অনলাইন তিনিমহীয়া দ্বীনী শিক্ষা পাঠদান

Share :

তিনি মাহত কুৰআন, হাদীছ আৰু আকাইদৰ মৌলিক শিক্ষাঃ

আল্লাহ তাআলাই পৱিত্র কুৰআনত ইৰশ্বাদ কৰিছে–

وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍ
আৰু নিশ্চয় মই কুৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে, কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে? (৫৪:৪০)

পৱিত্ৰ কুৰআন মজিদ পঢ়াৰ সপোন বহুতোৰে থাকে কিন্তু বিভিন্ন কাৰণত সেই সপোন বাস্তৱত পৰিণত নহয় । ইছলামিক অধ্যয়ন আৰু গৱেষণা একাডেমি, অসম (ইচৰা)ই আনিছে এক ভাল খবৰ । এই অনুষ্ঠানটিৰ তত্বাৱধানত আৰম্ভ হ’ল তিনি মহীয়া কুৰআন, হাদীছ আৰু আকাইদ শিক্ষাৰ কোৰ্চ । অসমত প্ৰথমবাৰৰ বাবে অনলাইন যোগে এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

তিনি মাহত কি কি শিকোৱা হ’ব:
ক) কুৰআন মজিদ পঢ়া শিকোৱা হ’ব ৷
খ) প্রয়োজনীয় হাদীছসমূহ আৰু নামাজৰ মাছাইলৰ শিক্ষা দিয়া হ’ব ৷
গ) ইছলামিক আকীদাহৰ মৌলিক বিষয় সমূহ শিকোৱা হ’ব ।

অনুষ্ঠানটিৰ পৰিচয়: Online Qur’anic Education Centre নামৰ এই অনুষ্ঠানটি ইচৰাই পৰিচালনা কৰিব । ইচৰাৰ বৰ্তমানৰ অধ্যক্ষ মৌলানা নুৰুল আমিন কাছিমী চাহাব থাকিব ইয়াৰ নেপথ্যত ।

শিক্ষকবৃন্দ :

Online Qur’anic Education Centre ৰ অধ্যক্ষ মৌলানা আলাউদ্দিন কাছিমী চাহাব (F.D., M.M., শিক্ষক, জামিয়া ইছলামীয়া জালালীয়া, হোজাই) ।

অনুষ্ঠানটিৰ লগত জড়িত আন সন্মানীয় শিক্ষক সকল:

মৌলানা মনজুৰ আহমদ, মুফতি ছাদিকুৰ ৰহমান কাছিমী,

মৌলানা ইব্ৰাহীম কাছিমী, মুফতী নুৰ আলম কাছিমী,

মৌলানা নুৰুল আমিন কাছিমী,

মৌলানা আজিজুৰ ৰহমান আলমগঞ্জী,

হাফিজ মুফতি ছোহাইল আহমদ কাছিমী ।

মুফতি মুৰ্তাজা হুছেইন কাছিমী,

OQEC ৰ Co-ordinator– ফাৰ্মাচিষ্ট আব্দুছ ছাত্তাৰ ।

যোগাযোগ নম্বৰ: 7002587996

মাচুল: ভৰ্তি মাচুল 300 আৰু মাহিলী ফি 500

ক্লাছৰ সময়:
8:00-8:45 AM
9:00-9:45 AM
2:00-2:45 PM
3:00-3:45 PM

ক্লাছ Google meet ত ভিডিঅ যোগে লোৱা হ’ব । প্ৰতিজন ছাত্ৰই দৈনিক দুটা ক্লাছত অংশ গ্ৰহণ কৰিব লাগিব । এডমিশ্বনৰ সময়ত ছাত্ৰজনে অংশ গ্ৰহণ কৰিব পৰা সময় উল্লেখ কৰিব লাগিব ।

এডমিশ্বন প্ৰচেছ:

এডমিশ্বন ব্যৱস্থা একেবাৰে সহজ কৰা হৈছে । 7002587996 এই নম্বৰত Whatsapp ত যোগাযোগ কৰক । এখন ফৰ্ম দিয়া হ’ব, সেই ফৰ্ম খন ফিলাপ কৰি এডমিশ্বন ফি দিলেই হৈ যাব ।

মহানবী (ছ:)য়ে কৈছে, যিয়ে আল্লাহৰ গ্ৰন্থৰ পৰা এটি আখৰ তিলাৱাত কৰিব, বিনিময়ত তেওঁ এটি নেকি পাব, আৰু এটি নেকিৰ পৰিমাণ হ’ব দহগুণ, মই এই কথা কোৱা নাই যে, আলিফ-লাম-মিম, এটি আখৰ বৰং আলিফ এটি আখৰ, লাম এটি আখৰ, মিম এটি আখৰ ৷ (তিৰমিজি-২৯১)