জাকাৎ কি আৰু কাৰ ওপৰত ৱাজিব?

Share :

জাকাতৰ সংজ্ঞা!
জাকাত কাৰ ওপৰত ৱাজিব?

জাকাতৰ আভিধানিক অর্থ: জাকাৎ শব্দৰ আভিধানিক অর্থ হ’ল পৱিত্র কৰা, বৃদ্ধি পোৱা (অৰ্থাৎ জাকাৎ আদায় কৰিলে ধন, সম্পদ পৱিত্র হয়, বৰ্কতপূৰ্ণ হয়, তথা বৃদ্ধি পায়।) 

পাৰিভাষিক অর্থ : কোনো দুখীয়া মুছলমানক  কোনো প্রকাৰ বিনিময় বা অর্থ অবিহনে নিজৰ সম্পূৰ্ণ মালৰ ৪০ ভাগৰ এক অংশৰ মালিক বনাই দিয়া ।

জাকাৎ সেই ব্যক্তিৰ ওপৰত ৱাজিব  যাৰ ওচৰত মৌলিক প্ৰয়োজন ( অন্ন, বস্ত্ৰ, বাসস্থান আদি) আৰু ঋণৰ বাহিৰে  নিজৰ ওচৰত  52.5 ৰূপ বা 7.5 তোলা সোণ বা ব্যৱসায়িক পণ্য, বা 52.5 তোলা ৰূপৰ সমমূল্য নগদ টকা পইচা আদি এক বছৰ অতিবাহিত হৈ যায়, তেনে ব্যক্তিৰ ওপৰত জাকাৎ ৱাজিব হ’ব। টকাৰ হিচাপত বৰ্তমান ৪৬,১২৫ টকা।

◼️১. মাছআলাহ –
কাৰোবাৰ ওচৰত  সামান্য সোণ, সামান্য ৰূপ, কিছু নগদ টকা আৰু কিছু ব্যৱসায়িক পণ্য আছে। পৃথকে পৃথকে  হিচাপ কৰিলে 52.5 তোলা ৰূপৰ সমমূল্য নহয়, কিন্তু এইবোৰৰ মূল্য একেলগ কৰিলে  ৰূপৰ নেছাব অৰ্থাৎ 52.5 তোলা ৰূপৰ সমমূল্য হৈ যায়, তেনেহ’লে জাকাৎ ৱাজিব হৈ যাব।
(ছহীহ বুখাৰী, হাদীছ ১৪৪৭; ছহীহ মুছলিম , হাদীছ  ৯৭৯,  আবু দাউদ শ্বৰীফ ১/২২১; মুছান্নাফ আব্দুৰ ৰাজ্জাক। হাদীছ ৭০৭৭, ৭০৮২, ৰদ্দুল মুহতাৰ, ফাতাৱা হিন্দীয়া)

জাকাতৰ ক্ষেত্ৰত সৌৰবৰ্ষ বা ইংৰাজী বছৰ ধৰা নহ’ব বৰঞ্চ চন্দ্ৰ বৰ্ষ বা আৰবী বছৰ ধৰা হ’ব।

◼️ ২. ব্যৱহৃত বা অব্যৱহৃত সোণ ৰূপৰ জাকাৎ :

সোণ-ৰূপৰ অলংকাৰ  ব্যৱহৃত হওক বা নহওক সকলো অৱস্থাতে ইয়াৰ জাকাৎ দিব লাগিব।
(ছুনান আবি দাউদ ১/২৫৫;    ছুনান নাছায়ী , হাদীছ ২২৫৮; মুছান্নাফ আব্দুৰ ৰাজ্জাক হাদীছ নং ৭০৫৪-৭০৬১, ৭০৬৩-৭০৬৫;  মুছান্নাফ ইবনে আবী শ্বায়বা হাদীছ ৯৯৭৪;৬/৪৬৯-৪৭১

অলংকাৰৰ বাহিৰে সোণ-ৰূপৰ অন্যান্য সামগ্রীৰ ওপৰতো জাকাৎ ফৰজ হয়।
(মুছান্নাফ  আব্দুৰ ৰাজ্জাক , হাদীছ ৭০৬১; ৭০৬৬; ৭১০২) ।

◼️ ৩. বেংকত জমা থকা টকাৰ জাকাৎ :

