ফেচবুকত সঘনাই দেখা দিয়া এটা প্ৰশ্নৰ বিশ্লেষণ।
শেহতীয়াকৈ ফেচবুকত এটা পোষ্ট দৃষ্টি গোচৰ হৈছে, য’ত প্ৰশ্ন তোলা হৈছে—
“যদি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত আটাইতকৈ বেছি অৱদান মুছলমানসকলৰেই আছিল, তেন্তে ধৰ্মৰ নামত পাকিস্তান সৃষ্টি কৰি দেশভাগ কৰিলে কিয়?”
প্ৰথম দৃষ্টিত এই প্ৰশ্নটো বহু লোকৰ ওচৰত যথেষ্ট যুক্তিসংগত যেন লাগিব পাৰে। কিন্তু বাস্তৱত ইয়াৰ অন্তৰালত লুকাই আছে ইতিহাসৰ গভীৰ অজ্ঞতা, আংশিক সত্যৰ অপব্যাখ্যা আৰু ইচ্ছাকৃত বিভ্ৰান্তি। আহক, প্ৰামাণ্য ঐতিহাসিক তথ্য আৰু দলিলৰ আধাৰত বিষয়টো বিশ্লেষণ কৰোঁ।
ইতিহাসৰ পৃষ্ঠা ওলটাই চালে দেখা যায় যে, ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ কুখ্যাত "দ্বি-জাতি তত্ত্ব" (Two-Nation Theory) কোনো এজন ব্যক্তি বা সাধাৰণ মুছলমান সমাজে হঠাতে সৃষ্টি কৰা ধাৰণা নাছিল। ইয়াৰ বীজ ৰোপণ কৰিছিল ঔপনিৱেশিক ব্ৰিটিছ শাসকে, যিসকলৰ মূল শাসননীতি আছিল—"ভাগ কৰা আৰু শাসন কৰা" (Divide and Rule)।
তদুপৰি, ঐতিহাসিক তথ্য অনুসৰি, মুছলিম লীগৰ বহু আগতেই ১৮৮০-ৰ দশকত ভাই পৰমানন্দে হিন্দু আৰু মুছলমানক পৃথক জাতি বুলি ধাৰণা প্ৰকাশ কৰিছিল। পিছত ১৯৩৭ চনত হিন্দু মহাসভাৰ আহমেদাবাদ অধিৱেশনত বিনায়ক দামোদৰ সাভাৰকাৰে স্পষ্টকৈ ঘোষণা কৰিছিল যে হিন্দু আৰু মুছলমান দুটা পৃথক জাতি; সেয়ে তেওঁলোক একেটা ৰাষ্ট্ৰত একেলগে বাস কৰিব নোৱাৰে।
ইয়াৰে ঠিক তিনি বছৰৰ পাছত, ১৯৪০ চনত মুহাম্মদ আলী জিন্নাহে এই একেই তত্ত্বক ৰাজনৈতিক অস্ত্ৰ হিচাপে গ্ৰহণ কৰি পৃথক পাকিস্তানৰ দাবী উত্থাপন কৰে।
অৰ্থাৎ, দেশভাগৰ বাবে কেৱল জিন্নাহ বা কেৱল কোনো এটা সম্প্ৰদায়ক দোষাৰোপ কৰিলে ইতিহাসৰ পূৰ্ণ সত্য প্ৰকাশ নাপায়। জিন্নাহৰ ৰাজনৈতিক অভিলাষ, কিছু কট্টৰপন্থী সংগঠনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু ব্ৰিটিছ ঔপনিৱেশিক কৌশল—এই তিনিওটা উপাদানে দেশভাগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
জাতীয়তাবাদী মুছলমান আৰু উলামাসকলৰ ঐতিহাসিক প্ৰতিবাদ
জিন্নাহে যেতিয়া ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ দাবী উত্থাপন কৰিছিল, তেতিয়া ভাৰতৰ অসংখ্য জাতীয়তাবাদী মুছলমান নেতা আৰু উলামাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল।
তৎকালীন ভাৰতৰ অন্যতম বৃহৎ মুছলিম সংগঠন জমিয়ত উলামায়ে হিন্দ, মজলিছে আহৰাৰ আৰু সিন্ধৰ জননেতা আল্লাহ বক্স সোমৰোৰ নেতৃত্বত গঠিত আজাদ মুছলিম কনফাৰেন্সে দেশভাগৰ বিৰোধিতাত সমগ্ৰ দেশত আন্দোলন গঢ়ি তুলিছিল।
১৯৪০ চনত দিল্লীত অনুষ্ঠিত বিশাল সমাৱেশত হাজাৰ হাজাৰ জাতীয়তাবাদী মুছলমানে জিন্নাহৰ পাকিস্তান প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
মৌলানা আবুল কালাম আজাদে জিন্নাহক উদ্দেশ্য কৰি স্পষ্টকৈ কৈছিল—”ধৰ্মৰ ভিত্তিত গঢ়া কোনো ৰাষ্ট্ৰ স্থায়ী হ’ব নোৱাৰে; এনে পাকিস্তান এদিন নিশ্চয় বিভক্ত হ’ব।”
পৰৱৰ্তী সময়ত ১৯৭১ চনত বাংলাদেশৰ জন্মই তেওঁৰ এই দূৰদৰ্শিতাক বহুতে ঐতিহাসিকভাৱে স্মৰণ কৰে।
সাধাৰণ মুছলমান সমাজে পাকিস্তানক সমৰ্থন কৰিছিল নেকি?
এই বিষয়টো লৈও বহু ভুল ধাৰণা প্ৰচলিত।
অনেকে ভাবে, ১৯৪৬ চনৰ নিৰ্বাচনত সকলো মুছলমানে জিন্নাহৰ পাকিস্তান দাবীক সমৰ্থন কৰিছিল। বাস্তৱতা সম্পূৰ্ণ ভিন্ন।
সেই সময়ত ব্ৰিটিছ ভাৰতত মাত্ৰ প্ৰায় ১১%–১৩% লোকৰহে ভোটাধিকাৰ আছিল। এই ভোটাৰসকল মূলতঃ ধনী, কৰদাতা আৰু জমিদাৰ শ্ৰেণীৰ লোক আছিল।
মুছলিম লীগে এই সীমিত ভোটাৰগোষ্ঠীৰ সমৰ্থনত সফল হৈছিল।
কিন্তু কোটি কোটি কৃষক, তাঁতী, মজদুৰ, মৎস্যজীৱী আৰু সাধাৰণ মুছলমান নাগৰিকৰ ভোটাধিকাৰেই নাছিল।
সেয়ে “সকলো মুছলমানে পাকিস্তান বিচাৰিছিল”—এই দাবী ইতিহাসসম্মত নহয়।
ভাৰতৰ স্বাধীনতা সংগ্ৰাম আছিল এক যৌথ সংগ্ৰাম।
ভাৰতৰ স্বাধীনতা কোনো এটা ধৰ্ম, সম্প্ৰদায় বা জাতিৰ একক অৱদানৰ ফল নহয়।
যেনেদৰে ক্ষুদিৰাম বসু, প্ৰফুল্ল চাকী, বাঘা যতীন, ভগত সিং, চন্দ্ৰশেখৰ আজাদ আদি স্বাধীনতা সংগ্ৰামত অমৰ হৈ আছে, ঠিক তেনেদৰে অসংখ্য মুছলমান বীৰ আৰু আলিম উলামা সকলেও দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গ কৰিছিল কাৰাগাৰৰ জীৱন কটাবলগীয়া হৈছিল।
বৰং এটা সময় পৰ্যন্ত অৰ্থাৎ হজৰত শাহ আব্দুল আজীজ মুহাদ্দীছে দেহলাৱীৰ বৃটিছ চৰকাৰৰ বিৰুদ্ধে দিয়া ফতোৱাৰ পিছত ১৮৩১ চনৰ মৌলানা আহমদ শ্বহীদ আৰু মৌলানা ইছমাইল শ্বহীদ ৰাঃৰ বালাকোটৰ যুদ্ধৰ পৰা ১৮৫৭ চনৰ শামলি আৰু আম্বালাৰ যুদ্ধ লৈকে অকল মুছলমান সম্প্ৰদায়ৰ উলামায়ে কিৰামৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে যুদ্ধ চলি আহিছিল।
তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য—
হজৰত শাহ আব্দুল আজীজ মুহাদ্দীছে দেহলাৱী ৰহঃ।
মৌলানা আহমদ শ্বহীদ ৰহঃ।
মৌলানা ইছমাইল শ্বহীদ ৰহঃ।
মৌলানা জাফৰ থানেশ্বৰী ৰহঃ।
মৌলানা হাফিজ যামিন শ্বহীদ ৰহঃ।
মৌলানা ক্বাছিম নানতৱী ৰহঃ।
মৌলানা ৰশিদ আহমদ গংগোহী ৰহঃ।
মৌলানা মাহমুদুল হাছান দেওবন্দী ৰহঃ।
মৌলানা হুছেইন আহমদ মাদানী ৰহঃ।
মৌলানা হছৰত মোহানী ৰহঃ।
মৌলানা উবাইদুল্লাহ ছিন্দী ৰহঃ।
মৌলানা আবুল কালাম আজাদ ৰহঃ।
মৌলানা মুহাম্মদ আলী জওহাৰ ৰহঃ।
মৌলানা শওকত আলী ৰহঃ।
মৌলানা আহমদ আলী বাঁশকান্দী ৰহঃ।
মৌলানা আব্দুল হামিদ ভাষানী ৰহঃ।
আশফাকউল্লা খান।খান আব্দুল গাফ্ফাৰ খান।শ্বহীদ তিতুমীৰ।হাজী শৰীয়তুল্লাহ।দুদু মিঞা।ড° ছৈফুদ্দিন কিচলু।ৰফি আহমদ কিদৱাই।হাকিম আজমল খান।কৰ্নেল শাহ নৱাজ খান।লেফটেনেণ্ট কৰ্নেল আজিজ আহমদ।হাবিবুৰ ৰহমান।আবিদ হাসান ছাফৰানী।
