তিনিটা যুৱক তিনিটা দুৱা আৰু এটা শিক্ষণীয় কাহিনী।

🟥⬛🟥 এসময়ত বনী ইছৰাইলৰ তিনিজন যুৱকে কোনো এখন নিৰ্জন ঠাইত যাত্ৰা কৰিছিল। দিনটো প্ৰায় শেষ হোৱাৰ সময়ত হঠাতে আকাশত ক’লা ডাৱৰে ছাঁনি ধৰিছিল। কিছু সময়ৰ ভিতৰতে প্ৰচণ্ড বৰষুণ নামিল। বতাহ, বিজুলী আৰু বৰষুণৰ তাণ্ডৱত তেওঁলোকে আশ্ৰয় বিচাৰি ওচৰৰ এটা ডাঙৰ গুহাত সোমাই পৰিল।

কিছু সময়ৰ পাছতেই ভয়ংকৰ ঘটনা ঘটিল। পাহাৰৰ ওপৰৰ পৰা এটা বিশাল শিল বাগৰি গুহাৰ মুখ সম্পূৰ্ণ বন্ধ কৰি দিলে। তিনিওজন যুৱক গুহাৰ ভিতৰত আবদ্ধ হৈ পৰিল। বাহিৰলৈ ওলোৱাৰ কোনো উপায় নাছিল।

তেওঁলোকে শিলখন ঠেলিবলৈ চেষ্টা কৰিলে, কিন্তু শিলখন ইমানেই ডাঙৰ আছিল যে অলপো লৰাব নোৱাৰিলে। তেতিয়া তেওঁলোকে বুজিলে—এতিয়া আল্লাহৰ সহায়ৰ বাহিৰে আন কোনো উপায় নাই।

তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক’লে, “আহক, আমি প্ৰত্যেকেই জীৱনত কেৱল আল্লাহৰ সন্তুষ্টিৰ বাবে কৰা আমাৰ আটাইতকৈ উত্তম নেক আমলৰ ওচিলা লৈ আল্লাহৰ ওচৰত দুআ কৰোঁ। হয়তো আল্লাহে আমাৰ এই বিপদ দূৰ কৰি দিব।”

  1. প্ৰথমজনৰ দুআ
    প্ৰথমজন ক’লে,
    “হে আল্লাহ! মোৰ বৃদ্ধ মাক-দেউতাক আছিল। মই প্ৰতিদিনে প্ৰথমে তেওঁলোকক গাখীৰ খুৱাইহে মোৰ সন্তান আৰু পৰিয়ালক খুৱাইছিলোঁ। এদিন কামত পলম হোৱাত ঘৰ আহি দেখিলোঁ, তেওঁলোক শুই আছে। মই তেওঁলোকক জগাব নোৱাৰিলোঁ। আনহাতে মোৰ সৰু সন্তানসকলে ভোকত কান্দি আছিল। তথাপিও মই গাখীৰৰ বাটি হাতত লৈ ৰাতিপুৱালৈকে অপেক্ষা কৰিলোঁ। তেওঁলোক সাৰ পোৱাৰ পিছতহে গাখীৰ খুৱালোঁ। হে আল্লাহ! যদি মই এই কাম কেৱল তোমাৰ সন্তুষ্টিৰ বাবে কৰিছিলোঁ, তেন্তে আমাৰ ওপৰৰ এই বিপদ দূৰ কৰি দিয়া।”

◾দুআ শেষ হোৱাৰ লগে লগে বিশাল শিলখন অলপ সৰি গ’ল। কিন্তু এতিয়াও বাহিৰলৈ ওলাই যাব পৰা নাছিল।

