অসম মূলকৰ এখন সৰু গাঁও ৰংঢলীয়া। গাঁওখনৰ শেষৰ ফালে ৰেঞ্জাৰ বাবুৰ ঘৰ। ৰেঞ্জাৰ বাবুৰ অৱসৰ হোৱা পাঁচ বছৰ মান হ’ল। ৰেঞ্জাৰ বাবুক সকলোৱে সন্মান কৰে যিহেতু তেওঁ অসম চৰকাৰৰ অধীনত বহুতো বছৰ খাটনি কৰিছিল। পিছে এতিয়া তেওঁ দেৱানী। অৱসৰ হোৱাৰ পাছত তেওঁ গাঁৱৰ ৰাইজৰ স্বাৰ্থৰহকে বিচাৰ কৰি ফুৰে।তেওঁৰ মাটিৰ দাগতে আছিল মংগল খুৰাৰ ঘৰ। তেওঁ ৰেঞ্জাৰ বাবুৰ পৰা এক কঠা এক লোচা মাটি কিনি লৈ তাতেই দহ বছৰ মান ধৰি বাস কৰি আছে। মংগল খুৰাৰ বয়স ৫০ বছৰ।
মংগল খুৰাৰ আকৌ’মিঠা বেমাৰ’ আছে মানে ছুগাৰ বেমাৰ। সেয়ে তেওঁ চাৰিবেলা আঠমুঠি ভাত খায়। ফেচকুল্লাৰ জীয়েক মানে মংগল খুৰাৰ মানুহজনী সাত গাঁওমাৰি খোৱা মানুহ বৰ চিপচ্। সেয়েহে ৰাস্তাৰ কুকুৰো তেওঁলোকৰ ঘৰৰ ভিতৰত মুখ নিদিয়ে। মংগল খুৰা আগতে দিন হাজিৰা কৰি খাইছিল পিছে বেমাৰ ধৰা দিয়াৰ পৰা তেওঁ বেলেগৰ মাটি আধি লৈ খেতি বাতি কৰি খায়। ডাঙৰ ছোৱালীজনীৰ বিয়াৰ আঠ ন মাহ নহৌতে স্বামীৰ ঘৰৰ মানুহে যৌতুক নিদিয়াৰ ফলত মাৰি পেলাই আত্মহত্যাৰ নাম দিছে। সেয়া পাচঁ বছৰ আগৰ কথা। ডাঙৰ ল’ৰা মগুৱে এজনী ছোৱালীক ভাল পাই বিয়া পাতি আনিছিল যদিও দুমাহ নহৌওতে ফেচকুল্লাৰ জীয়েকৰ অত্যাচাৰত থাকিব নোৱাৰিলে। এবছৰৰ পিছত আকৌ ডাঙৰ ল’ৰাটোক বিয়া কৰালে ওচৰৰে এজন মধ্যবিত্ত পৰিয়ালত। দুবছৰ পাছত মংগল খুৰাৰ লগৰীয়া এজন হ’ল যদাই। যদাই হ’ল মংগল খুৰাৰ ডাঙৰ ল’ৰাৰ পুত্ৰ মানে তেওঁৰ নাতি।
পিছে বয়স বাঢ়ি অহাত তেওঁৰ বেমাৰটোও তেওঁক জুৰুলা কৰি পেলালে খোৱাৰ বাহিৰে আৰু নাতি ল’ৰাটোক কোচত লৈ ফুৰাৰ বাহিৰে আন কোনো কাম কৰিব নোৱাৰে। সেয়ে ফেচকুল্লাৰ জীয়েকৰ বাবে মানুহ জন চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে। কেতিয়াবা যদি ভাত নিদিয়ে, কেতিয়াবা আকৌ ঘৰ দুবাৰ এৰি যাবলৈ কয়, ছুগাৰৰ ঔষধ কিনি দিব নোৱাৰি খঙতে মংগল খুৰাক বিহ পান কৰি মৰি থাকিবলৈ উপদেশ দিয়ে,,, ইত্যাদি