গৰু কোৰবানী, হিকমত আৰু ভাৰতীয় বাস্তৱতা।

       বৰ্তমান সময়ত গৰু কুৰবানীৰ বিষয়টো কেৱল এটা ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজতে সীমাবদ্ধ হৈ থকা নাই; বৰং ই এক জটিল সামাজিক, ৰাজনৈতিক আৰু কৌশলগত আলোচনাৰ বিষয় হৈ পৰিছে। বিশেষকৈ ভাৰতবৰ্ষৰ সাম্প্ৰতিক পৰিস্থিতিত গৰুৰ নামত যি ধৰণৰ উত্তেজনা, সাম্প্ৰদায়িক বিভাজন আৰু হিংসাত্মক ঘটনা সংঘটিত হৈ আছে, সেই বাস্তৱতা উপেক্ষা কৰি কোনো সিদ্ধান্ত লোৱাটো দূৰদৰ্শিতাৰ পৰিচায়ক নহয়। সেয়েহে কোৰবানীৰ ক্ষেত্ৰতো ইছলামৰ মূল শিক্ষা—হিকমত, পৰিস্থিতি বুজি সিদ্ধান্ত গ্ৰহণ, আৰু বৃহত্তৰ কল্যাণৰ চিন্তা—অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠে।

ইছলাম আৱেগৰ ধৰ্ম নহয়; ই জ্ঞান, প্ৰজ্ঞা আৰু পৰিস্থিতি অনুধাৱন কৰি পদক্ষেপ গ্ৰহণ কৰাৰ শিক্ষা দিয়ে। পৱিত্ৰ কোৰ-আনত মহান আল্লাহ তা‘আলাই ফৰমাইছে—
“তুমি তোমাৰ প্ৰতিপালকৰ পথলৈ মানুহক আহ্বান কৰা হিকমত আৰু উত্তম উপদেশৰ সৈতে।”
(ছুৰা আন-নাহলঃ১২৫)


উক্ত আয়াতটিয়ে স্পষ্টভাৱে দেখুৱাই দিছে যে, ইছলামে প্ৰতিটো কামত হিকমত আৰু সুদূৰপ্ৰসাৰী চিন্তাধাৰাক গুৰুত্ব দিয়ে। যিকোনো বৈধ কাম যদি এনে পৰিস্থিতি সৃষ্টি কৰে যাৰ ফলত সমাজত অশান্তি, ৰক্তপাত বা মুছলমান সমাজৰ বৃহৎ ক্ষতি হয়, তেন্তে সেই ক্ষেত্ৰত সাময়িকভাৱে বিকল্প পন্থা গ্ৰহণ কৰাটো ইছলামৰ দৃষ্টিত অযৌক্তিক নহয়।
বৰ্তমান ভাৰতৰ বিভিন্ন স্থানত গৰুৰ নামত সংঘটিত “মব লিঞ্চিং” ঘটনাসমূহে সমগ্ৰ দেশক উদ্বিগ্ন কৰি তুলিছে। বহু নিৰীহ লোক সন্দেহ, অপপ্ৰচাৰ বা সাম্প্ৰদায়িক বিদ্বেষৰ বলি হৈছে। বহু ক্ষেত্ৰত গৰুৰ বিষয়টোক উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাজনৈতিক মঞ্চত ব্যৱহাৰ কৰি সমাজত বিভাজন সৃষ্টিৰ চেষ্টা কৰা হৈছে। এনে পৰিস্থিতিত মুছলমান সমাজে কেৱল আবেগত নহয়, বৰং সুদূৰপ্ৰসাৰী হিকমতৰ সৈতে বিষয়টো বিবেচনা কৰা উচিত।
ইতিহাসত “মছজিদে জিৰাৰ”-ৰ ঘটনা ইয়াৰ এক উজ্জ্বল উদাহৰণ। মদীনাৰ কিছুমান মুনাফিকে মুছলমান সমাজৰ মাজত বিভেদ সৃষ্টি কৰাৰ অসৎ উদ্দেশ্যেৰে এটা মছজিদ নিৰ্মাণ কৰিছিল। বাহ্যিকভাৱে ই এবিধ ইবাদতৰ স্থান আছিল, কিন্তু ইয়াৰ অন্তৰালত ষড়যন্ত্ৰ আৰু অপকাৰৰ উদ্দেশ্য নিহিত আছিল। সেইকাৰণেই আল্লাহ তা‘আলাই নবী মোহাম্মদ ﷺ-ক সেই মছজিদ ধ্বংস কৰাৰ নিৰ্দেশ দিছিল।
(ছুৰা আত-তাওবাঃ ১০৭-১১০)