  1. দ্বিতীয়জনৰ দুআ
    তাৰ পিছত দ্বিতীয়জন ক’লে,
    “হে আল্লাহ! মোৰ এজনী খুড়ীৰ জীয়েক আছিল, যাক মই অত্যন্ত ভাল পাইছিলোঁ। এদিন মই তাইক পাপ কাম কৰিবলৈ ওচৰত মাতিছিলোঁ। তাই প্ৰথমে মান্তি হোৱা নাছিল। পিছত দৰিদ্ৰতাৰ বাবে ১০০ দিনাৰ বিচাৰিলে। মই ধন সংগ্ৰহ কৰি তাইক দিলোঁ। কিন্তু যেতিয়া অবৈধ কাম কৰিবলৈ ওচৰ চাপিলোঁ, তাই ক’লে, ‘আল্লাহক ভয় কৰা। বৈধ নোহোৱাকৈ মোক স্পৰ্শ নকৰিবা।’ তাইৰ এই কথাত মোৰ হৃদয় কঁপি উঠিল। লগে লগে মই তাইৰ পৰা আঁতৰি আহিলোঁ আৰু ধনখিনিও উভতাই নোলোৱাকৈ এৰি দিলোঁ। হে আল্লাহ! যদি মই এই কাম কেৱল তোমাৰ ভয় আৰু সন্তুষ্টিৰ বাবে কৰিছিলোঁ, তেন্তে আমাৰ এই বিপদ দূৰ কৰি দিয়া।”

◾ এই দুআৰ পিছত শিলখন আৰু অলপ সৰি গ’ল। কিন্তু এতিয়াও ওলাই যাব পৰা নাছিল।

  1. তৃতীয়জনৰ দুআ
    শেষত তৃতীয়জনে আগবাঢ়ি ক’লে,
    “হে আল্লাহ! মই এজন শ্ৰমিকক কামত ৰাখিছিলোঁ। সকলো শ্ৰমিকক মজুৰি দিলোঁ, কিন্তু এজনে নিজৰ মজুৰি নোলোৱাকৈ গুচি গ’ল। মই সেই টকাখিনি ব্যৱসায়ত লগাই দিলোঁ। বহু বছৰৰ পিছত তেওঁ উভতি আহি নিজৰ মজুৰি বিচাৰিলে।
    মই তেওঁক ক’লোঁ, ‘এই উট, গৰু, ছাগলী আৰু দাস-দাসী—এই সকলো তোমাৰ সেই মজুৰিৰ ফল।’ শ্ৰমিকজনে ভাবিলে মই ঠাট্টা কৰিছোঁ। কিন্তু মই ক’লোঁ, ‘মই ঠাট্টা কৰা নাই। এই সকলো তোমাৰ বাবেই।’ তেওঁ সকলো লৈ গ’ল। অথচ মই তাৰ পৰা একোৱেই নাৰাখিলোঁ।
    হে আল্লাহ! যদি মই এই কাম কেৱল তোমাৰ সন্তুষ্টিৰ বাবে কৰিছিলোঁ, তেন্তে আমাৰ ওপৰৰ এই শিলখন সম্পূৰ্ণ আঁতৰাই দিয়া।” ◾দুআ শেষ হোৱাৰ লগে লগে আল্লাহ তা’আলাই শিলখন সম্পূৰ্ণ আঁতৰাই দিলে। গুহাৰ মুখ খুলি গ’ল আৰু তিনিওজন যুৱক নিৰাপদে বাহিৰলৈ ওলাই আহিল।

🔺কাহিনীটোৰ পৰা আমি কি শিকিলো।

✅ মাক-দেউতাকৰ সেৱা আল্লাহৰ ওচৰত অতি মৰ্যাদাপূৰ্ণ আমল।
✅ আল্লাহৰ ভয়ত গুনাহৰ পৰা বিৰত থকাটো মহান ইবাদত।
✅সততা, আমানতদাৰী আৰু আনৰ হক আদায় কৰাটো আল্লাহৰ অতি প্ৰিয়।
✅ বিপদৰ সময়ত আন্তৰিকভাৱে কৰা নেক আমলৰ ওচিলা লৈ আল্লাহৰ ওচৰত দুআ কৰাটো জায়েজ।

সংগ্ৰাহকঃ বায়েজীদ বোস্তামী (গুৱাহাটী)

Leave a Comment