আলগৰিথম(Algorithm)ৰ জনক কোন ?

Share :

গণিতজ্ঞ, ভূগোলবিদ, জ্যোতির্বিজ্ঞানী-
মুহাম্মদ ইবনে মুছা আল-খাৰিজমিৰ জীৱনী, পৰ্ব-১

ইংৰাজী “আলগৰিথম (algorithm)” শব্দটিৰ উৎপত্তি হৈছে ৯ম শতাব্দীৰ মুছলিম গণিতবিদ মোহাম্মদ ইবনে মুছা আল-খাৰিজমিৰ নামৰ পৰা। তেখেতেই হ’ল আলগোৰিথম অৰ্থাৎ ডাটা ষ্ট্ৰাকচাৰৰ জনক।

জন্ম:


ছোভিয়েট ৰাছিয়াৰ আৰব সাগৰত পতিত আমু দৰিয়া নদীৰ এটি দ্বীপৰ ওচৰত অৱস্থিত খোৱাৰিজম নামক চহৰত তেখেত জন্মগ্ৰহণ কৰিছে। আজিৰ উজবেকিস্তানত অৱস্থিত এই চহৰটি প্রাচীন সভ্যতাৰ অন্যতম কেন্দ্রবিন্দু আছিল যাৰ ঐতিহাসিক তৎকালীন নাম আছিল উৰগেঞ্চ। তেখেতৰ জন্ম তাৰিখ অথবা শৈশৱ আৰু কৈশোৰ সম্বন্ধে কিছু জনা নাযায়। তথাপিও আনুমানিক ৭৮০ খ্রীষ্টাব্দত তেখেতে জন্ম গ্রহণ কৰে।

◾ মৃত্যু :


খলিফা আল মামুনৰ মৃত্যুৰ ১৪ বছৰ পিছত (আনুমানিক ৮৫০ খ্রীষ্টাব্দত) আল খাৰিজমিৰ মৃত্যু হয়।
আল-খাৰিজমি খলিফা আল মামুনৰ বায়তুল হিকমাহ সংলগ্ন গ্রন্থাগাৰত গ্রন্থাগাৰিকৰ চাকৰি কৰিছিল। খলিফা মামুনৰ মৃত্যুৰ পিছতো তেখেতে জীৱত আছিল আৰু পৰৱর্তী খলিফা আল-ৱাছীক (Al Wathiq) ৰ শাসনকালৰ সৈতেও সম্পৃক্ত আছিল। তেখেতে পাটিগনিত, বীজগনিত, ভূগোল আৰু astronomy আদিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে । অথচ মূলত বীজগণিতৰ বাবেই সৰ্বাধিক আলোচিত হয়। যাৰ বাবে তেখেতক বীজগণিতৰ জনক বুলিওঁ কোৱা হয়।

◾ চমু পৰিচয় :

আল খোৱাৰিজমৰ জীৱন সম্পর্কে বিস্তাৰিত তেনে কিবা জনা নাযায়; আনকি তেখেতে ক’ত জন্মগ্রহণ কৰিছে সেয়া নির্দিষ্টভাৱে কাৰোৰে জনা নাই। তেখেতৰ নামৰ পৰা অনুমান কৰা হয় যে তেওঁ সম্ভৱত আব্বাছীয় শাসোনামলত খোৰাচান প্রদেশৰ খোয়াৰিজম (খিভা)-ৰ পৰা আগমন কৰে। (বর্তমান উভেজকিস্তানৰ জৰাজম প্রদেশ)।

প্রখ্যাত ইতিহাঁসবিদ জাৰীৰ তাবাৰীয়ে তেখেতক নাম প্ৰদান কৰে ‘মুহাম্মদ ইবনে মুছা আল-খাৰিজমি আল কুতৰুব্বুলী। তেখেতৰ বিশেষ উপাধি’ আল-কুতৰুব্বুলী’ ৰ দ্বাৰা বুজিব পাৰি যে, তেখেত সম্ভৱত বাগদাদৰ নিকটৱর্তী ক্ষুদ্র চহৰ কুতৰুব্বুল পৰা আহিছে।

আল-খাৰিজমৰ ধর্ম সম্পর্কে ইতিসাহবিদ জ’ন তোমৰে লিখিছে –
“জৰীৰ তাবৰীৰ দ্ধাৰা তেখেতক প্ৰদান কৰা আন এক বিশেষণ হ’ল, “আল-মাজুছি,”। যাৰ পৰা বুজিব পৰা যায় যে, তেখেত হয়তো প্রাচীন জৰথ্রুষ্ট (Zoroaster) মতবাদৰ অনুসাৰী আছিল। এয়া ইৰাণীয় বংশোদ্ভূতসকলৰ ক্ষেত্রত তৎকালীন সময়লৈকে অসম্ভৱ নাছিল।
কিন্তু “আলজেবৰা” গ্রন্থৰ ভুমিকাত উল্লেখিত আলোচনাৰ পৰা বুজা যায় যায় যে, আল-খাৰিজমী আছিল এজন ধর্মনিষ্ঠ মুছলমান, অর্থাৎ আল তাবৰী ৰ বিশেষণ উপাধিয়ে এই কথাৰ বিশ্লেষণ কৰে যে, হয়তো তেখেতৰ পূর্বপুৰুষ নতুবা তেখেত নিজেই কৈশোৰ কালত জৰথ্রুষ্ট মতবাদৰ অনুসাৰী আছিল।”

