( আমেৰিকান সাংবাদিক দীপক কুমাৰৰ এই ভ্ৰমণ-কাহিনী।)
মোৰ নাম দীপক কুমাৰ। মোৰ জন্মস্থান ভাৰতৰ উত্তৰ প্ৰদেশৰ ঐতিহাসিক নগৰী বাৰাণছী। সৰুৰে পৰা মোৰ পিতৃ-মাতৃ মোক লগত লৈ আমেৰিকালৈ গুচি যায় আৰু তাতেই স্থায়ীভাৱে বসবাস আৰম্ভ কৰে। তেওঁলোক শিক্ষিত আৰু সম্ভ্ৰান্ত পৰিয়ালৰ লোক হোৱাত মোৰ শিক্ষাজীৱনো আমেৰিকাৰ পৰাই আৰম্ভ হয়।
কেইবছৰ অধ্যয়নৰ পিছত মই পশ্চিমা সমাজ-সংস্কৃতিৰ সৈতে সম্পূৰ্ণৰূপে পৰিচিত হৈ পৰোঁ আৰু জীৱনত কিবা এটা ডাঙৰ কাম কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰোঁ। উচ্চ মাধ্যমিকৰ পিছত কলেজত ভৰ্তি হোৱাৰ লগে লগে সাংবাদিকতাৰ প্ৰতি মোৰ গভীৰ আগ্ৰহ জন্মে। সেয়েহে মই সাংবাদিকতাকেই পেছা হিচাপে বাছি লওঁ।
শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰোঁ। তাত বহু প্ৰতিষ্ঠিত আৰু অভিজ্ঞ সাংবাদিকৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য হয়।চাকৰিত যোগদান কৰাৰ কেইবছৰ পিছত মোৰ পিতৃ-মাতৃয়ে দিল্লীৰ এগৰাকী উচ্চশিক্ষিত যুৱতীৰ সৈতে মোৰ বিবাহ সম্পন্ন কৰে। বৰ্তমান তাই আমেৰিকাৰ এটা মুখ্য কাৰ্যালয়ত চাকৰি কৰি আছে আৰু মোতকৈও অধিক দৰমহা লাভ কৰে। ভাৰতীয় মুদ্ৰাৰ হিচাপত আমাৰ দুয়োৰে আয় কোটি টকাতকৈও অধিক।
যিয়েই নহওক, দীঘলীয়া ভূমিকা এৰি এতিয়া মোৰ ভ্ৰমণৰ মূল ঘটনালৈ আহোঁ।
সাংবাদিকতা মোৰ নিয়মীয়া পেছা হৈ পৰাত প্ৰতিদিনে ন-ন আৰু ব্যতিক্ৰমী খবৰ সংগ্ৰহ কৰি প্ৰকাশ কৰাটো মোৰ দৈনন্দিন কাম আছিল।
প্ৰায় চাৰি-পাঁচ বছৰৰ পৰা এটা বিষয় বাৰে বাৰে মোৰ কাণত পৰি মোক গভীৰভাৱে বিচলিত কৰি আহিছিল। যেতিয়াই এই বিষয়টো চিন্তা কৰিছিলোঁ, তেতিয়াই খঙে মোক আচ্ছন্ন কৰিছিল। বিষয়টো আছিল:—
ভাৰতৰ “দেওবন্দ” নামৰ ঠাইখনত নাকি এটা বৃহৎ সন্ত্ৰাসবাদী ঘাটি আছে, য’ত যুৱকসকলক প্ৰশিক্ষণ দি ‘জিহাদ’ৰ নামত সমগ্ৰ পৃথিৱীত সন্ত্ৰাস বিয়পাবলৈ পঠিওৱা হয়। লগতে দেউবন্দৰ আলিমসকলে সকলো ঠাইতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি ৰাখিছে। আনকি দেওবন্দৰ কাষেৰে কোনো অমুছলিম পাৰ হ’লেই তেওঁৰ প্ৰাণ ৰক্ষা পোৱা অসম্ভৱ বুলি আমেৰিকাৰ সংবাদমাধ্যমত নিয়মিতভাৱে প্ৰচাৰ কৰা হৈছিল।
এইবোৰ শুনি মোৰ মনত সদায় এটা প্ৰশ্ন জাগি উঠিছিল—যদি এইবোৰ সঁচা হয়, তেন্তে এনে এটা ঘাটি আমাৰ পিতৃ-পুৰুষৰ দেশ ভাৰততেই কিয়?
গতিকেই এটা বছৰৰ পৰা মই দৃঢ় সংকল্প কৰিছিলোঁ যে এই বিষয়টোৰ প্ৰকৃত সত্য নিজেই অনুসন্ধান কৰিম। তাৰ বাবে প্ৰথমে ভাৰতলৈ গৈ দেওবন্দৰ বাস্তৱ পৰিস্থিতি স্বচক্ষে পৰ্যবেক্ষণ কৰিব লাগিব। তাৰ পিছত যি সত্য পাম, তাকেই বিশ্বৰ সন্মুখত তুলি ধৰিম।
অৱশেষত মোৰ এই সংকল্প বাস্তৱায়িত কৰিবলৈ আমেৰিকা চৰকাৰৰ পৰা কেইদিনমানৰ ছুটি ল'লোঁ। বহু বুজাই-বঢ়াই পিতৃ-মাতৃকো ৰাজি কৰাবলৈ সক্ষম হ'লোঁ। অৱশ্যে মোৰ এই সিদ্ধান্ত শুনি তেওঁলোক ভীষণ উদ্বিগ্ন হৈ পৰিছিল। তেওঁলোকৰ আশংকা আছিল—মই হয়তো জীৱিত অৱস্থাত আকৌ উভতি আহিব নোৱাৰিম।
ময়ো যেন মৃত্যুক সন্মুখত ৰাখিয়েই ভাৰতৰ উদ্দেশ্যে ৰাওনা দিলোঁ।
দিল্লী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ভাৰত চৰকাৰৰ ফালৰ পৰা মোৰ নিৰাপত্তাৰ বাবে বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল। যদিও মোৰ উদ্দেশ্য কেৱল দেওবন্দলৈ যোৱাই আছিল, তথাপিও সম্ভাৱ্য বিপদৰ কথা বিবেচনা কৰি মোক দিল্লীত তিনি দিন থাকিবলৈ কোৱা হ’ল।
সেই তিনিটা দিন মোৰ বাবে অতি দীঘলীয়া আৰু উৎকণ্ঠাময় আছিল। আগত কি হ'ব, সেই চিন্তাই মোক মুহূৰ্তে মুহূৰ্তে অস্থিৰ কৰি তুলিছিল। বিভিন্ন ধৰণে ভাবিছিলোঁ—যদি দেওবন্দৰ পৰা পুনৰ জীৱিতভাৱে উভতি আহিব নোৱাৰোঁ, তেন্তে কি হ'ব?
