- ১ম পৰ্ব- ইছলামী দৃষ্টিত ভাল পোৱা।
- ২য় পৰ্ব- বিশ্ব ভালপোৱা দিৱস কি হয়?
- ৩য় পৰ্ব- বিশ্ব ভালপোৱা দিৱস পালনৰ ক্ষতিকাৰক কিছু দিশ।
✴ ইছলামৰ দৃষ্টিত স্নেহ, ভালপোৱা :
‘ভালপোৱা ’এটি পৱিত্ৰ অনুভৱ, মনৰ আৱেগ। যিটো নেকি মহাসৃষ্টিকর্তা আল্লাহৰ ফালৰ পৰা আমি অৰ্জন কৰিছো । ‘ভালপোৱা’ শব্দটি ইতিবাচক। বিভিন্ন আয়াত আৰু হাদীছৰ জৰিয়তে ইছলামে নিজৰ পিতৃ-মাতৃ, ভাই-ভনী, পতি-পত্নী আৰু আত্মীয়স্বজনৰ মাজত, চুবুৰীয়াৰ লগত, জাতি বৰ্ণ নিৰ্বিশেষে এজনে আনজনৰ লগত সদায় ভালপোৱা, আদৰ, মৰম, প্ৰেমৰ সৈতে, মিলাপ্ৰীতিৰে বাস কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। ইছলামৰ প্ৰতিটো আমল, প্ৰতিটো আদেশ, প্ৰতিটো আদব কায়দা, প্ৰতিটো নাতি নিয়মত প্ৰেম, ভালপোৱা পৰিপূৰ্ণভাৱে বিৰাজমান হৈ আছে। অৱশ্যে সেইবোৰ অনুধাৱন কৰিবলৈ, উপলব্ধি কৰিবলৈ ইচ্ছাৰ প্ৰয়োজন আৰু সুস্থ মনোভাৱৰ প্ৰয়োজন। তলত কিছু উদাহৰণ আলোচনা কৰা হল:
১। আল্লাহ তা‘আলা সকলো ইতিবাচক কর্ম-সম্পাদনকাৰীক ভাল পায়, পছন্দ কৰে। সকলোৰে সৃষ্টিকৰ্তা আল্লাহ তা‘আলা ঘোষণা :
وَلَا تُلْقُوا بِأَيْدِيكُمْ إِلَى التَّهْلُكَةِ وَأَحْسِنُوا إِنَّ اللَّهَ يُحِبُّ الْمُحْسِنِينَ.
‘‘আৰু স্বহস্তে তোমলোকে নিজক ধ্বংসৰ মুখলৈ ঠেলি নিদিবা। তোমালোকে সৎকর্ম কৰি যোৱা, নিশ্চয় আল্লাহ্ ভালদৰে সৎ কৰ্ম সম্পাদনা কৰা সকলক (মুহচিন) ভাল পায় ।’’ (ছূৰা বাকাৰাহ:১৯৫)
২। ভুলৰ পিছত ক্ষমা প্রার্থনা কৰা আৰু পবিত্রতা অবলম্বন কৰা এই দুয়োটাই ইতিবাচক পদক্ষেপ। সেয়ে আল্লাহ পাকে তৌবাহকাৰী(ক্ষমাপ্ৰাৰ্থী) আৰু পবিত্রতা অবলম্বনকাৰী সকলক পছন্দ কৰে, ভালপায়। আল্লাহৰ ঘোষণা :
إِنَّ اللَّهَ يُحِبُّ التَّوَّابِينَ وَيُحِبُّ الْمُتَطَهِّرِينَ.