টকা- পইচা, সোণ-ৰূপ বা ব্যৱসায়িক সামগ্ৰী ইত্যাদি নেছাব পৰিমাণৰ  হ’লে আৰু এক বছৰ স্থায়ী হ’লে বছৰৰ  শেষত ইয়াৰ জাকাৎ আদায় কৰা ফৰজ হয়। (মুছান্নাফ আব্দুৰ ৰাজ্জাক ৭০৯১,৭০৯২)

তদ্রূপ বেংক বেলেন্স (Bank Balance) ফিক্সড ডিপোজিট (Fixed Deposit)  এইবোৰৰ ওপৰতো জাকাৎ ফৰজ  হয়।

সম্প্ৰতি বেংকত ফিক্সড ডিপোজিট নামৰ টকা জমা ৰখাৰ এক বিশেষ পদ্ধতিৰ প্ৰচলন আছে। তিনি, পাঁচ, অথবা সাত বছৰৰ বাবে এক বিশেষ পৰিমাণ ধন এই চৰ্তসাপেক্ষে ৰখা হয় যে, মালিকে নিৰ্দিষ্ট সময়ৰ ভিতৰত টকা উঠাব নোৱাৰিব। আৰু সময় শেষ হলে মূল ধনৰ সৈতে নিৰ্দিষ্ট পৰিমাণে সুদসহ উভতাই  দিয়া হয়। তেনেহ’লে এই ফিক্সড ডিপোজিট ৰখাৰ মূল উদ্দেশ্য হৈছে সুদ খোৱা। অন্যথা ছেভিংছতো টকা ৰাখিব পৰা যায়। তাত নিচেই সামান্য সুদ হয় বা মুঠেই নহয়। গতিকে মুছলমানৰ বাবে এনে ডিপোজিট একাউণ্ট  জাইজ নহয়।
(ইজাহুল মাছায়ীল ১৫৯ পৃষ্ঠা, নতুন যুগেৰ ফাতাৱা পৃষ্ঠা-৪৯)

যদি কোনোবাই এনে একাউণ্টত জমা ৰাখে তেনেহ’লে মূলধন যিখিনি টকা ৰখিছে সেয়া হালাল আৰু সুদ হিচাপে  পোৱা অতিৰিক্ত টকা হাৰাম হ’ব আৰু সেই টকা ছাৱাবৰ নিয়্যত নকৰাকৈ গৰীৱ-দুখীয়াক দান কৰি দিয়া জৰুৰী।

◼️ ৪. কোনো বিশেষ কামৰ বাবে সঞ্চিত টকাৰ জাকাত :

টকা-পইচাৰে ব্যৱসায় নকৰি এনেই ৰাখি দিলেও তাত জাকাৎ ফৰজ হয়।
(আদ্দুৰৰুল মুখতাৰ ২/২৬৭; ৰদ্দুল মুহতাৰ ২/২৬২,৩০০)

মাছআলাহ :
হজ্বৰ  উদ্দেশ্যে অথবা ঘৰ নির্মাণ, ল’ৰা-ছোৱালীৰ বিবাহ ইত্যাদি প্রয়োজনৰ বাবে যদি টকা সঞ্চয় কৰা হয় এইবোৰতো জাকাৎ ফৰজ হ’ব। । সঞ্চিত অর্থ পৃথকভাৱে  অথবা জাকাতৰ উপযোগী অন্যান্য  সম্পদৰ সৈতে যুক্ত হৈ নেছাব পৰিমাণ  হ’লে আৰু নেছাবৰ ওপৰত এক বছৰ অতিবাহিত হ’লে জাকাৎ ফৰজ হ’ব। বছৰ পূর্ণ হোৱাৰ পূৰ্বেই   যদি সেয়া খৰছ হৈ যায় তেনেহ’লে জাকাৎ ফৰজ নহ’ব।
(মুছান্নাফ আব্দুৰ ৰাজ্জাক  হাদীছ ৭০৩২; মুছান্নাফ ইবনে আবী শ্বায়বা হাদীছ ১০৩২৫)

◼️ ৫. ব্যৱসায়ৰ উদ্দেশ্যে ক্ৰয় কৰা বস্তুৰ ওপৰত জাকাৎ :

দোকান বা শ্ব’ৰোমত বা ব্যৱসায়িক প্রতিষ্ঠানৰ এনেকুৱা আচবাবপত্র যি ব্যৱসায়পণ্য বা বিক্ৰীৰ বাবে নহয়, যেনে কাপোৰৰ বা অন্যান্য দোকানৰ গেলাৰী, আলমাৰী, শ্ব’কেছ আদিৰ ওপৰত জাকাৎ ফৰজ  নহয়। কিন্তু ফাৰ্ণিচাৰৰ  দোকানত বিক্রীৰ উদ্দেশ্যে যিবিলাক ফাৰ্ণিচাৰ  ৰখা থাকে সেয়া যিহেতু বিক্ৰীৰ বাবে ৰখা হয় সেয়েহে এইবোৰৰ ওপৰত জাকাৎ ফৰজ হ’ব।