অৱশেষত আৰু অপেক্ষা নকৰি বিশেষ পোছাক এৰি সাধাৰণ পোছাক পিন্ধিলোঁ। কোনো সুৰক্ষা কৰ্মীক নজনাই নিঃশব্দে দিল্লী ৰেল ষ্টেচনলৈ গ'লোঁ আৰু দেওবন্দগামী ৰেলত উঠিলোঁ।
দিল্লীৰ পৰা দেওবন্দলৈ সমগ্ৰ যাত্ৰাটো ভয় আৰু উৎকণ্ঠাৰ মাজতেই গ’ল। অৱশেষত ৰেলখন দেওবন্দ ষ্টেচনত উপস্থিত হ’ল।
ৰেলৰ পৰা নামি প্লেটফৰ্মত থকা এখন বেঞ্চত বহিলোঁ। অলপ পাছতেই মাদ্ৰাছাৰ কেইজনমান ছাত্ৰক দেখা পালোঁ। তেওঁলোকক দেখি মোৰ হৃদস্পন্দন যেন আৰু বাঢ়ি গ'ল। তথাপিও সাহস কৰি কাকো একো সুধিব নোৱাৰিলোঁ। কেৱল নীৰৱে তেওঁলোকৰ চাল-চলন লক্ষ্য কৰি থাকিলোঁ।
কেছুক্ষণ মান পিছত দেখিলোঁ—এজন হিন্দু পণ্ডিতে মাদ্ৰাছাৰ এজন ছাত্ৰৰ সৈতে হাঁহি-ধেমালিত মগ্ন হৈ আছে। কথাৰ মাজতে তেওঁ ছাত্ৰজনৰ ওচৰত পানী বিচাৰিলে। ছাত্ৰজনে অতি স্বাভাৱিকভাৱে তেওঁক পানী আগবঢ়াই দিলে আৰু পুনৰ আগৰ দৰে হাঁহি-ধেমালিত মগ্ন হৈ গ'ল।
এই দৃশ্যই মোৰ মনৰ বহু ভয় এক মুহূৰ্ততে দূৰ কৰি দিলে। বুকুৰ ওপৰত থকা যেন এক ডাঙৰ বোজা নামি গ'ল আৰু সাহস অলপ অলপকৈ ঘূৰি আহিল।
তাৰ পিছত আন এজন ছাত্ৰক মাতি ক’লোঁ,
“মই দাৰুল উলুমলৈ যাব বিচাৰোঁ। তাত (মুহতামিম) ” কাচিম” চাহেবৰ সৈতে সাক্ষাৎ কৰিব বিচাৰোঁ।”
ছাত্ৰজনে বিনয়েৰে শুধৰাই দিলে,
“আপুনি বোধহয় হজৰত মাওলানা আবুল কাচিম নোমানী চাহেবক বুজাইছে।”
মই ক’লোঁ,
“হয়, যিয়েই নহওক, মই তেওঁৰ লগত সাক্ষাৎ কৰিব বিচাৰোঁ।”
ছাত্ৰজনে নিজৰ নাম “নাজিৰ” বুলি পৰিচয় দিলে।
মোৰ পিতৃ-মাতৃ অতি উদ্বিগ্ন হৈ আছিল। তেওঁলোকক আশ্বস্ত কৰিবলৈ মই তাতেই নাজিৰ ভাইৰ কাষত থিয় হৈ ভিডিঅ' কল কৰিলোঁ। মায়ে চিন্তাত প্ৰায় ভাগি পৰিছিল। মোৰ পত্নীয়েও কান্দি কান্দি অস্থিৰ অৱস্থাত আছিল।
মই নাজিৰ ভাইৰ কান্ধত হাত থৈ পৰিয়ালৰ সৈতে কথা পাতিলোঁ। নাজিৰ ভাইয়েও স্নেহভৰা কিছুমান আশ্বাসৰ কথা ক’লে। তেওঁৰ কথাত মোৰ পৰিয়ালৰ মন বহুখিনি শান্ত হ’ল।
