শ্বহীদ কাৰবালাঃ নবী বংশৰ ৭২ জন চাহাবাৰ শ্বহীদৰ হৃদয়বিদাৰক কাহিনী।

🟥⬛🟥 ৬১ হিজৰীৰ মহৰম মাহ। ইৰাকৰ বালুকাময় মৰুভূমিৰ মাজেৰে বৈ যোৱা ফুৰাত নদীৰ কাষত এখন স্থান—কাৰবালা। ইতিহাসৰ বুকুত এই পৱিত্ৰ ভূমিখনে চিৰদিনৰ বাবে খোদিত কৰি ৰাখিলে সত্য আৰু অন্যায়, ন্যায় আৰু অত্যাচাৰৰ মাজত সংঘটিত এক মহাকাব্যিক সংঘৰ্ষৰ অমৰ কাহিনী।

সেই মহাকাব্যিক সংঘৰ্ষৰ নায়ক আছিল ইমাম হোছাইন (ৰাঃ) যিজন আছিল বিশ্বনবী হজৰত মোহাম্মদ (চঃ)-ৰ প্ৰিয় নাতি, হজৰত আলী (ৰাঃ) আৰু হজৰত ফাতিমা (ৰাঃ)-ৰ সন্তান।

নবীজীয়ে তেওঁক বুকুত লৈ কৈছিল, “হোছাইন মোৰ পৰা আৰু মই হোছাইনৰ পৰা।”

যেতিয়া ইয়াজিদে নিজৰ শাসনৰ বাবে সকলোৰে পৰা বায়আত (আনুগত্য) দাবী কৰিলে, তেতিয়া ইমাম হোছাইন (ৰাঃ)-য়ে ক’লে—

“মোৰ দৰে ব্যক্তিয়ে ইয়াজিদৰ দৰে ব্যক্তিক বায়আত গ্ৰহন কৰিব নোৱাৰে।”
তেওঁ জানিছিল যে এই সিদ্ধান্তৰ মূল্য বহুত ডাঙৰ হ’ব পাৰে। কিন্তু সত্যৰ পৰা আঁতৰি যোৱা তেওঁৰ বাবে অসম্ভৱ আছিল।

🟥 মদিনাৰ পৰা যাত্ৰা।

  ইমাম হোছাইন (ৰাঃ) পৰিয়াল, সন্তান, ভাতৃ, ভতিজা অনুমানিক ৭২ জন বিশ্বস্ত সঙ্গীক লগত লৈ মদিনা এৰি মক্কালৈ ওলাই গ'ল। তাৰ পিছত কুফাবাসীৰ আমন্ত্ৰণত কুফাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিলে।

কিন্তু কুফাৰ ওচৰতেই ইয়াজিদৰ সৈন্যই তেওঁলোকক আগুৰি ধৰিলে আৰু কাৰবালাৰ শুষ্ক মৰুভূমিত ৰখাই দিলে।

🟥 পানীৰ পথ বন্ধ কৰি দিলে।
মহৰম মাহৰ সপ্তম দিনা ইমাম হোছাইন (ৰাঃ)-ৰ শিবিৰলৈ যোৱা ফুৰাত নদীৰ পানীৰ পথ বন্ধ কৰি দিয়া হ’ল।
জুইৰ দৰে গৰম বালি। আকাশত প্ৰখৰ ৰ’দ। শিশুসকলৰ ওঁঠ শুকাই গৈছে। মহিলাসকল তৃষ্ণাত কাতৰ হৈ গ’ল।
শিবিৰৰ পৰা সৰু-সৰু শিশুৰ কান্দোন শুনা গৈ আছে—

“পানী… অলপ পানী…”

কিন্তু অত্যাচাৰীৰ হৃদয় গলিল নে?

