প্ৰাচীন কালৰে পৰাই ইহুদীসকল ইছলাম আৰু মুছলমানসকলৰ চিৰশত্ৰু আছিল। মদীনাত তেওঁলোকৰ যথেষ্ট প্ৰভাৱ-প্ৰতিপত্তি আছিল। সমগ্ৰ মদীনা জুৰি বহু ইহুদী আলিম, ধৰ্মীয় নেতা, শিক্ষা প্ৰতিষ্ঠান আৰু উপাসনালয় আছিল। সমাজত তেওঁলোক যথেষ্ট সন্মান আৰু মৰ্যাদাৰ অধিকাৰী আছিল।
যেতিয়া ৰাছূলুল্লাহ(ছাল্লাল্লাহু আ’লাইহি ওৱাছাল্লাম) মদীনালৈ হিজৰত কৰি আহিল, তেতিয়া ধীৰে ধীৰে ইহুদীসকলৰ সেই সন্মান আৰু প্ৰভাৱ কমি আহিবলৈ ধৰিলে। ফলত তেওঁলোকে আৰম্ভণিৰে পৰাই মুছলমানসকলৰ বিৰুদ্ধে শত্রুতা আৰু ষড়যন্ত্ৰ আৰম্ভ কৰিলে। তেওঁলোকে মুছলমানসকলৰ সৈতে কৰা চুক্তি এটাৰ পিছত এটাকৈ ভংগ কৰিবলৈ ধৰিলে।
মক্কাৰ মুশ্বৰিকসকলৰ সৈতে মিলি ৰাছূলুল্লাহ (ছাঃ) ক হত্যা কৰা আৰু মুছলমানসকলক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ উদ্দেশ্যে একাধিকবাৰ গুৰুতৰ ষড়যন্ত্ৰ ৰচনা কৰিলে।
উপায়ান্তৰ হৈ সিহঁতক মদীনাৰ পৰা বহিষ্কাৰ কৰা হ’ল। প্ৰথমে সিহঁতে খাইবাৰত আশ্ৰয় ল’লে, কিন্তু শেষত তাৰ পৰাও বহিষ্কৃত হ’ল।
ৰাছূলুল্লাহ(ছাঃ) ৰ জীৱনকালত, তাৰ পিছত হযৰত আবু বকৰ ছিদ্দীক (ৰা.) আৰু হযৰত উমৰ (ৰা.)-ৰ খিলাফতৰ সময়ত ইছলাম দ্ৰুতগতিত বিশ্বজুৰি বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। এখনৰ পিছত এখন অঞ্চল আৰু ৰাষ্ট্ৰ মুছলমানসকলৰ অধীনলৈ আহিবলৈ ধৰিলে। মুছলমানসকলৰ শক্তি, সমৃদ্ধি আৰু প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিলে আৰু ইছলামৰ বিজয়ৰ পতাকা চাৰিওফালে উৰিবলৈ ধৰিলে।
ইছলাম আৰু মুছলমানসকলৰ এই অভূতপূৰ্ব সফলতাত যিসকলে আটাইতকৈ বেছি ঈৰ্ষা আৰু হিংসা কৰিছিল,তেওঁলোক আছিল ইহুদীসকল।
তেওঁলোকে বুজি পালে যে, মুছলমানসকলৰ এই সফলতাৰ মূল শক্তি হৈছে তেওঁলোকৰ ঐক্য, পাৰস্পৰিক ভালপোৱা, ভ্ৰাতৃত্ববোধ, সম্পদ আৰু ক্ষমতাৰ প্ৰতি অনাসক্তি, বিশুদ্ধ আকীদা আৰু একে উদ্দেশ্যত ঐক্যবদ্ধ থকা।
এই আদৰ্শগত ঐক্যই তেওঁলোকক অজেয় কৰি তুলিছিল।
