(গোষ্ঠীগত অন্ধ পক্ষপাতিত্ব)
বিভাজন নহয়—ঐক্যই হওক আমাৰ শক্তিআল্লাহ
তাআলাই উম্মতে মুহাম্মদীয়্যাহক জাতি, বৰ্ণ, ভাষা আৰু অঞ্চলৰ সংকীৰ্ণ সীমাৰ ওপৰত উঠি ঈমান আৰু তাকৱাৰ ভিত্তিত একত্ৰিত হ’বলৈ নিৰ্দেশ দিছে। কিন্তু কেতিয়াবা দেখা যায় যে ভাষা, জাতি বা গোষ্ঠীগত পৰিচয়ক ইছলামী ভ্ৰাতৃত্বতকৈ অধিক গুৰুত্ব দিয়া হয়।
ইছলামে এই অন্ধ গোষ্ঠীগত পক্ষপাতিত্বক العصبية (আছাবিয়্যাহ) বুলি আখ্যা দি কঠোৰভাৱে নিন্দা কৰিছে।আল্লাহ তা’আলাই ইৰশাদ কৰিছেঃإِ نَّمَا الْمُؤْمِنُونَ إِخْوَةٌ“নিশ্চয় মুমিনসকল পৰস্পৰে ভাই ভাই।”(ছুৰা হুজুৰাত: ১০)আন ঠাইত আল্লাহ তাআলাই কয়:يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنثَىٰ وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا ۚ إِنَّ أَكْرَمَكُمْ عِندَ اللَّهِ أَتْقَاكُمْ.“হে মানৱজাতি! আমি তোমালোকক এজন পুৰুষ আৰু এগৰাকী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ আৰু তোমালোকক বিভিন্ন জাতি আৰু গোত্ৰত বিভক্ত কৰিছোঁ যাতে তোমালোকে পৰস্পৰে চিনাকি হ’বা। নিশ্চয় আল্লাহৰ ওচৰত তোমালোকৰ মাজত আটাইতকৈ সন্মানীয় সেইজন, যিজন আটাইতকৈ অধিক তাকৱাবান।”(ছুৰা আল-হুজুৰাত: ১৩)
বিদায় হজৰ ভাষণত নবী ﷺ-এ ঘোষণা কৰিছিল:لَا فَضْلَ لِعَرَبِيٍّ عَلَى عَجَمِيٍّ، وَلَا لِعَجَمِيٍّ عَلَى عَرَبِيٍّ، وَلَا لِأَحْمَرَ عَلَى أَسْوَدَ، وَلَا لِأَسْوَدَ عَلَى أَحْمَرَ، إِلَّا بِالتَّقْوَى“কোনো আৰবৰ ওপৰত অনাৰবৰ, কোনো অনাৰবৰ ওপৰত আৰবৰ, কোনো বগাৰ ওপৰত কলাৰ আৰু কোনো কলাৰ ওপৰত বগাৰ কোনো শ্ৰেষ্ঠত্ব নাই; কেৱল তাকৱাৰ ভিত্তিতহে শ্ৰেষ্ঠত্ব।”(মুছনাদে আহমদ, নং: 22978)
আছাবিয়্যাহৰ বিষয়ে নবী ﷺ-এ কৈছে:لَيْسَ مِنَّا مَنْ دَعَا إِلَى عَصَبِيَّةٍ، وَلَيْسَ مِنَّا مَنْ قَاتَلَ عَلَى عَصَبِيَّةٍ، وَلَيْسَ مِنَّا مَنْ مَاتَ عَلَى عَصَبِيَّةٍ“যিজনে আছাবিয়্যাহৰ ফালে আহ্বান কৰে, আছাবিয়্যাহৰ বাবে যুদ্ধ কৰে অথবা আছাবিয়্যাহৰ ওপৰত মৃত্যু বৰণ কৰে—সিজন আমাৰ অন্তৰ্ভুক্ত নহয়।”(ছুনানে আবি দাউদ, নং: ৫১২১)আন এটা হাদীছত আহিছে:دَعُوهَا فَإِنَّهَا مُنْتِنَةٌ“এই আছাবিয়্যাহক এৰি দিয়া, কিয়নো ই এক দুৰ্গন্ধযুক্ত বিষয়।”(ছহীহ বুখাৰী, নং: ৪৯০৫; ছহীহ মুছলিম, নং: ২৫৮৪)
ইছলামে দেশ, ভাষা বা সংস্কৃতিক ভালপোৱাক নিষিদ্ধ কৰা নাই। কিন্তু যেতিয়া এই পৰিচয় ঈমানী ভ্ৰাতৃত্বতকৈ ওপৰত স্থান পায় বা অন্য মুছলমানক হেয়, বিভক্ত বা বৈৰী কৰাৰ মাধ্যম হয়, তেতিয়া সেয়া নিষিদ্ধ আছাবিয়্যাহত পৰিণত হয়।আল্লাহ তাআলাই আৰু ইৰশাদ কৰে:وَاعْتَصِمُوا بِحَبْلِ اللَّهِ جَمِيعًا وَلَا تَفَرَّقُوا“তোমালোকে সকলোৱে আল্লাহৰ ৰছী দৃঢ়ভাৱে ধৰি ৰাখা আৰু বিভক্ত নহ’বা।”