‘‘নিশ্চয় আল্লাহ্ তৌবাহকাৰী আৰু পবিত্রতা অবলম্বনকাৰীক ভালপায়।’’ (ছূৰা বাকাৰাহ:২২২)
৩। তাক্বাৱা(আল্লাহভিতী ) সকলো কল্যাণৰ মূল। সেয়ে আল্লাহ মুত্তাকীসকসকলক (আল্লাহভিতী লোক) ক বিৰাট পছন্দ কৰে । তেওঁ পৱিত্ৰ ক্বুৰআনত উল্লেখ কৰিছে :
فَإِنَّ اللَّهَ يُحِبُّ الْمُتَّقِين. ‘‘আৰু নিশ্চয় আল্লাহ মুত্তাকীসকলক ভালপায়।’’(ছূৰা ইমৰাণ:৭৬)
৪। পবিত্র ভালপোৱাৰ লগত অপৱিত্ৰ তথা নেতিবাচক কিবা সংমিশ্রণ হলে, তেতিয়া আৰু সেয়া ভালপোৱা আৰু প্ৰেম হৈ নাথাকে, পবিত্ৰতাও নাথাকে ; বৰঞ্চ সেয়া হৈ পৰে ছলনা,শঠতা আৰু স্বার্থপৰতা।
ভালপোৱা , হৃদয়ত লুপ্ত অদৃশ্য শক্তিৰ ঢৌ। কোনো দিন কাৰোবাক নেদেখেও ভালপোৱা সৃষ্টি হয়; আৰু ভালপোৱাৰ গভীৰ আকৰ্ষণত মনৰ গতি এদিনৰ দূৰত্ব অতিক্ৰম কৰি হলেও যে দুই মুমিনৰ সাক্ষাৎ হব পাৰে, সেয়া স্বাভাৱিক। তাকে হজৰত আব্বাচ ৰাঃ ৰ এক বর্ণনাৰ পৰা পোৱা যায় । তেওঁ কয়:
النعم تكفر والرحم تقطع ولم نر مثل تقارب القلوب.
‘‘কিমান যে নি‘আমত (মূল্যবান সম্পদ) অকৃতজ্ঞতা কৰা হয় , কিমান যে আত্মীয়তাৰ বন্ধন ছিন্ন কৰা হয়, কিন্তু হৃদয়বোৰৰ ঘনিষ্ঠতাৰ দৰে (শক্তিশালী) আন কিবা আমি কেতিয়াও দেখা পোৱা নাই।’’
(বুখাৰী :হাদীছনং- ২৬২)
ভালপোৱাৰ মানদণ্ড :
ইছলামত যিহেতু সম্পূৰ্ণ জীৱন ব্যৱস্থাৰ নাম। গতিকে ইয়াত সমাজ ব্যৱস্থাৰ আটাইতকৈ শক্তিশালী ইতিবাচক মনোভাৱ আৰু মানৱ সমাজৰ মূল ভেটি স্বৰূপ ‘ভালপোৱা’ ৰ মানদণ্ড সম্পৰ্কে বিশ্লেষণ কৰি দিয়া হৈছে।
কাৰোবাৰ লগত ভালপোৱা আৰু কাৰোবাৰ লগত শত্রুতা ৰখাৰ মানদণ্ড হল একমাত্র আল্লাহৰ সন্তুষ্টি। কেৱল আল্লাহৰ সন্তুষ্টিৰ বাবেই কাৰোবাক ভালপাব লাগিব আৰু শত্রুতাও যদি প্ৰয়োজন হয়, সেয়াও আল্লাহৰ সন্তুষ্টিৰ বাবেই হব লাগিব । এয়াই শ্রেষ্ঠ কর্মপন্থা। ৰাছূলুল্লাহ ছাঃ ৰ ফৰমান :
إِنَّ أَحَبَّ الْأَعْمَالِ إِلَى اللَّهِ عَزَّ وَجَلَّ الْحُبُّ فِي اللَّهِ وَالْبُغْضُ فِي اللَّهِ.
‘‘নিশ্চয় আল্লাহৰ ওচৰত শ্রেষ্ঠ আমল হল আল্লাহৰ সন্তুষ্টিৰ বাবেই কাৰোবাক ভালপোৱা আৰু কেৱল আল্লাহৰ সন্তুষ্টিৰ বাবেই কাৰোৰ লগতে শত্রুতা ৰখা।’’
(আহমদ, মুচনাদুল আনছাৰ, হাদীছ- ২০৩৪১)
ঈমানৰ পৰিচয় দিব হলে, কাৰোবাক ভালপোৱাৰ পূৰ্বে আল্লাহক বাবে হৃদয়ৰ গভীৰ সুদৃঢ় ভালপোৱা ৰাখিব লাগিব। কিছু মানুহ আকৌ ইয়াৰ ব্যতিক্রম। আল্লাহ তা‘আলা ঘোষণা:
وَمِنْ النَّاسِ مَنْ يَتَّخِذُ مِنْ دُونِ اللَّهِ أَندَادًا يُحِبُّونَهُمْ كَحُبِّ اللَّهِ وَالَّذِينَ آمَنُوا أَشَدُّ حُبًّا لِلَّهِ.
