আল্লাহ সম্পর্কে সঠিক আক্বীদা, কোৰআনৰ উক্তি আৰু বিবেকৰ যুক্তি।

খণ্ড নং (১)

১ম আক্বীদা: আল্লাহ তাআলা নিজৰ সত্তা আৰু গুণাৱলীৰ সৈতে অনাদি আৰু অনন্ত (চিৰন্তন), স্বয়ম্ভূ (নিজেই বিদ্যমান) আৰু গুণান্বিত। তেওঁৰ বাহিৰে পৃথিৱীৰ আন সকলো বস্তু কেৱল তেওঁৰ সৃষ্টিৰ দ্বাৰাই শূন্যৰ পৰা অস্তিত্বলৈ আহিছে।

কোৰআনৰ উক্তি (আয়াত) সমূহ: য’ত আল্লাহৰ অস্তিত্ব আৰু গুণাৱলী আটাইতকৈ সুন্দৰকৈ বৰ্ণনা কৰা হৈছে: ​”আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ চিৰঞ্জীৱ, সকলোৰে ধাৰক। তেওঁক তন্দ্ৰা বা টোপনিয়ে স্পৰ্শ কৰিব নোৱাৰে। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই…” (ছুৰা আল-বাক্বাৰাহ :২৫৫)

দিন-ৰাতিৰ পৰিৱৰ্তন আৰু প্ৰকৃতিৰ মাজত থকা শৃংখলা যে এজন পৰম পৰিকল্পনাকাৰীৰ অবিহনে সম্ভৱ নহয়, সেই বিষয়ে কোৱা হৈছে: ​”নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত, দিন আৰু ৰাতিৰ পৰিৱৰ্তনত, মানুহৰ উপকাৰী সামগ্ৰী লৈ সাগৰত চলাচল কৰা জাহাজসমূহত, আল্লাহে আকাশৰ পৰা বৰষুণ বৰষাই তাৰ দ্বাৰা মৃত পৃথিৱীক পুনৰ্জীৱিত কৰাত আৰু তাত সকলো ধৰণৰ জীৱ-জন্তু বিস্তাৰ কৰাত, বতাহৰ দিশ পৰিৱৰ্তনত আৰু আকাশ ও পৃথিৱীৰ মাজত নিয়ন্ত্ৰিত মেঘমালাৰ মাজত জ্ঞানবান লোকসকলৰ বাবে বহু নিদৰ্শন আছে।” (ছুৰা আল-বাক্বাৰাহ :১৬৪)

আধুনিক জ্যোতিৰ্বিজ্ঞানে প্ৰমাণ কৰিছে যে, এই মহাবিশ্বখন ক্ৰমান্বয়ে সম্প্ৰসাৰিত (expanding) হৈ আছে। কোৰআনে ইয়াক ১৪৫০ বছৰ আগতেই উল্লেখ কৰিছে: ​”আৰু আকাশখনক আমি আমাৰ শক্তিৰে নিৰ্মাণ কৰিছোঁ আৰু নিশ্চয় আমি ইয়াক সম্প্ৰসাৰিত কৰি আছোঁ।” (ছুৰা আজ-জাৰিয়াত:৪৭)

বিজ্ঞানে আজি মানৱ শৰীৰৰ যি জটিল আৰু সুন্দৰ প্ৰণালী আৱিষ্কাৰ কৰিছে, কোৰআনে সেইফালে বহু পূৰ্বেই দৃষ্টি আকৰ্ষণ কৰিছে:
​”আৰু পৃথিৱীত দৃঢ় বিশ্বাসীসকলৰ বাবে বহু নিদৰ্শন আছে, আৰু তোমালোকৰ নিজৰ মাজতো (নিদৰ্শন আছে)। তথাপিও তোমালোকে চকু মেলি নাচাবা নে?” (ছুৰা আজ-জাৰিয়াত:২০-২১)

মানুহ আৰু এই মহাবিশ্ব নিজে নিজে সৃষ্টি হোৱা নাই—এই বিষয়ে আল্লাহে মানুহৰ বিবেকক প্ৰশ্ন কৰিছে: ​”তেওঁলোকে একো নোহোৱাকৈয়ে সৃষ্টি হৈছে নেকি? নে তেওঁলোক নিজেই নিজৰ স্ৰষ্টা? নে তেওঁলোকে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে? আচলতে তেওঁলোকৰ দৃঢ় বিশ্বাস নাই।” (ছুৰা আত-তুৰ: ৩৫-৩৬)

যিসকলে আল্লাহক অস্বীকাৰ কৰে, তেওঁলোকেও চৰম বিপদত পৰিলে যে কেৱল এজন ঈশ্বৰকে আহ্বান কৰে, সেই মানৱ চৰিত্ৰৰ সত্যতা কোৰআনে এনেদৰে দাঙি ধৰিছে: ​”যেতিয়া সাগৰত তোমালোক বিপদত পৰা, তেতিয়া যাক তোমালোকে আহ্বান কৰা (উপাস্যবোৰ), তেওঁলোক অন্তৰ্ধান হৈ যায়, কেৱল মাত্ৰ তেৱেই (আল্লাহ) বাকি থাকে। তাৰ পিছত যেতিয়া তেওঁ (আল্লাহে) তোমালোকক উদ্ধাৰ কৰি স্থলভাগলৈ আনি দিয়ে, তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা। আচলতে মানুহ বৰ অকৃতজ্ঞ।” (ছুৰা আল-ইছৰা: ৬৭)

বিবেকৰ ১ম যুক্তি: যিবোৰ বস্তুৰ আৰম্ভণি আছে, সেইবোৰৰ সৃষ্টিৰ অন্তৰালত কোনো নহয় কোনো কাৰণ বা স্ৰষ্টা থাকে। একো নোহোৱাকৈ কোনো বস্তু নিজে নিজে সৃষ্টি হ’ব নোৱাৰে। যেনে: এখন চকী নিজে নিজে তৈয়াৰ হ’ব নোৱাৰে। ​দ্বিতীয়তে, আধুনিক বিজ্ঞান অৰ্থাৎ বিগ বেংক থিয়ৰী অনুসৰি এই সমগ্ৰ মহাবিশ্বৰ এটা আৰম্ভণি আছিল। এক সময়ত এই বিশ্বব্ৰহ্মাণ্ডৰ কোনো অস্তিত্ব নাছিল। যিহেতু মহাবিশ্বৰ এটা আৰম্ভণি আছে, গতিকে ইয়াক সৃষ্টি কৰিবলৈ এজন মহাশক্তিশালী, অনাদি (যাৰ কোনো আৰম্ভণি নাই) আৰু স্বয়ম্ভূ স্ৰষ্টাৰ প্ৰয়োজন। সেই মহাশক্তিশালী আৰু স্বয়ম্ভূ স্ৰষ্টা জনেই হৈছে আল্লাহ।

বিবেকৰ ২য় যুক্তি: এই পৃথিৱীৰ আপুনি যি বস্তুৰ ওপৰতেই চকু ফুৰাব, তাতেই প্ৰয়োজনীয়তা, পৰনিৰ্ভৰশীলতা, দীনতা, অপাৰগতা আৰু অসহায়তা দেখিবলৈ পাব আৰু ইয়াৰ লক্ষণসমূহো দেখা পোৱা যাব। গতিকে ইয়াৰ পৰা বুজা গ’ল যে, এই পৃথিৱী আৰু পৃথিৱীৰ কোনো বস্তুৱেই স্বয়ম্ভূ (নিজে নিজে উৎপন্ন হোৱা) নহয়। যদি কোনো বস্তু স্বয়ম্ভূ হ’লহেঁতেন, তেন্তে ই আনৰ ওপৰত নিৰ্ভৰশীল আৰু আনৰ সহায়ৰ মুখাপেক্ষী নহ’লহেঁতেন। আমাৰ সম্পূৰ্ণ অপাৰগতা আৰু অসহায়তাই আমাক দাস বা বান্দা কৰি তুলিছে, নহ’লে বস্তুবোৰ নিজেই খোদা হৈ গ’লহেঁতেন—যিটো কেতিয়াও সম্ভৱ নহয়।

বিবেকৰ ৩য় যুক্তি: পৱিত্ৰ কোৰআন আল্লাহৰ অস্তিত্ব আৰু সত্যতাৰ এক ডাঙৰ প্ৰমাণ।
​বৈজ্ঞানিক তথ্য: কোৰআন প্ৰায় ১৪৫০ বছৰ পূৰ্বে অৱতীৰ্ণ হৈছিল। কিন্তু তাত এনে কিছুমান বৈজ্ঞানিক সত্যৰ কথা উল্লেখ আছে। যেনে: মাতৃগৰ্ভত ভ্ৰূণৰ বিকাশৰ পৰ্যায়, মহাবিশ্বৰ সম্প্ৰসাৰণ, পানীৰ পৰা জীৱনৰ সৃষ্টি ইত্যাদি, যিবোৰ আধুনিক বিজ্ঞানে কেৱল যোৱা শতিকাটোতহে আৱিষ্কাৰ কৰিছে। সেই যুগত এজন মৰুভূমিৰ মানুহৰ পক্ষে এইবোৰ জনাটো সম্ভৱ নাছিল, যদিহে এই জ্ঞান স্বয়ং স্ৰষ্টা অৰ্থাৎ আল্লাহৰ পৰা নাহিলহেঁতেন। কোৰআনৰ প্ৰত্যাহ্বান: কোৰআনে মানৱ জাতিক প্ৰত্যাহ্বান জনাইছে যে যদি ই ঈশ্বৰৰ বাণী নহয়, তেন্তে ইয়াৰ দৰে এটা চুটি ছুৰা বা অধ্যায় ৰচনা কৰি দেখুৱাওক। আজিলৈকে কোনেও এই প্ৰত্যাহ্বান পূৰণ কৰিব পৰা নাই।

