মহৰম মাহৰ গুৰুত্ব আৰু তাৎপৰ্য্যঃ

হিজৰী বর্ষৰ সর্বপ্রথম মাহ- মুহাৰাৰমুল হাৰাম তথা মহৰম মাহ। হাদীছৰ ভাষাত- শাহৰুল্লাহ আলমুহাৰৰাম। আল্লাহ তাআলাই বছৰৰ যি কেইটা মাহক বিশেষ মর্যাদাৰে মহিমান্বিত কৰিছে মুহাৰ্ৰম হ’ল তাৰ অন্যতম।
ৰচুল (চঃ)-য়ে এ এই মাহক আল্লাহৰ মাহ বুলি আখ্যায়িত কৰিছে।

হজৰত আবু হুৰাইৰাহ (ৰাঃ)-ৰ পৰা বর্ণিত আছে, ৰচুল (চঃ)-য়ে কৈছে
أَفْضَلُ الصِّيَامِ، بَعْدَ رَمَضَانَ، شَهْرُ اللهِ الْمُحَرّمُ، وَأَفْضَلُ الصَلَاةِ، بَعْدَ الْفَرِيضَةِ، صَلَاةُ اللّيْلِ.

ৰমজানৰ পিছত সবাতোকৈ উত্তম ৰোজা হল আল্লাহৰ মাহ মুহাৰ্ৰমৰ ৰোজা আৰু ফৰজ নামাজৰ পাছত সবাতোকৈ উত্তম নামাজ হল ৰাতিৰ নামাজ (অর্থাৎ তাহাজ্জুদৰ নামাজ)।
(ছহীহ মুছলিম, হাদীছ নং ১১৬৩)

   পৱিত্ৰ ক্বুৰআনুল কাৰীমত এই মাহক সম্মানিত মাহ বোলা হৈছে- “আৰাবাআতুল হুৰুম’ অর্থাৎ চাৰি সম্মানিত মাহৰ  অন্যতম এই মাহ।

আৰবী চাৰিটা সম্মানিত মাহৰ প্রথম মাহ হৈছে মুহাৰ্ৰম, যাক আৰবৰ অন্ধকাৰ যুগতেও বিশেষ সম্মান ও মর্যাদাৰ চকুত দেখা হৈছিল। আকৌ হিজৰী চনৰ প্রথম মাহ হৈছে মুহাৰ্ৰম। শৰীয়তৰ দৃষ্টিত যেনেকৈ এই মাহটো অত্যন্ত তাৎপর্যপূর্ণ,ঠিক তেনেদৰে এই মাহত সংঘটিত ঐতিহাসিক ঘটনাৰ বিবৰণও অধিক দীর্ঘ।

   আমি দেখিবলৈ পাওঁ, ইতিহাসৰ এক জ্বলন্ত সাক্ষী হৈছে মুহাৰৰম মাহ। ইছলামৰ বহুতো ঐতিহাসিক ঘটনাৰ সূত্রপাত হয় এই মাহত। অকল উম্মতে মুহাম্মদিই নহয়, বৰঞ্চ পূর্ববর্তী বহুতো উম্মত ও নবীসকলৰ অবিস্মৰণীয় ঘটনাৰ সূত্রপাত হৈছিল এই মাহত।

#মুহাৰৰম_মাহৰ_ফজিলতঃ

নামকৰণৰ পৰাই প্রতীয়মান হয় এই মাহৰ ফজিলত। মহৰৰম অর্থ মর্যাদাপূর্ণ, তাৎপর্যপূর্ণ। যিহেতু বহুতো ইতিহাস-ঐতিহ্য ও ৰহস্যময় তাৎপর্য নিহিত হৈছে এই মাহকে আগুৰি, লগে লগে এই মাহত যুদ্ধ-বিগ্রহ সম্পূর্ণভাৱে নিষিদ্ধ আছিল, এই সকলোবোৰ কাৰণৰ বাৱেই এই মাহটো মর্যাদাপূর্ণ। সেয়েহে এই মাহৰ নামকৰণ কৰা হৈছে মহৰৰম বা মর্যাদাপূর্ণ মাহ।


আল্লাহ তাআলাই ফৰমাইছে;
اِنَّ عِدَّةَ الشُّهُوۡرِ عِنۡدَ اللّٰهِ اثۡنَا عَشَرَ شَهۡرًا فِىۡ كِتٰبِ اللّٰهِ يَوۡمَ خَلَقَ السَّمٰوٰتِ وَالۡاَرۡضَ مِنۡهَاۤ اَرۡبَعَةٌ حُرُمٌ‌ؕ ذٰلِكَ الدِّيۡنُ الۡقَيِّمُ ۙ‌ فَلَا تَظۡلِمُوۡا فِيۡهِنَّ اَنۡفُسَكُمۡ‌ؕ
‘নিশ্চয় আল্লাহৰ ওচৰত মাহৰ সংখ্যা ১২টা; যিটো আল্লাহৰ বিধান অনুযায়ী তেওঁ আকাশ আৰু পৃথিৱী সৃষ্টি কৰা দিনৰ পৰাই প্ৰচলিত । ইয়াৰ মাজত চাৰিটা মাহ হৈছে সম্মানিত। এয়াই সঠিক দ্বীন! এতেকে,এই (সন্মানিত মাহ) বোৰত তোমালোকে পাপ কৰ্ম কৰি) নিজৰেই অনিষ্ট সাধন নকৰিবা;
(ছুৰা তাওবাহ আয়াত নং ৩৬)

 অর্থাৎ সৃষ্টিৰ আৰম্ভণিৰ পৰাই আল্লাহ তাআলাই ১২টা মাহ নির্ধাৰণ কৰি দিছে। তাৰ ভিতৰত চাৰিটা মাহ বিশেষ গুৰুত্ব ও তাৎপর্য বহন কৰে।

 সেই চাৰিটা মাহ কি কি? ইয়াৰ বিস্তাৰিত বর্ণনা হজৰত আবু হুৰাইৰাহ (ৰাঃ) সূত্রত বর্ণিত, হাদীছত উল্লিখ কৰিছে, নবী (চঃ)-য়ে কৈছে, এক বছৰত ১২ মাহ। ইয়াৰ ভিতৰত চাৰিটা মাহ বিশেষ মৰ্যাদাৰ অধিকাৰী। ইয়াৰ ভিতৰত তিনিটা মাহ  ধাৰাবাহিকভাবে (অর্থাৎ জিলকদ, জিলহজ ও মুহাৰৰম) আৰু চতুর্থ মাহ মুজৰ গোত্রৰ ৰজব মাহ। 

(ছহীহ বুখাৰী হাদীছ নং,৪৬৬২ ছহীহ মুছলিম হাদীছ নং ১৬৭৯)

মুহাৰৰম ইয়াওমে আশুৰাৰ গুৰুত্ব ফজীলত আৰু ঐতিহাসিক প্রেক্ষাপটঃ

মহৰৰম মাহ সম্মানিত হোৱাৰ ভিতৰত বিশেষ এটা কাৰণ হৈছে- আশুৰা (মুহৰৰম ১০ তাৰিখ)। এই পৃথিৱীৰ আৰম্ভণিৰ পৰা আশুৰাৰ দিনত সংঘটিত হৈছে বহুতো ঐতিহাসিক ঘটনা ও হৃদয়বিদাৰক কাহিনী।
মুহাৰৰম মাহৰ সৰ্ব শ্ৰেষ্ঠ মহিমান্বিত দিন হৈছে ‘ইয়াওমে আশুৰা’ তথা মুহৰৰমৰ দহ (১০) তাৰিখ। হাদীছত আশুৰাৰ দিনৰ অনেক ফজিলত বিবৃত হৈছে। আনকি ইছলামপূর্বে আৰৱৰ জাহিলী সমাজত আৰু আহলে কিতাব ইহুদী -নাছাৰা সকলৰ মাজতো এই দিনৰ বিশেষ গুৰুত্ব ও মর্যাদা আছিল।

ইবনু ‘আব্বাছ (ৰাঃ)-ৰ পৰা বৰ্ণিত, নবী (চঃ)-য়ে যেতিয়া মদিনাত আহিলে তেতিয়া দেখিবলৈ পালে ইয়াহুদী সকলে ‘আশুৰা’ দিৱসত ৰোজা পালন কৰে। তেওঁলোকক ৰোজা পালনৰ কাৰণ সুধিলে তেওঁলোকে ক’লে, এই দিনেই আল্লাহ্ তা‘আলাই মুছা (আঃ) তথা বনী ইছৰাঈলক ফিৰাউনৰ ওপৰত বিজয় দিছিল। সেয়ে আমি এই দিনৰ সম্মানত ৰোজা পালন কৰো।