নাজিৰ ভাইৰ সৈতে মই দেওবন্দ ৰে'ল ষ্টেচনৰ পৰা এখন ৰিক্সাত উঠি দাৰুল উলুমলৈ ৰাওনা দিলোঁ। সমগ্ৰ পথত তেওঁ মোৰ লগত অতি আন্তৰিকভাৱে কথা পাতি আহিল। মই মোৰ প্ৰকৃত উদ্দেশ্য গোপন ৰাখি তেওঁক কিছুমান সাধাৰণ প্ৰশ্ন কৰিছিলোঁ। তেওঁৰ কথাবতৰাৰ ভদ্ৰতা, নম্ৰতা আৰু সুন্দৰ ব্যৱহাৰে মোক গভীৰভাৱে মুগ্ধ কৰিলে।
দাৰুল উলুমত উপস্থিত হৈ প্ৰথমে মহতামিম চাহেবৰ সৈতে সাক্ষাৎ কৰিবলৈ গ'লোঁ। কিন্তু জনোৱা হ'ল যে তেওঁ বাহিৰলৈ গৈছে।
সেই সময়খিনিত নাজিৰ ভাইয়ে মোক সমগ্ৰ প্ৰতিষ্ঠানটো দেখুৱাই ফুৰালে। মাদ্ৰাছাৰ চৌহদত সোমাই যি দৃশ্য দেখিলোঁ, সেয়া মোৰ কল্পনাৰ সম্পূৰ্ণ বিপৰীত আছিল।
ছাত্ৰসকলে একেলগে বহি পাঠ অধ্যয়ন কৰি আছে, একেলগে আহাৰ গ্ৰহণ কৰিছে, পৰস্পৰৰ সৈতে ভাতৃত্ববোধ আৰু আন্তৰিকতাৰে মিলি-জুলি বাস কৰিছে। তেওঁলোকৰ মাজত কোনো অহংকাৰ, বিভেদ বা শত্ৰুতাৰ লেশমাত্ৰও দেখা নগ'ল।
এই দৃশ্যবোৰ মোৰ বাবে সম্পূৰ্ণ নতুন আছিল। জীৱনত প্ৰথমবাৰৰ বাবে এনে আন্তৰিকতা, পাৰস্পৰিক মৰম আৰু শৃংখলাবদ্ধ জীৱনচৰ্যা স্বচক্ষে দেখিলোঁ।
মোৰ চকুৱে যেন এই দৃশ্য বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু অন্তৰে বাধ্য হ’ল এই সত্য স্বীকাৰ কৰিবলৈ যে এই শিক্ষানুষ্ঠান কোনো সন্ত্ৰাসৰ ঘাটি নহয়; বৰং ই শান্তি, ভাতৃত্ববোধ, মানৱতা আৰু কোনো মহা মনিষী(নবী কৰীম ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম)-ৰ আদৰ্শ শিক্ষাৰ এক জীৱন্ত কেন্দ্ৰ।মোৰ মনৰ সকলো ভয়, সংশয় আৰু নেতিবাচক ধাৰণা একে একে আঁতৰি গ’ল। মনটো এক অপূৰ্ব প্ৰশান্তিৰে ভৰি পৰিল।
তাৰ পিছত আমি প্ৰশাসনিক কাৰ্যালয়লৈ গ'লোঁ। তাত কম্পিউটাৰ বিভাগৰ কেইবাজনো কৰ্মচাৰীৰ সৈতে সাক্ষাৎ হ'ল। যিহেতু সৰুৰে পৰা আমেৰিকাত ডাঙৰ-দীঘল হৈছিলোঁ, সেয়েহে ইংৰাজীতেই তেওঁলোকৰ সৈতে কথা পাতিলোঁ।তেওঁলোকৰ ভাষা, ভদ্ৰতা, নম্ৰ আচৰণ আৰু আন্তৰিকতাই মোক গভীৰভাৱে স্পৰ্শ কৰিলে। তেওঁলোকৰ মুখৰ প্ৰতিটো কথাই যেন ফুলৰ দৰে কোমল আৰু মধুৰ অনুভৱ হৈছিল।
আলাপ-আলোচনাৰ মাজতে মই দাৰুল উলুম প্ৰতিষ্ঠাৰ উদ্দেশ্য, ইয়াৰ শিক্ষা-পদ্ধতি আৰু আদৰ্শৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ সক্ষম হ'লোঁ।
