বিশ্বত মক্কা মদিনাৰ আলিমতকৈ বিজ্ঞ আলিম আছে নে ?

Share :

মক্কা মদিনাৰ আলিমতকৈ বিজ্ঞ আলিম পৃথিৱীৰ কতো নাই নেকি?

এই বিষয়ে আলোচনা কৰাৰ আগতে এটা কথা ষ্পষ্ট কৰি দিওঁ যে এই লেখাটো মক্কা/মদিনাৰ আলিমক সকলক হেয়প্ৰতিপন্ন কৰিবলৈ তিলমানো চেষ্টা কৰা হোৱা নাই।
ছছিয়েল মিডিয়াত এটা হাদীছ বহুলভাৱে প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈ আহিছে যে –

“মদিনাৰ আলিমতকৈ বিজ্ঞ আলিম পৃথিৱীৰ কতো বিচাৰি নাপাবা!”

এই হাদিছটোৰ বিশ্লেষণ :

আবু হুৰাইৰাহ ৰাজি: ৰ পৰা বৰ্ণিত ৰাছুলুল্লাহ (ছঃ)এ কৈছে, ইলমৰ অন্বেষণত মানুহে উটত আৰোহণ কৰি (দুনিয়াত) ভ্রমণ কৰিব। কিন্তু সিহঁতে মদীনাৰ আলিমতকৈ বিজ্ঞ আলিম আৰু ক’তো বিচাৰি নাপাব ৷

(নাছাঈ:৪২৭৭ ও হাকিম: ৩০৭, মিশকাতুল মাছাবীহ ২৪৬, তিৰমিজি ২৬৮০,আলবানীয়ে জইফ বুলি কৈছে । যইফাহ ৪৮৩৩)

♦ প্ৰথমতে:
হাদিছটো ইমাম তিৰমিজী ৰহঃ এ ‘হাছান’ বুলি কলেও, আলবানীয়ে জইফ বুলি কৈছে। এপছত হাদিছটোৰ মান’জইফ’। মুঠতে হাদিছটো জইফ।

♦ দ্বিতীয়তে:
হাদীছটোৰ আৰবী ইবাৰত লক্ষ্য কৰক, তাত মদিনাৰ (এজন) আলিমৰ কথা এক বচনত কোৱা হৈছে । ‘বহুবচনত আলিম সকলৰ কথা কোৱা নাই। গতিকে হাদিছত স্পষ্টভাৱে কেৱলমাত্ৰ এজন আলিমক বুজোৱা হৈছে ।

♦ তৃতীয়তে:
মোল্লা আলী ক্বাৰী ৰহঃ মিশ্বকাতুল মাছাবীহৰ প্রখ্যাত ব্যাখ্যাগ্রন্থ “মিৰকাতুল মাফাতীহ”ত উপৰোক্ত হাদীছৰ সময় কালছোৱা কেতিয়াৰ বুলি প্ৰশ্ন উত্থাপন কৰি, এই সম্পর্কে কৈছে –
‘এয়া ছাহাবী (ৰাজিঃ) আৰু তাবেয়ী সকলৰ যুগৰ কথা। ইয়াৰ পিছত মদীনাত থকা উলামায়ে কিৰাম অধিকাংশ ইছলামী সাম্ৰাজ্যৰ প্ৰতিটো চহৰে নগৰে বিয়পি পৰিছিল।
(চাওঁক- মিৰকাতুল মাফাতীহ, হাদীছ নং-২৪৬)

গতিকে কিয়ামত লৈকে সকলো সময়তে সৰ্বকালৰ সকলো আলিম মক্কা/ মদিনাৰ পৰা হব বুলি বুজোৱা নাই।

♦ চতুৰ্থতে:
ইমাম তিৰমিযী ৰহঃ নিজেই হাদীছটোৰ ব্যাখ্যাত কৈছে-

وَقَدْ رُوِيَ عَنْ ابْنِ عُيَيْنَةَ، أَنَّهُ قَالَ فِيْ هَذَا: سُئِلَ مَنْ عَالِمُ المَدِينَةِ؟ فَقَالَ: إِنَّهُ مَالِكُ بْنُ أَنَسٍ وقَالَ إِسْحَاقُ بْنُ مُوْسَى: سَمِعْتُ ابْنَ عُيَيْنَةَ، يَقُوْلُ: هُوَ العُمَرِيُّ الزَّاهِدُ وَسَمِعْتُ يَحْيَى بْنَ مُوْسَى، يَقُوْلُ: قَالَ عَبْدُ الرَّزَّاقِ: هُوَ مَالِكُ بْنُ أَنَسٍ-

মদিনাৰ সেই এজন আলিম হৈছে, ‘মালিক বিন আনাছ। অর্থাৎ মালিকি মাজহাবৰ ইমাম, ইমাম মালিক ৰহঃ অথবা, ইমাম আল-উমাৰী, আয-যাহিদ ৰহঃ। والله اعلم بالصواب

আজম (অনাআৰব ) ৰ বিশ্ববিখ্যাত ইছলামী পণ্ডিতসকল :

আশ্চৰ্যজনক হলেও সত্য, কেৱলমাত্ৰ ইমাম মালিক ৰহঃৰ অবিহনে, বিশ্বৰ অধিকাংশ আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ইছলামিক স্কলাৰ, আলিম, ফক্বীহ, মুহাদ্দিছ আৰু ছালফে ছালেহীন সকল অইন বিভিন্ন দেশৰ।

যেনে-

ইছলামিক স্কলাৰ সকলৰ —- জন্মস্থান/দেশ:

১) ইমাম বুখাৰী ৰহঃ ——– উজবেকিস্তান ।
২) ইমাম তিৰমিজি ৰহঃ —- উজবেকিস্তান।
৩) ইমাম দাৰেমী ৰহঃ —— উজবেকিস্তান।
৪) ইমাম নাছাঈ ৰহঃ ——- তুৰ্কমেনিস্তান।
৫) ইমাম আবু দাউদ ৰহঃ —— ছিজিস্তান।
৬) ইবনে খুজাইমা ৰহঃ ——— নিশাপুৰ।
৭) ইমাম মুসলিম ৰহঃ ———— ইৰান।
৮) ইমাম বায়হাকি ৰহঃ ———- ইৰান।
৯) ইমাম গাজ্জালি ৰহঃ ——— ইৰান।
১০) ইমাম আল-বাগাভী ৰহঃ —— ইৰান ।

১১) ইমাম শাফি ৰহঃ——— ফিলিস্তিন।
১২) ইমাম আবু হানিফা ৰহঃ——— ইৰাক।
১৩) ইমাম আহমদ ইবনে হাম্বল ৰহঃ —- ইৰাক।
১৪) ইবনে মাজাহ ৰহঃ ———- ইৰাক।
১৫) আব্দুল কাদিৰ জিলানী ৰহঃ —– ইৰাক।
১৬) ইমাম দাৰাকুতনী ৰহঃ —– ইৰাক।
১৭) ইমাম আবী শায়বা ৰহঃ —— ইৰাক।
১৮) ইমাম নুয়াইম বিন হাম্মাদ ৰহঃ —- ইৰাক।
১৯) ইমাম জাওযী ৰহঃ ——- ইৰাক।
২০) ইমাম তাইমিয়া ৰহঃ —— ছিৰিয়া।

২১) ইমাম কাইয়ুম ৰহঃ ——– ছিৰিয়া।
২২) ইবনে কাছিৰ ৰহঃ ——– ছিৰিয়া।
২৩) ইমাম যাহাবী ৰহঃ ——— ছিৰিয়া।
২৪) ইমাম নববী ৰহঃ ——– ছিৰিয়া।
২৫) ইবনে হাজাৰ আছকালানী ৰহঃ —- মিছৰ (ইজিপ্ত) ।
২৬) ইমাম তাহাবী ৰহঃ ———- মিছৰ (ইজিপ্ত)
২৭) ইমাম ছুয়ূতী ৰহঃ ——- মিছৰ (ইজিপ্ত)
২৮) ইমাম কুৰতুবী ৰহঃ ——– স্পেইন।
২৯) ইমাম হাযম ৰহঃ ———- স্পেইন।
৩০) ইমাম তাবাৰানী ৰহঃ — ছিৰিয়া ।

৩১) ইমাম শ্বাওকানি ৰহঃ ——— ইয়ামন।
৩২) ইবনে হিব্বান ৰহঃ ——— আফগানিস্তান।
৩৩) ইমাম হাকিম ৰহঃ—— আফগানিস্তান
৩৪) মোল্লা আলী ক্বাৰী ৰহঃ — আফগানিস্তান
৩৫) শ্বাহ ৱলীউল্লাহ দেহলৱী ৰহঃ —— ভাৰত।
৩৬) শ্বেইখ আবুল হাছান আলী নদৱী —– ভাৰত।

অনুবাদঃ আলী আছগৰ