ঘটনাটিৰ পৰা স্পষ্টভাৱে বুজায় যে, ইছলামে কেৱল বাহ্যিক ৰূপক গুৰুত্ব নিদিয়ে; বৰং উদ্দেশ্য, পৰিণাম আৰু সমাজৰ ওপৰত তাৰ প্ৰভাৱকো বিবেচনা কৰে। যদি কোনো বৈধ বিষয়ক কেন্দ্ৰ কৰি সমাজত ফিতনা, বিদ্বেষ আৰু ৰক্তপাতৰ পৰিৱেশ সৃষ্টি হয়, তেন্তে সেই ক্ষেত্ৰত বৃহত্তৰ স্বাৰ্থত কৌশলগত সিদ্ধান্ত লোৱাটো ইছলামৰ শিক্ষাৰ পৰিপন্থী নহয়।


কোৰবানীৰ মূল উদ্দেশ্য হৈছে তাক্বৱা, আত্মত্যাগ আৰু আল্লাহৰ সন্তুষ্টি লাভ। পৱিত্ৰ কোৰ-আনত স্পষ্টকৈ কোৱা হৈছে—
“আল্লাহৰ ওচৰলৈ নাপায় সেই পশুৰ মাংস বা ৰক্ত; তেওঁৰ ওচৰলৈ পায় কেৱল তোমালোকৰ তাক্বৱা।” (ছুৰা আল-হজ্জঃ ৩৭)


অথচ কোৰবানীৰ ক্ষেত্ৰত বিশেষ কোনো পশুৰ ওপৰত জেদ কৰা ইছলামৰ মৌলিক উদ্দেশ্য নহয়। গৰুৰ সলনি অন্য বৈধ পশু—যেনেঃ ছাগলী, ভেড়া, দুম্বা বা উট—কোৰবানী কৰিলেও ইবাদত সম্পূৰ্ণভাৱে আদায় হৈ যাব। সেয়েহে যদি কোনো বিশেষ পৰিস্থিতিত পৰি গৰু কুৰবানীৰ ফলত সমাজত উত্তেজনা বৃদ্ধি পায় বা বিদ্বেষমূলক ৰাজনীতিক শক্তি লাভ কৰে, তেন্তে সাময়িকভাৱে গৰু বর্জন কৰি বিকল্প পন্থা গ্ৰহণ কৰাটো এক সুদূৰপ্ৰসাৰী আৰু হিকমতপূৰ্ণ সিদ্ধান্ত হ’ব পাৰে।
আজিৰ সময়ত মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন হৈছে ঐক্য, শিক্ষা, অৰ্থনৈতিক উন্নতি আৰু সামাজিক সুৰক্ষা। আবেগিক বিতৰ্কত জড়াই পৰি নিজৰ মূল লক্ষ্যক উপেক্ষা কৰাটো কেতিয়াও বুদ্ধিমত্তাৰ পৰিচয় নহয়। সেয়েহে আগন্তুক কোৰবানী ঈদ উদ্‌যাপনৰ ক্ষেত্ৰত পৰিস্থিতি, সমাজৰ সংবেদনশীলতা আৰু সামগ্ৰিক ফলাফল গভীৰভাৱে বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰাটো সময়ৰ দাবী।


হিকমত কেতিয়াও দুৰ্বলতা নহয়; বৰং ই দূৰদৰ্শিতা আৰু প্ৰজ্ঞাৰ পৰিচয়। ইতিহাসে দেখুৱাইছে—যিসকলে সময়, পৰিস্থিতি আৰু কৌশল বুজি আগবাঢ়ে, শেষ পৰ্যন্ত সফলতা তেওঁলোকৰেই হয়।

লেখকঃ মাহমুদুল হাছান কাছিমী

Leave a Comment