কোনো কোনো এলাকাত বিয়াৰ ক্ষেত্রত দেখা যায়, কইনাৰ ওচৰৰ পৰা বিয়াৰ অনুমতি (এজিন) আনিবলৈ এজন মানুহ ঠিক কৰা হয়, যিজন কইনাৰ দেউতা বা ভাই ব্যতীত আন কোনো হয়। এই ক্ষেত্রত অধিকাংশ সময় গায়ৰে মাহৰাম ব্যক্তিকেই ঠিক কৰা হয়। এই ব্যক্তিক কোৱা হয় উকীল দেউতা। ব্যক্তিজনে কইনাৰ পৰা বিয়াৰ অনুমতি আনি বিয়াৰ মজলিছত কইনাৰ পক্ষত উকালতি কৰে। দেখা যায় ব্যক্তিজন পৰৱর্তী সময়ত পিতৃৰ মর্যাদাত ভূষিত হৈ বিভিন্ন ধৰণৰ হাদিয়া-তোহফাহত অংশীদাৰ হোৱাৰ ওচৰা ওচৰিকৈ কইনাৰ মাহৰামসকলৰ দৰে গণ্য কৰা হয় আৰু তাৰ স’তে কোনো ধৰণৰ পর্দাৰ প্রয়োজন নাই বুলি ধাৰণা কৰা হয়।
আকৌ অনেক ক্ষেত্রত দেখা যায়, উকীল দেউতাৰ স’তে দৰা-কইনা উভয় পক্ষৰেই দুজনকৈ সাক্ষী যায় আৰু কইনাৰ ওচৰৰ পৰা অনুমতি অনাৰ সময়ত সাক্ষী হিচাপে উপস্থিত থাকে। এই সাক্ষী থকাকো জৰুৰী বুলি ভবা হয়।
এয়া এটা ভুল প্রথা। এই প্রথাৰ মাজত বহু ভুল তথা গর্হিত কামৰ সমাহাৰ ঘটে।
প্রথমতে, ইছলামীয় বিবাহত বিনা প্রয়োজনে কইনাৰ মাহৰাম থকা সত্ত্বেও কোনো গায়ৰে মাহৰাম ব্যক্তিক উকীল হিচাপে কইনাৰ ওচৰৰ পৰা বিবাহৰ অনুমতি আনিবলৈ নির্ধাৰণ কৰাৰ কোনো বিধান নাই।
দ্বিতীয়তে, ধাৰণাভিত্তিক এটা প্রচলনৰ ওপৰত ভিত্তি কৰি এজন গায়ৰে মাহৰাম ব্যক্তিক মাহৰামৰ স্থলাভিষিক্ত কৰা আৰু তাক পিতৃৰ দৰে ভবাৰ কোনো সুযোগ ইছলামত নাই। এইবোৰ পৰিহাৰ কৰাটো অত্যন্ত জৰুৰী।
তৃতীয়তে, কইনাৰ ওচৰৰ পৰা বিয়াৰ অনুমতি অনাৰ সময়ত দুজন সাক্ষী উপস্থিত থকা জৰুৰী এই কথাটিও ঠিক নহয়। কেৱল এজন তাৰ ওচৰৰ পৰা অনুমতি ল’লেই চলি যায়। সাক্ষী উপস্থিত থকাৰ বিষয়টো ‘আকদ’ৰ ক্ষেত্রত জৰুৰী, অনুমতি অনাৰ ক্ষেত্রত নহয়।
কিতাপঃ প্রচলিত ভুল
লেখকঃ মৌলানা আব্দুল মালিক হাফিজাহুল্লাহ
ভাষান্তৰঃ দেলুৱাৰ খান বিন আব্বাছ খান
ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা
