১) হাৰামৰ পৰা বাচি থাকা — তুমি মানুহৰ ভিতৰত আটাইতকৈ বেছি ঈবাদতকাৰী হৈ যাবা।
২) আল্লাহে তোমাৰ ভাগ্যত যি দিছে তাত সন্তুষ্ট থাকা — তুমি আটাইতকৈ ধনী হৈ যাবা।
৩) ওচৰ-চুবুৰীয়াৰ লগত ভাল ব্যৱহাৰ কৰা — তুমি মু’মিন হৈ যাবা।
৪) নিজৰ বাবে যিটো ভাল পোৱা, আনৰ বাবেও সেইটো ভাল পোৱা — তুমি মুছলিম হৈ যাবা।
৫) অত্যধিক নাহাঁহিবা — বেছি হাঁহিলে অন্তৰ মৰি যায়।
৬) সন্দেহজনক বস্তু এৰি নিশ্চিত বস্তু ধৰা — যিটোৱে সন্দেহ লগায় সেইটো এৰি দিয়া।
৭) য’তেই থাকা আল্লাহক ভয় কৰা — তাক্বৱা অৱলম্বন কৰা।
৮) বেয়া কামৰ পিছত ভাল কাম কৰা — ভাল কামে বেয়া কাম মচি পেলায়।
৯) মানুহৰ লগত উত্তম আচৰণ কৰা — আখলাক সুন্দৰ কৰা।
১০) আল্লাহক স্মৰণ কৰা, আল্লাহে তোমাক হেফাজত কৰিব।
১১) যেতিয়া বিচৰা, আল্লাহৰ ওচৰত বিচৰা। যেতিয়া সহায় লাগে, আল্লাহৰ ওচৰত সহায় বিচৰা।
১২) সুখৰ দিনত আল্লাহক চিনি পোৱা — দুখৰ দিনত আল্লাহে তোমাক চিনাকি কৰাই দিব।
১৩) দুনিয়াৰ প্ৰতি লোভ এৰা — আল্লাহে তোমাক ভাল পাব।
১৪) মানুহৰ হাতত যি আছে তাৰ লোভ এৰা — মানুহে তোমাক ভাল পাব।
১৫) কোৱাঃ আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত তাত অটল থাকা।
১৬) যেতিয়া কোনো বেয়া কাম দেখা পোৱা, তাক দমন কৰা।
১৭) দুনিয়াত অচিনাকি মানুহ বা বাটৰুৱাৰ দৰে থাকা।
১৮) তোমাৰ জিভা যেন সদায় আল্লাহৰ জিকিৰত সিক্ত হৈ থাকে।
১৯) মজলুম (পীড়িত)ৰ বদ-দুআ (অভিশাপ)ৰ পৰা বাচি থাকা।
২০) খং নকৰিবা।
সংগ্রহঃ হাফিজ মৌলানা দেলুৱাৰ খান বিন আব্বাছ খান ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা
