শ্বাবান মাহ আৰম্ভ- এই মাহ আমাৰ বাবে গুৰুত্বপূৰ্ণ কিয় ?

Share :

হিজৰী চন্দ্রাবর্ষৰ অষ্টম মাহটি হ'ল "শাবান" মাহ। যদিও এই মাহটি বিশেষ মর্যাদা আৰু ফজিলতপূর্ণ মাহ। হিজৰতৰ ডেৰ বছৰ পূৰ্বে কিবলা হিচাপে ফিলিস্তিনৰ মছজিদে আকচা অথবা "বাইতুল মুকাদ্দাছ"ৰ পৰিৱর্তে মক্কা শ্বৰীফৰ মছজিদে হাৰাম তথা খানায়ে কাবাক কিবলা হিচাপে নির্ধাৰিত কৰা হয় এই মাহতেই। সেয়েহে শাবান মাহ যেনেদৰে মুছলিম স্বাতন্ত্র্য তথা ইছলামীয় ঐক্যৰ মাহ, আনফালে ই কাবাকেন্দ্রিক মুছলিম জাতীয়তা তথা ভ্রাতৃত্ববোধেৰে উজ্জীৱিত মাহ।

আৰবী এই মাহটিৰ সম্পূর্ণ নাম হ'ল ‘আশ শাবানুল মু-আজজম’ অর্থাৎ মহান শাবান মাহ। ৰচুল (চঃ)-য়ে এই মাহতেই আটাইতকৈ বেছি নফল ইবাদত কৰিছিল। ইছলামৰ মতে, ৰজব হ'ল আল্লাহ তা-আলাৰ মাহ, শাবান হ'ল নবী (চঃ)-ৰ মাহ আৰু ৰমজান হ'ল উম্মতৰ মাহ। ৰজব মাহত ইবাদতৰ জড়িয়তে মনৰ ভূমিক উজ্জীৱিত কৰা, শাবান মাহত অধিক ইবাদতৰ জড়িয়তে হৃদয়ৰ ভূমিত বীজ ৰূপন কৰা, ৰমজান মাহত সর্বাধিক ইবাদতৰ যোগেদি সফলতাৰ ফচল গঢ় দিয়া হয়। বিশ্ব নবী হজৰত মোহাম্মদ (চঃ)-ৰ প্রতি দৰূদ পাঠৰ নির্দেশনা সম্বলিত অসাধাৰণ আয়াতটি এই মাহতেই অৱতীর্ণ হয়। "নিশ্চয়কৈ আল্লাহ তা'আলা নবী (চঃ)-ৰ প্রতি পৰিপূর্ণ ৰহমত বর্ষণ কৰে, ফিৰিস্তা সকলে নবী (চঃ)-ৰ বাবে ৰহমত কামনা কৰে; হে মুমিন বান্দা সকল! তোমালোকেও তেখেতৰ প্রতি দৰূদ পাঠ কৰা আৰু যথাযথভাৱে তেখেতলৈ ছালাম পেচ কৰা।" (ছুৰা-৩৩ আহজাব, আয়াতঃ ৫৬)। 

সেইবাবে শাবান মাহ হ'ল নবী (চঃ)-ৰ প্রতি অগাধ ভক্তি, শ্রদ্ধা আৰু প্রেম-ভালপোৱা প্রদর্শনৰ মাহ। অথচ সেয়া হ'ব ছুন্নত অনুশীলনৰ মাধ্যমতহে। হজৰত আনাছ (ৰাঃ)-য়ে বর্ণনা কৰিছে, ৰচুল (চঃ)-য়ে মোক কৈছে, ‘হে মোৰ অনুগামী! যদি সম্ভৱ হয় এনেদৰে পুৱা-গধূলী পাৰ কৰা, যেন তোমাৰ অন্তৰত কাৰো প্রতি হিংসা নাথাকে। শেষত ক'লে, ‘এয়াই আমাৰ চুন্নত আদর্শ, যিজন ব্যক্তিয়ে মোৰ চুন্নত অনুসৰণ কৰে, সি প্রকৃতপক্ষে মোক চেনেহ কৰিলে; আৰু যিজনে মোক ভালপাব সি জান্নাতত মোৰ সৈতেই থাকিব।’ (মিশকাতুল মাচাবিহ, তিৰমিজি শ্বৰীফঃ ৩৬ঃ১৭৫)।
ৰচুল (চঃ)-য়ে ৰজব আৰু শাবান মাহ ব্যাপি এই দোৱা বেছিকৈ পাঠ কৰিছিল, ‘আল্লাহুম্মা বাৰিক লানা ফি ৰজব ওৱা শাবান, ওৱা বাল্লিগ না ৰামাদান।" অর্থাৎ "হে আল্লাহ! ৰজব মাহ আৰু শাবান মাহক আমাৰ বাবে বৰকতময় কৰি ৰমজান আমাক নচিব কৰক।’ (মুছনাদে আহমদ, প্রথম খণ্ডঃ ২৫৯, শুআবুল ইমান, বায়হাকী,৩ঃ ৩৭৫)।