ইত্যাদি। এদিন আকৌ মংগল খুৰা প্ৰতিবাদ কৰিবলৈ গৈ নিজেই মাৰ খাই কেইদিনমানৰ কাৰণে ঘৰ ত্যাগ কৰিলে। তাৰ কেইদিনমান পাছতহে ডাঙৰ ল’ৰাটো দুৰণি কামৰ পৰা আহি দেউতাকক বিচাৰি আনে। তাৰ পাছত ডাঙৰ ল’ৰাটোৱে ফেচকুল্লাৰ জীয়েকক পহু খেদা দি দেউতাকক নিজৰ পৰিয়ালত লৈ ললে। আকৌ কেইদিনমান পাছত সৰু ল’ৰা আৰু ফেচকুল্লাৰ জীয়েকে আহি ৰেঞ্জাৰ বাবুৰ হাত ভৰি ধৰি বিচাৰটো কৰিবলৈ কোৱাত মান্তি হয় আৰু ফেচকুল্লাৰ জীয়েকক আকৌ মংগলৰ লগত একলগ কৰি দিলে। সপ্তাহ দিন মান ভালে চলিলে দ্বিতীয় সপ্তাহ আৰম্ভ নহৌওতেই আকৌ ৰাছিয়া ইউক্ৰেইনৰ ৰণৰ দৰে সিহঁত দুটাৰ মাজত যুদ্ধ আৰম্ভ হ’বলৈ ল’লে। মাহত কমেও পোন্ধৰ দিন মংগল খুৰাৰ ঘৰত বোমা বিস্ফোৰণ ফুটাদি মাতবোৰ গৰজি থাকে। শাহু-শহুৰৰ ৰণৰ কোপত থাকিব নোৱাৰি যদাইৰ মাকে যদাইক লৈ মাকৰ ঘৰলৈ আহিল। সেই দিনাই ফেচকুল্লাৰ জীয়েকে ঘৰত কোনেও নথকা বুলি জানি মংগল খুৰাক বৰ বেয়াকৈ গালি গালাজ দিয়াত মংগল খুৰাই কান্দি কান্দি ঘৰৰ পৰা ওলাই গ’ল। ৰাতিটো কোনোমতে প্ৰবাহিত কৰিয়েই সোনকালেই ভঙা চাইকেলখন লৈ চেলুনলৈ গৈ দাঢ়ি-চুলি কাটি যদাইৰ কাৰণে চিপছৰ পেকেট দুটা মান, বিস্কুট এপেকেট আৰু টকা এশটা লৈ যদাইক চাবলৈ বিয়ায়ৰ ঘৰলৈ গ’ল। দুৰ্ভাগ্যবশতঃ যদাইক আইতাকে লৈ ওচৰৰে এখন গাঁৱত ফুৰিবলৈ লৈ গৈছিল যাৰ ফলত যদাইৰ লগত শেষ দেখা নহ’ল। দুখ মনেৰে যদাইৰ কাৰণে লৈ যোৱা চিপছ, বিস্কুট, টকা এশটা বোৱাৰিয়েকৰ হাতত দি ওচুপি ওচুপি ক’লে ,”বৌ এই খিনি মোৰ নাতি যদাইক দিবা আৰু কবা যে মই বৰ দুখীয়া মানুহ মোৰ চলোৱা ভঙা চাইকেলখনৰ বাহিৰে মোৰ আৰু একো সম্পত্তি নাই এইখন চাইকেল তোৰ ককা মংগলে দিছে।”
এই বুলি কয় মংগল খুৰাই ঘৰলৈ বেগাই বাট বুলিলে আৰু ঘৰত গৈ কোনো নথকাৰ সুযোগ লৈ গৰু বন্ধা প্লাষ্টিক ৰছীৰে নতুনকৈ বনোৱা ঘৰৰ ধৰ্ণাত ৰছী বান্ধি চিপ লগাই চিৰজীৱনৰ বাবে বিদায় ল’লে ।
লেখকঃ নুৰুল আমিন ঠিকনাঃ নিজ বিশ্বনাথ জিলাঃ বিশ্বনাথ