ৰছূলুল্লাহ (চঃ)-য়ে ক’লে, তোমালোকতকৈ আমি মুছা (আঃ)-ৰ বেছি নিকটবর্তী। ইয়াৰ পিছত তেওঁ ৰোজা পালনৰ নির্দেশ দিলে।
(ছহীহ বুখাৰী হাদীছ নং ৩৯৪৩)

 এটা প্রসিদ্ধ ভ্রান্তিঃ
  বহুতেই নুবুজি অথবা ভ্রান্ত প্রৰোচনাত পৰি আশুৰাৰ ঐতিহ্য বুলি কেৱল ৰচুল (চঃ)-ৰ প্রিয়তম দৌহিত্র, জান্নাতী যুৱক সকলৰ চৰ্দাৰ হজৰত হুছাইন (ৰাঃ)-ৰ শাহাদাত ও নবী (চঃ)-ৰ পৰিয়ালৰ কেইজনমান সম্মানিত সদস্যৰ ৰক্তত ৰঞ্জিত কাৰবালাৰ ইতিহাসকেই বুজে।

  সিহঁতৰ অৱস্থা আৰু কার্যক্ৰমনিকাবোৰৰ প্ৰতি দৃষ্টি  দিলে দেখা যায়, কাৰবালাৰ ইতিহাসক কেন্দ্ৰ কৰি আশুৰাৰ আটাইবোৰ ঐতিহ্য, ইয়াতেই নিহিত হৈ আছে আশুৰাৰ সকলোবোৰ ৰহস্য। আচলতে বাস্তৱতা কিন্তু ইয়াৰ সম্পূর্ণ বিপৰীত। বৰঞ্চ আশুৰাৰ ঐতিহ্যৰ স্বীকৃতি দিয়া হৈছে প্রাচীনকালৰ পৰাই। হজৰত হুছাইন (ৰাঃ)-ৰ মর্মান্তিক শাহাদাতৰ ঘটনাৰ বহুত আগৰ পৰাই আশুৰা অনেক তাৎপর্যপূর্ণ ও ৰহস্যৰে আৱৰা দিন। কাৰণ কাৰবালাৰ যুদ্ধ সংঘটিত হয় ৬১ হিজৰীৰ ১০ মহৰৰমত। কিন্তু আশুৰাৰ ৰোজাৰ প্রচলন চলি আহিছে ইছলামৰ আবিৰ্ভাৱৰ বহুকাল আগৰ পৰাই। কিন্তু এই কথা অনস্বীকার্য যে, আবহমানকালৰ পৰা আশুৰাৰ দিনত সংঘটিত বিভিন্ন ঘটনা যিদৰে অপৰিসীম গুৰুত্বপূর্ণ, তেনেদৰে হিজৰী ৬১ চনৰ আশুৰাৰ দিন কাৰবালাৰ ময়দানৰ দুঃখজনক ঘটনাটো মুছলিম জাতিৰ বাৱে অতিশয় হৃদয়বিদাৰক ও বেদনাদায়ক। প্রত্যেকবছৰ আশুৰাই আমাক এই দুঃখজনক ঘটনাৰ স্মৰণ কৰাই দিয়ে। কিন্তু এয়াও বাস্তব যে, এই ঘটনাক সঠিকভাবে মূল্যায়ন কৰিব নোৱাৰি আজি বহুতেই ভ্রষ্টতা ও কুসংস্কাৰৰ অন্ধকাৰত নিমজ্জিত। যিসকলে কাৰবালাৰ মর্মান্তিক ঘটনাক দুঃখলগা অন্তৰত স্মৰণ কৰি থাকে, সিঁহতে কোনো দিনা চিন্তা কৰিছেনে? কি কাৰণত হজৰত হুছাইন (ৰাঃ)-ক কাৰবালাৰ ময়দানত অকাতৰে নিজৰ মূল্যৱান জীৱনক বিলাই দিছিল। সেয়াই তো বহুতেই ভাৱি থাকে যে জাৰি আতু মিছিল পালনৰ মাজতেই কাৰবালাৰ তাৎপর্য বিৰাজ কৰে! হায় আফচুছ! কি কৰা উচিত! আৰু আমি কি কৰি আছোঁ? হজৰত হুছাইন (ৰাঃ)-ৰ উদ্দেশ্য ও আদর্শ বাস্তৱ জীবনত অনুসৰণ কৰাই হব এই ঘটনাৰ সঠিক মর্ম অনুধাবনৰ বহিঃপ্রকাশ। হজৰত হুছাইন (ৰাঃ)-আৰু ৰচুলে কৰীম (চঃ)-ৰ প্রতি মহব্বত ও আন্তৰিকতাৰ একমাত্র পৰিচায়ক।