তাৰ পিছত মই কিছু সময়ৰ বাবে কম্পিউটাৰ ব্যৱহাৰৰ অনুমতি বিচাৰিলোঁ। অনুমতি লাভ কৰাৰ পিছত প্ৰায় দুটা ঘণ্টা ধৰি অধ্যয়ন, তথ্য সংগ্ৰহ আৰু লিখনি প্ৰস্তুত কৰাত ব্যস্ত থাকিলোঁ।সেই সময়ছোৱাত ইছলাম আৰু দাৰুল উলুমৰ প্ৰকৃত পৰিচয়, লক্ষ্য আৰু আদৰ্শ সম্পৰ্কে প্ৰায় দুশ পৃষ্ঠাৰ এটা PDF নথি প্ৰস্তুত কৰি সংৰক্ষণ কৰিলোঁ।এতিয়ালৈকে মই যি শুনিছিলোঁ, সেয়া আছিল কেৱল অপপ্ৰচাৰ। কিন্তু যি দেখিলোঁ, সেয়া আছিল একেবাৰে ভিন্ন—বাস্তৱ, শান্তিপূৰ্ণ আৰু হৃদয়স্পৰ্শী।
ইয়াৰ পিছত মই নাজিৰ ভাইক ক'লোঁ:
“এতিয়া যদি কোনো ভাল হোটেললৈ লৈ যায়, অলপ আহাৰ গ্ৰহণ কৰোঁ।”
দূৰদৰ্শিতাৰ নামত মনত ইমান ভয় ভৰি আছিল যে যাত্ৰাৰ আৰম্ভণিৰে পৰা মোৰ ভোকেই নোহোৱা হৈছিল। কিন্তু এতিয়ালৈকে যি দেখিলোঁ, তাত মোৰ সকলো ভুল ধাৰণা ভাঙি গৈছিল। মনটো শান্ত হোৱাৰ লগে লগে ভোকো অনুভৱ কৰিবলৈ ধৰিলোঁ।নাজিৰ ভাইয়ে মোক এখন চিকেন ফ্ৰাই চেণ্টাৰলৈ লৈ গ'ল। তাত মই তেওঁলোকৰ বাবে এটা আৰু নিজৰ বাবে আন এটা চিকেন ফ্ৰাই অৰ্ডাৰ দিলোঁ। মোৰ বৰ ভোক লাগিছিল, সেয়ে নিজৰ বাবে অলপ বেছি পৰিমাণে খাদ্য আনিবলৈ ক'লোঁ।কিন্তু খোৱা আৰম্ভ কৰাৰ পিছত দেখিলোঁ, ইমানখিনি শেষ কৰিব নোৱাৰিম। সেয়ে ৱেটাৰক মাতি ক'লোঁ:
“এইখিনি লৈ পেলাই দিয়ক।”
মোৰ কথা শুনি নাজিৰ ভাই তৎক্ষণাত ক’লে’
“দীপক ভাই! কিয় পেলাই দিব? যদি আপুনি নাখায়, তেন্তে মোক দিয়ক।”
তেওঁৰ কথা শুনি মই আচৰিত হৈ তেওঁৰ মুখলৈ চাই থাকিলোঁ।
মই ক’লোঁ:
“আমাৰ সমাজত যিটো গিলাচত এজনে পানী খায়, আনজনে সেই গিলাচ চুবলৈও ইতস্ত কৰে। অথচ আপুনি এজন অমুছলিমে খোৱা খাদ্যও গ্ৰহণ কৰিবলৈ সাজু! ইমান মৰম, ইমান আন্তৰিকতা আৰু এনে শিক্ষা…! সঁচাকৈয়ে মই কল্পনাও কৰা নাছিলোঁ।”
মোৰ চকু অজানিতে পানীৰে ভৰি পৰিল।
মই নাজিৰ ভাইক বুকুত সাৱটি ধৰিলোঁ আৰু স্নেহেৰে তেওঁৰ কান্ধত হাত থপিয়াই থাকিলোঁ।
নাজিৰ ভাই মৃদু হাঁহি এটা মাৰি ক’লে:
“খাদ্য অপচয় কৰাটো উচিত নহয় যিটো আহাৰৰ বাবে বহু দৰিদ্ৰ লোকে দিনৰ পিছত দিন অপেক্ষা কৰি থাকে, তাক যদি আমি অৱহেলাৰে পেলাই দিওঁ, তেন্তে সেইটো অকৃতজ্ঞতা , যিসকলে সদায় ধন-সম্পদৰ মাজত জীৱন কটাইছে, তেওঁলোকে হয়তো খাদ্যৰ মূল্য বুজি নাপাব। কিন্তু যিসকলৰ ওচৰত এসাজ আহাৰও সহজে নাপায়, সিহঁতেই খাদ্যৰ প্ৰকৃত মৰ্যাদা বুজে।”
তেওঁৰ এই কথাবোৰ মোৰ হৃদয়ৰ গভীৰলৈ সোমাই গ'ল। মই অনুভৱ কৰিলোঁ, এই প্ৰতিষ্ঠানত কেৱল পাঠ্যজ্ঞানেই দিয়া নহয়; মানুহক মানৱতা, সংযম, কৃতজ্ঞতা আৰু জীৱনৰ প্ৰকৃত মূল্যবোধো শিকোৱা হয়।
আহাৰ শেষ কৰি নাজিৰ ভাইয়ে মোক অতিথিশালালৈ লৈ গ'ল আৰু ক'লে,
“আপুনি অলপ বিশ্ৰাম কৰক। মহতামিম চাহাব আহিলে মই আপোনাক খবৰ দিম।”
মই অতিথিশালাত বহি আজিৰ সমগ্ৰ দিনটোৰ কথা ভাবিবলৈ ধৰিলোঁ।
“সকলো অপপ্ৰচাৰ, সকলো সন্দেহ, সকলো ভয় যেন এটা এটাকৈ গলি গৈছিল। মোৰ অন্তৰত নতুন এক উপলব্ধিৰ জন্ম হৈছিল। কেতিয়াও কেৱল শুনা কথাৰ ওপৰত বিশ্বাস কৰি কোনো ব্যক্তি, সমাজ বা প্ৰতিষ্ঠানৰ বিষয়ে সিদ্ধান্ত লোৱা উচিত নহয়। সত্য জানিবলৈ হ’লে নিজে দেখা, বুজা আৰু নিৰপেক্ষভাৱে বিচাৰ কৰাটো অতি প্ৰয়োজন।
অলপ সময় পিছতে খবৰ আহিল যে মহতামিম চাহাব উভতি আহিছে। অতিথিশালাৰ কাষতে থকা তেওঁৰ কাৰ্যালয়ত সাক্ষাতৰ অনুমতি বিচৰাত সসন্মানে অনুমতি দিয়া হ'ল।
মই ভিতৰলৈ সোমোৱাৰ লগে লগে মহতামিম চাহাব নিজেই হাঁহিমুখে উঠি মোৰ অভ্যৰ্থনাৰ বাবে আগবাঢ়ি আহিল। তেওঁৰ মুখমণ্ডলত এক অনন্য প্ৰশান্তি, স্নিগ্ধতা আৰু নূৰানী আভা জিলিকি আছিল। সেই সৰল অথচ মৰ্যাদাপূৰ্ণ ব্যক্তিত্বই মোৰ মন মুহূৰ্ততে জয় কৰি ল'লে।
তেওঁ মোক বহিবলৈ অনুৰোধ কৰিলে। তাৰ পিছত নিজ হাতে গিলাচত পানী ঢালি মোৰ সন্মুখত আগবঢ়াই দিলে। পিছত চাহৰ ব্যৱস্থাও কৰা হ'ল। তেওঁ নাস্তাও কৰিবলৈ অনুৰোধ কৰিলে, কিন্তু মই ইতিমধ্যে আহাৰ গ্ৰহণ কৰি অহাৰ কথা কোৱাত আমি একেলগে কেৱল চাহ পান কৰিলোঁ।
চাহৰ কাপৰ মাজতে বহুখিনি কথা-বতৰা হ'ল। তেওঁ শান্ত আৰু যুক্তিসংগত ভাষাৰে দাৰুল উলুম প্ৰতিষ্ঠাৰ ইতিহাস, উদ্দেশ্য, শিক্ষা-ব্যৱস্থা আৰু সমাজৰ প্ৰতি ইয়াৰ অৱদানৰ বিষয়ে বিস্তৃতভাৱে বুজাই দিলে।