শাবান মাহৰ ১৪ তাৰিখৰ পিছত ১৫ তাৰিখৰ ৰাতিক "শবে বৰাত" বুলি কোৱা হয়। শবে বৰাত হৈছে ফাৰ্ছী শব্দ। শব মানে ৰাতি, বা'ৰাআত মানে মুক্তি; শবে বৰাত অর্থৎ মুক্তিৰ ৰাতি। শবে বৰাতৰ আৰবী হ'ল ‘লাইলাতুল বা'ৰাআত’ তথা মুক্তিৰ ৰজনী। পবিত্ৰ হাদীছ শৰীফত যাক ‘নিছফ শাবান’ অথবা শাবান মাহৰ মাজত থকা ৰাতিটোক দিৱসৰ ৰজনী বুলিও অবিহিত কৰিছে। ভাৰতীয় উপমহাদেশ, পাৰস্যসহ পৃথিৱীৰ অনেক দেশৰ ফাৰ্ছী, উর্দু, বাংলা, হিন্দিসহ নানান ভাষা ভাষীক মানুহৰ ওচৰত এই শবে বৰাতটি অধিক পৰিচিত। এই ৰাতিত ইবাদত কৰা আৰু দিনত ৰোজা ৰখা চুন্নত।
বছৰ ব্যাপি, প্রতি সপ্তাহৰ সোম আৰু বৃহস্পতিবাৰে ৰোজা ৰখা ছুন্নত। প্রতি চন্দ্র মাহৰ ১৩, ১৪ ও ১৫ তাৰিখে আইয়ামে বিদৰ নফল ৰোজাও আছে। প্ৰত্যক মাহৰ ১, ১০, ২০, ২৯ আৰু ৩০ তাৰিখে আছে নফল ৰোজা। ইয়াৰ বাদেও কেতিয়াবা সময়, দিন-তাৰিখ নির্ধাৰণ কৰা যিমানদূৰ সম্ভৱ নফল ইবাদত কৰা। তাৰ সমান্তৰালকৈ এই বিষয়ৰ প্ৰতি সতর্ক থাকিব লাগিব, যেন কোনো ফৰজ ওৱাজিব আমাৰ পৰা বাদ পৰি নাযায় অথচ ভুলবশতঃ কোনো হাৰাম অথবা নিষিদ্ধ কাম সংঘটিত নহয়। নফল ইবাদত কৰাতকৈ নিষেধিত কামৰ পৰা বাচি থকাটো অধিক গুৰুত্বপূৰ্ণ। ৰচুল (চঃ)-য়ে প্রায়বোৰ ৰজব মাহত ১০টা নফল ৰোজা আৰু শাবান মাহত ২০টা নফল ৰোজা ৰাখিছিল। ৰমজানৰ পূর্ণ মাহটি হ'ল ফৰজ ৰোজা। নবী (চঃ)-য়ে ৰমজান মাহত বছৰৰ আটাইতকৈ বেছি শাবান মাহতেই নফল নামাজ, নফল ৰোজা আৰু নফল ইবাদত কৰিছিল।

  ৰমজান মাহৰ পূর্বপ্রস্তুতি হিচাপে শাবান মাহৰ দিনৰ হিচাপ ৰখা বিশেষ জৰুৰী তথা ই এটি চুন্নত আমল। পবিত্ৰ হাদীছ শৰীফত নবী (চঃ)-য়ে ফৰমাইছে, ‘তোমালোকে ৰমজানৰ বাবে শাবান চন্দ্ৰৰ হিচাপ ৰাখা।’ (ছিলছীলাতুছ চহীহাহ, আলবানী, খণ্ডঃ ২, পৃষ্ঠাঃ ১০৩)। সম্ভৱ হ'লে জোন দেখাও চুন্নত, জোন চাই নতুন চন্দ্ৰৰ দোৱা পড়াও চুন্নত; চন্দ্ৰ মাহৰ দিন হিচাপ ৰখাটোও ফৰজে কিফায়া। কাৰণ, ইছলামী বিধিবিধানবোৰ চন্দ্ৰ তাৰিখৰ সৈতে সম্পর্কিত। (আল বাদায়েউছ ছানায়ে)।

মূলঃ
মুফতী মৌলানা শ্বেখ মোহাম্মদ উছমান গনী
যুগ্ম মহাসচিব, বাংলাদেশ জাতীয় ইমাম সমিতি; সহকাৰী অধ্যাপক, আহ্ছানিয়া ইনষ্টিটিউট অৱ চুফিজম।