শ্ববে-বৰাত : বিভ্ৰান্তি আৰু জবাব

Share :

ইছলামী শ্বৰীঅ’তত দুই ধৰণৰ ধ্বংসাত্মক গোনাহে বান্দাৰ ঈমান-আমলক নিঃশেষ কৰি পেলায় :
১. এটা ইলহাদ,
২. আনটো বিদ্আ’ত

ইলহাদ কোৱা হয় শ্বৰীঅ’তৰ অন্তৰ্ভুক্ত কোনো বিষয়বস্তু বা ইবাদতক অস্বীকাৰ কৰা, আৰু বিদআত কোৱা হয় দ্বীন-ইছলামৰ অন্তৰ্ভুক্ত নোহোৱা কোনো বিষয়ক দ্বীন-ইছলামৰ অন্তৰ্ভুক্ত আৰু ইবাদত বুলি ভাবি সেয়া পালন কৰা।

মূল প্ৰসংগ :

এতিয়া আহো মূল প্ৰসংগলৈ – শ্বা’বান মাহৰ পোন্ধৰ তাৰিখৰ ৰাতি যাক আৰবীত “লাইলাতু নিছফিম মিন শ্বা’বান” বুলি কোৱা হয়, পৱিত্ৰ হাদীছত এই শব্দই উল্লেখ আছে। আনহাতে উপমহাদেশত ইয়াক আমি শ্ববে বৰাত বুলি কওঁ যাৰ প্ৰথমাংশ ফাৰ্ছী আৰু দ্বিতীয়াংশ আৰবী শব্দ।

দুই ধৰণৰ গুমৰাহী :

এই শ্ববে বৰাত সংক্ৰান্তত আমাৰ মুছলমান সকলৰ দুটা দল গোমৰাহীত লিপ্ত হোৱা পৰিলক্ষিত হয়।

১. এটা দলে এই ৰাতি কবৰস্থানত ফুল ছটিওৱা, মমবাতি জ্বলোৱা আৰু অন্যান্য আতচবাজী কৰা, হালুৱা- শ্বীৰণী আদি বিতৰণ কৰা ইত্যাদি কামত লিপ্ত হয়। এয়া দ্বীনৰ অংশ নহয়। গতিকে এয়া স্পষ্ট বিদ্আ’ত।

২. ইয়াৰ বিপৰীতে আমাৰ সমাজত কেইবছৰমানৰ পৰা আন এক চৰমপন্থী দলৰ আৱিৰ্ভাৱ ঘটিছে যিয়ে কেৱল নিজকেই শুদ্ধ বুলি ভাবি বাকী সকলোকে পথভ্ৰষ্ট বুলি কয়।
তেওঁলোকৰ মতে শ্ববে বৰাত বুলি একো নাই। বা এই নামৰ ৰাতিৰ কোনো ইবাদত নাই। এই আক্বিদা আৰু বিশ্বাস সম্পূৰ্ণৰূপে বিদ্আ’ত। আৰু ইয়াৰ দলীল হিচাপে ইন্টাৰনেটত উপলব্ধ কৰিছে কিছুমান ভিডিঅ আৰু প্ৰৱন্ধ।

পাঠক সমাজ! উল্লেখিত দুয়োটা দলৰ দৃষ্টিভংগী ভুল।

যিহেতু এই ৰাতি বিশেষ ফজিলতপূৰ্ণ বুলি পৱিত্ৰ হাদীছত উল্লেখ আছে গতিকে এই ৰাতি এককভাৱে (দলবদ্ধভাৱে নকৰি) নিজে নিজে নফল নামাজ, ক্বুৰআন তিলাৱাত, তছবীহ – তাহলীল, দৰুদ, জিকিৰ আজকাৰ ইত্যাদি আমল কৰিলে নিশ্চয় আল্লাহৰ নবী ছাল্লালাহু আলাইহি ৱা ছাল্লামে কোৱাৰ দৰে ছাৱাবৰ অংশীদাৰ হ’ব।

সংশ্লিষ্ট লোকসকলে এই ৰাতিৰ ফজিলত থকাটো স্বীকাৰ কৰে যদিও কোনো ইবাদত কৰাটো বিদআ’ত বুলি কয়!

নিশ্চয় এনে মন্তব্য চৰম হাস্যকৰ। কাৰণ ফজিলতৰ ৰাতি মানুহে ইবাদত নকৰি টোপনি মাৰিব নেকি? আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আ’লাইহি ৱাছাল্লামে ফজিলত বয়ান কৰিছে আমল কৰিবলৈ নে পৰিত্যাগ কৰিবলৈ?