ময়ো অকপটে নিজৰ পৰিচয়, সাংবাদিক জীৱন আৰু ইয়ালৈ অহাৰ মূল উদ্দেশ্যৰ বিষয়ে জনালোঁ। মই স্বীকাৰ কৰিলোঁ যে বিদেশী সংবাদমাধ্যমত প্ৰচাৰিত বিভিন্ন খবৰৰ প্ৰভাৱতেই মই দেওবন্দলৈ আহিছিলোঁ।
তাৰ পিছত মই দৃঢ় কণ্ঠে ক’লোঁ:
“মই পুনৰ এবাৰ ইয়ালৈ আহিম। কিন্তু সেইবাৰ মই অকলে নাহোঁ। মোৰ সৈতে এনে বহু সাংবাদিকক লৈ আহিম, যিসকলে এই শান্তিৰ পীঠস্থানক সন্ত্ৰাসবাদৰ ঘাটি বুলি অপপ্ৰচাৰ কৰি আহিছে। তেওঁলোকেও নিজৰ চকুৰে সত্যটো দেখা উচিত।”
বিদায়ৰ মুহূৰ্তত মই আবেগেৰে ক’লোঁ:
“আজিলৈকে মই বহু ধৰ্ম, বহু দৰ্শন আৰু বহু সভ্যতাৰ বিষয়ে অধ্যয়ন কৰিছোঁ। কিন্তু চৰিত্ৰ, নৈতিকতা আৰু মহানুভৱতাৰ ক্ষেত্ৰত হজৰত মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম)-ৰ সমকক্ষ আন কোনো ব্যক্তিত্বক বিচাৰি পোৱা নাই।
আৰু জীৱনত লাখ লাখ মানুহ দেখিছোঁ, কিন্তু আপোনাৰ দৰে ইমান উজ্জ্বল, প্ৰশান্ত আৰু নূৰানী মুখমণ্ডল কেতিয়াও দেখা নাছিলোঁ।”
মহতামিম চাহাবে কেৱল মৃদু হাঁহি এটা মাৰি মোৰ বাবে কল্যাণ কামনা কৰিলে।
দাৰুল উলুমলৈ অহাৰ সময়ত মোৰ হৃদয় ঘৃণা, ভয় আৰু সন্দেহেৰে ভৰি আছিল। কিন্তু উভতি যোৱাৰ সময়ত মোৰ লগত আছিল কেৱল মৰম, আন্তৰিকতা, সন্মান আৰু মিঠা স্মৃতি।মই যেন বুকুভৰ্তি ভালপোৱা, শান্তি আৰু মানৱতাৰ এক অমূল্য সম্পদ লৈ উভতি গৈছিলোঁ।
বিদায় লোৱাৰ আগতে মই কৃতজ্ঞতাৰ চিনস্বৰূপে নাজিৰ ভাইক এটা মোবাইল ফোন উপহাৰ দিব বিচাৰিলোঁ। কিন্তু তেওঁ বিনম্ৰভাৱে সেই উপহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে।
সেই মুহূৰ্তত মই বুজিলোঁ—এই মানুহবোৰৰ সম্পৰ্ক স্বাৰ্থৰ ওপৰত প্ৰতিষ্ঠিত নহয়; ইয়াৰ ভেটি হৈছে আন্তৰিকতা, নিঃস্বাৰ্থতা আৰু পাৰস্পৰিক ভালপোৱা।
এই ভ্ৰমণে মোক শিকাই গ’ল—অপপ্ৰচাৰ শুনি কেতিয়াও কোনো ব্যক্তি, সমাজ বা প্ৰতিষ্ঠানৰ বিষয়ে চূড়ান্ত মত গঠন কৰা উচিত নহয়। সত্যক জানিবলৈ হ’লে নিজে দেখা, বুজা আৰু ন্যায়সংগতভাৱে বিচাৰ কৰাটোৱেই একমাত্ৰ সঠিক পথ।
মূল লিখক:— মুহাম্মদ ফয়জান।
অনুবাদক:- মাহমুদুল হাছান ক্বাছিমী আলমগঞ্জী।