আনহাতে দোকানত যিবোৰ বস্তু বিক্ৰী কৰাৰ উদ্দেশ্যে ৰখা হয় সেয়া ব্যৱসায়িক পণ্য বা বাণিজ্য-দ্রব্য। এইবোৰৰ মূল্য নেছাব পৰিমাণ হ’লে বা নিজৰ অন্যান্য সামগ্ৰী যেনে সোণ, ৰূপ, নগদ টকা পইচা ইত্যাদিৰ সৈতে লগ হৈ নেছাব পৰিমাণ (যথাসম্ভৱ ৪৬,১২৫ টকা) ৰ সমমূল্য হ’লে  জাকাৎ আদায় কৰা ফৰজ ।
(ছুনানে আবি দাউদ ১/২১৮; ছুনানে কুবৰা বায়হাকী ৪/১৫৭; মুআত্তা ইমাম মালিক পৃ ১০৮; মুছান্নাফ আব্দুৰ ৰাজ্জাক হাদীছ ৭১০৩,৭১০৪; মুছান্নাফ ইবনে আবী শ্বায়বা, হাদীছ ১০৫৫৭, ১০৫৬০, ১০৫৬৩)

◼️৬. ব্যৱসায়ৰ নিয়্যতত (উদ্দেশ্যে) ক্ৰয় কৰা বস্তুৰ জাকাৎ :

ব্যৱসায়ৰ নিয়্যতত কিবা ক্রয় কৰিলে সেয়া স্থাবৰ সম্পত্তি হওক  যেনে মাটি, ফ্লেট বা অস্থাবৰ সম্পত্তি হওক যেনে গেলামাল সামগ্রী, কাপোৰ-কানি , অলংকাৰ, নির্মাণ সামগ্রী, গাড়ী, ফাৰ্ণিচাৰ, ইলেক্ট্র’নিক সামগ্রী, হার্ডৱেৰ সামগ্রী,কিতাপ পত্ৰ ইত্যাদি, এইবোৰ বাণিজ্য-সামগ্ৰী বুলি  গণ্য হ’ব আৰু মূল্য নেছাব পৰিমাণ হ’লে জাকাৎ দিয়া ফৰজ হ’ব। (মুছান্নাফ আব্দুৰ ৰাজ্জাক  হাদীছ ৭১০৩,৭১০৪)

◼️ ৭. ঋণী ব্যক্তিৰ জাকাৎ :

কাৰোবাৰ ঋণ যদি ইমান পৰিমাণ হয় যি বাদ দিলে তাৰ ওচৰত  নেছাব পৰিমাণৰ  জাকাতৰ উপযোগী সম্পদ নাথাকে তেনেহ’লে তাৰ ওপৰত জাকাৎ ফৰজ নহয়।
(মুৱাত্তা মালিক ১০৭; মুছান্নাফ আব্দুৰ ৰাজ্জাক হাদীছ ৭০০৩, ৭০৮৬, ৭০৮৯, ৭০৯০; মুছান্নাফ ইবনে আবী শ্বায়বা  ৬/৫৪৭-৫৪৮; আদ্দুৰৰুল মুখতাৰ ২/২৬৩; বাদায়িউচ ছানায়ী’ ২/৮৩।)

  উদাহৰণস্বৰূপে কাৰোবাৰ হাতত ১ লাখ টকাৰ সম্পত্তি আছে কিন্তু তাৰ ৮০ হাজাৰ টকা ধাৰ আছে। সেই ব্যক্তিৰ হাতত ২০ হাজাৰ টকা থকা বুলি ধৰা হব। সেয়েহে ২০ হাজাৰ টকাত জাকাৎ ৱাজিব নহ’ব।

◼️ ৮. দীৰ্ঘম্যাদী বেংক লোন আৰু ইয়াৰ জাকাৎ :