‘‘আৰু লোকৰ মাজত কিছুমানে আল্লাহ্ অবিহনে আন কাৰোবাক আল্লাহ্ সমকক্ষৰূপে গ্রহণ কৰে আৰু আল্লাহক ভালপোৱাৰ দৰে সিহঁতক ভালপায়; কিন্তু মুমীনসকল আল্লাহৰ প্রতি প্ৰেম, ভালপোৱাত সুদৃঢ় বিশ্বাস ৰাখে ।’’(ছূৰা বাকাৰাহ:১৬৫)
কেৱল সৃষ্টিকৰ্তাৰ সন্তুষ্টিৰ বাবেই কাৰোবাক ভালপাব লাগিব,নহলে ঈমানৰ সোৱাদ নাপায়। ৰাছূলুল্লাহ ছাঃ এ ঘোষণা কৰিছে :
ثَلَاثٌ مَنْ كُنَّ فِيهِ وَجَدَ حَلَاوَةَ الْإِيمَانِ أَنْ يَكُونَ اللَّهُ وَرَسُولُهُ أَحَبَّ إِلَيْهِ مِمَّا سِوَاهُمَا وَأَنْ يُحِبَّ الْمَرْءَ لَا يُحِبُّهُ إِلَّا لِلَّهِ وَأَنْ يَكْرَهَ أَنْ يَعُودَ فِي الْكُفْرِ كَمَا يَكْرَهُ أَنْ يُقْذَفَ فِي النَّارِ.
‘‘তিনিটা গুণৰ অধিকাৰীয়ে ঈমানৰ স্বাদ ভোগ কৰিব পাৰিব :
১. আল্লাহ আৰু ৰাছূল মুহাম্মদ ছাঃ সেই ব্যক্তিজনৰ ওচৰত সকলোতকৈ প্রিয় হব লাগিব।
২. কেৱল আল্লাহৰ সন্তুষ্টিৰ বাবেই কাৰোবাক ভালপাব লাগিব।
৩. জুইত নিক্ষিপ্ত হোৱাক অপছন্দ কৰাৰ দৰে, কুফৰী (ইছলাম গ্ৰহণ কৰি পৰিত্যাগ কৰা) লৈ উভতি যোৱাক অপছন্দ কৰিব লাগিব।’’
(বুখাৰী , কিতাবুল ঈমান, হাদীছ- ১৫)
আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে ভালপোৱাৰ তাৎপৰ্য তথা ফজীলত :
১। সৃষ্টিকর্তাৰ ৰহমতৰ ছাঁৰ স্থানপ্ৰাপ্তি :
ৰাছূলুল্লাহ ছাঃৰ ঘোষণা কৰিছে : কিয়ামতৰ দিনা আল্লাহ পাকে ঘোষণা কৰিব, মোৰ মহত্ত্বৰ নিমিত্তে পৰস্পৰ ভালপোৱাৰ সম্পর্ক স্থাপন কৰা ব্যক্তিসকল কত? আজি মই সিহঁতক নিজৰ (ৰহমতৰ) ছাঁ প্ৰদান কৰিম। আজি মোৰ ছাঁ (ৰহমত, দয়া) ৰ বাহিৰে আন কোনো ছাঁ (ৰহমত, দয়া) নাই। ( মুছলিম, কিতাবুল বিৰ্ৰী ৱাচ-ছিলাহ- ৪৬৫৫)
إِنَّ اللَّهَ يَقُولُ يَوْمَ الْقِيَامَةِ أَيْنَ الْمُتَحَابُّونَ بِجَلَالِي الْيَوْمَ أُظِلُّهُمْ فِي ظِلِّي يَوْمَ لَا ظِلَّ إِلَّا ظِلِّي.
২। নবীও নহয়, শ্বহীদো নহয়, কিন্তু উচ্চস্থান:
إِنَّ مِنْ عِبَادِ اللَّهِ لَأُنَاسًا مَا هُمْ بِأَنْبِيَاءَ وَلَا شُهَدَاءَ يَغْبِطُهُمُ الْأَنْبِيَاءُ وَالشُّهَدَاءُ يَوْمَ الْقِيَامَةِ بِمَكَانِهِمْ مِنَ اللَّهِ تَعَالَى قَالُوا يَا رَسُولَ اللَّهِ تُخْبِرُنَا مَنْ هُمْ قَالَ هُمْ قَوْمٌ تَحَابُّوا بِرُوحِ اللَّهِ عَلَى غَيْرِ أَرْحَامٍ بَيْنَهُمْ وَلَا أَمْوَالٍ يَتَعَاطَوْنَهَا فَوَ اللَّهِ إِنَّ وُجُوهَهُمْ لَنُورٌ وَإِنَّهُمْ عَلَى نُورٍ لَا يَخَافُونَ إِذَا خَافَ النَّاسُ وَلَا يَحْزَنُونَ إِذَا حَزِنَ النَّاسُ..
‘‘নিশ্চয় আল্লাহৰ বান্দাসকলৰ মাজত এনে কিছু বান্দা আছে, যিসকলে নবীও নহয়, শ্বহীদো নহয়; কিয়ামতৰ দিনা আল্লাহ তা‘আলৰ ফালৰ পাৰ সিহঁতৰ প্ৰতি সম্মানজনক অবস্থান দেখি নবী আৰু শ্বহীদসকলো ঈর্ষান্বিত হৈ পৰিব।
চাহাবসকলে প্ৰশ্ন কৰিলে: হে আল্লাহৰ ৰাছূল ! আমাক কওক , সিহঁত কোন? তেওঁ কলে: সিহঁত সেইসকল লোক , যিসকলে কেৱল আল্লাহক সন্তুষ্টিৰ বাবেই এজনে আনজনক ভালপায়। অথচ সিহঁতৰ মাজত কোন তেজৰ সম্পর্কও নাই, আৰু কোনো অর্থনৈতিক লেন-দেনো নাই।
আল্লাহৰ শপথ! নিশ্চয় সিহঁতৰ মুখমণ্ডল হব উজ্জ্বল তথা নূৰানী আৰু সিহঁতে নূৰৰ মাজত থাকিব। যিদিনা মানুহ ভীত-সন্ত্রস্ত হৈ থাকিব ,সেই দিনা সিহঁতৰ কোনো ভয় নাথাকিব। আৰু যিদিনা মানুহ দুশ্চিন্তাগ্রস্ত হৈ থাকিব, সেই দিনা সিহঁতৰ কোনো চিন্তাই নাথাকে.. .।’’
(চুনান আবী দাঊদ, কিতাবুল বুয়ূ- ৩০৬০
✴ পৰস্পৰৰ মাজত প্ৰেম, ভালপোৱা আৰু মিলাপ্ৰীতি বৃদ্ধি কৰাৰ উপায় :
১। ইছলামে মানৱ সমাজক শিক্ষা দিছে যে,
পৰস্পৰৰ মাজত ভালপোৱা আৰু সৌহাৰ্দ্য স্থাপিত নহলে…..
পৰিপূর্ণ ঈমানদাৰ হব নোৱাৰিব,
শান্তি আৰু নিৰাপত্তা লাভ কৰিব নোৱাৰিব,
আনকি জান্নাতো লাভ কৰিব নোৱাৰিব।
সেয়ে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে মু’মিন সকলৰ পৰস্পৰৰ মাজত ভালপোৱা আৰু সৌহার্দ্য বৃদ্ধিৰ বাবে এটি চমৎকাৰ পন্থা কৈ গৈছে, দেখাই গৈছে। তেওঁ ঘোষণা কৰিছে :
لَا تَدْخُلُونَ الْجَنَّةَ حَتَّى تُؤْمِنُوا وَلَا تُؤْمِنُوا حَتَّى تَحَابُّوا أَوَلَا أَدُلُّكُمْ عَلَى شَيْءٍ إِذَا فَعَلْتُمُوهُ تَحَابَبْتُمْ أَفْشُوا السَّلَامَ بَيْنَكُمْ..
তোমালোক বেহেস্তত প্ৰৱেশ কৰিব নোৱাৰিবা, যেতিয়ালৈকে (পৰিপূর্ণ) ঈমানদাৰ নোহোৱা, আৰু তেতিয়ালৈকে ঈমানদাৰ হব নোৱাৰা, যেতিয়ালৈকে পৰস্পৰৰ মাজত ভালপোৱা আৰু সৌহাৰ্দ্য স্থাপিত নকৰা।
মই তোমালোকক এনে এটি পন্থাৰ ফালে পথপ্ৰদৰ্শন নকিৰম নে, যি পন্থা অৱলম্বন কৰিলে তোমালোকৰ মাজত ভালপোৱা আৰু সৌহার্দ্য প্রতিষ্ঠিত হব ?
চাহাবিসকলে কলে: নিশ্চয় হে আল্লাহৰ ৰাছূল!(তেওঁ কলে) তোমালোকৰ মাজত ব্যাপকভাৱে ছালামৰ প্রচলন কৰা।’ (মুছলিম, কিতাবুল ঈমান- ৮১)
২। ভালপোৱা, আদৰ বৃদ্ধিৰ মাধ্যম- উপহাৰ:
নবী (ছাঃ ) ৰ ঘোষণা:
‘তোমালোকে পৰস্পৰ হাদিয়া(উপহাৰ ) আদান-প্রদান কৰিবা, তেতিয়াহলে মুহব্বত, প্ৰেম আৰু ভালপোৱা বৃদ্ধি পাব।’ (আদাবুল মুফৰদ, হাদীছ: ৫৯৪)
৩। হিংসা দূৰ কৰি ভালপোৱা, শ্ৰদ্ধা বৃদ্ধিৰ উপায় :
ৰাছূল (ছাঃ) এ ঘোষণা কৰিছে:
‘তোমালোকে পৰস্পৰ হাদিয়াৰ বিনিময় কৰা, ইয়াৰ দ্বাৰা মনৰ সঙ্কীর্ণতা আৰু হিংসাভাৱ দূৰ হৈ যায়।’(মুচনদে আহমদ- ৯২৫০)
অমুচলিম ভাইসকলকো উপহাৰ, হাদিয়া প্ৰদানৰ শিক্ষা দান কৰিছে ইছলামে। নবীজি (ছাঃ) অমুছলিমসকলৰ ফালৰ পৰা প্ৰেৰিত উপহাৰ গ্রহণ কৰিছে।আৰু অমুছলিম সকলক হাদিয়া প্ৰদানো কৰিছে।
কিন্তু এই পৱিত্ৰ ভালপোৱাৰ বাবে নিৰ্দিষ্ট দিনৰ প্ৰয়োজন আছে নে? নিৰ্দিষ্ট বাৰ আৰু দিৱসৰ প্ৰয়োজন হয় নে ?
৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে ভালপোৱা দিৱসৰ নামত প্ৰকৃত ভালপোৱাক অপৱিত্ৰ কৰা নহয় নে?
প্ৰতি বছৰে এই দিনবোৰত লাখ লাখ যুৱতী ভালপোৱাৰ নামত কলংকিত নহয় নে?
কৰ সভ্যতা এয়া?
কৰ সভ্য সমাজ এইবোৰ? জানকচোন অলপ……
২য় পৰ্ব
✴ ভেলেন্টাইন ডে’(বিশ্ব ভালপোৱা দিৱস) কি?
এক ঘৃণনীয় আৰু জঘন্য ইতিহাসৰ স্মৃতিচাৰণৰ হল, নাম বিশ্ব ভালপোৱা দিৱস । এই ইতিহাসৰ বয়স সোতৰ শ সাঁইত্রিশ বছৰ হলেও ‘বিশ্ব ভালবাসা দিবস’ নামৰ চর্চা আৰম্ভ হয় সাম্প্রতিক কালতেই। দুুশ সত্তৰ খৃষ্টাব্দৰ চৈধ্য ফেব্ৰুৱাৰীৰ কথা। তেতিয়া ৰূমৰ সম্রাট আছিল ক্লডিয়াচ। সেই সময়ত ভ্যালেন্টাইন নামৰ এজন সাধু, যুৱক প্রেমিকসকসলক গোপন পৰিণয়-মন্ত্রৰ দীক্ষা দিছিল। এই অপৰাধত সম্রাট ক্লডিয়াচে সাধু ভ্যালেন্টাইনক শিৰশ্ছেদ কৰে। তাৰ এই ভ্যালেন্টাইন নামৰ পৰাই এই দিনটোৰ নামাকৰণ কৰা হয়, ‘ভেলেন্টাইন ডে’। আৰু আজিৰ দিনত ‘বিশ্ব ভালপোৱা দিৱস’। ইয়াৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে এয়া কোনো ভাৰতীয় সভ্যতাৰ দিৱস নহয়। বৰঞ্চ খৃষ্টান আৰু পশ্চিমীয়া সংস্কৃতিৰ এটি কলংকিত দিৱস।
ভাৰত, পাকিস্তান, বাংলাদেশত দিৱসটো পালন কৰা আৰম্ভ হয় ১৯৯৩ চনত । কিছু ব্যৱসায়ীৰ সহযোগত এই প্ৰথা আৰম্ভ হয়। অপৰিণামদর্শী মিডিয়াৰ ব্যাপক কভাৰেজ আৰু দেশৰ অতি মডাৰ্ণ সমাজৰ স্ফুৰ্তিৰ আৰু সীমা নাথাকিল! প্ৰচাৰ প্ৰসাৰত ব্যস্ত হৈ পৰে আৰু জপিয়াই পৰে আমাৰ সমাজৰ তৰুণ তৰুণীসকল।
তাৰ পিছৰ পৰাই ঈমানৰ ঘৰত, ভাৰতী সভ্য সমাজৰ ঘৰত ভালপোৱাৰ পৰিৱৰ্তে আৰম্ভ হয় ভুলৰধোঁৱা। আৰু অই ধোঁৱাই যথাৰীতিভাৱে লাহে গ্ৰাস কৰি পেলায় যুৱসমাজক।
✴ বিশ্ব ভালপোৱা দিৱসৰ পৰিচয় কি?
