীণ চৰিত্ৰও অমুছলিমৰ পৰা পৃথক হ’ব লাগে। তেওঁৰ চাল-চলন, তেওঁৰ ৰীতি-নীতি, তেওঁৰ বেশ-ভূষা, তেওঁৰ সাজ-সজ্জা, তেওঁৰ চৰিত্ৰ, তেওঁৰ উপাসনা, তেওঁৰ আমল ইত্যাদি — মুঠ কথা সকলো অমুছলিমতকৈ পৃথক হ’ব লাগে। হাদীছত এনে বহু হুকুম আহিছে যিবোৰত ৰাছুলুল্লাহ ﷺ এ অমুছলিমসকলৰ পৰা পৃথক পদ্ধতি অৱলম্বন কৰিবলৈ আদেশ দিছে। যেনেঃ خَالِفُوا الْمُشْرِكِين (ছহীহ বুখাৰী, কিতাবুল লিবাছ)
অৰ্থঃ মুশ্বৰিকসকলৰ অৰ্থাৎ যিসকলে আল্লাহ তাআ’লাৰ সৈতে অংশী স্হাপন কৰে, নিজৰ বাহ্যিক আৰু আভ্যন্তৰীণ অৱস্থা তেওঁলোকৰ পৰা পৃথক ৰখা।

সাদৃশ্য অৱলম্বন কৰাজন তেওঁলোকৰে এজন

যেতিয়া ঈবাদত আৰু নেকীৰ কামতো নবী কৰীম ﷺ এ সাদৃশ্য পছন্দ কৰা নাছিল, তেন্তে আন কামত যদি মুছলমানে তেওঁলোকৰ সাদৃশ্য অৱলম্বন কৰে, তেন্তে সেয়া কিমান বেয়া কথা হ’ব! যদি এই সাদৃশ্য জানি-বুজি এই উদ্দেশ্যেৰে অৱলম্বন কৰা হয় যাতে মোক তেওঁলোকৰ দৰে দেখা যায়, তেন্তে এয়া ডাঙৰ গুনাহ। ৰাছুলুল্লাহ ﷺ এ ইৰশাদ ফৰমাইছেঃ
مَنْ تَشَبَّهَ بِقَوْمٍ فَهُوَ مِنْهُم (আবু দাউদ, কিতাবুল লিবাছ)
অৰ্থঃ যিয়ে কোনো জাতিৰ লগত সাদৃশ্য অৱলম্বন কৰে, তেওঁ সেই জাতিৰে অন্তৰ্ভুক্ত।
উদাহৰণ স্বৰূপে, যদি কোনো ব্যক্তিয়ে ইংৰাজৰ পদ্ধতি এই কাৰণে গ্ৰহণ কৰে যাতে দেখাত তেওঁ ইংৰাজৰ দৰে হয়, তেন্তে এয়া ডাঙৰ গুনাহ। কিন্তু যদি অন্তৰত এই নিয়ত নাথাকে যে, মোক তেওঁলোকৰ দৰে দেখা যায়, বৰং কেৱল সাদৃশ্য হৈ যায়, তথাপিতো ই মাকৰূহ হোৱাটো নিশ্চিত।

