যিনা আৰু তাৰ শাস্তি: পৰ্ব-১

Share :

যিনা- সাধাৰণতে আমি জানো বিয়াৰ আগত বা পিছত পুৰুষ আৰু মহিলাই অবৈধভাৱে যৌন মিলনত লিপ্ত হোৱাকে যিনা বুলি কোৱা হয়। কিন্তু এই বিষয়ে হাদিছত আৰু বিস্তাৰিত ভাবে উল্লেখ আছে –

ৰাছুলুল্লাহ ছল্লাল্লাহু আলাইহি ৱা-ছাল্লামে যিনাৰ বিশ্লেণ কৰি ইৰশ্বাদ কৰিছে(যাৰ দ্বাৰা যিনাকৰ্মৰ উত্সসমূহ স্পষ্টকৈ বুজিব পৰা যায়)-


কোনো বেগানা নাৰীৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা চকুৰ যিনা,
অশ্লীল কথা বতৰা কোৱা জিহ্বাৰ যিনা,
অবৈধভাৱে কাৰোবাক স্পৰ্শ কৰা হাতৰ যিনা,
ব্যভিচাৰৰ উদ্দেশ্য খোজকাঢ়ি যোৱা ভৰিৰ যিনা,
বেয়া কথা শুনা কাণৰ যিনা,
আৰু যিনাৰ কল্পনা তথা আশা কৰা অন্তৰৰ যিনা।

আৰু অবশেষত লজ্জাস্থান ইয়াক পূৰ্ণতা দিয়ে অথবা অসম্পূৰ্ণভাৱে ৰাখি দিয়ে। (বুখাৰী শ্বৰীফ ,মিশ্বকাত:৮৬), (মুছলিম শ্বৰীফ: ২৬৫৭),(আবু দাউদ ও নাছাঈ শ্বৰীফ)

আল্লাহ তায়ালা পবিত্ৰ কুৰআনত যিনাক হাৰাম বুলি ঘোষণা কৰিছে –

وَلَا تَقْرَبُوا الزِّنَا ۖ إِنَّهُ كَانَ فَاحِشَةً وَسَاءَ سَبِيلًا
আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকেও নাযাবা, নিশ্চয় সেয়া অশ্লীল আৰু নিকৃষ্ট আচৰণ। (ছুৰা- আল ইছৰা ৩২)

যিনা সম্পৰ্কে পবিত্ৰ হাদিছত আহিছে,
ৰাছুলুল্লাহ ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ইৰশ্বাদ কৰিছে, আল্লাহৰ দৃষ্টিত শ্বিৰ্কৰ পিছত আটাইতকৈ ডাঙৰ গুনাহ হৈছে, এনেকুৱা জৰায়ুৰ ভিতৰত একফোটা বীৰ্য্য পাত কৰা! আল্লাহ তেওঁৰ কাৰণে সেয়া হালাল কৰা নাই । (বুখাৰী শ্বৰীফ )
ৰাছুলুল্লাহ ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ইৰশ্বাদ কৰিছে যিনা কাৰি যেতিয়া যিনা কৰে,সেয়া তেও ঈমানদাৰ অবস্থায় নকৰে (অৰ্থাত্ যিনা কৰা সময়ত মানুহ বেইমান হৈ যায়।)! (বুখাৰী ও মুছলিম শ্বৰীফ )

যিনাৰ শাস্তি সম্পৰ্কে আল্লাহ তায়ালাৰ ঘোষণা-

الزَّانِيَةُ وَالزَّانِي فَاجْلِدُوا كُلَّ وَاحِدٍ مِنْهُمَا مِائَةَ جَلْدَةٍ ۖ وَلَا تَأْخُذْكُمْ بِهِمَا رَأْفَةٌ فِي دِينِ اللَّهِ إِنْ كُنْتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۖ وَلْيَشْهَدْ عَذَابَهُمَا طَائِفَةٌ مِنَ الْمُؤْمِنِينَ

ব্যভিচাৰিণী আৰু ব্যভিচাৰী— সিহঁত প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা। আল্লাহৰ বিধান কাৰ্যকৰী কৰণত সিহঁতৰ প্ৰতি দয়াই যেন তোমালোকক প্ৰভাৱিত নকৰে, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা; তেন্তে মুমিনসকলৰ এটা দল যাতে সিহঁতৰ শাস্তি (ৰ সময়ত উপস্থিত হৈ) প্ৰত্যক্ষ কৰে।(ছুৰা নূৰ :২) ।

ৰাছুলুল্লাহ ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ইৰশ্বাদ কৰিছে, যিনাকাৰ আৰু যিনাকাৰি ক্বিয়ামত লৈকে উলঙ্গ অবস্থায় জ্বলি থাকিব! (বুখাৰী ও মিশ্বকাত : ৪৬২১)

আজিৰ দিনত এছাম জ্ঞানহীন যুৱক-যুৱতীয়ে নিজৰ,হায়া,লজ্জা নিজৰ পৱিত্ৰতা আদি সকলো পাহৰি পৰকীয়া প্ৰেমত আসক্ত হৈছে আৰু যিনা কৰ্মত আনন্দ মনেৰে লিপ্ত হৈ আছে! আৰু পিতৃ মাতৃৰ অবাধ্য হৈ আছে! ইহঁত যৌনচাৰৰ দৰে জঘন্য আৰু বিষাক্ত ভাইৰাছ বিয়পাই ফুৰিছে সমাজত। ইহঁত মুছলমান নামৰ কলংক নহয় নে?
সতৰ্ক কৰিবলৈ গলে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই নিজে কৰা পাপক অস্বীকাৰহে কৰে

আল্লাহ তায়ালা আমাক সকলোকে সমাজত বিয়পি থকা অশ্লীল কাজ কৰ্মৰ পৰা হিফাজত কৰক! আ-মীন ।

মওঃ আলী আছগৰ আকন্দ , (ইচৰা-কলম)