বিশ্ব ভালপোৱা দিৱসৰ আন কিছু বাস্তব নমুনা জানি ৰাখক, তেতিয়া চিনি পাবলৈ, বুজি পাবলৈ সুবিধা হব। ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ জিনালৈকে বিভিন্ন ডে’নামেৰে চলি থাকে পশ্চিমীয়া সংস্কৃতিৰ নিৰ্লজ্জ প্ৰদৰ্শন।ৰ
যুৱক যুৱতীসকল, সেয়া স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়েই হওক, কাৰোবাৰ ভনী, জীয়েকেই হওক……
সকলো আনন্দত মতলীয়া হৈ পৰে। নিজৰ ৰূপ, সৌন্দর্য উজাৰি প্রদর্শন কৰিবলৈ অলি গলিয়ে নামি পৰে।
ৰাস্তা ঘাটত, দোকানে পোহাৰে যুৱকসকলৰ লগত লৈ টেটু আঁকিবলৈ লানি পাতি বহে। পিছত গভীৰ ৰাতিলৈ বা গোটা ৰাতি চলি থাকে নিৰ্লজ্জতা প্ৰদৰ্শনৰ প্ৰতিযোগিতা।
আৰু সতীত্ব তথা চৰিত্ৰ কলংকিতৰে কপি উঠে এই ধৰনী। সেয়ে ইয়াৰ নাম বিশ্ব ভালপোৱা দিৱসৰ সলনি হব লাগে-
বিশ্ব বেহায়াপনা দিৱস,
বিশ্ব অশ্লীলতা দিৱস,
বিশ্ব নিৰ্লজ্জতা দিৱস,
বিশ্ব চৰিত্ৰ ভূলুন্ঠিত দিৱস।
৩য় পৰ্ব-
✴ বিশ্ব ভালপোৱা দিৱস পালনৰ ক্ষতিকাৰক কিছু দিশ:
১. ভালপোৱা আৰু প্ৰেম নামৰ শব্দটিৰ লগত এক চৰিত্রহীন লম্পটৰ স্মৃতি জড়িত কৰি যিসকলে ভালপোৱাৰ জয়গান গাই আছে , বিশ্ববাসীক সিহঁতে সোণৰ পিয়লাত নীলা বিষ পান কৰাই আছে।
২. যুৱক যুৱতীৰ সস্তা যৌন আবেগক মাতাল কৰি সমাজত বিশৃংখলতা আৰু ফিতনা, ফাচাদ তথা অসভ্যতা সৃষ্টি কৰা হৈ আছে । অথচ জানে যে মহান সৃষ্টিকৰ্তা আল্লাহ তা‘আলা ফিতনা ফাচাদ সৃষ্টিকাৰী সকলক মুঠেই ভাল নাপায় । আল্লাহ তা‘আলা ঘোষণা :
وَيَسْعَوْنَ فِي الْأَرْضِ فَسَادًا وَاللَّهُ لَا يُحِبُّ الْمُفْسِدِينَ
অৰ্থ : ‘‘আৰু সিহঁতে পৃথিৱীত ফাচাদ সৃষ্টি কৰি ঘুৰি থাকে। আৰু আল্লাহে ফাচাদ সৃষ্টিকাৰীসকলক ভাল নাপায় ।’’(ছূৰা মাঈদাহ : ৬৪)
৩. মানৱ সমাজত নৈতিক অবক্ষয় দাৱানলৰ দৰে বিয়পি আছে।
