ক্বুৰবাণী দিয়া ব্যক্তিসকলে কালিৰ পৰা মনত ৰাখিব

Share :

কাইলৈ ১ জুলাই / ১ জিলহজ্জ : ক্বুৰবাণী দিয়া ব্যক্তিসকলে মনত ৰাখিব

উম্মুল মুমিনীন হজৰত উম্মে ছালমাৰ পৰা বর্ণিত, যে নবী ছাঃ এ কৈছে :

” যেতিয়া জিলহজ্জৰ প্ৰথম দহ দিন আৰম্ভ হয় আৰু তোমালোকৰ কোনোবাই কুৰবানী দিয়াৰ মনস্থ কৰে, তেতিয়া কুৰবানী নিদিয়ালৈকে তেওঁ যাতে নিজৰ চুলি, নখ বা (শৰীৰৰ) ছালৰ কোনো অংশ নাকাটে। ( চহীহ মুছলিম- ৩/১৫৬৫, ছুনানে নাচাঈ- ২১১/৭, মিৰকাতুল মাফাতিহ- ৩/ ১০৮১)

এই হাদীছৰ পোহৰত বিজ্ঞ মুফতী, ইছলামী স্কলাৰ তথা ফকীহসকলে ঘোষণা কৰিছে যে যিজনে কুৰবানী দিয়াৰ মনস্থ কৰিছে তেওঁৰ বাবে মুস্তাহাব আৰু চুন্নত হল-


জিলহজ্জ মাহৰ আৰম্ভণিৰ পৰা ক্বুৰবাণী কৰা পশু বধ নোহোৱালৈকে, নিজৰ চুলি, নখ, ছাল আদি শৰীৰ কোনো অংশ নকটা। আৰু এই ছুন্নত কেৱল ক্বুৰবাণী দিব বিচাৰে লোকৰ বাবেহে।

صحيح مسلم (3/ 1565)

‘سمع سعيد بن المسيب، يحدث عن أم سلمة، أن النبي صلى الله عليه وسلم قال: «إذا دخلت العشر، وأراد أحدكم أن يضحي، فلا يمس من شعره وبشره شيئاً»۔’

سنن النسائي (7/ 211)
‘عن أم سلمة، عن النبي صلى الله عليه وسلم قال: «من رأى هلال ذي الحجة، فأراد أن يضحي، فلا يأخذ من شعره، ولا من أظفاره حتى يضحي»۔’
مرقاة المفاتيح شرح مشكاة المصابيح (3/ 1081)
 ‘ قال التوربشتي: ذهب بعضهم إلى أن النهي عنهما للتشبه بحجاج بيت الله الحرام المحرمين، والأولى أن يقال: المضحي يرى نفسه مستوجبةً للعقاب وهو القتل، ولم يؤذن فيه، ففداها بالأضحية، وصار كل جزء منها فداءً كل جزء منه، فلذلك نهي عن مس الشعر والبشر ؛ لئلا يفقد من ذلك قسط ما عند تنزل الرحمة، وفيضان النور الإلهي، ليتم له الفضائل، ويتنزه عن النقائص. قال ابن حجر: ومن زعم أن المعنى هنا التشبه بالحجاج غلطوه بأنه يلزم عليه طلب الإمساك عن نحو الطيب ولا قائل به اهـ.وهو غلط فاحش من قائله ؛ لأن التشبه لا يلزم من جميع الوجوه، وقد وجه توجيهاً حسناً قي خصوص اجتناب قطع الشعر أو الظفر’. 

فقط واللہ اعلم

সম্পাদকীয় কলম