অমুছলিমসকলৰ অনুকৰণ এৰি দিয়া

বৰ দুখৰ কথা যে আজি মুছলমানসকলৰ মনত আল্লাহৰ এই হুকুমৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই। আমাৰ কাম-কাজ, পোছাক-পৰিচ্ছদ, উঠা-বহাৰ ধৰণ, খোৱা-পিয়াৰ তৰীকা — জীৱনৰ প্ৰতিটো কামতে আমি অমুছলিমসকলৰ সাদৃশ্য অৱলম্বন কৰি লৈছো। তেওঁলোকৰ দৰেই কাপোৰ পিন্ধো, তেওঁলোকৰ দৰেই জীৱন-যাপন কৰো, তেওঁলোকৰ দৰেই খাদ্য গ্ৰহণ কৰো, তেওঁলোকৰ দৰেই উঠা-বহা কৰো। জীৱনৰ প্ৰতিটো কামতে আমি তেওঁলোকৰ অনুকৰণক এটা ‘ফেশ্বন’ বনাই লৈছো। আপুনি চিন্তা কৰক — আশ্বুৰাৰ দিনা ৰোজা ৰখাত ইহুদীসকলৰ সাদৃশ্য হোৱাত ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে তাক পছন্দ কৰা নাছিল। ইয়াৰ পৰা আমি এই শিক্ষা পাওঁ যে জীৱনৰ অন্য ক্ষেত্ৰতো অমুছলিমসকলৰ অনুকৰণ কৰাটো আল্লাহৰ বাবে এৰি দিয়া উচিত। আৰু ৰাছুলুল্লাহ ﷺ আৰু ছাহাবায়ে কেৰাম ৰাজিয়াল্লাহু তাআ’লা আনহুম আজমাইনৰ তৰীকাক অনুকৰণ কৰা উচিত। সেই মানুহবোৰক অনুকৰণ নকৰিবা, যিসকলে দিনে-ৰাতি তোমাৰ ওপৰত জুলুম কৰে আৰু তোমাক তোমাৰ মানৱ অধিকাৰ দিবলৈ সাজু নহয়। তেওঁলোকক অনুকৰণ কৰি শেষত কি পাবা? দুনিয়াত অপমান আৰু আখিৰাততো লাঞ্ছনা। আল্লাহ তাআ’লাই প্ৰতিটো মুছলিমক ইয়াৰ পৰা ৰক্ষা কৰক। আমীন।
আশ্বুৰাৰ দিনা অইন কোনো আমল প্ৰমাণিত নহয়

যিয়েই নহওঁক, এই অনুকৰণৰ পৰা বাচি আশ্বুৰাৰ ৰোজা ৰখাটো এটা ডাঙৰ ফজিলতৰ কাম। আশ্বুৰাৰ দিনা ৰোজা ৰখাৰ হুকুমটো সত্য, কিন্তু ৰোজাৰ বাহিৰে আশ্বুৰাৰ দিনাখন মানুহে আন যিবোৰ কাম কৰি আহিছে কুৰআন মজীদ আৰু ছুন্নতত সেইবোৰৰ কোনো ভিত্তি নাই। উদাহৰণস্বৰূপে কিছুমানৰ ধাৰণা যে আশ্বুৰাৰ দিনা খিচিৰি ৰন্ধা জৰুৰী, যদি খিচিৰি ৰন্ধা নহয় তেনেহ’লে আশ্বুৰাৰ ফজিলতেই পোৱা নাযায়। এনে ধৰণৰ কোনো কথা হুজুৰ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে কোৱা নাই আৰু ছাহাবায়ে কেৰাম, তাবিঈন আৰু বুজুৰ্গানে দ্বীনসকলেও এনে আমল কৰা নাই। শতিকাযুৰি এই আমলৰ কোনো অস্তিত্ব খুজি পোৱা নাযায়।

আশ্বুৰাৰ দিনা ঘৰৰ লোকৰ বাবে খৰচত প্ৰশস্ততা কৰা

এটা জইফ অৰ্থাৎ দুৰ্বল হাদীছ আছে। যিটো সিমান মজবুত অৰ্থাৎ শক্তিশালী নহয়। সেই হাদীছত ৰাছুলুল্লাহ ﷺ ৰ এই ইৰশ্বাদ বৰ্ণিত আছে যে, “যি ব্যক্তিয়ে আশ্বুৰাৰ দিনা নিজৰ ঘৰৰ লোক আৰু অধীনস্হসকলৰ ওপৰত— যেনে পত্নী, সন্তান, ঘৰৰ চাকৰ-বাকৰ আদিৰ ওপৰত সাধাৰণ দিনতকৈ ভাল আৰু উত্তম খাদ্য খুৱায় আৰু খৰচত প্ৰশস্ততা কৰে, তেন্তে আল্লাহ তাআ’লাই সেই বছৰটোৰ ৰিজিকত বৰকত দান কৰে।” এই হাদীছ যদিওবা ছনদ অৰ্থাৎ সূত্ৰৰ দৃষ্টিত মজবুত নহয়, কিন্তু যদি কোনো ব্যক্তিয়ে ইয়াৰ ওপৰত আমল কৰে তেন্তে কোনো পাপ নাই। বৰং আল্লাহ তাআ’লাৰ ৰহমতৰ পৰা আশা কৰিব পাৰি যে এই আমলৰ বাবে যি ফজিলত বৰ্ণনা কৰা হৈছে, সেইটো ইনশ্বাআল্লাহ তেওঁ পাব। গতিকে এই দিনা ঘৰৰ লোকৰ খোৱাত প্ৰশস্ততা কৰাটো ভাল, কিন্তু ইয়াৰ বাহিৰে মানুহে যিবোৰ বস্তু নিজৰ ফালৰ পৰা বনাই লৈছে, সেইবোৰৰ কোনো মূল আৰু ভিত্তি নাই।