আজিকালি মেইল, উদ্যোগ ফেক্টৰী, ব্যৱসায়-বাণিজ্য আদিৰ বাবে সম্পদশালী মানুহে চৰকাৰী বেংকৰ পৰা লোন লোৱা হয়। ধৰা হওক এক কোটি টকা লোন লৈছে। বছৰত পাঁচ লাখকৈ ২০ বছৰত আদায় কৰিব লাগিব। জাকাতৰ উদ্দেশ্য আৰু দৰিদ্ৰ লোকৰ উপকাৰীতাৰ প্ৰতি লক্ষ্য ৰাখি ফতোৱা এই যে, এনেকুৱা দীৰ্ঘম্যাদী লোন জাকাৎ ৱাজিব হোৱাৰ বাবে প্ৰতিবন্ধক নহয়, অৰ্থাৎ জাকাৎ ৱাজিব হ’ব।

গতিকে বেংকৰ দীৰ্ঘম্যাদী লোনৰ প্ৰত্যেক বছৰৰ ধাৰ্য কিস্তি (বছৰত যিমান টকা কিস্তি দিব লাগে) পৰিমাণ টকা বাদ দি বাকী টকাৰ ওপৰত জাকাৎ ৱাজিব হ’ব।
( শ্বামী ২/২৬১, তাতাৰখানীয়া ২/২৯২, ইজাহুন নাৱাদিৰ ২/৩৬-পৃষ্ঠা দ্ৰষ্টব্য, নতুন যুগেৰ ফাতাৱা পৃষ্ঠা ৫১-৫২)

◼️ ৯. দোকান বা ঘৰ ভাড়াৰ চিকিউৰিটি ( আগধন)ৰ টকাৰ জাকাৎ :

প্ৰথমে মূল বিষয়টো –
     দোকান বা ঘৰ ভাড়াৰ বাবদ  চিকিউৰিটি হিচাপে যি এডভান্স (আগধন) দোকানীয়ে দোকান বা ঘৰৰ মালিকক দিয়ে।
আমাৰ দেশত প্রচলিত এই এডভান্স পদ্ধতি শ্বৰীঅ’তসম্মত নহয়।  কাৰণ যি এডভান্স লোৱা হয়, সেয়া মূলত জামানত হয়। আৰু জামানতৰ টকা গ্রহিতাৰ বাবে খৰছ কৰা বৈধ নহয় । অথচ যিয়ে জামানত গ্রহণ কৰে অৰ্থাৎ ঘৰ বা দোকানৰ মালিকে উক্ত টকা খৰছ কৰি পেলায় । এইদৰে মূল চুক্তিখনেই নাজাইজ হৈ থাকে ।

অৱশ্যে এইক্ষেত্ৰত এটা পদ্ধতি অবলম্বন কৰিলে উক্ত চুক্তিটি জাইজৰ আওতাধীন হৈ যায়, সেয়া হৈছে দীৰ্ঘম্যাদী ভাড়া চুক্তি সম্পাদন।
অর্থাৎ ভাড়া চুক্তি সম্পাদনৰ সময়ত প্রতি মাহৰ নির্দিষ্ট ভাড়াৰ কথা উল্লেখ কৰা হ’ব। তাৰপিছত আহিবলগীয়া মাহৰ ভাড়া অগ্রীম পৰিশোধ কৰাৰ নামত উক্ত অতিৰিক্ত টকা প্রদান কৰা হ’ব। প্রতি মাহত ভাড়াতীয়া ব্যক্তিজনে নিৰ্ধাৰিত ভাড়া পৰিশোধ কৰি থাকিব, আৰু যিমাহত উক্ত স্থানৰ পৰা ভাড়াতীয়া গুচি যাব তাৰ কেইমাহমান আগৰ পৰা ভাড়াদাতাৰ ওচৰত জমাকৃত উক্ত টকাৰ পৰা ভাড়া পৰিশোধ কৰি লোৱা হব। আৰু যদি কোনো অর্থ তাৰপিছতো অৱশিষ্ট থাকি যায়, তেনেহ’লে মালিকে সেয়া উভতাই  দিবলৈ বাধ্য থাকিব ।

◾এতিয়া জাকাতৰ কথা –
      যদি এই ব্যৱস্থা অবলম্বন কৰা হয়, তেনেহ’লে উক্ত চুক্তিখন আৰু অতিৰিক্ত টকা প্রদান কৰাটো এটা জাইজ চুক্তি হব। সেয়েহে উক্ত অতিৰিক্ত টকাখিনিৰ মালিক হৈ যাব ঘৰৰ মালিক।
ইয়াত মৌলিকভাৱে ভাৰাতীয়াৰ কোনো মালিকানা বাকি নাথাকিব। যিহেতু ভাড়াতীয়া উক্ত টকাৰ মালিক হৈ থকা নাই সেয়েহে তাৰ উপৰত উক্ত টকাৰ জাকাৎ আবশ্যক হোৱাৰ প্রশ্নই নাহে। আনহাতে যিহেতু ঘৰৰ মালিক উক্ত টকাৰ মালিক হৈ গৈছে গতিকে  উক্ত টকা খৰছ কৰা তাৰ বাবে জাইজ হব। সেইবাবে  উক্ত টকাৰ জাকাতো তাৰ উপৰত আৱশ্যক হব।

