ওমৰ ইবনে আব্দুল আজীজ ৰহঃ – ২ নভেম্বৰ বিশেষ

Share :

২ নভেম্বৰ বিশেষ

থোৰতে :

নাম, পৰিয়াল :

নাম- ওমৰ ইবনে আব্দুল আজিজ। (عمر بن عبد العزيز)
উপনাম- আবু হাফচ।

পিতা- আব্দুল আজীজ। (আবুল আ’চৰ পুত্ৰ মাৰৱান ইবনে হাকামৰ পুত্ৰ।)

মাতৃ- লাইলা উম্মে আচিম। (হজৰত ওমৰ ৰাঃ ৰ জীয়েক আচিমৰ বংশৰ ) হজৰত ওমৰ ৰাঃৰ নাতিনীয়েক।

পত্নী- আব্দুল মালিকৰ জীয়েক ফাতিমা । আলী ইবনে হাৰিছৰ জীয়েক, লামিচ। শ্বোআইবৰ জীয়েক উম্মে উচমান।

সন্তান- (পুত্ৰ) আঃ মালিক, আঃ আজীজ, আব্দুল্লাহ, ইব্ৰাহীম, ইচহাক, য়াকুব, বকৰ, ৱালিদ, মূচা, আচিম, জিয়ান। (জীয়েকৰ ) আমীনা, উম্মে আম্মাৰ, উম্মে আব্দুল্লাহ।
ভাই-ভনী — আচবাগ, জাবান, ছুহাইল, আবু বকৰ, আচিম, মুহাম্মদ আৰু উম্মুল বানীন।

শাসন কাৰ্য্যকাল :

খিলাফত হিচাপে ৰাজত্বকাল – ২২ ছেপ্তেম্বৰৰ ৭১৭ চনৰ পৰা – ৪ ফেব্রুৱাৰী, ৭২০ চনলৈ । চন্দ্ৰ তাৰিখ মতে ৯৯ হিজৰীৰ পৰা ১০১ হিজৰী লৈকে। মুঠ ২ বছৰ ৫ মাহ।

গৱৰ্ণৰ হিচাপে : ৭০৬ চনৰ পৰা ৭১২ চনলৈ। চন্দ্ৰ তাৰিখ মতে ৮৬ হিজৰীৰ পৰা ৯৩ হিজৰী লৈকে।

জন্ম –
২ নভেম্বৰ ৬৮২, চন্দ্ৰ তাৰিখ মতে ২৬ ছফৰ ৬২ হিজৰী। স্থান-মদিনা, হিজাজ।

মৃত্যু – জানুৱাৰী ৭২০। চন্দ্ৰ তাৰিখ মতে ২৫ ৰজব ১০১ হিজৰী, শুক্ৰবাৰ। (বয়স ৪০ বছৰ ) স্থান- ছিৰিয়াৰ আজিৰ আলেপ্প।

এতিয়া চমুকৈ জানো আহক :

৭১৭ খৃষ্টাব্দত খলিফা চুলাইমানৰ মৃত্যুৰ পিছত তেওঁৰ খুৰাৰ লৰা ওমৰ বিন আব্দুল আজীজ খিলাফতভাৰ গ্ৰহণ কৰে। খলিফা ওমৰৰ পিতা আব্দুল আজীজ খলিফা আব্দুল মালিকৰ ভ্রাতৃ আছিল। তথা মাতৃ আছিল ইছলামৰ দ্বিতীয় খলিফা হজৰত ওমৰ (ৰাঃ) ৰ দৌহিত্রী । হজৰত ওমৰ ৰাঃ ৰ লগত চাৰিত্রিক বৈশিষ্ট মিল থকাৰ বাবে ওমৰ বিন আব্দুল আজীজ ইছলামী ইতিহাসৰ দ্বিতীয় ওমৰ হিচাপে পৰিচিত । উমাইয়া বংশৰ ইতিহাসত দ্বিতীয় ওমৰৰ অভিষেক সছাকৈয়ে এটি যুগান্তকাৰী ঘটনা।

অনাচাৰ , অধর্ম, বৰ্বৰতা , ষড়যন্ত্র, সাম্রাজ্যবাদ, সম্প্ৰসাৰণবাদ , বিলাসিতা আদি যেতিয়া নেকি উমাইয়া খিলাফতক বিপর্যয়ৰ দিশে ঠেলি দিছিল, সেই সময়ত তেওঁ শাসনভাৰ গ্রহণ কৰিছিল । প্রশাসক হিচাপে তেওঁ পূৰ্ণ অভিজ্ঞ ব্যক্তি আছিল । কাৰণ খলিফা ৱলিদৰ ৰাজত্বকালত তেওঁ হিজাজৰ শাসনকর্তা আছিল ।

তেতিয়াৰ পৰাই তেওঁ ন্যায়পৰায়ণতা , সৰলতা , চাৰিত্রিক মাধুৰ্য্যতা , ধর্মপৰায়ণতা তথা প্রজাবাৎসল্যৰ দ্বাৰা ব্যাপক জনপ্রিয়তা অর্জন কৰিছিল । খিলাফতৰ দায়িত্বভাৰ গ্রহণ কৰি তেওঁ পূর্ববর্তী উমাইয়া খলিফা সকলৰ স্বেচ্ছাচাৰী নীতি বর্জন কৰিছিল আৰু খোলাফায়ে ৰাশ্বিদীনৰ মৌলিক ইছলামী আদর্শসমূহ পুনঃপ্রতিষ্ঠিত কৰাৰ পূৰ্ণ প্রয়াস কৰিছিল ।যাৰ বাবেই তেখেতক ‘উমাইয়া সাধু’ বুলি অভিহিত কৰা হয়।

খলিফা নিৰ্বাচন :

খলিফা চুলাইমানে, ওমৰ ইবনে আব্দুল আজীজ সৰলতা, ন্যায়পৰায়ণতা, আৰু শাসনভাৰৰ অভিজ্ঞতা তথা যোগ্যতা দেখি মৃত্যুৰ সময়ত, পৰৱৰ্তী খলিফা হিচাপে তেখেতৰ নাম নিৰ্বাচন কৰি গৈছিল।

কিন্তু এয়া যেন ওমৰ ৰহঃৰ মতে অবৈধ আত্মসাৎকৃত ক্ষমতা আছিল। গতিকে তেওঁ চুলাইমানৰ মৃত্যুৰ পিছত খলিফাৰ পুনৰ নিৰ্বাচনৰ বাবে মাধ্যমে তেওঁ সাধাৰণ ৰাইজৰ মাজত মুকলি সভা আয়োজন কৰিছিল । কাৰণ ইছলামৰ দৃষ্টিত চৰকাৰ গঠনৰ একমাত্র বৈধ পন্থা হল, জনসাধাৰণে নিজৰ স্বাধীন ইচ্ছামতে শাসক নির্বাচিত কৰিব। সামৰিক শক্তিৰ দ্বাৰা বা উত্তৰাধিকাৰ সূত্ৰত নহয়।

তেওঁ মেহৰাবত থিয় হৈ কৈছিল :

‘‘ভাতৃবৃন্দ ! মোক মোৰ আৰু আৰু জাতিৰ মতামত অবিহনেই এই খিলাফতৰ কঠিন দায়িত্ব অর্পণ কৰা হৈছিল । আমাৰ আনুগত্যৰ যি বোজা তোমালোকৰ ওপৰত জাপি দিয়া হৈছে, তাৰ পৰা মই নিজেই বিৰত থাকিলোঁ । তোমালোকে নিজৰ মাজৰ পৰাই কাৰোবাক খলিফা হিচাপে নির্বাচন কৰি লোৱা ।’’

জনতা চিৎকাৰ কৰি একমুখে কৈ উঠিছিল :
‘‘আমিৰুল মু’মিন ! আমি আপোনাকেই নির্বাচন কৰিলো । আপোনাৰ নেতৃত্বৰ ওপৰত আমি পূর্ণ আস্থাশীল।’’
পিছত তেওঁ কৈছিল : মই তেতিয়ালৈকে তোমালোকৰ খলিফা যেতিয়ালৈকে সৃষ্টিকৰ্তা আল্লাহ পাকৰ আনুগত্য স্বীকাৰ কৰি থাকো। অন্যথা মোৰ আনুগত্য কৰা তোমালোকৰ বাবে অপৰিহাৰ্য নহয় ।

এই আলোচনাৰ শেষত খলিফাক মহল লৈ যাবলৈ আহ্বান জনালে, আৰু বিশেষ বাহন আনি দিয়া হল সিংহাসনলৈ যাবলৈ। কিন্তু ওমৰ ৰহঃএ এই সকলোবোৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। কলে যে মোৰ বাবে মোৰ খচ্ছৰেই যথেষ্ট।

এইদৰে অতি সহজ সৰলতাৰে নিজৰ শাসনকাল পূৰণ কৰিছিল । আৰু এইভাবে তেওঁ শাসক নির্বাচনৰ আচল পদ্ধতিক পুনৰুজ্জীৱিত কৰে। কাৰণ জাতিৰ সম্মতি আৰু পৰামর্শ অবিহনে কোনেওঁ শাসক নিযুক্ত হব নোৱাৰে ।

দ্বিতীয় ওমৰ (ৰহঃ) ৰ ৰাষ্ট্রনীতি :

সার্বজনীন মানৱতাবোধত উদ্ধুদ্ধ হৈ তেওঁ নিৰপেক্ষ শাসননীতি প্রবর্তন কৰে। লগতে সাম্রাজ্যৰ সুখ-শান্তি আৰু নিৰাপত্তাৰ বাবে তেওঁ পূর্ববর্তী উমাইয়া খলিফাসকলৰ সামাজ্যবাদী, স্বৈৰাচাৰী তথা স্বার্থান্বেষী নীতি পৰিহাৰ কৰে :

১) প্রথমত– সমৰনীতিৰ পৰিৱর্তে শান্তি আৰু সংৰক্ষণ নীতি অক্ষুণ্ণ ৰখাত গুৰুত্ব দিয়ে । কাৰণ তেওঁৰ মতে, সংৰক্ষণ কৰিব নোৱাৰিলে ৰাজ্য সম্প্রসাৰণ কেৱল নিৰর্থকেই নহয় , বৰঞ্চ নানা সমস্যাো সৃষ্টি কৰে ।

২) দ্বিতীয়ত– তেওঁ স্বজনপ্রীতি, গোত্রপ্রীতি, দল তথা পক্ষপাতিত্ব নীতিক পৰিত্যাগ কৰে। প্রজাবৎসল্য আৰু ধৰ্মভীৰু খলিফা, উমাইয়া বংশৰ প্রতি কোনো ধৰণৰ দুর্বলতা প্রকাশ নকৰি সকলো শ্রেণীৰ প্ৰজাসকলক সমান সুযোগ-সুবিধা প্ৰদান কৰিছিল ।

মানৱতাৰ সেৱা আৰু জাতি-ধর্ম-নির্বিশেষে প্রজাপালনেই আছিল খলিফা দ্বিতীয় ওমৰৰ শাসনৰ মূলমন্ত্র।

৩) তৃতীয় — অভ্যন্তৰীণ শাসন ব্যৱস্থাক শক্তিশালী ভিত্তিৰ ওপৰত প্রতিষ্ঠা কৰিবলৈ তেওঁ অত্যাচাৰী , লোভী আৰু অযোগ্য প্রাদেশিক শাসনকর্তা সকলক বৰ্খাস্ত কৰি তদস্থল বিশ্বস্ত, পৰোপকাৰী , ন্যায়নিষ্ঠ তথা উপযুক্ত ব্যক্তিক নিয়োগ প্রদান কৰিছিল । এইক্ষেত্রত তেওঁ যথেষ্ট উদাৰতাৰ পৰিচয় দিয়ে । কাৰণ তেওঁ দলীয়, গোত্র আৰু বংশীয় স্বার্থৰ ঊৰ্ধ্ব আছিল ।

৪) চতুৰ্থত — দ্বিতীয় ওমৰৰ অন্যতম প্রধান কৃতিত্ব আছিল, তেওঁ দলীয় স্বার্থৰ ঊর্ধ্বত ন্যায়নীতি আৰু নিৰপেক্ষতাৰ ওপৰত ভিত্তি শাসনকর্তা সকলৰ নিয়োগ তথা পদচ্যুত কৰিছিল । কোনো প্রকাৰৰ দুর্বলতা তেখেতৰ নীতিজ্ঞান আৰু কর্তব্যবোধক আচ্ছন্ন কৰিব পৰা নাছিল ।

৫) পঞ্চমতে — প্রাদেশিক শাসনকর্তাৰ কার্যকলাপৰ ওপৰত তেওঁ সতর্ক দৃষ্টি ৰাখিছিল । নির্যাতন আৰু চৰকাৰী অর্থ আত্মসাৎ কৰাৰ অভিযোগত তেওঁ খোৰাচানৰ শাসনকর্তা উমাইয়াপন্থী ইয়াজিদ-ইবন-মুহাল্লাবক বর্খাস্ত কৰি কাৰাৰুদ্ধ কৰিছিল । স্পেইনৰ শাসনকর্তা আল-হুৰকো তেওঁ অযোগ্যতাৰ বাবে পদচ্যুত কৰিছিল ।

৬) প্ৰশাসক সকললৈ নিৰ্দেশনা :

দ্বিতীয় ওমৰ (ৰহঃ)এ কল্যাণকৰ শাসনব্যবস্থা প্রতিষ্ঠাৰ লক্ষ্যৰে নিজৰ প্রশাসক সকললৈ নির্দেশনামা প্ৰেৰণ কৰিছিল :

‘‘তোমালোক মনত ৰাখিবা যে, ন্যায়পৰণতা আৰু মহানুভৱতাৰ দ্বাৰাই ধর্মৰ প্রতিপালন হয় ।কোনো পাপকে সৰু বুলি গণ্য কৰা উচিত নহব। জনাকীর্ণ স্থানক জনশূন্য কৰাৰ প্ৰয়াস নকৰিবা । প্ৰজাসকলৰ সাধ্যাতীত একো কৰাৰ চেষ্টা নকৰিবা । সিহঁতে যি দিয়ে গ্রহণ কৰি লবা।

জনসংখ্যা আৰু ঐশ্বৰ্য্য যাতে বৃদ্ধি কৰিব পৰা যায়, তাৰ প্ৰচেষ্টা হাতত লবা। নম্র আৰু নিষ্ঠুৰহীনভাবে শাসন কৰিবা। উৎসৱ উপলক্ষে কোনো উপঢৌকন গ্রহণ নকৰিবা । জনসাধাৰণৰ মাজত যিবোৰ পবিত্র ধর্মগ্রন্থ বিতৰণ কৰা হয়, তাৰ মূল্য গ্রহণ নকৰিবা । পর্যটক, বিবাহ, উটনিৰ দুগ্ধৰ ওপৰত কোন কৰ ধার্য্য নকৰিবা । যি ব্যক্তিয়ে সইচ্ছাত ইছলাম গ্রহণ কৰিছে তাক জিজিয়া দিবলৈ জুৰ জুলুম নকৰিবা । ”

ওমৰ (ৰহঃ) আৰু দৃষ্টান্তমুলক ন্যায়পৰায়ণতা :

ন্যায়নিষ্ঠ, কর্তব্যজ্ঞান, জনকল্যাণ, ইছলামৰ প্রতি অনুৰাগ , সাম্য আৰু সমতাৰ উজ্জ্বল দৃষ্টান্ত স্থাপন কৰি খলিফা দ্বিতীয় ওমৰ খোলাফায়ে ৰাশ্বিদীনৰ পঞ্চম ধর্মপ্রাণ খলিফা হিচাপে সমাদৃত হৈছিল । তেওঁ ভোগ-বিলাসৰ প্রতি ঘৃণা পোষণ কৰিছিল, আৰু অতি সহজ-সৰল জীৱনযাপন কৰিছিল ।

বৰ্ণিত আছে যে আছে, খলিফা হোৱাৰ পূর্বে তেওঁ প্রচুৰ ধন-সম্পদৰ গৰাকী আছিল । কিন্তু খিলাফত লাভ কৰাৰ পিছত মাত্র ডেৰশ দিনাৰ মূল্যৰ সম্পত্তি ৰাখি বাকী সকলো সম্পত্তি জনকল্যার্থে দান কৰি দিছিল । দৃষ্টান্ত স্থাপন কৰি খলিফাই নিজৰ বংশৰ সকলোক প্রয়োজনৰ অতিৰিক্ত সম্পদ বাইতুলমালে জমা দিবলৈ নির্দেশ দিছিল । শেষত নিজৰ পত্নী ফাতিমাক তাইৰ পৰিয়ালৰ পৰা প্রাপ্ত সকলো মণিমুক্তা খচিত অলঙ্কাৰাদি বাইতুল মালত জমা দিয়াত, সানন্দে সেই আদেশ পালন কৰা হয় ।

উল্লেখযোগ্য কৰ্মাৱলী :

দ্বিতীয় ওমৰ ৰহঃ এ নিজৰ অতি চমু খিলাফত কালত জনসাধাৰণৰ বাবে প্ৰগতিমূলক, সুবিধাজনক , দৰিদ্ৰতা দূৰীকৰণৰ বাবে, বহুতো পদক্ষেপ গ্রহণ কৰিছে । তাৰে কেইটামান :

১) পূৰ্বৰ পৰা প্ৰচলিত নৱমুছলিম বাসিন্দাৰ পৰা অৰ্জন কৰা, কৰ বন্ধ কৰি দিয়া হয়।

২) বাইতুল মাল(চৰকাৰী বিত্তীয় বিভাগ) ৰ নিৰাপত্তা তথা নিৰিক্ষণৰ কঠোৰ ব্যৱস্থা কৰা হয়।