ইবনে আল নাদিমৰ কিতাব “আল-ফিৰহিষ্ট” ত আল খাৰিজমৰ এটি সংক্ষিপ্ত জীৱনী বিচাৰি পোৱা যায়। য’ত তেখেতৰ লিখিত গ্ৰন্থ সমূহৰ এটি তালিকাও আছে। আল-খাৰিজমিয়ে তেখেতৰ অধিকাংশ গ্রন্থ ৮১৩ খ্রীষ্টাব্দৰ পৰা ৮৩৩ খ্রীষ্টাব্দ সময় কালৰ মাজত ৰচনা কৰিছে। মুছলমানৰ পাৰস্য বিজয়ৰ পিছত বাগদাদ ব্যৱসা-বাণিজ্য আৰু জ্ঞান-বিজ্ঞান চর্চাৰ প্রধান কেন্দ্র হৈ উঠে। ফলত দূৰ-দূৰান্ত আনকি চীন আৰু ভাৰত উপমহাদেশৰ পৰাওঁ প্রচুৰ ব্যৱসায়ী তথা বিজ্ঞানী বাগদাদত ভিৰ কৰে। অনুমান কৰা হয় যে আল-খাৰিজমিও ইয়াৰ ব্যতিক্রম নাছিল। তেখেতে বাগদাদত খলিফা আল মামুনৰ গ্রন্থাগাৰত প্রধান গ্রন্থাগাৰিক হিচাপে কর্মৰত আছিল, অথচ তাত তেখেতে বিজ্ঞান আৰু গণিত চর্চা কৰিছিল। য’ত বহিয়েই তেখেতে গ্রীক আৰু সংস্কৃতি ভাষাত ৰচিত অনেক বৈজ্ঞানিক ৰচনা অনুবাদ কৰে।

মধ্যযুগীয় মুছলিম বিজ্ঞানী সকলৰ মাজত শ্রেষ্ঠ দাবীদাৰ। তেখেত আছিল একাধাৰে গণিতজ্ঞ, ভূগোলবিদ তথা জ্যোতির্বিজ্ঞানী।

আল-খাৰেজমি ৰচিত কিতাব আল জাবৰ ৱা-মুকাবিলাত তেখেতে ৰৈখিক আৰু দ্বিঘাত সমীকৰণৰ প্রথম পদ্ধতিগত সমাধান উপস্থাপন কৰে। বীজগণিতত তেওঁৰ প্রধান সাফল্য আছিল বর্গৰ সাহায্যে দ্বিঘাত সমীকৰণৰ সমধান, ইয়াৰ বাবে তেখেতে জ্যামিতিক প্রমাণ হিচাপে প্রদান কৰে।

সর্বপ্রথম তেখেতেই বীজগণিতক স্বাধীন শাখা হিচাপে দাঙি ধৰে আৰু সমীকৰণ সমাধানৰ পদ্ধতিক লৈ আলোচনা কৰে। সেয়ে খোয়াৰিজমক বীজগণিতৰো জনক অথবা প্রতিষ্ঠাতা বুলি কোৱা হয়।

আলজেবৰা (বীজগণিত) শব্দটি আহিছে তেখেতৰ আল জিবৰ ৱাল-মুকাবিলা গ্ৰন্থৰ শিৰোনামৰ পৰা। তেখেতৰ নামটো Guarismo (স্পেনীয়) আৰু algarismo (পর্তুগিজ) দুটাৰেই উৎস, উক্ত দুয়োটা শব্দৰ অর্থ হ’ল অঙ্ক।

দ্বাদশ শতাব্দীৰ সময়ত পাটিগণিতৰ ওপৰত তেখেতৰ গ্ৰন্থ (Algorithmo de Numero Indorum)-ৰ বর্ণনাকৃত ভাৰতীয় সংখ্যাৰ ওপৰত ভিত্তি কৰি পশ্চিমীয়া বিশ্ব দশমিক সংখ্যা পদ্ধতি চালু কৰে। ১১৪৫ চনত ৰবার্ট অব চেষ্টাৰৰ দ্ধাৰা অনুবাদকৃত আল জিবৰ ৱাল-মুকাবিলা গ্ৰন্থটি ষোল্লশ শতাব্দী পর্যন্ত ইউৰোপীয় বিশ্ববিদ্যালয়বোৰত গণিতৰ প্রধান গ্ৰন্থ হিচাপে পাঠদান দিয়া হৈছিল।

ইয়াৰ বাদেও তেখেতৰ অন্যতম এটি বিখ্যাত কাম হৈছে, টলেমিৰ Geography-ৰ গ্ৰন্থটি সংশোধন কৰা।
তেখেতে এই গ্ৰন্থত বিভিন্ন চহৰ আৰু এলেকাৰ অক্ষাংশ আৰু দ্রাঘিমাংশ তালিকাভুক্ত কৰে। তেখেতে আৰু কিছুমান জ্যোতির্বিদ্যা টেবিল প্রস্তুত কৰে। লগতে বর্ষপঞ্জি, সূর্যঘড়ি, এষ্ট্ৰোল্যবক লৈ কাম সম্পন্ন কৰে।