আৰু মহিলাসকলৰ ভিতৰতো—
বেগম হাজৰত মহল।আজিজান বাই।আসফাৰী বেগম।আবাদী বানু বেগম (বী আম্মা) ছুৰাইয়া তায়াবজী।আদিৰ দৰে অসংখ্য মহীয়সী নাৰীয়ে স্বাধীনতা সংগ্ৰামত স্মৰণীয় অৱদান আগবঢ়াইছিল। ইয়াৰে কিছুমান শ্বহীদ আৰু বেছিভাগ কাৰাবন্দী জীৱন কটাবলগীয়া হৈছিল।
ভাৰতত থাকি যোৱাৰ সিদ্ধান্ত
১৯৪৭ চনত দেশভাগ সংঘটিত হোৱাৰ পিছতো কোটি কোটি মুছলমান পৰিয়ালে পাকিস্তানলৈ যোৱাৰ আহ্বান প্ৰত্যাখ্যান কৰি ভাৰতকেই নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰিছিল।
কাৰণ তেওঁলোকৰ বাবে জন্মভূমি, শিপা, পঢ়শী, সম্প্ৰীতি, সংস্কৃতি আৰু যুগযুগীয়া সহাৱস্থান কোনো ৰাজনৈতিক সীমাৰেখাতকৈ বহুগুণ মূল্যৱান আছিল।
এতিয়া কথা হ'ল স্বাধীনতাৰ প্ৰায় ৮০ বছৰ পাছত, ২০২৬ চনত থিয় হৈ যদি কোনোবাই জিন্নাহৰ ৰাজনৈতিক ভুল বা দেশভাগৰ দায়িত্ব ভাৰতৰ কোটি কোটি দেশপ্ৰেমিক মুছলমান নাগৰিকৰ ওপৰত জাপি দিব বিচাৰে, তেন্তে সেয়া ইতিহাসৰ বিকৃতিৰ বাহিৰে আন একো নহয়।
ইতিহাসক সামাজিক মাধ্যমৰ ভুৱা প্ৰচাৰ বা আধা-সত্যৰ ভিত্তিত নহয়, বৰঞ্চ প্ৰামাণ্য দলিল, নিৰপেক্ষ গৱেষণা আৰু ঐতিহাসিক সত্যৰ আধাৰত বিচাৰ কৰিব লাগে।
আহক, বিভাজন নহয়—সত্য, সম্প্ৰীতি আৰু ঐক্যৰ পথ বাছি লওঁ। এই ভাৰতবৰ্ষ গঢ়ি উঠিছে সকলো সম্প্ৰদায়ৰ ত্যাগ, অশ্ৰু, ৰক্ত আৰু পাৰস্পৰিক সহাৱস্থানৰ ওপৰত।
তাহানিৰ পৰাই আমাৰ আদৰ্শ মুহাম্মদ আলী জিন্নাহ,চাৱাৰকাৰ আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী নহয়।
বৰঞ্চ আমাৰ আদৰ্শ হৈছে:- মহাত্মা গান্ধীৰ আদৰ্শ, সুভাষচন্দ্ৰ বসুৰ আদৰ্শ, মৌলানা মাহমুদুল হাছান দেওবন্দীৰ আদৰ্শ, মৌলানা হুছেইন আহমদ মাদানীৰ আদৰ্শ আৰু জমিয়ত উলামায়ে হিন্দৰ আদৰ্শ।
আমি বিভাজনমুখী নহয়। অতীততো নাছিলোঁ, বৰ্তমানতো নহওঁ, আৰু ভৱিষ্যততো তেনে ধাৰণাক মনত স্থান নিদিওঁ। এই দৃঢ় বিশ্বাস আৰু চিন্তাধাৰাক লৈয়ে আমি জীৱন অতিবাহিত কৰোঁ।
আমাৰ আদৰ্শৰ গভীৰতাক প্ৰকাশ কৰা হৃদয়ৰ অন্তঃস্থলৰ আহ্বান হ’ল—
ছারে যাহা সে আচ্ছা হিন্দুস্তান হামাৰা
হাম বুলবুলে হ্যায় ইছকি ইয়ে গুলিস্তান হামাৰা।
মযহব ন্যেহী ছিখাতা আপছ ম্যে বেৰ ৰাখনা।
হিন্দী হ্যেয় হাম ওয়াতন হ্যেয় হিন্দুস্তান হামাৰা।
✍️মাহমুদুল হাছান ক্বাছিমী সহকাৰী শিক্ষক পানবাৰী আহমাদীয়া হুছাইনীয়া মাদ্ৰাছা ধুবুৰী অসম।