নাই।

🟥 আলী আছগৰ (ৰাঃ)-ৰ কৰুণ পৰিণতি।

 ইমাম হোছাইন (ৰাঃ)-এ নিজৰ ছমহীয়া কণমানি সন্তান হজৰত আলী আছগৰ (ৰাঃ)-ক কোঁলাত লৈ সৈন্যবাহিনীৰ সন্মুখলৈ আগবাঢ়ি গ'ল।

তেওঁ ক’লে—
“যদি মোক অপৰাধী বুলি ভাবা, তেন্তে এই নিৰ্দোষ শিশুটিক অন্ততঃ অলপ পানী দিয়া।”

কিন্তু উত্তৰ আহিল এটা বিষাক্ত তীৰৰ ৰূপত।

তীৰটো উৰি আহি কণমানি আলী আছগৰ (ৰাঃ)-ৰ ডিঙিত বিদ্ধ হ’ল।

পিতৃৰ কোলাতে শিশুটিৰ জীৱন শেষ হ’ল।

মৰুভূমিৰ আকাশ যেন স্তব্ধ হৈ গ’ল।

একে একে প্ৰায় ৭১জন শ্বহীদ।
ভতিজা কাচিম (ৰাঃ), ভাতৃ আব্বাছ (ৰাঃ), পুত্ৰ আলী আকবৰ (ৰাঃ)—সকলোৱে শ্বহীদ হ’ল।

হজৰত আব্বাছ (ৰাঃ)-এ শিশুসকলৰ বাবে পানী আনিবলৈ চেষ্টা কৰিছিল। কিন্তু নদীৰ পৰা উভতি অহাৰ পথত তেওঁৰ দুয়োখন হাত কাটি পেলোৱা হ’ল আৰু তেওঁও শ্বহীদ হ’ল।

শিবিৰত এতিয়া কেৱল কান্দোন আৰু কান্দোন।

🟥 আশুৰাৰ দিন।

১০ মহৰম।
ইতিহাসৰ সেই বেদনাময় দিন।
ইমাম হোছাইন (ৰাঃ)-য়ে ফজৰৰ নামাজত ৭২ জন সঙ্গীক লগত লৈ নামাজ আদায় কৰিলে

উফ! কি নিৰ্মম।
এতিয়া এতিয়া অকলশৰীয়া।
বাকী কেইজন শ্বহীদ হৈ গ’ল। অকলে জহুৰৰ নামাজ আদায় কৰি, অশ্ৰুভৰা নয়নে আল্লাহৰ ওচৰত দুআ কৰি।
নানা বিশ্ব নবী (চঃ)-য়ে দিয়া ৰুমালখন চিঙি কঁকালত বান্ধি।
পিতৃ হজৰত আলী (ৰাঃ)-ৰ জুলফিকাৰ তৰোৱাল হাতত লৈ দুলদুল ঘোড়াত উঠি পুনৰ বীৰৰ দৰে যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি গ’ল।

ইয়াজিদৰ ৪ হাজাৰ সৈন্যৰ পৰা ১৩ শ সৈন্যক অকলে মাটিত ভগৰাই দিলে।
এই দেখি এজিদৰ সৈন্য পলাবলৈ আৰম্ভ কৰে। ১ মাহ ২ দিনৰ ভোকাতুৰ পানীৰ পিয়াহত তৃষ্ণাতুৰ হজৰত হোছাইনে ফুৰাত নদীত পানী পান কৰিবলৈ একাঠু পৰ্যন্ত নামি দিলে। হাতত পানী লৈ খাম নাখাম চিন্তা কৰি, নিজৰ সন্তান আচগৰ পানীৰ পিয়াহত কৰুণ মৃতৃৰ কথা মনত পৰাৰ লগে-লগে হাতৰ পৰা পানী এৰি দিলে।

১ মাহ ২ দিনৰ ভোকাতুৰ হোছাইনৰ শৰীৰ ক্ৰমাত দুৰ্ব্বল হৈ পৰাত কাৰবালাৰ প্ৰান্তত অৱস্থিত এটা গছৰ তলত আশ্ৰয় ল’লে।