সেয়ে ইহুদীসকলে উপলব্ধি কৰিলে যে, যেতিয়ালৈকে মুছলমানসকল এইদৰে একত্ৰিত হৈ থাকিব, তেতিয়ালৈকে বাহ্যিক যুদ্ধ কৰি তেওঁলোকক পৰাস্ত কৰা সম্ভৱ নহ’ব। সেয়ে তেওঁলোকে আন এটা পথ বাছি ল’লে। বন্ধুৰ বেশ ধৰি মুছলমানসকলৰ মাজত সোমাই ভিতৰৰ পৰা বিভেদ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিলে। পাৰস্পৰিক ভালপোৱাত ফাট মেলোৱা, আকীদা আৰু আমলৰ নামত মতভেদ সৃষ্টি কৰা আৰু মুছলমানসকলক বিভক্ত কৰাই আছিল তেওঁলোকৰ উদ্দেশ্য। অস্ত্ৰৰ যুদ্ধৰ সলনি চিন্তাধাৰা আৰু মতবাদ – সংক্ৰান্তীয় যুদ্ধৰ জৰিয়তে তেওঁলোকে মুছলমানসকলৰ অগ্ৰযাত্ৰা ৰোধ কৰিব বিচাৰিছিল।
এই সময়তে আব্দুল্লাহ বিন ছাবা নামৰ এজন কট্টৰপন্থী ইহুদী আলিম, যি ইয়ামেনৰ ছানআ নগৰৰ বাসিন্দা আছিল, ইছলামৰ দ্ৰুত বিজয় আৰু ইহুদীসকলৰ পৰাজয় নিজ চকুৰে দেখি তেওঁৰ অন্তৰত প্ৰতিশোধৰ জুইত জ্বলি উঠিল। বাহ্যিকভাৱে ইছলাম গ্ৰহণ কৰাৰ অভিনয় কৰি, ভিতৰৰ পৰা মুছলমানসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিবলৈ ধৰিলে। বংশ আৰু জাতিগত সাম্প্ৰদায়িকতা আৰু মনগঢ়া আকীদা (বিশ্বাস) প্ৰচাৰ কৰি নিজৰ উদ্দেশ্য সিদ্ধ কৰাৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰৰ জাল বিস্তাৰ কৰিছিল।
হযৰত আবু বকৰ (ৰা.) আৰু হযৰত উমৰ (ৰা.)-ৰ শাসনকালত সি নিজৰ ষড়যন্ত্ৰ সফল কৰাৰ কোনো সুযোগ নাপালে।
কিন্তু তৃতীয় খলিফা, দয়ালু, উদাৰ আৰু কোমল হৃদয়ৰ অধিকাৰী হজৰত উছমান (ৰাঃ)-ৰ শাসনকালক তেওঁ নিজৰ উদ্দেশ্য বাস্তৱায়নৰ সুযোগ হিচাপে বাছি ল’লে।
ইয়ামানৰ পৰা মদীনালৈ আহি, বাহ্যিকভাৱে ইছলাম গ্ৰহণ কৰিলে আৰু তাতেই বাস কৰিবলৈ ধৰিলে।
কিছুদিনৰ পিছত তেওঁ হযৰত উছমান (ৰা.)-ৰ ওচৰত চৰকাৰী চাকৰিৰ আবেদন কৰিলে। কিন্তু হযৰত উছমান (ৰা.)-এ তাক সেই দায়িত্বৰ যোগ্য বুলি বিবেচনা নকৰাত আবেদন গ্ৰহণ নকৰিলে।
হজৰত উছমান (ৰাঃ) ইছলাম গ্ৰহণ কৰাৰ আগৰ পৰাই এজন ধনী ব্যক্তি আছিল। তেওঁৰ ধন-সম্পত্তিৰে ইছলাম আৰু মুছলমানসকলৰ বহু উপকাৰ হৈছিল। তেওঁ বহু দাসক ক্ৰয় কৰি মুক্ত কৰিছিল, মছজিদে নবৱীৰ বাবে ভূমি ক্ৰয় কৰি ৱাক্ফ কৰিছিল, কুঁৱা আৰু বাগিচা ক্ৰয় কৰি জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছিল। আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া আৰু দুখীয়া-দৰিদ্ৰ সকলোকে উদাৰভাৱে সহায় কৰিছিল। খলিফা হোৱাৰ পিছতো তেওঁ নিজৰ ব্যক্তিগত সম্পত্তিৰ পৰাই দান-খয়ৰাত অব্যাহত ৰাখিছিল।