বিবেকৰ ৪ৰ্থ যুক্তি: প্ৰতিটো মানুহৰ অন্তৰতে এক পৰম শক্তিৰ প্ৰতি বিশ্বাস অন্তৰ্নিহিত হৈ থাকে। ​যেতিয়া মানুহ কোনো চৰম বিপদত পৰে—য’ত কোনো জাগতিক শক্তিয়ে সহায় কৰিব নোৱাৰে। যেনে: সাগৰৰ ধুমুহাত পৰা জাহাজ বা আকাশত দুৰ্ঘটনাত পতিত হ’ব ধৰা বিমান—তেতিয়া আল্লাহৰ অস্তিত্ব বিশ্বাস নকৰা নাস্তিকজনৰ মুখেৰেও স্বতঃস্ফূৰ্তভাৱে এক অদৃশ্য সৰ্বোচ্চ শক্তিৰ সহায় বিচাৰি প্ৰাৰ্থনা ওলাই আহে। এইটোৱেই হৈছে ‘ফিতৰাত’, সহজাত প্ৰবৃত্তি। যিয়ে সেই কঠিন সময়তো আল্লাহৰ অস্তিত্বৰ উমান দিয়ে।
​কোৰআনৰ এটা সুন্দৰ আয়াত:
“তেওঁলোকে একো নোহোৱাকৈয়ে সৃষ্টি হৈছে নেকি? নে তেওঁলোক নিজেই নিজৰ স্ৰষ্টা? নে তেওঁলোকে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে? আচলতে তেওঁলোকৰ দৃঢ় বিশ্বাস নাই।” (ছুৰা আত-তুৰ, ৫২:৩৫-৩৬)

বিবেকৰ ৫ম যুক্তি: প্ৰসিদ্ধ পণ্ডিত আল্লামা আহমদ বিন মিচকাৱায়ে তেওঁৰ বিখ্যাত গ্ৰন্থ ‘আলফাওজুল আছগৰ’-ত উল্লেখ কৰিছে: ​আকাশৰ পৰা পৃথিৱীলৈকে আপুনি যিয়েই বস্তু নেদেখক কিয়, তাক গতিশীল অৱস্থাত পাব, কোনো বস্তুৱে গতিৰ পৰা মুক্ত নহয়। এতিয়া উল্লেখযোগ্য কথাটি হ’ল যে, গতি (Movement) প্ৰধানকৈ ছয় প্ৰকাৰৰ:
​১। অস্তিত্ব লাভৰ গতি: কোনো বস্তু নতুনকৈ অস্তিত্বলৈ অহা।
২। ধ্বংসাত্মক গতি: কোনো বস্তুৰ ধ্বংস বা নষ্ট হোৱাৰ দিশে গতি কৰা।
৩। বৰ্ধনশীল গতি: কোনো জীৱ বা বস্তুৰ পৰিমাণ বৃদ্ধি হোৱাৰ গতি।
৪। ক্ষয়কাৰী গতি: কোনো বস্তুৰ হ্ৰাস পোৱা বা ক্ষয় হোৱাৰ প্ৰতি গতি।
৫। ৰূপান্তৰৰ গতি: এক অৱস্থাৰ পৰা আন এক অৱস্থালৈ সলনি হোৱা বা গতি কৰা।
৬। স্থানান্তৰৰ গতি: এঠাইৰ পৰা আন এঠাইলৈ স্থান সলনি কৰা। ​

আৰু এইটোও এক পৰ্যবেক্ষণমূলক সত্য যে, কোনো গতিয়েই সদায় এক নিৰ্দিষ্ট অৱস্থাত বা একে ধৰণেৰে নাথাকে। বৰঞ্চ প্ৰত্যেক মূহুর্ততে পৰিৱৰ্তিত হৈ থাকে। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, কোনো বস্তুৰ গতি তাৰ নিজৰ সত্তাগত বা ব্যক্তিগত নহয়, বৰঞ্চ ই আন এক চালক শক্তিৰ দ্বাৰা পৰিচালিত, যিটো সেই বস্তুৰ সত্তাৰ বাহিৰত। গতিকে, সেইজন হ’ল প্ৰকৃত চালক (The Ultimate Mover), যাৰ হাতত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ এই সকলো গতি নিয়ন্ত্ৰিত হৈ আছে। তেৱেই হৈছে আল্লাহ, যিজনে এই সমস্ত সৃষ্টিৰ বিভিন্ন গতি আৰু পৰিৱৰ্তনৰ মাধ্যমেৰে নিজৰ অপাৰ কুদৰত বা ক্ষমতাৰলীলা গোটেই বিশ্ববাসীৰ সন্মূখত অনবৰত প্ৰদৰ্শন কৰি আছে।

মুফতী আক্বিব শ্বামিম ক্বাছিমী
শালমৰা, নগাঁও, অসম।

Leave a Comment