অনাথ আশ্ৰম স্থাপন- ইছলামৰ এক বিলুপ্ত ঐতিহ্য

Share :

কোনো শিশু সাবালক প্ৰাপ্ত বয়স্ক হোৱাৰ পূৰ্বে তাৰ পিতৃৰ মৃত্যু হৈ যোৱা- ইয়াকে ইছলামৰ পৰিভাষাত এতীম অনাথ বোলে। অনাথ শিশু সাবালক হোৱাৰ পিছত আৰু অনাথ হৈ নাথাকে অৰ্থাৎ এতীমত্ব শেষ হৈ যায় । (কাৱাইদুল ফিকহি) অনাথ-মাউৰা সকলৰ সমুচিত লালন-পালন আৰু সহায় কৰা সৰ্বসাধাৰণ মানুহৰ অপৰিহাৰ্য কৰ্তব্য।

পৱিত্ৰ কোৰআনত বাৰংবাৰ বিভিন্ন ঠাইত অনাথ সকলৰ প্ৰতি সহানুভূতিশীল হোৱাৰ নিৰ্দেশ আৰু ভাল ব্যৱহাৰ কৰাৰ হুকুম দিয়া হৈছে যথা-
(১) সি সেইজনেই, যিজনে অনাথক কঠোৰ ভাবে খেদি পঠিয়ায় ।(ছোৰা আলমাউন,আয়াত-২) অৰ্থাৎ নিজেও অনাথক সহায় নকৰে আৰু দৰিদ্ৰক অন্ন দান কৰিবলৈ আৰু সাহায্য কৰিবলৈ নিজ পৰিয়ালবৰ্গকো নকয় অথচ আনকো উৎসাহ নিদিয়ে।
(২) তেওঁ (আল্লাহে)তোমাক অনাথ অৱস্থাত পোৱা নাছিল নে ? তাৰ পিছত তেৱেই তোমাক আশ্ৰয় দিছে ।(ছোৰা আদ-দোহা আয়াত-৬)
(৩) এতেকে তুমি অনাথৰ প্ৰতি কঠোৰ নহবা (ছোৰা আদ দোহা,আয়াত-৯)
(৪) উৎকৃষ্ট ভাবে মঙ্গল সাধন কৰাৰ উদ্দেশ্য ব্যতীত অনাথৰ ধন-সম্পত্তিৰ ওচৰেই নাচাপিবা যেতিয়ালৈকে সিহঁত প্ৰাপ্ত বয়স্ক নহয়।(ছোৰা আল-আনআম,আয়াত-১৫২)
(৫) আল্লাহৰ উপাশনা কৰা (তেওঁৰ লগত আন কাকো অংশী নকৰিবা, পিতৃ-মাতৃ, আত্মিয়-স্বজন আৰু অনাথ লৰা-ছোৱালীৰ প্ৰতি ভাল ব্যৱহাৰ কৰিবা। (ছোৰা আন নিছা, আয়াত-৩৬)

অনাথৰ লালন-পালনৰ প্ৰতি বিশ্ব নবী মুহাম্মদ ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামে তেখেতৰ বানী সমূহত বহুত গুৰুত্ব প্ৰদান কৰি গৈছে, যথা-
(১) যিজনে কোনো অনাথ লৰা-ছোৱালীক নিজৰ ঘৰলৈ মাতি নিয়ে, আহাৰ খুৱায়, তেন্তে আল্লাহ তালাই তাক জান্নাতত প্ৰৱেশ কৰাব যদি তাৰ এনেকুৱা পাপ নাথাকে (আল্লাহৰ লগত অংশী নকৰে) যাৰ কাৰণে তাৰ জান্নাতত প্ৰৱেশ নিষিদ্ধ হৈ যায় । (তিৰমিজী) ইবনে আব্বাছ ৰাজিআল্লাহু আনহুৰ পৰা বৰ্ণিত)
(২) ছাহল ইবনে ছাআদ ৰাজিআল্লাহু আনহুয়ে বৰ্ণনা কৰিছে, ৰাছুল ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে- যিসকলে অনাথ সকলক লালন-পালন কৰে সেই সকল মানুহ আৰু মই জান্নাতত একেলগে থাকিম আৰু তেখেত নিজৰ তৰ্জনি আৰু মধ্যমা আঙুলি মিলাই একলগে থকাৰ পিনে ইঙ্গিত কৰিছে।(তিৰমিজী)
(৩) আন এটি হাদীছত নবী ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে- আটাইতকৈ শ্ৰেষ্ঠ ঘৰ হৈছে সেইটো যত কোনো অনাথৰ প্ৰতি ভাল ব্যৱহাৰ কৰা হয় আৰু আটাইতকৈ নিকৃষ্ট ঘৰ হল সেইটো যত কোনো অনাথৰ প্ৰতি বেয়া ব্যৱহাৰ কৰা হয়। (বায়হাকী)