আৰু যদি টকাখিনি কেৱল জামানত হিচাপে বা আমানত হিচাপে দোকান বা ঘৰৰ মালিকৰ ওচৰত গচ্ছিত বা আমানত ৰখা হয়, তেনেক্ষেত্ৰত মূল মালিক যিয়ে দোকান বা ঘৰ ভাড়াত লৈছে তেৱেঁই থাকে । সেয়েহে উপৰোক্ত টকাৰ জাকাৎ দোকান বা ঘৰ ভাড়াত লোৱা ব্যক্তি অৰ্থাৎ টকা জমাদাতা ব্যক্তিৰ উপৰতেই আহিব।

অন্য কথাত কবলৈ গলে, যিয়ে চিকিউৰিটি হিচাপে টকা ৰাখিছে , তাৰ উপৰত জাকাৎ আহিব।
( জাদীদ ফিক্বহী মাছায়ীল –১/১৪৭-১৪৮, মালে হাৰাম আওৰ উচকে মাছাৰিফ  ওৱা আহকাম-৮৫)

◼️ ১০. শ্বেয়াৰ (Share) ৰ ওপৰত জাকাৎ :

যদি কোনোবাই কোনো কোম্পানীত টকা দি Share Holder (শ্বেয়াৰ হ’ল্ডাৰ) হৈ যায় তেতিয়া সেই ব্যক্তিৰ মূলধন আৰু লাভাংশ উভয়ৰ ওপৰত জাকাৎ ৱাজিব হ’ব।
( ইমদাদুল ফাতাৱা ২/২১ পৃষ্ঠা, ফাতাৱা দাৰুল উলুম ৬/১৪০ ও 1১৪৫ পৃষ্ঠা, নতুন যুগেৰ ফাতাৱা পৃষ্ঠা ৪৭)

◼️ ১১. প্ৰভিডেণ্ট ফাণ্ড (Provident Fund) ৰ ওপৰত জাকাৎ :

চৰকাৰী দৰ্মহাৰ পৰা যি পৰিমাণ টকা কৰ্তন হৈ যায় আৰু চাকৰি শেষ হোৱাৰ পিছত তাত কিছু টকা যোগ হৈ কৰ্মচাৰীয়ে লাভ কৰে, এয়া এক প্ৰকাৰ চৰকাৰী পুৰস্কাৰ। এই টকাৰ বিগত বছৰৰ জাকাৎ ৱাজিব নহয়। পোৱাৰ পিছত অনাগত দিনত হিচাপ কৰিলে  পূৰ্ণ এক বছৰ অতিবাহিত হ’লে জাকাৎ ৱাজিব হ’ব ।

( শ্বামী ২/৪৯পৃষ্ঠাৰ উদ্ধৃতিত ফাতাৱা দাৰুল উলুম ৬/৩৩১ পৃষ্ঠা, নিজামুল ফাতাৱা ১/২১২ পৃষ্ঠা, মাহমুদীয়া ৩/৫১ পৃষ্ঠা, নতুন যুগেৰ ফাতাৱা পৃষ্ঠা ৪৮)

অৱশ্যে যদি প্ৰভিডেণ্ট ফাণ্ডৰ টকাৰ পৰা কোনো ইঞ্চুৰেঞ্চ কোম্পানীত টকা দিয়ে, তেনেহ’লে কোম্পানীত জমা টকাৰ ওপৰত প্ৰত্যেক বছৰ জাকাৎ ৱাজিব হ’ব। প্ৰণিধানযোগ্য যে, কোনো প্ৰাইভেট কোম্পানীৰ প্ৰভিডেণ্ট ফাণ্ডত টকা ৰাখিলে তাত প্ৰত্যেক বছৰ জাকাৎ ৱাজিব হ’ব ( আহচানুল ফাতাৱা ৪/২৬০ পৃষ্ঠা)

◼️ ১২. সুদ আৰু অন্যান্য হাৰাম মালৰ জাকাৎ :

