১৪০০ বছৰ পূৰণি কবিতাগীত ‘ত্বালাআল-বাদৰু আলাইনা’ – জানক ইতিবৃত্তি :

Share :

ৰবিউল আওৱাল মাহ চলি আছে। অৰ্থাৎ এই মাহৰ আজিৰ দিনটোতেই সমগ্ৰ জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ হজৰত মুহাম্মদ ছাঃ ৰ, এই জগতলৈ আগমন ঘটিছিল। আৰু সেই সময়ৰ অন্ধকাৰ জগতখন আলোকিত হৈ মানৱ জাতিৰ প্ৰকৃত স্বাধীনতাৰ দুৱাৰ মুকলি হৈ পৰিছিল।

গতিকে প্ৰতিজন নবী প্ৰেমী সেয়া মুছলিম হওক বা অইন কোনো ধৰ্মৰে হওক, নবী ছাঃ ৰ জীৱন অধ্যয়ন কৰি আছে আৰু কৰিবও লাগে । পূৰ্বে অধ্যয়ন কৰিলেও আকৌ এবাৰ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে । লগতে আজিৰ দিনত তেখেতৰ আদৰ্শ জীৱন ব্যাপকভাৱে প্ৰচাৰ তথা চৰ্চা আদিৰ বিভিন্ন ধৰণৰ ব্যৱস্থাৰ প্ৰয়োজনো আছে।

অলপ চৰ্চা কৰিলোঁ … ভাবিলো গুৰুত্বপূৰ্ণ বিষয়টো আপোনালোকক জ্ঞাত কৰি থওঁ। হয়তো উপকৃত হব।

ত্বালাআল-বাদৰু আলাইনা-

‘ত্বালাআল-বাদৰু আলাইনা’ মুছলিম বিশ্বৰ তথা মুছলমানসকলৰ বাবে অতি জনপ্ৰিয় আৰু ভাললগা গীত। সুবিধা পালেই গাই থকা, সভা সমিতিয়ে পৰিবেশন কৰা দেখা যায়। আজি এই বিষয়ে জানি ৰাখক।

নবী মুহাম্মদ ছাঃ এ যেতিয়া মক্কা চহৰ ত্যাগ কৰি, তাৰ পৰা মদীনা চহৰলৈ হিজৰত কৰি মদীনাত উপস্থিত হৈছিলহি। তেতিয়া মদীনাবাসীয়ে উৎফুল্লিত হৈ এই কবিতাটি গাই গাই উষ্ম আদৰণি জনাইছিল। (ফাতহুল বাৰী- ৩০৭/৭)

২। নৱম হিজৰত নবী ছাঃ যেতিয়া তাবূক যুদ্ধৰ পৰা উভতি আহিছিল, তেতিয়া মদীনাবাসীয়ে আনন্দৰে গাই গাই ৰাছূল ছাঃ ক উষ্ম আদৰণি জনাইছিল। (চীৰতে মুহাম্মদ ইবনে আব্দুল্লা আল-আওশ্বান)

কিন্তু প্ৰথমটো পটভূমি বেছি জনাজাত।

যিকি নহওঁক মুহাম্মদ ছাঃ ক আদৰণী জনাই ৰচনা কৰা বা পৰিবেশন কৰা এই আৰবী কবিতাটি আজি বিশ্ববিখ্যাত হৈ পৰিছে। বিভিন্ন ধৰণে, বিভিন্ন গায়কে গাইছে। কেতিয়াবা আকৌ অৰ্থসহও পৰিবেশন কৰিছে।
এটি ঐতিহ্যবাহী ইছলামী গজল/গান, যাক ইছলামী পৰিভাষাত নাশ্বীদ বুলি কোৱা হয়। ।গানটি/গজলটি ১৪০০ বছৰৰো অধিক পূৰণি তথা ইছলামী সংস্কৃতিৰ এক অনন্য নিদর্শন।

তলত কবিতা/নজমটিৰ অসমীয়া ভাৰ্চন উল্লেখ কৰা হ’ল –

আৰবী গীতৰ কথা-


طلع الـبدر عليـنا
مـن ثنيـات الوداع
وجب الشكـر عليـنا
مـا دعــــا لله داع
أيها المبعوث فينا
جئت بالأمر المطـاع
جئت شرفت المديـنة
مرحباً يـا خير داع

গীতিকবিতা (অসমীয়া উচ্ছাৰণ) –

ত্বা’লা-আল বাদৰু আলাইনা,
মিন ছানি’য়াতিল-ৱা’দা
ৱাজাবাশ্ব শ্বুক’ৰু আলাইনা,
মা-দা-আ লিল্লাহি দা’।
আইয়্যুহা’ল মাব-উ’ছু ফীনা,
জি’তা বি’ল-আম্রিল -মু’তা,
জি’তা শ্বাৰ’ৰাফ তা’ল-মাদিনা,
মাৰহাবান য়া খাইৰা দা’।

অসমীয়া ভাষান্তৰ (কবিতা) –

পূর্ণিমাৰ জোন আহিছে আমাৰ কাষলৈ ,
ৱা’দা‘ উপত্যকা পাৰ হৈ।

আৰু তেখেতৰ প্ৰতি কৃতজ্ঞতা প্রকাশ আমাৰ কৰ্তব্য,
আল্লাহক আহ্বান কৰি থাকিব আহ্বায়কে যেতিয়ালৈ।

অ আমাৰ মাজত প্ৰেৰিতজন।
আদেশ/উপদেশৰ সৈতে হৈছে আপোনাৰ আগমন।

কঢ়িয়াই আনিছে মৰ্যাদা আপুনি এই চহৰৰ বাবে,
হে শ্ৰেষ্ঠ পথপ্ৰদৰ্শক আপোনাক ! স্বাগতম জনাইছো আমি সকলোৱে।

ইংৰাজী অৰ্থ –

O the white moon rose over us
From the valley of Wada’
And we owe it to show gratefulness
Where the call is to Allah

Oh you, who were raised among us
Coming with a word to be obeyed
You have brought to this city nobleness,
Welcome best caller to God’s way