৪. নির্লজ্জতা আৰু বেহায়াপনা জাতীয়ভাৱে স্বীকৃতি লাভ কৰিছে। যিসকলে ঈমানদাৰ, সভ্য সমাজত এই ধৰণৰ অশ্লীলতাৰ বিস্তাৰ ঘটায়, সিহঁতৰ বাবে ইহজগত আৰু পৰজগতত নিশ্চয় আল্লাহ তা‘আলা যন্ত্রণাদায়ক শাস্তিৰ ব্যবস্থা কৰি ৰাখিছে । আল্লাহ তা‘আলা ঘোষণা :
إِنَّ الَّذِينَ يُحِبُّونَ أَنْ تَشِيعَ الْفَاحِشَةُ فِي الَّذِينَ آمَنُوا لَهُمْ عَذَابٌ أَلِيمٌ فِي الدُّنْيَا وَالْآخِرَةِ
‘‘ যিসকলে মু’মিনসকলৰ সমাজত অশ্লীলতাৰ প্রসাৰ কামনা কৰে, সিহঁতৰ বাবে আছে ইহজগত আৰু পৰজগতত যন্ত্রণাদায়ক শাস্তি..।’’(ছূৰা আন-নূৰ :১৯)
বাস্তৱ জগতত যি সমাজত চৰিত্র-হীনতা ব্যাপক হৈ উঠে, সেই সমাজত আল্লাহৰ কঠিন আযাব তথা শাস্তিসমূহ ক্রমাগত অবতীর্ণ হোৱাটো অবধাৰিত। আব্দুল্লাহ ইবন ‘ওমৰ (ৰাঃ) ৰ পৰা বর্ণিত, ৰাছূল (ছাঃ) এ ফৰমাইছে :
… لَمْ تَظْهَرِ الْفَاحِشَةُ فِي قَوْمٍ قَطُّ حَتَّى يُعْلِنُوا بِهَا إِلَّا فَشَا فِيهِمُ الطَّاعُونُ وَالْأَوْجَاعُ الَّتِي لَمْ تَكُنْ مَضَتْ فِي أَسْلَافِهِمِ…
‘‘যি জনগোষ্ঠীত নির্লজ্জতা প্রকাশমান, পিছত সিহত তাৰেই ব্যাপক প্রচাৰৰো ব্যবস্থা কৰে, তাৰ অনিবার্য পৰিণতি স্বৰূপ মহামাৰী , সংক্রামক ৰোগ আৰু ক্ষুধা-দুর্ভিক্ষ এনেকৈ প্রকট হৈ দেখা দিব , যে পূৰ্ববৰ্তী লোকৰ মাজত কেতিয়াও দেখা যোৱা নাই।
’’(ইবনে মাজাহ, কিতাবুল ফিতান, হাদীছ নং-৪০০৯)
৫. শৰীৰ উল্কি আঁকাত গৈ নিজৰ ইজ্জত-আব্রু, পৱিত্ৰ দেহাটো পৰপুৰুষক দেখোৱা হয়। যি প্রকাশ্যে কবীৰাহ গুনাহ। হাদিছত আছে :
لَعَنَ اللَّهُ الْوَاصِلَةَ وَالْمُسْتَوْصِلَةَ وَالْوَاشِمَةَ وَالْمُسْتَوْشِمَةَ.
‘‘যি ব্যক্তিয়ে পৰ-চুলি লাগায় আৰু যাক লাগায়; তাৰ লগতে যি ব্যক্তি উল্কি(টেটু) আঁকে তথা যাৰ গাত আঁকে, আল্লাহ পাকে সিহঁতৰ শৰীৰক অভিসম্পাত কৰে, লানত বৰ্ষিত কৰে।’’ (বুখাৰী,কিতাবুল লিবাচ- ৫৪৭৭)
৬. লেকামহীন জন্তু :
মূলত যাৰ লাজ ছৰম একো নাই , তাৰ বাবে কোনো কামেই অসম্ভৱ নহয়, যি মন যায় কৰিব পাৰে । হাদীছত ঘোষণা :
إِذَا لَمْ تَسْتَحِ فَاصْنَعْ مَا شِئْت.