কিন্তু আব্দুল্লাহ বিন ছাবাই এই মহান গুণক বিকৃতভাৱে উপস্থাপন কৰিবলৈ ধৰিলে। সি অপপ্ৰচাৰ চলালে যে, হযৰত উছমান (ৰা.)-এ নিজৰ ব্যক্তিগত ধনৰ সলনি বাইতুল মাল (ৰাষ্ট্ৰীয় কোষাগাৰ)-ৰ ধন আত্মীয়-স্বজনক বিলাই আছে আৰু কোষাগাৰ খালী কৰি পেলাইছে।
একেসময়ে সি এই কথাও প্ৰচাৰ কৰিবলৈ ধৰিলে যে, “কেৱল বনু হাশিম বংশই শাসন কৰাৰ অধিকাৰী, বনু উমাইয়া নহয়। অথচ তেতিয়া বনু উমাইয়াৰ লোকসকলে শাসন কৰি আছে, যিটো অন্যায়।”
এই সাম্প্ৰদায়িক প্ৰচাৰ আৰু সংবেদনশীল অভিযোগৰ ফলত কিছুমান সৰলমনা লোক বিভ্ৰান্ত হ’বলৈ ধৰিলে আৰু হযৰত উচমান ৰাঃ ৰ প্ৰতি অন্তৰত বিৰূপ ধাৰণা পোষণ কৰিবলৈ ধৰিলে।
হযৰত উছমান (ৰা.)এ যেতিয়া আব্দুল্লাহ বিন ছাবাৰ এই কাৰ্যকলাপৰ বিষয়ে অৱগত হ’ল, তেতিয়া তেওঁ তাক মদীনাৰ পৰা বহিষ্কাৰ কৰি দিলে।
মদীনাৰ পৰা বহিষ্কৃত হোৱাৰ পিছত আব্দুল্লাহ বিন ছাবা বছৰালৈ গ’ল। তাতো সি একেই ধৰণে অপপ্ৰচাৰ চলাই থাকিল। বছৰাত আহি আগৰ প্ৰচাৰৰ লগত আৰু এটা নতুন বিষয় যোগ কৰিলে। সেইটো আছিল আহলুল বাইত (ৰাছূল ছাঃ ৰ পৰিয়াল)-ৰ প্ৰতি অতিৰঞ্জিত মোহ আৰু ভক্তিৰ প্ৰচাৰ।
কিছুদিনৰ পিছতে তেওঁ তেতিয়াৰ খলিফা হযৰত উছমান (ৰা.) আৰু তেওঁৰ নিযুক্ত গভৰ্ণৰসকলৰ বিৰুদ্ধে প্ৰকাশ্যভাৱে দোষাৰোপ আৰু সমালোচনা আৰম্ভ কৰিলে।
বছৰাৰ গভৰ্ণৰে তাক গ্ৰেপ্তাৰ কৰি ক’লে “তোমাৰ কাৰ্যকলাপ মুছলমানৰ দৰে নহয়। মোৰ ধাৰণা, তুমি এজন ইহুদী।”
ইয়াৰ পিছত তাক বছৰাৰ পৰাও বহিষ্কাৰ কৰা হ’ল। তাৰ পিছত আব্দুল্লাহ বিন ছাবা কুফালৈ গ’ল।
দুৰ্ভাগ্যজনকভাৱে, সেই সময়ত কুফাত আগৰে পৰাই কিছুমান লোক হযৰত উছমান (ৰা.)-ৰ নীতিৰ বিৰোধিতা কৰিছিল। আব্দুল্লাহ বিন ছাবাই সেই সুযোগ গ্ৰহণ কৰিলে। সি নিজকে এজন ডাঙৰ আলিম আৰু ইবাদতকাৰী ব্যক্তি হিচাপে উপস্থাপন কৰিলে। নিজৰ প্ৰকৃত উদ্দেশ্য আৰু পৰিচয় গোপন ৰাখি ষড়যন্ত্ৰৰ বীজ সিঁচিবলৈ ধৰিলে। ফলত বহু সৰল-হোজা মুছলমান তেওঁৰ প্ৰচাৰত প্ৰভাৱিত হ’ল।
তৎসত্বেও অৱশেষত কুফাৰ গভৰ্ণৰৰ হাততো সি ধৰা পৰিল আৰু তাতৰ পৰাও বহিষ্কৃত হ’ল। কিন্তু যোৱাৰ আগতেই সি কুফাত নিজৰ অনুসাৰীৰ এটা ডাঙৰ দল গঠন কৰি থৈ গ’ল।