মহানবী মুহাম্মদ ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ এতীম অনাথ সকলৰ বিষয়ে এনে অসংখ্য নিৰ্দেশাৱলী আছে যাৰ ফল স্বৰূপ মুছলিম বিশ্বত সেই সময়ত এটি নতুন জাগৰণ সৃষ্টি হৈছিল। মানুহৰ পাষাণ অন্তৰ অনাথ সকলৰ কাৰণে মমৰ দৰে বিগলিত হৈ পৰিছিল । সকলো মুছলমানৰ অন্তৰত বৰ্ণনাতীত সহানুভতিৰ ভাৱ জাগি উঠিছিল । আনকি বহুতো ছাহাবাই অনাথ সকলক নিজৰ সম্পত্তিৰ অংশীদাৰো কৰি লৈছিল। সাম্প্ৰতিক কালত চহৰে-নগৰে বিশ্বৰ সৰ্বত্ৰ এতীমখানা (অনাথ আশ্ৰম) আৰু নিৰাশ্ৰয়ী পতিত মানুহৰ কাৰণে অতিথি শালা দিখিবলৈ পোৱা যায় কিন্তু প্ৰশ্ন হল- ইছলামৰ পূৰ্বে ইয়াৰ কোনো নিদৰ্শন পৃথিৱীৰ বুকুত আছিল নে ? সহজেই ইয়াৰ উত্তৰত কব পাৰি- নহয়, নাছিল । এই হতভাগা সকলৰ ভাগ্যৰ পৰিবৰ্তন ইছলামৰ আবিৰ্ভাবতেই ঘটিছিল । মৰু প্ৰান্তৰত বিশ্বৰ সৰ্ব প্ৰথম এতীমখানা স্থাপিত হৈছিল আৰু ইছলামী ৰাষ্ট্ৰই প্ৰথম ৰাষ্ট্ৰ যি ৰাষ্ট্ৰই চৰকাৰী ভাবে অনাথ সকলৰ লালন-পালন, শিক্ষা-দীক্ষা আদিৰ দায়িত্ব বহন কৰিছিল । ভাৰতকে আদি কৰি বিশ্বৰ যতেই ইছলামী ৰাষ্ট্ৰ গঠিত হৈছিল, তা তেই এই অত্যাচাৰিত-নিৰ্যাতিত, অৱহেলিত,পতিত মানৱ শ্ৰেণীৰ কাৰণে শন্তিৰ বাসভৱন স্থাপন কৰা হৈছিল । তেওঁলোকৰ কাৰণে ভাত্তা নিৰ্ধাৰণ কৰা হৈছিল, শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল আৰু এইবোৰ পৰিচালনাৰ বাবে ভূ-সম্পত্তি ৱাকফ কৰা হৈছিল । এই লোক সকলৰ সা-সম্পত্তিৰ ৰক্ষনা-বেক্ষন, বিয়া-বাৰু আৰু অন্যান্য বিষয় আদিৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে বহন কৰিছিল ।

ইছলামৰ সেই আদৰ্শকেই অনুসৰণ কৰি আছে আজি পশ্চাত্য দেশবোৰে, য’ত নিৰাশ্ৰয়, অসহায়, পিতৃ-মাতৃহাৰা কৰ্ম অক্ষম মানুহৰ সকলো দায়িত্ব চৰকাৰে বহন কৰে । যি ইছলাম আৰু মুছলনামে এনে এটি পৱিত্ৰ আদৰ্শ বিশ্বক দেখুৱাইছিল, সেই মুছলমান সকলে কিন্তু আজি নিজেই এই অতি পৱিত্ৰ আৰু পূণ্যময় আদৰ্শৰ প্ৰতি সৰ্বত্ৰ পিঠি দিয়া পৰিলক্ষিত হৈছে । যদিও সাম্প্ৰতিক ভাৰতৰ বিভিন্ন ঠাইত অনাথ আশ্ৰম বিদ্যমান আছে, সেইবোৰক জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সুচাৰু ৰূপে পৰিচালনা কৰিবলৈ চৰকাৰৰ ওচৰত কাতৰ আবেদন থাকিল । আনফালে ভাৰতীয় মুছলমান সকলে নিজাববীয়াকৈ অনাথ আশ্ৰম স্থাপন কৰি ইছলামৰ বিলুপ্ত ঐতিহ্য উভতাই অনাৰ চেষ্টা কৰিব লাগে। ইতি

মৌলানা মুস্তাক আহমদ আনফৰ, সভাপতি-অসম ৰাজ্যিক জমিয়ত উলামা