অৱশ্যে শ্ববে-বৰাতৰ ইবাদৎ পাঁচ ৱাক্তৰ নামাজৰ দৰে কোনো ফৰজ বা ৱাজিব নহয় বৰঞ্চ এক নফল ইবাদতহে । নফল ইবাদৎ নিজৰ নিজৰ ঘৰত কৰাটো উত্তম। যদি কাৰণবশতঃ কোনোবাই এনে ধৰণৰ নফল ইবাদত কৰিব নোৱাৰে তাক তিৰস্কাৰ কৰা অনুচিত। কৰিলে ছাৱাব পাব আৰু নকৰিলে ছাৱাবৰ পৰা বঞ্চিত হ’ব, গোনাহ নহয়। কিন্তু সমূলঞ্চে অস্বীকাৰ কৰা চৰম গোমৰাহীৰ কাম।

নিজৰ ঘৰত বহি ৰাতি নামাজ, জিকিৰ, তছবীহ-তাহলীল, ক্বুৰআন তিলাৱত ইত্যাদি ইবাদৎ কৰি আল্লাহৰ ওচৰত নিজৰ নিজৰ গোনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰাৰ সমান্তৰালকৈ বিশ্ব শান্তিৰ বাবেও দোৱা কৰক!

বৰ্ধিত কলেবৰৰ প্ৰতি লক্ষ্য ৰাখি অসংখ্য হাদীছৰ পৰা কেৱল দুটা ছহীহ হাদীছ পৰিপূৰ্ণভাৱে আৰু কেইটামান হাদীছৰ নম্বৰসহ উদ্ধৃতি দিয়া হ’ল :

১) হজৰত মুআজ ইবনে জাবাল (ৰাঃ)ৰ হাদীছ-

صحيح ابن حبان – محققا (12/ 481)

5665 – أَخْبَرَنَا مُحَمَّدُ بْنُ الْمُعَافَى الْعَابِدُ بِصَيْدَا، وَابْنُ قُتَيْبَةَ وَغَيْرُهُ، قَالُوا: حَدَّثَنَا هِشَامُ بْنُ خَالِدٍ الْأَزْرَقُ، قَالَ: حَدَّثَنَا أَبُو خُلَيْدٍ عُتْبَةُ بْنُ حَمَّادٍ، عَنِ الْأَوْزَاعِيِّ، وَابْنِ ثَوْبَانَ، عَنْ أَبِيهِ، عَنْ مَكْحُولٍ، عَنْ مَالِكِ بْنِ يُخَامِرَ عَنْ مُعَاذِ بْنِ جَبَلٍ، عَنِ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ: «يَطْلُعُ اللَّهُ إِلَى خَلْقِهِ فِي لَيْلَةِ النِّصْفِ مِنْ شَعْبَانَ فَيَغْفِرُ لِجَمِيعِ خَلْقِهِ إِلَّا لِمُشْرِكٍ أَوْ مُشَاحِنٍ»

অর্থ : হজৰত মুআজ ইবনে জাবাল (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰ্শ্বাদ ফৰ্মাইছে, আল্লাহ তা’আলাই অর্ধ শ্বা’বানৰ ৰাতি (শ্বা’বানৰ চৌধ্য তাৰিখৰ দিন গৈ ৰাতি) সৃষ্টিৰ পিনে (ৰহমতৰ) দৃষ্টি দিয়ে আৰু মুশ্বৰিক আৰু বিদ্বেষ পোষণকাৰী ব্যতিত সকলোকে ক্ষমা কৰি দিয়ে।

(ছহীহ ইবনে হিব্বান-১২/৪৮১, হাদীছ-৫৬৬৫, কিতাবুছ ছুন্নাহ-১/২২৪, হাদীছ-৫১২, আল ইহছান-৭/৪৭, মাৱাৰিদুয যমআন-৪৮৬, হাদীছ-১৯৮০, মাজমাউ যাওৱাইদ-৮/৬৫, ছিলছিলাতুছ ছহীহা-৩/১৩৫, হাদীছ-১১৪৪, শ্বুআবুল ঈমান-৩/৩৮২, হাদীছ-৩৮৩৩, আল মু’জামুল কাবীৰ-২০/১০৮,১০৯, আততাৰগীব-২/২৪২ ইত্যাদি অসংখ্য কিতাপত হাদীছটি বৰ্ণিত আছে।