আশুৰাৰ ৰোজা।

  মুহাৰৰম মাহৰ ৰোজা ৰখা সম্পর্কত বহুতো বিশুদ্ধ হাদিছ বর্ণিত হৈছে। বিশেষভাবে আশুৰা, অর্থাৎ মুহাৰৰমৰ ১০ তাৰিখত ৰোজা ৰখাৰ ফজিলত সম্পর্কত বহুতো হাদিছ বর্ণিত হৈছে। এটি হাদীছৰ পৰা প্রতীয়মান হয় যে, ৰমজান মাহৰ ৰোজা ফৰজ হোৱাৰ আগত আশুৰাৰ ৰোজা উম্মতে মোহাম্মদীৰ ওপৰত ফৰজ আছিল। পৰবর্তী সময়ত অবশ্যই সেই বিধান ৰহিত হৈ যায় আৰু সেয়া নফলত পৰিণত হয়। 

হজৰত ৰচুল (চঃ)-য়ে আমাক আশুৰাৰ ৰোজা ৰখাৰ নির্দেশ দিছিল আৰু ইয়াৰ প্রতি তেওঁ অনুপ্ৰাণিত কৰিছিল। আৰু এই বিষয়ে তেওঁ আমাৰ খা খবৰ লৈছিল। কিন্তু যেতিয়া ৰমজানৰ ৰোজা ফৰজ কৰা হল, তেতিয়া আশুৰাৰ ৰোজাৰ বিষয়ে তেওঁ আমাক আদেশ কৰা নাই আৰু নিষেধ কৰা নাই। আৰু কোনো খা খবৰো আৰু লোৱা নাই।
(ছহীহ মুছলিম হাদীছ নং ১১২৮)

এই হাদীছৰ পৰাই আশুৰাৰ ৰোজাৰ শ্রেষ্ঠত্ব প্রতীয়মান হয়। আনকি সেই সময়ত সেয়া ফৰজ আছিল। বর্তমানে এই ৰোজা যদিও নফল, কিন্তু অন্যান্য নফল ৰোজাৰ তুলনাত অধিক গুৰুত্বপূর্ণ।

ইবনে আব্বাছ (ৰাঃ)ৰ পৰা বর্ণিত তেওঁ কৈছে, মই আল্লাহৰ ৰচুল (চঃ)- ক আশুৰাৰ দিনৰ ৰোজাৰ ওপৰত অন্য কোনো ৰোজাক প্ৰাধান্য দিয়া দেখা নাই।
(ছহীহ বুখাৰী হাদীছ নং ২০০৬)

আশুৰাৰ ৰোজাৰ ফজিলতঃ

ৰছূলুল্লাহ ছল্লাল্লাহু আলাইহি ৱা ছাল্লাম ‘ এ কৈছে, “আশুৰাৰ ৰোজা সম্পৰ্কে মই আল্লাহৰ ওচৰত আশাবাদী যে, তাত পূর্বৱর্তী এক বছৰৰ পাপ সমূহ কাফ্ফাৰা হৈ যাব ।”
(ছহীহ মুছলিমঃ১১৬২)

      ৰছূলুল্লাহ ছল্লাল্লাহু আলাইহি ৱা ছাল্লাম' এ এই ৰোজা নিজে পালন কৰিছিল আৰু উম্মতক ৰখাৰ প্রতি উৎসাহিত কৰিছিল। সেয়েহে ইয়াৰ সম্পূর্ণ অনুসৰণ ও আনুগত্যৰ ভিতৰতেই নিহিত আছে উম্মতৰ কল্যাণ। ইয়াৰ বাহিৰে অসংখ্য হাদীছত আশুৰা ৰোজাৰ ফজিলত বর্ণিত হৈছে।