পিছফালেদি এজিদৰ কেইবা শতাধিক সৈন্যই হজৰত হোছেইনক ঘেৰাও কৰিলে। তথাপিও তেওঁ অকলেই বীৰ বিক্ৰমৰ সৈতে যুঁজি থাকিল।

অৱশেষত বহু আঘাতপ্ৰাপ্ত অৱস্থাত মাটিত ভাগৰি পৰিল। তাৰ পিছতো অত্যাচাৰ থমকি নাথাকিল।

“ইতিহাসৰ বৰ্ণনা অনুসৰি তেওঁক নিৰ্মমভাৱে শ্বহীদ কৰা হ’ল, আৰু তেওঁৰ মুবাৰক মূৰ শৰীৰৰ পৰা পৃথক কৰা হ’ল।

তাৰ পিছত সেই পবিত্ৰ শিৰ ইয়াজিদৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ল। বৰ্ণনা অনুসৰি, তাত উপস্থিত এজন ব্যক্তিয়ে লাঠিৰে ইমাম হোছাইন (ৰাঃ)-ৰ মুবাৰক ওঁঠ আৰু মুখমণ্ডল স্পৰ্শ কৰি অপমানজনক আচৰণ কৰিবলৈ ধৰিলে। সেই সময়ত উপস্থিত এজন বৃদ্ধ চাহাবী এই দৃশ্য দেখি সহ্য কৰিব নোৱাৰি চিঞৰি উঠিল। তেওঁ ক’লে, ‘এই লাঠিডাল আঁতৰাই লোৱা! আল্লাহৰ শপত, মই নিজ চকুৰে বহুবাৰ দেখিছোঁ যে ৰচুল (চঃ)-য়ে এই ওঁঠ দুটাত চুমা খাইছিল।’ এই কথা কৈ বৃদ্ধ চাহাবীজনৰ চকুৰ পৰা অশ্ৰুধাৰা বৈ পৰিল। কাৰণ তেওঁৰ সন্মুখত অপমানিত হৈ আছিল সেইজন ব্যক্তিৰ পবিত্ৰ শিৰ, যিজন আছিল মহানবী (চঃ)-ৰ প্ৰিয় নাতি আৰু আহলুল বাইতৰ উজ্জ্বল নক্ষত্ৰ।”

✅ কাৰবালাৰ শিক্ষা
কাৰবালা কেৱল এখন যুদ্ধ নাছিল।
ই আছিল সত্য বনাম অসত্য, ন্যায় বনাম অত্যাচাৰ, বিবেক বনাম ক্ষমতাৰ সংঘৰ্ষ।
ইমাম হোছাইন (ৰাঃ)-য়ে দেখুৱাই দিলে যে, সত্যৰ পথত থাকিবলৈ হ’লে প্ৰয়োজন হ’লে জীৱন দিব লাগে, কিন্তু অন্যায়ৰ ওচৰত কেতিয়াও মাথা নত কৰিব নালাগে।

আজিও বিশ্বৰ কোটি কোটি মানুহ কাৰবালাৰ নাম শুনিলে আবেগিক হৈ পৰে।

কাৰণ কাৰবালাই শিকাইছে—
“অপমানজনক জীৱনতকৈ সন্মানজনক মৃত্যু উত্তম।”

“হোছাইন (ৰাঃ) শ্বহীদ হৈছিল, কিন্তু পৰাজিত হোৱা নাছিল; ইয়াজিদ জয়ী হৈছিল, কিন্তু ইতিহাসত পৰাজিত হৈছিল।”

আল্লাহ তা’আলাই হজৰত ইমাম হোছাইন (ৰাঃ), আহলুল বাইত আৰু কাৰবালাৰ সকলো শ্বহীদৰ ওপৰত অসংখ্য ৰহমত বৰ্ষণ কৰক। আমীন।

সংগ্ৰাহকঃ বায়েজীদ বোস্তামী

Leave a Comment