চীনৰ ‘এক সন্তান’ নীতিৰ পৰা ‘তিনি সন্তান’লৈঃ ভাৰত আৰু অসমৰ বাবে কি সংকেত?

বিশ্বৰ জনসংখ্যাৰ গতিশীলতা সলনি হৈ আছে। উন্নয়নশীল দেশবোৰ য’ত এসময়ত জনসংখ্যা বিস্ফোৰণৰ আশংকা কৰা হৈছিল, আজি সেই দেশবোৰেই সন্তান জন্মৰ হাৰ হ্ৰাস পোৱাৰ নতুন চিন্তাৰ সন্মুখীন হৈছে।

১. চীনৰ জনসংখ্যা নীতিৰ পৰিৱৰ্তন: এক সন্তানৰ পৰা তিনিলৈ

১৯৭০ চনৰ পৰা চীনৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ‘এক সন্তান’ নীতি কঠোৰভাৱে কাৰ্যকৰী কৰা হৈছিল। কিন্তু দীর্ঘদিন এই নীতি চলোৱাৰ ফলত চীনৰ জনসংখ্যাৰ গাঁথনি সংকটজনক অৱস্থালৈ গৈছিল—বয়সস্থ লোকৰ সংখ্যা বৃদ্ধি পাইছিল আৰু কাম কৰা লোকৰ সংখ্যা হ্ৰাস পাইছিল।

· ২০১৬: চীনৰ কমিউনিষ্ট পাৰ্টিয়ে ‘এক সন্তান’ নীতি বাতিল কৰি ‘দুই সন্তান’ নীতি আৰম্ভ কৰে। কিন্তু এই নীতিয়েও সন্তান জন্মৰ হাৰ বৃদ্ধি কৰাত ব্যৰ্থ হয়, কাৰণ চহৰীয়া অঞ্চলত সন্তান পালনৰ খৰচ আছিল অত্যন্ত বেছি।

· ২০২১: মাত্ৰ পাঁচ বছৰৰ পাছতেই চীন চৰকাৰে ‘তিনি সন্তান’ নীতি ঘোষণা কৰে। আনকি অধিক সন্তান জন্ম দিয়াক চৰকাৰে বিভিন্ন প্ৰকাৰে সহযোগ কৰা আৰম্ভ কৰে।

কিন্তু এই নীতি সলনিয়েও আশানুৰূপ ফল দিয়া নাই। সন্তান পালনৰ উচ্চ খৰচ আৰু কাম-কাজৰ চাপৰ বাবে তৰুণ প্ৰজন্মই সন্তান জন্ম দিবলৈ অনিচ্ছুক।

২. ভাৰতৰ TFR হ্ৰাস: অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কি ঘটিব?

ভাৰতৰ TFR ২০২৪ চনত ১.৯ লৈ নামি আহিছে, যিটো প্ৰতিস্থাপন হাৰ (replacement level) ২.১ তকৈ কম। অৰ্থনীতি বিজ্ঞানৰ মতে TFR এইদৰে হ্ৰাস পাই থাকিলে ভাৰতৰ ওপৰত কি কি প্ৰভাৱ পৰিব পাৰে-

ক. ভাৰত ধনী দেশ হোৱাৰ আগতেই বৃদ্ধ সকলৰ দেশ হৈ পৰাৰ আশংকা আছে।

খ. কম সংখ্যক শিশুৰ অৰ্থ হ’ল ভৱিষ্যতে কম সংখ্যক যুৱক-যুৱতীয়ে কৰ্মক্ষেত্ৰত সোমাব।

গ. কম সংখ্যক কাম কৰা লোকে অধিক সংখ্যক বৃদ্ধ লোকৰ ভাৰ বহন কৰিব লগা হ’ব।

কিন্তু সকলো অৰ্থনীতিবিদে এই বিষয়ত একমত নহয়—কিছু সংখ্যকে কয় যে কম সন্তানৰ অৰ্থ হ’ল প্ৰতি সন্তানৰ বাবে অধিক বিনিয়োগ, যাৰ ফলত মানৱ পুঁজিৰ উন্নতি হয় আৰু দীর্ঘম্যাদী অৰ্থনৈতিক বিকাশ সম্ভৱ।

৩. অসমৰ TFR: ১.৯

অসমৰ সন্তান জন্মৰ হাৰ সম্প্ৰতি Replacement Level তকৈ কম।

NFHS- ২০২৪ চনৰ তথ্য অনুযায়ী অসমৰ TFR ১.৯ লৈ নামিছে। ২০১৮ চনত এই হাৰ আছিল ২.২।

অসমত সন্তান জন্মৰ হাৰ হ্ৰাস পোৱাৰ কাৰণসমূহ হ’ল—শিক্ষাৰ উন্নতি, স্বাস্থ্যসেৱাৰ উন্নতি, গৰ্ভনিৰোধক সা-সুবিধা বৃদ্ধি, আৰু চৰকাৰী নীতি । কিছু তথ্য অনুযায়ী অসমত বিবাহিতা মহিলাৰ মাজত গৰ্ভনিৰোধক ব্যৱহাৰ ৭১% লৈ বৃদ্ধি পাইছে।

৪. অসমৰ ভৱিষ্যৎ: সতর্কবাণী নে সুযোগ?

· বিশেষজ্ঞসকলৰ মতে অসম ‘বৃদ্ধ সমাজ’ৰ ফালে আগবাঢ়িছে। যদি এই ধাৰা অব্যাহত থাকে, তেন্তে ২০৫০ চনৰ ভিতৰত অসমৰ প্ৰতি চাৰিজন লোকৰ এজনৰ বয়স হ’ব ৬০ বছৰৰ ওপৰত ।

সাৰাংশ

অৰ্থনীতি বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এই পৰিৱৰ্তন যুগ্ম (double-edged) — ইয়াত সুযোগ আছে (মহিলাৰ ক্ষমতায়ন, মানৱ পুঁজিৰ উন্নতি), কিন্তু বিপদো আছে (বৃদ্ধ সমাজ, কৰ্মশক্তিৰ অভাৱ ইত্যাদি)।

অসমৰ বাবে এতিয়া প্ৰয়োজন—শিক্ষা আৰু দক্ষতা বিকাশ আৰু অৰ্থনৈতিক উৎপাদনশীলতা বৃদ্ধি। কেৱল সন্তান জন্ম কম বা বৃদ্ধিৰ নীতি নহয়, মানৱ পুঁজিৰ বিকাশেই হ’ব অসমৰ আগন্তুক দশকসমূহৰ মূল চাবিকাঠি।

✍️ আব্দুছ ছাত্তাৰ
২৭/০৬/২০২৬

Leave a Comment