(ছুৰা আলে ইমৰান: ১০৩)সমসাময়িক বাস্তৱতা আৰু শিক্ষণীয় দিশবৰ্তমান ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক পৰিপ্ৰেক্ষিতত বিভিন্ন সংগঠন আৰু মতাদৰ্শই ভাষা, অঞ্চল বা উপগোষ্ঠীৰ পাৰ্থক্য অতিক্ৰম কৰি বৃহত্তৰ সাংগঠনিক লক্ষ্যৰ অধীনত সমৰ্থকসকলক সংগঠিত কৰাৰ চেষ্টা কৰে। সুসংগঠিত ঐক্যই বহু ক্ষেত্ৰত তেওঁলোকৰ সামাজিক আৰু ৰাজনৈতিক প্ৰভাৱ বৃদ্ধি কৰাত সহায় কৰে।ইয়াৰ বিপৰীতে মুছলমান সমাজৰ এটা অংশৰ মাজত কেতিয়াবা ভাষা, জনগোষ্ঠী, অঞ্চল, বংশ বা দলীয় পৰিচয়ক ইছলামী ভ্ৰাতৃত্বতকৈ অধিক গুৰুত্ব দিয়াৰ প্ৰৱণতা দেখা যায়।
এনে বিভাজনে সামাজিক সংহতি আৰু সমষ্টিগত শক্তি দুৰ্বল কৰিব পাৰে। আল্লাহ তা’আলাই সতৰ্ক কৰিছে:وَلَا تَنَازَعُوا فَتَفْشَلُوا وَتَذْهَبَ رِيحُكُمْ“তোমালোকে পৰস্পৰে বিবাদত লিপ্ত নহ’বা; অন্যথা তোমালোকে দুৰ্বল হৈ পৰিবা আৰু তোমালোকৰ শক্তি লোপ পাব।”(ছুৰা আনফাল: ৪৬)নবী ﷺ-এ মুমিনসকলৰ ঐক্যৰ উদাহৰণ দিছে—مَثَلُ الْمُؤْمِنِينَ فِي تَوَادِّهِمْ وَتَرَاحُمِهِمْ وَتَعَاطُفِهِمْ مَثَلُ الْجَسَدِ الْوَاحِدِ.“মুমিনসকলৰ পাৰস্পৰিক ভালপোৱা, দয়া আৰু সহানুভূতি এটা দেহৰ দৰে; দেহৰ এটা অংশ অসুস্থ হ’লে গোটেই দেহে তাৰ কষ্ট অনুভৱ কৰে।”(ছহীহ বুখাৰী, ছহীহ মুছলিম)
সেয়েহে মুছলমানসকলৰ প্ৰথম পৰিচয় হওক ঈমান। ভাষা, জাতি, অঞ্চল বা সাংস্কৃতিক বৈচিত্ৰ্য থাকিলেও কোৰআন আৰু ছুন্নাহৰ ভিত্তিত ঐক্য অক্ষুণ্ণ ৰখাই ইছলামী শিক্ষা।জাতি–উপজাতিৰ বিভাজন নহয়, ঐক্যই হওক আমাৰ শক্তিউত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসম আৰু ত্ৰিপুৰাৰ ইতিহাসত পূৰ্ববংগৰ পৰা অহা হিন্দু আৰু মুছলমান—উভয় সম্প্ৰদায়ৰ অভিবাসন, বসতি আৰু সামাজিক-ৰাজনৈতিক অংশগ্ৰহণ এক স্বীকৃত ঐতিহাসিক বাস্তৱতা।এই প্ৰেক্ষাপটত কিছুমান ন্যায়সংগত প্ৰশ্ন উত্থাপিত হয়। যদি অভিবাসী উৎপত্তিয়েই মূল্যায়নৰ মূল মানদণ্ড হয়, তেন্তে সেই মানদণ্ড সকলো সম্প্ৰদায়ৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হোৱা উচিত। আইন, ন্যায় আৰু সমতাৰ নীতি অনুসৰি একে মানদণ্ড সকলো নাগৰিকৰ ক্ষেত্ৰতে সমভাৱে প্ৰয়োগ হোৱাই ন্যায়সংগত।ভাৰতৰ আইনী ব্যৱস্থাই অসমৰ ক্ষেত্ৰত ২৫ মাৰ্চ ১৯৭১ চনক এক গুৰুত্বপূৰ্ণ সীমাৰেখা হিচাপে স্বীকৃতি দিছে। সেয়ে এই বিষয়সমূহৰ মূল্যায়ন আইন আৰু সাংবিধানিক নীতিৰ ভিত্তিত হোৱাটো উচিত।
ইছলামে মুমিনসকলক ন্যায়, ভ্ৰাতৃত্ব, পাৰস্পৰিক সহযোগিতা আৰু ঐক্যৰ শিক্ষা দিয়ে। সেয়ে জাতি, জনগোষ্ঠী, ভাষা বা আঞ্চলিক পৰিচয়ক সংঘাতৰ মাধ্যম নকৰাকৈ পাৰস্পৰিক সন্মান, ন্যায় আৰু কোৰআন-ছুন্নাহৰ নিৰ্দেশনাৰ আলোকে ঐক্য সুদৃঢ় কৰাই সময়ৰ প্ৰধান আহ্বান।আল্লাহ তাআলাই আমাক আছাবিয়্যাহ, অহংকাৰ আৰু বিভাজনৰ পৰা হিফাজত কৰক; কোৰআন আৰু ছুন্নাহৰ ভিত্তিত উম্মতৰ ঐক্য, ভ্ৰাতৃত্ব আৰু তাকৱাৰ ওপৰত অটল ৰাখক। আমীন।
✍️ মাহমুদুল হাছান ক্বাছিমী আলমগঞ্জী।