পাপ কৰি নিজৰ ওপৰত জুলুম নকৰিবা

কোৰআন কৰীমত য’ত সন্মানীয় মাহসমূহৰ উল্লেখ কৰা হৈছে, সেই ঠাইত এটা অতি সুন্দৰ বাক্য ইৰশ্বাদ কৰা হৈছে যেঃ فَلَا تَظْلِمُوْا فِيْهِنَّ اَنْفُسَكُمْ (ছুৰা তৌবাহ, আয়াত ৩৬)
অৰ্থঃ এই সন্মানীয় মাহসমূহত তোমালোকে নিজৰ ওপৰত জুলুম নকৰিবা। ইয়াৰ ব্যাখ্যা হ’ল এই মাহসমূহত পাপৰ পৰা, বিদাত আৰু নিষিদ্ধ কৰ্মৰ পৰা বাচি থাকা। কাৰণ আল্লাহ তাআ’লাই গাইবৰ জ্ঞান ৰাখে। তেওঁ জানে যে এই সন্মানীয় মাহসমূহত মানুহে নিজৰ ওপৰত জুলুম কৰিব আৰু নিজৰ ফালৰ পৰা ঈবাদতৰ নতুন তৰীকা সৃষ্টি কৰি সেইবোৰৰ ওপৰত আমল কৰা আৰম্ভ কৰিব। সেয়ে আল্লাহে কৈছেঃ “নিজৰ ওপৰত জুলুম নকৰিবা।”

আনৰ মজলিছত অংশগ্ৰহণ নকৰিবা

শ্বিয়া সম্প্ৰদায়ৰ মানুহে এই মাহত যিবোৰ কাম কৰে, সেয়া তেওঁলোকৰ মাজহাব অনুসৰি কৰে। কিন্তু বহুতো আহলে ছুন্নতৰ মানুহেও এনে মাতমৰ মজলিছত আৰু তেওঁলোকৰ সেইবোৰ কামত অংশগ্ৰহণ কৰে, যিবোৰ বিদাত আৰু নিষিদ্ধ কৰ্মৰ আওতাত পৰে। কোৰআন কৰীমে স্পষ্টভাৱে হুকুম দিছে যে এই মাহসমূহত নিজৰ ওপৰত জুলুম নকৰিবা। বৰং এই সময়খিনি আল্লাহ তাআ’লাৰ ঈবাদত, তেওঁৰ জিকিৰত আৰু ৰোজা ৰখাত, তেওঁৰ ফালে প্ৰত্যাবৰ্তন কৰাত আৰু তেওঁৰ ওচৰত দুআ কৰাত অতিবাহিত কৰা। আৰু অহেতুক কামৰ পৰা নিজক বচোৱা। আল্লাহ তাআ’লাই নিজ অনুগ্ৰহ আৰু দয়াত এই মাহৰ সন্মান আৰু আশ্বুৰাৰ মৰ্যাদাৰ পৰা আমাক লাভান্বিত হোৱাৰ তৌফিক দান কৰক আৰু আমাক তেওঁৰ সন্তুষ্টি অনুসৰি এই দিন অতিবাহিত কৰাৰ তৌফিক দিয়ক। আমীন।

✍️ মুফতী মুহাম্মদ তক্বী উছমানী চাহাব
ভাষান্তৰঃ হাফিজ মৌলানা দেলুৱাৰ খান বিন আব্বাছ খান
ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা

Leave a Comment