‘‘যদি তোমাৰ লজ্জা নাই তেনেহলে যি ইচ্ছা তাকে কৰা।’’ (বুখাৰী- ৩২২৫)
৭. ভালপোৱা দিৱসৰ নামত নির্লজ্জতা বৃদ্ধি পোৱাৰ কাৰণে যিনা-ব্যভিচাৰ, ধর্ষণ আৰু হত্যা ব্যাপকভাবে বৃদ্ধি পাইছে। আব্দুল্লাহ ইবন আব্বাচ ৰাঃ ৰ পৰা বর্ণিত হাদিছত ৰাছূলুল্লাহ ছাঃ এ ঘোষণা কৰে :
… وَلَا فَشَا الزِّنَا فِي قَوْمٍ قَطُّ إِلَّا كَثُرَ فِيهِمُ الْمَوْتُ
‘‘যি জাতিৰ ভিতৰত যিনা-ব্যভিচাৰ ব্যাপক হব, তাতেই মৃত্যুৰ আধিক্য ব্যাপক হৈ দেখা দিব।’’ (মুৱাত্তা মালিক, কিতাবুল জিহাদ-৮৭০)
৮. বিশ্ব ভালপোৱা দিৱসৰ এইসকলো প্ৰথা, প্ৰচলন তথা ঈমান বিধ্বংসী কর্ম-কাণ্ডৰ ফলত মুছলিম যুৱসমাজ ক্রমশ ঈমানী বল আৰু চেতনা হেৰুৱাই পেলাইছে ।
৯. মানুহৰ হৃদয়ৰ পৰা ক্ৰমশ তাক্বৱা তথা আল্লাহৰ ভয় দূৰ হৈ গৈ আছে।
উপৰোক্ত আয়াত আৰু হাদীছসমূহৰ ভাষ্য কিমানদূৰ বাস্তব আৰু সত্য, তাৰ প্ৰমাণ বর্তমান বিশ্বৰ বাস্তব চিত্রখন অলপ লক্ষ্য কৰিলেই বুজিব পৰা যায়। অৰ্থাৎ অবাধ যৌন মিলন আৰু অবৈধ যৌন সম্পৰ্কৰ ফলত “AIDS” নামক ৰোগটো বর্তমানত মাৰাত্মক আকাৰ ধাৰণ কৰিছে। সকলোৱে নিশ্চয় অৱগত যে এয়া ইমানেই মাৰাত্মক যে, এই ৰোগত আক্রান্ত হলে ইয়াৰ কোন আৰোগ্য
নাথাকে।
বিশ্বব্যাপী জনস্বাস্থৰ সমস্যাৰূপী এইছ আই ভি বা এইডছ ৰোগটো, এক আন্তৰাষ্ট্ৰীয় ৰিপৰ্ট অনুযায়ী ২০১৮ চনলৈকে ৩.৯ মিলিয়ন মানুহ এইচ আই ভিত আক্ৰান্ত হৈছে (১.৭ মিলিয়ন শিশু সহ), প্রাপ্তবয়স্কসকলৰ মাজত বিশ্বব্যাপী এইচ আই ভিৰ প্রবণতা ০.৮%। ইয়াৰ আকৌ প্রায় ২১% লোক নাজানেই যে যে সিহঁত HIV ভাইৰাছত আক্ৰান্ত।
এই ক্ষেত্ৰত বিতং তথ্য বিভিন্ন ৰিপৰ্টত বিচাৰিলেই সহজে পোৱা যাব। পৰৱৰ্তী লেখাত ইয়াতেই সংযোগ কৰি দিয়া হব অৱশ্যেই।
প্রিয় মুমিন-মুছলিম ভাই, ভনীসকল !
প্ৰেম, ভালপোৱা, আদৰ কোনো পর্বীয় বিষয় নহয়। ই মানৱ জীৱনৰ সুখ-শান্তিৰ বাবে এটি অতি জৰুৰী সার্বক্ষণিক মানৱিক উপাদান। গতিকে আহক আমি আমাৰ মাজত ভালপোৱা আৰু মিলাপ্ৰীতি বৃদ্ধি কৰিবলৈ ৰাছূলুল্লাহ ছাঃ ৰ শিক্ষা মতে সার্বক্ষণিক পন্থাটো অবলম্বন কৰোঁ।
বিশ্ব ভালবাসা দিবসের নামে এসব ঈমান বিধ্বংসী কর্মকাণ্ড পৰা আল্লাহ তা‘আলা আমাক সকলোকে হেফাযত কৰক। আৰু কেৱল আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰেম, ভালপোৱা তথা শত্রুতা (যদি প্ৰয়োজন হয়) ৰাখিবলৈ তৌফিক দান কৰক । আমীন !!!
কলম – এম ইউছুফ কাছিমী (মুফতী, এম.এ.,এম.এম., বিএড) ।
(ডক্টৰ শ্বুআইব আহমেদৰ লিখনিৰ সহায় লৈ।)