আশুৰাৰ ৰোজা ৰখাৰ পদ্ধতিঃ

হজৰত ইবনে আব্বাছ (ৰাঃ)-ৰ পৰা বর্ণিত, ৰচুল (চঃ)-য়ে যেতিয়া আশুৰাৰ দিনত ৰোজা পালন কৰিছিল আৰু লোকসকলকো ৰোজা পালনৰ নির্দেশ দিছিল, তেতিয়া ছাহাবা সকলে ক’লে, হে আল্লাহৰ ৰচুল (চঃ)
ইয়াহুদ আৰু নাছাৰা এই দিনৰ প্রতি সম্মান প্রদর্শন কৰি থাকে। এই কথা শুনি ৰচুল (চঃ)-য়ে
ক’লে, ইনশ্বা আল্লাহ অহা বছৰত আমি নৱম তাৰিখতো ৰোজা পালন কৰিম।
(ছহীহ মুছলিম হাদীছ নং ১১৩৪)

ইবনু আব্বাছ (ৰাঃ)-ৰ পৰা বর্ণিত আছে, তেওঁ কৈছে, (মুহাৰৰমৰ) দহ তাৰিখত ৰচুল (চঃ)-য়ে আশুৰাৰ ৰোজা পালন কৰিবলৈ আদেশ কৰিছে।


ইবনু আব্বাছ (ৰাঃ)-য়ে কৈছে, তোমালোকে ন আৰু দহ (এই দুই দিন)ত ৰোজা পালন কৰা আৰু (এই ক্ষেত্রত) ইয়াহুদী সকলৰ বিপৰীত কৰা।
(তিৰমিজী হাদীছ নং ৭৫৫)

আশুৰাৰ দিনত বর্জনীয় কৰ্মবোৰ।

১) তাজিয়া মিছিল বাহিৰ কৰা, কবৰৰ দৰে কোনো এটা বস্তু বনাই তাৰ সন্মুখত নজৰানা পেচ কৰা ও মিষ্টান্ন খোৱা।
কিয়নো মুছলমানে কেৱল হালাল খাদ্য খাব।

২) মুৰছিয়া পাঠ কৰা।
৩) মাতম কৰা। বিলাপ কৰা।

উদাহৰণ-১
তেওঁলোক আমাৰ দলভুক্ত নহয়।

(ছহীহ বুখাৰী , হাদিছ নং ১২৯৮
ইবনে মাজাহ-১৫৮৪)

উদাহৰণ-২
আমি তেওঁলোকৰ পৰা মুক্ত ।
(ছহীহ বুখাৰী, হাদীছ নং ১২৯৬)
كِتَابٌ : الْجَنَائِزُ | بَابُ مَا يُنْهَى مِنَ الْحَلْقِ عِنْدَ الْمُصِيبَةِ
উদাহৰণ-৩

বিলাপ কৰা চয়তানৰ কাম ।
(জামিউচ ছগীৰ-৪২০১)

৪) পিপাসু সকলক পানী পান কৰোৱা।
( অকল এই দিনটোতেই এই কামৰ বাবে কল্যাণকৰ মনে কৰা)
৫) ঈছালে ছোৱাবৰ আশাত খাদ্য বনোৱা।
৬) শিশু সকলক খালি ভৰিত ৰাস্তাত খোজ কৰোৱা।
৭) ঢোল তবলা বজোৱা।
উদাহৰণ-
(ছিলছিলাতুছ ছহীহা- ৪২৭ ছনদ হাছান)

وﷲ أعلم بالصواب.
আলকাউছাৰ, মুহাৰাৰাম ’৩০ হিজৰীৰ সংখ্যাৰ পৰা সংগ্ৰহীত

এই মাহত কৰণীয় বিষয়বোৰৰ ওপৰত আমল কৰা আৰু সকলো ধৰণৰ কু সংস্কাৰ তথা গৰ্হিত কামৰ পৰা বিৰত থাকি কোৰ-আন আৰু ছুন্নাহ অনুসৰি চলাই হৈছে মুছলমান সকলৰ একান্ত কৰ্তব্য। আল্লাহ তা’আলাই আমাক সকলোকে তাওফিক দান কৰক আমিন।

অনুবাদঃ আলী আচগৰ আকন্দ।

Leave a Comment