সুদ, ঘোচ ( উৎকোচ) ইত্যাদি হাৰাম মাল যাৰ অধীনত আছে, শ্বৰীঅ’ত অনুযায়ী সি ইয়াৰ মালিক নহয়। জাকাৎ ৱাজিব হোৱাৰ বাবে পৰিপূৰ্ণ মালিক হোৱা চৰ্ত। সেয়েহে এইবোৰ মালৰ ওপৰত জাকাৎ ৱাজিব নহয়।

(কিফায়াতুল মুফ্তী ২/২৪২, ইমদাদুল ফাতাৱা ২/১৬, ফতোৱা শ্বামীত উল্লেখ আছে যে, হাৰাম মাল যদি নেছাব পৰিমাণৰ হয় তেতিয়া জাকাৎ ৱাজিব নহয়। কাৰণ যাৱতীয় মাল দৰিদ্ৰ লোকক দান কৰি দিয়া জৰুৰী ২/২৯১)

◼️ ১৩. জাকাতৰ ধনেৰে ধৰ্মীয় কিতাপ-পত্ৰ কিনি দিয়া :

জাকাতৰ টকাৰে ধৰ্মীয় কিতাপ-পত্ৰ আদি ক্ৰয় কৰি জাকাতৰ যোগ্য (দুখীয়া ছাত্ৰ) ছাত্ৰ নাইবা উলামাসকলক মালিক বনাই চমজাই দিলে নাইবা ধৰ্মীয় গ্ৰন্থাদি ছপাই দান কৰিলে দ্বিগুণ ছাৱাব পোৱা যায়।
(আধুনিক বিষয়ভিত্তিক মাছায়ীল, পৃষ্ঠা ৩৪, ফাতাৱা দাৰুল উলুম ২/২১৫)

◼️ ১৪. টেক্স দিলে জাকাৎ আদায় হবনে?

টেক্স হিচাপে যিখিনি টকা দিয়া হয় সেয়া জাকাৎ হিচাপে গণ্য নহ’ব। জাকাৎ পৃথকভাৱে আদায় কৰিব লাগিব।
(শ্বামী ২/৩২,ফাতাৱা দাৰুল উলুম ৬/১৪৭ পৃষ্ঠা।

◼️ ১৫. জাকাৎ আৰু ফিৎৰাৰ  মাজত পাৰ্থক্য :

ফিৎৰা সেই ব্যক্তিৰ ওপৰত ( নিজৰ তৰফৰ পৰা আৰু নিজৰ তত্বাৱধানত থকা নাবালক সন্তানৰ তৰফৰ পৰা) ৱাজিব যিয়ে ঈদুল ফিৎৰৰ দিনা ছুবহে ছাদিকৰ  সময়ত মৌলিক প্ৰয়োজন আৰু ব্যৱহাৰৰ অতিৰিক্ত ইমান সম্পদৰ মালিক হয় যাৰ মূল্য চাৰে  বাৱান্ন তোলা ৰূপৰ সমমূল্য বা তাতোকৈ বেছি হৈ যায় লাগিলে সেয়া নগদ টকা, সোণ-ৰূপ বা ব্যৱসায়িক সামগ্ৰী নহওক কিয়, সমান্তৰালকৈ ফিৎৰা ৱাজিব হ’বলৈ বছৰ সম্পূৰ্ণ  অতিবাহিত হোৱাটোও চৰ্ত নহয়।

ইয়াৰ বিপৰীতে জাকাৎ ৱাজিব হয় কেৱল  মালে নমীৰ (বৃদ্ধিযুক্ত ধন-সম্পত্তি) ওপৰত। যেনে – সোণ, ৰূপ, নগদ টকা, ব্যৱসায়িক সামগ্ৰীৰ আদিৰ যিকোনো এটা বা সকলো মিলি চাৰে ৫২ তোলা ৰূপৰ সমমূল্য হৈ ( ৪৬,১২৫) যায় আৰু সেয়া নিজৰ মৌলিক প্ৰয়োজনৰ অতিৰিক্ত থাকে তাৰ ওপৰত জাকাৎ ৱাজিব হৈ যাব আৰু বছৰ পূৰণ হৈ যোৱাৰ পাছত জাকাৎ আদায় কৰা ৱাজিব হ’ব।
( আদ্দুৰৰুল মুখতাৰ, তানৱীৰুল আবছাৰ)

সংকলন : মুফতী ছাদিকুৰ ৰহমান, ইচৰা