► হাদীছৰ স্তৰ।

হাদীছটো সম্পূর্ণ ছহীহ। ছহীহ হোৱাৰ প্ৰমাণ :

১/ ইমাম ইবনে হিব্বান (ৰহঃ-৩৫৪)কৈছে, হাদীছটো ছহীহ। ছহীহ ইবনে হিব্বান-১২/৪৮১, হাদীছ-৫৬৬৫।

২/ আহলে হাদীছসকলৰ মান্যবৰ, শ্বাইখ নাছীৰ উদ্দীন আলবানী (ৰঃ) য়ে (১৪২০) কৈছে-

سلسلة الأحاديث الصحيحة وشيء من فقهها وفوائدها (3/ 135)

1144 – ” يطلع الله تبارك وتعالى إلى خلقه ليلة النصف من شعبان، فيغفر لجميع خلقه إلا لمشرك أو مشاحن “.

حديث صحيح، روي عن جماعة من الصحابة من طرق مختلفة يشد بعضها بعضا وهم معاذ ابن جبل وأبو ثعلبة الخشني وعبد الله بن عمرو وأبي موسى الأشعري وأبي هريرة وأبي بكر الصديق وعوف ابن مالك وعائشة.

উক্ত হাদীছটো ছহীহ। ছাহাবায়ে কেৰাম (ৰাঃ)ৰ এটি ডাঙৰ জামাতে বর্ণনা কৰিছে আৰু এটা হাদীছ অন্য হাদীছৰ ছনদক আৰু মজবুত কৰে।

উক্ত হাদীছটো ছাহাবীসকলৰ পৰা একাধিক বর্ণনাকাৰীসকল হ’ল:

১. হজৰত মুআজ ইবনে জাবাল (ৰাঃ)।
২. আবূ ছা’লাবা আল খাছানী (ৰাঃ)।
৩. আব্দুল্লাহ ইবনে আমৰ।
৪. আবূ মূছা আল আশ্বআৰী (ৰাঃ)।
৫. আবূ হুৰাইৰা (ৰাঃ)
৬. আবূ বকৰ ছিদ্দীক (ৰাঃ)
৭. আউফ ইবনে মালিক (ৰাঃ)
৮. হজৰত আয়শ্বা (ৰাঃ)।

( ছিলছিলাতুছ ছহীহা-৩/১৩৫, হাদীছ-১১৪৪)

৩/ আল্লামা মুনজিৰী (ৰহ.-৬৫৬)য়ে কৈছে উক্ত হাদীছটো ছহীহ। (আত তাৰগীব ওৱাত তাৰহীব-২/৭৩, হাদীছ-১৫৪৬)

৪/ আল্লামা হায়ছামী (ৰহ.-৮০৭) কৈছে-

مجمع الزوائد ومنبع الفوائد (8/ 65). رَوَاهُ الطَّبَرَانِيُّ فِي الْكَبِيرِ وَالْأَوْسَطِ وَرِجَالُهُمَا ثِقَاتٌ.

উক্ত হাদীছটো ইমাম তাবাৰানীয়ে তেখেতৰ মুজামুল কাবীৰ আৰু আওছাতত সংকলন কৰিছে, আৰু সংকলিত হাদীছৰ সকলো বর্ণনাকাৰী নির্ভৰযোগ্য। (মাজমাউজ যাওয়েদ-৮/৬৫, হাদীছ-১২৯৬০)

০২) হজৰত আব্দুল্লাহ ইবনে আমৰ (ৰাঃ)ৰ হাদীছ-

مسند أحمد (6/ 197)

6642 – حدثنا حسن حدثنا ابن لَهِيعة حدثنا حييُّ بن عبد الله عن أبي عبد الرحمن الحُبُلّي عن عبد الله بن عمرو، أن رسول الله -صلي الله عليه وسلم – قال: “يطَّلعُ الله عَزَّ وَجَلَّ إلي خلقه ليلةَ النصف من شعبان، فيغفر لعباده، إلا لاثنين: مشاحنٍ، وقاتِلِ نفسٍ”.