৩) চৰকাৰী বিত্ত বিভাগত জমা হোৱা বিভিন্ন অবৈধ উপাৰ্জন বন্ধ কৰি দিয়া হয় ।

৪) বিকলাঙ্গ, অতি দৰিদ্ৰ লোক আৰু শিশুৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰে।

৫) ঠায়ে অতিথিভৱন স্থাপন কৰাইছে । যত দূৰযাত্ৰীৰ বাবে এদিন লৈকে আৰু ৰোগী ব্যক্তিৰ বাবে দুদিনৰ বাবে অতিথিপৰায়ণৰ ব্যৱস্থা কৰা হৈছিল ।

৬) সকলোবোৰ মদৰ ঘাটি বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল ।

৭) শিক্ষাৰ দ্ৰুত প্ৰসাৰ আৰু উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। শিক্ষাদান কৰা আৰু অধ্যয়নৰত ব্যক্তিসকলৰ বাবে, বাইতুল মালৰ পৰা বৃত্তিৰ ব্যৱস্থা কৰিছিল।

৮) ওমৰ ইবনে আব্দুল আজীজ ৰহঃ এ হাদীছ সংৰক্ষণ আৰু হাদীছৰ কিতাপসমূহ প্ৰকাশ কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল।

৯) আহলে বাইতৰ প্রতি ভক্তি:

খলিফাৰ মহানুভৱতাৰ দৃষ্টান্ত হল, হজৰত আলীৰ পৰিয়ালৰ প্রতি সহনশীল মনোভাব। উমাইয়া ৰাজবংশ প্রতিষ্ঠাৰ পৰা হজৰত আলী আৰু তেওঁৰ বংশধৰৰ প্রতি প্রত্যেক উমাইয়া শাসকে ঘৃণা তথা বিদ্বেষ পোষণ কৰি আহিছিল । কিন্তু দ্বিতীয় ওমৰৰ খিলাফতত ইয়াৰ ব্যতিক্রম দেখা যায় ।

উমাইয়া বংশৰ প্রতিষ্ঠাতা মুয়াবিয়াৰ শাসনকালৰ পৰাই, বিভিন্ন খলিফা সকলে, শাসনকর্তা সকলে শুক্ৰবাৰৰ জুমআৰ নামাজৰ পিছত মিম্বাৰৰ পৰাই খলিফা আলী আৰু তেওঁৰ বংশধৰৰ প্রতি অভিসম্পাত বর্ষণৰ যি ঘৃণ্য প্রথা প্রচলিত আছিল, সেয়া বাতিল কৰা হয়।

মৃত্যু :

৭২০ খৃষ্টাব্দত বনো উমাইয়াৰ একাংশ লোকে, ওমৰৰ গোলাম এজনক এক হাজাৰ আশ্বৰফি উৎকোচ দি বিষযুক্ত পানী পান কৰাব দিছিল। ধৰা পৰাত গোলামক ক্ষমা কৰি দিছিল । শেষত এই ৰোগতে এই ন্যায়পৰায়ণতা ৰক্ষক, আল্লাহৰ ৱলী গৰাকী পৃথিৱীৰ পৰা বিদায় লয়।

মৃত্যুৰ সময়ত কেৱল পৰিধিত পোছাক যোৰেই আছিল। সন্তানসকলৰ বাবে একো এৰি যোৱা নাছিল। মৃত্যুৰ পিছত এজন খৃষ্টান ব্যক্তিৰ পৰা ক্ৰয় কৰা মাটিত দফন কৰা হৈছিল। আৰু তেখেতৰ আশা মতেই, কবৰত নবী ছঃৰ নখ মোবাৰক আৰু ডাঢ়ি মোবাৰক তেওঁৰ লগতে দি দিয়া হৈছিল।

সামৰণি :

উলামাসকলে, ঐতিহাসিক সকলে, ইছলামী বিজ্ঞ পণ্ডিত সকলে চাৰিজন খোলাফায়ে ৰাশ্বিদীন (পথপ্ৰদৰ্শক খলিফা ) ৰ পিছত, পঞ্চম খলিফা ৰাশ্বিদ হিচাপে দ্বিতীয় ওমৰ ৰহঃৰ শাসনকালক গণ্য কৰিছে, উল্লেখ কৰিছে। এয়া এই যুগৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়।

আচলতে এই মহান খলিফা গৰাকীৰ বিষয়ে আলোচনা কৰিবলৈ এখনিকৈ কিতাপৰ প্ৰয়োজন। এনে চমু প্ৰবন্ধত তেওঁৰ জীৱনৰ আৰু বহুতো দিশ আলো কৰিবলৈ থাকি যায়।

পঢ়ি উপকৃত হলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।

✒ এম. ইউছুফ