তাৰ পিছত সি দামেস্ক (দামাস্কাছ)
লৈ গ’ল। কিন্তু তেতিয়াৰ গভৰ্ণৰ হযৰত মুয়াবিয়া (ৰা.) বিচক্ষণ, দূৰদৰ্শী আৰু সচেতন শাসক আছিল। সেয়ে দামেস্কত আব্দুল্লাহ বিন ছাবাই সহজে নিজৰ ষড়যন্ত্ৰ বিস্তাৰ কৰাৰ সাহস নাপালে।
এবাৰ তেওঁ হযৰত আবু দৰদা (ৰা.)-ৰ ওচৰত নিজৰ মতামত উপস্থাপন কৰিলে। তেওঁৰ কথা শুনি আবু দৰদা (ৰা.)-এ স্পষ্টকৈ ক’লে:
“মোৰ ধাৰণা, তুমি এজন ইহুদী।”
তাৰ পিছত সি হযৰত উবাদা ইবনু ছামিত (ৰা.)-ৰ ওচৰলৈও গ’ল। তেওঁৰ কথাবোৰ শুনি উবাদা (ৰা.)-এ তাক ধৰি আমীৰ মুয়াবিয়া (ৰা.)-ৰ ওচৰলৈ লৈ গ’ল আৰু ক’লে:
“মোৰ ধাৰণা, এই ব্যক্তি ইছলামৰ শত্ৰু। ইয়াৰ প্ৰকৃত উদ্দেশ্য কি, সেই বিষয়ে তদন্ত কৰা উচিত।”
ইয়াৰ পিছত হযৰত মুয়াবিয়া (ৰা.)-এ তাক তৎক্ষণাত দামেস্ক এৰি যাবলৈ নিৰ্দেশ দিলে।
দামেস্কৰ পৰা ইবনে ছাবা মিচৰলৈ গুচি যায়। মিচৰ ইবনে ছাবাৰ বাবে এক উৰ্বৰ ক্ষেত্ৰ আছিল। কাৰণ, মিচৰৰ একাংশ লোক তাৰ গভৰ্ণৰৰ ওপৰত অসন্তুষ্ট আছিল।
ধূৰ্ত ইবনে ছাবাই মিচৰকেই নিজৰ উদ্দেশ্য বাস্তৱায়নৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলে। ইয়াৰ পৰাই তেওঁ বছৰা আৰু কুফাত থকা নিজৰ অনুসাৰীসকললৈ নিয়মিতভাৱে চিঠি-পত্ৰ প্ৰেৰণ কৰিবলৈ ধৰে।
তেওঁ নিজৰ অনুসাৰীসকলক এখন চহৰৰ গভৰ্ণৰৰ বিৰুদ্ধে কুৎসা ৰটনা কৰি আন এখন চহৰলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। ফলস্বৰূপে প্ৰতিখন চহৰতে গভৰ্ণৰবিৰোধী গোট ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে।
ইবনে ছাবাই নতুন কৌশল অৱলম্বন কৰে। তেওঁ হজৰত উছমান (ৰা.)-ৰ বিৰোধিতা কৰাৰ লগতে হজৰত আলী (ৰা.)-ৰ মৰ্যাদা অত্যধিকভাৱে বঢ়াই প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। তেওঁ ক’বলৈ ধৰে, “প্ৰত্যেক নবীৰ এজন ওজীৰ (সহায়ক) আৰু ঘনিষ্ঠ ব্যক্তি থাকে। যেনে, মূছা (আ.)-ৰ ওজীৰ আছিল হজৰত ইউশা ইবনে নূন। তদ্ৰুপ আমাৰ নবী মুহাম্মদ (ছাল্লাল্লাহু আ’লাইহি ওৱাছাল্লাম)-ৰ ওজীৰ আৰু আটাইতকৈ ঘনিষ্ঠ ব্যক্তি হৈছে ছাইয়্যিদুনা আলী (ৰা.)। হজৰত আলী (ৰা.) নবীৰ ওছী (উত্তৰাধিকাৰী) আছিল। নবীয়ে তেওঁৰ পিছত আলীকেই খলিফা আৰু ইমাম হ’বলৈ ওছিয়ত কৰিছিল। তেওঁ সকলো ছাহাবীৰ মাজত সৰ্বশ্ৰেষ্ঠ।”