অর্থ : হজৰত আব্দুল্লাহ ইবনে আমৰ (ৰাঃ)ৰ বর্ণিত, ৰাছূলুল্লাহ (ছঃ) য়ে ইৰ্শ্বাদ ফৰ্মাইছে : ১৫ শ্বা’বানৰ ৰাতি আল্লাহ তা’আলাই নিজৰ বান্দাসকলক ক্ষমা কৰি দিয়ে, দুই ব্যক্তিৰ বাহিৰে। ১)হিংসা কাৰী। ২) অন্যায়ভাৱে কাৰোবাক হত্যাকাৰী।

মুছনাদে আহমদ-৬/১৯৭, হাদীছ-৬৬৪২, মাজমাউছ জাওৱায়েদ-৮/৬৫, হাদীছ-১২৯৬১, আত তাৰগীব ওৱাত তাৰহীব লিল মুনজিৰী-৩/৩০৮, হাদীছ -৪৮৯২। ইত্যাদি।

► হাদীছটিৰ স্তৰ :

উক্ত হাদীছটো হাছান তথা প্রমাণযোগ্য। তাৰ বিশ্লেষণ :

হাদীছৰ সূত্রৰ মাজত এজন বর্ণনাকাৰী হ’ল ‘‘ইবনে লাহিয়া’’ কিছু সংখ্যক ইমামে তাৰ ছিকাহ বা নির্ভৰযোগ্য হোৱাৰ বিষয়ত দ্বিমত পোষণ কৰিছে কিন্তু সঠিক সমাধান আল্লামা ইবনে হাজাৰ আছকালানী (ৰহ.), ইমাম আবূ হাফছ ওমৰ ইবনে শ্বাহিন (ৰহ.), আহমদ ইবনে ছালেহ আল মিছৰী তেওঁক ছিকাহ বা নির্ভৰযোগ্য বুলি মন্তব্য কৰিছে।

• ইমাম আব্দুল্লাহ ইবনে ওহাব আল মিছৰী কৈছে : ‘الصادق البار’
• ইমাম আব্দুৰ ৰহমান ইবনে ইউছুফ ইবনে খেৰাশ্ব (ৰহ.) কৈছে- ‘يكتب حديثه’
• হাফেজ যাহাবী (ৰহ.) কৈছে-
‘ذكره في الكاشف ، وقال : العمل على تضعيف’

• আল্লামা হায়ছামী (ৰহ.) কৈছে-
‘ رَوَاهُ أَحْمَدُ، وَفِيهِ ابْنُ لَهِيعَةَ وَهُوَ لَيِّنُ الْحَدِيثِ، وَبَقِيَّةُ رِجَالِهِ وُثِّقُوا.’

• অন্য ঠাইত আল্লামা হায়ছামী (ৰহ.) তেখেতৰ সূত্রত বর্ণিত হাদীছক হাছান বুলি মন্তব্য কৰিছে।

আলোচ্য বিষয়ৰ ওপৰত অধিক হাদীছ জানিবলৈ চাওক :

• মুছান্নাফ আঃ ৰাজ্জাক-৪/৩৭৬: হাদীছ -৮১২০,
• শ্বুআবুল ঈমান-৫/৩৫৯: হাদীছ-৩৫৫১ কিতাবুছ ছুন্নাহ-১/২২৩, হাদীছ-৫১১।
• আছ ছিলছিলাতুছ ছহীহাহ-৩/১৩৬: হাদীছ-১১৪৪।
• আল মুজামুল কাবীৰ লিত তাবৰানী-২০/২২৩: হাদীছ-৫৯০।
• আন নুযুল দি দাৰে কুতনী-১৫৯: হাদীস-৭৮।
• তিৰমিযী শ্বৰীফ: ১/১০৮: হাদীছ-৭৩৯।
• ইবনে মাজা-১৩৮৫।
• মুছান্নাফে ইবনে আবী শ্বাইবাহ-১০/৪৩৭, ৪৩৮: হাদীছ-৯৯০৭।
• মুছনাদে আহমদ-৬/২৩৮।
• ছিলছিলাতুছ ছহীহা-৩/১৩৮: হাদীছ-১১৪৪।

আল্লাহ তা’আলাই আমাক সঠিকভাৱে আমল কৰিবলৈ তৌফিক দান কৰক। আমীন।

বিঃদ্ৰঃ-সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক্বুৰআন-হাদীছৰ পৰ্যালোচনা আৰু বিজ্ঞজনৰ সৈতে পৰামৰ্শৰ অন্তত সম্পূৰ্ণ মধ্যম পন্থা অৱলম্বন কৰি প্ৰবন্ধটো যুগুত কৰা হৈছে। আশা কৰোঁ কোনো ধৰণৰ বিতৰ্কৰ অৱতাৰণা নহ’ব ।

সংকলক –
মুফ্তী আব্দুল্লাহ ছাদিক ক্বাছিমী