এইদৰে তেওঁ হজৰত আলী (ৰা.)-ৰ মৰ্যাদা মানুহৰ আগত অতিৰঞ্জিত আৰু অত্যধিকভাৱে উপস্থাপন কৰিবলৈ ধৰে।
ইয়াৰ মাজতে আব্দুল্লাহ ইবনে ছাবাই হজৰত উচমান (ৰাঃ) ক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে আৰু নিজৰ বছৰা আৰু মিছৰৰ অনুগামীসকলৰ দ্বাৰা মদীনাত ইছলামৰ তৃতীয় খলীফা হজৰত উচমান (ৰাঃ) ক অতি নিৰ্মমভাৱে হত্যা কৰে।
হজৰত উচমান (ৰাঃ) ৰ নিৰ্মম হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি স্বয়ং ছুন্নী মুছলমানসকলৰ
মাজতো তীব্ৰ মতানৈক্য আৰম্ভ হয় আৰু 30 হিজৰীৰপৰা 40 হিজৰী পৰ্যন্ত ভয়ানত গৃহযুদ্ধত নিমজ্জিত হৈ পৰে মুছলমানসকল। ইছলামৰ প্ৰচাৰ আৰু প্ৰসাৰ প্ৰায় স্থবিৰ হৈ পৰে।
ইহুদী আব্দুল্লাহ ইবনে ছাবাৰ এই ষড়যন্ত্ৰ ইমানেই সুদূৰপ্ৰসাৰী আৰু শক্তিশালী আছিল যে, ইয়ে মুছলমানসকলৰ মাজত বিদ্বেষ, অনৈক্য আৰু বিভ্ৰান্তিৰ বীজ ৰোপণ কৰি দিছিল আৰু বিগত 1400 বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ।
আনহাতে ইবনে ছাবাৰ প্ৰৰোচনাত হজৰত আলী (ৰাঃ) আৰু আহলুল বাইতক মৰ্যাদা প্ৰদান কৰিবলৈ গৈ আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আ’লাইহি ওৱাছাল্লামৰ বাবে সৰ্বদা নিবেদিতপ্ৰাণ সকলো ছাহাবাক বেদ্বীন-কাফিৰ আৰু ক্ষমতালোভী হিচাপে অপবাদ দিয়া আৰম্ভ কৰিলে আৰু হাজাৰ হাজাৰ লোকক এই মতবাদৰ অনুসাৰী বনোৱাত সফল হয় ইবনে ছাবা। ইহঁত শ্বীয়া হিচাপে জনাজাত হৈ পৰে।
আনফালে হজৰত আলী আৰু আহলুল বাইত সমন্বিতে সকলো ছাহাবাক মৰ্যাদা প্ৰদান কৰা সকলক ছুন্নী হিচাপে অভিহিত কৰা হয়। স্বাভাৱিকতে ইয়াক কেন্দ্ৰ কৰি মুছলমানসকল শ্বীয়া আৰু ছুন্নী হিচাপে দুই ভাগত বিভক্ত হৈ পৰে আৰু পৰস্পৰে সংঘাতত লিপ্ত হৈ পৰে।
নিজকে হজৰত আলী (ৰাঃ) ৰ একান্ত অনুগামী আৰু ভক্ত হোৱাৰ দাবী কৰা সত্বেও হজৰত আলী (ৰাঃ) এ আব্দুল্লাহ ইবনে ছাবাৰ কু-অভিসন্ধি আৰু ষড়যন্ত্ৰ বুজিব পাৰি শেষত মৃত্যুদণ্ড প্ৰদান কৰে বুলি ঐতিহাসিক তথ্যমতে জনা যায়।
🖍️ সংকলন
মুফ্তী ছাদিকুৰ ৰহমান ক্বাছিমী
HAFIZ,F.D, M.A(GU) D.PHARM (SSUHS) B.Ed( Pursuing)
